ফটাঢোল

সন্দেহ-ধৰ্মজ্যোতি ভট্টাচাৰ্য

আনক সন্দেহ কৰা স্বভাৱটো বৰুৱাৰ বাবে এটা এৰাব নোৱাৰা অভ্যাস৷

সৰুতে পৰীক্ষাত আগৰ বেঞ্চত বহা ল’ৰাটোক প্ৰশ্নৰ উত্তৰ সুধি সি কোৱা উত্তৰটো নিলিখি আন এটা লিখি থৈ অহা (পিছত যেনিবা ল’ৰাটোৱে কোৱা উত্তৰটোৱেই শুদ্ধ আছিল), সৰুতে মাকে তেওঁক কমকৈ মৰম কৰে আৰু ভনীয়েকক বেছিকে মৰম কৰে বুলি সন্দেহ কৰা, কোনোবাই তেওঁক কিবা খাবলৈ দিলে ঔষধ মিহলি কৰি দিছে বুলি সন্দেহ কৰা, মাজনিশা ৰাস্তাৰ কাষত সৰুপানী চুবলৈ গৈ কাৰোবাক দেখিলে পিছলা ভুত বুলি সন্দেহ কৰা, লুঙী পিন্ধা মানুহ দেখিলেই সেইজাত বুলি সন্দেহ কৰা, আলু নাখায় পেটলা হয় বুলি সন্দেহ, মিঠাই নাখায় ডায়েবেটিছ হোৱাৰ সন্দেহ, চাহত চেনী নাখায়, (অৱশ্যে ইনবক্সত খোৱাবিধ খাই থাকে) তিতা নাখায় গেষ্ট্ৰিক হয় বুলি সন্দেহ, নিমখ নাখায় বি পি হাই হোৱাৰ সন্দেহ, ৰাতি ভালদৰে টোপনিও নামাৰে চোৰ আহিব পাৰে বুলি সন্দেহ। বজাৰৰ পাঁচলিবোৰ খোৱাতো সন্দেহ ৰাসায়নিক সাৰ দিয়া বুলি! মুঠৰ ওপৰত সকলোতে সন্দেহ৷

আটাইতকৈ ডাঙৰ সন্দেহটো হ’ল ঘৈণীয়েকৰ ওপৰত থকা সন্দেহটো৷ যাৰ বাবে বৰুৱাই অফিচলৈ গৈ চিন্তাত থাকে৷ কিজানি তাই…..

এই সন্দেহতে আজিকালি বৰুৱাই দুপৰীয়া টিফিন খাবলৈ বুলি অফিচৰ পৰা ঘৰলৈ এপাক আহি যায়, সন্ধিয়াও সোনকালে আহে অফিচৰ পৰা, ৰূপৱতী ঘৈণীয়েক৷ আজিৰ দিনৰ কথা৷ একোতো নিশ্চয়তা নাই৷

মুঠৰ ওপৰত বৰুৱাৰ এই সন্দেহ নামৰ বস্তুটোৰ বাবে চকুত টোপনি নহা হৈছে৷ বৰুৱাই এটা তলা কিনি আনিলে৷

ঘৈণীয়েকক ক’লে, “টকা পইচা ধন সম্পত্তিৰ মোৰ ওচৰত কোনো মূল্য নাই৷ কিন্তু তুমি হৈছা মোৰ বাবে বহুমূলীয়া সম্পদ৷ গতিকে তোমাক সুৰক্ষা দিয়াৰ উদ্দেশ্যে আজিৰ পৰা মই অফিচলৈ যাওঁতে দুৱাৰত এইটো মাৰি থৈ যাম৷”

বৰুৱাৰ কথা শুনি ঘৈণীয়েকৰ অৱস্থা শিল পৰা কপৌৰ দৰে হ’ল৷ মাথো মুখত এটা মহিলাসুলভ মিচিকিয়া হাঁহি দেখা গ’ল৷
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *