ফটাঢোল

এটা পাহৰিব নোৱাৰা ভ্ৰমণ কাহিনী-শিখা বৰদলৈ

২০১১ চন মানৰ কথা। আমাৰ গোটেই পৰিয়ালটো গেংটক ভ্ৰমণলৈ গৈছিলোঁ। মা, দেউতা, মই, বা আৰু ভাইটি। আমি মানুহ পাঁঁচটা, ভাইটি তেতিয়া সপ্তমমানত। সি হ’ব পাৰে সৰু কিন্তু ঘৰৰ মানুহকেইটাৰ ওপৰত সিয়েই ৰজা আৰু ঘৰৰ সৰু বুলি সকলোৰে মৰমৰ, ‘বা’ ডাঙৰ বুলিয়েই সবৰে অলপ বেছি আদৰৰ, বাকী  মই মাজু যেতিয়া মাজে মাজেই গৈ থাকোঁ আৰু!

নিউজলপাইগুৰিলৈকে ৰেলত আৰু বাকীখিনি টাটা চুমু এখনত গৈ গেংটক পালোঁগৈ৷ ইমানখিনি ঠিকেই আছিল। গেংটক টেক্সি ষ্টেণ্ডত গৈহে লাগিল লেঠা। এখন টেক্সিত বোলে চাৰি জনতকৈ বেছি উঠিবলৈ নিদিয়ে! ইপিনে আমি মানুহ পাঁঁচটা, এতিয়া দুখন টেক্সিটো আমি মানুহবোৰ নিমিলোঁ। অসমীয়া তাত নচলে আৰু দেউতাৰ বাহিৰে আমি কোনেও সেই সময়ত ভাল কৈ হিন্দী বা ইংৰাজী ক’ব নোৱাৰোঁ, গতিকে সেইটোও এটা সমস্যা। কেনেবাকৈ হেৰালে কি হ’ব৷ কোন ক’ত বহিম বহুত মাথা মৰিলোঁ নিমিলেহে নিমিলে। মায়ে মানে কাকোয়েই নেৰে। লাগিলে উভতি আহিব তথাপি অচিনাকি জেগাত মায়ে মানে ভাগ ভাগ নহয়, একেলগে একেখন টেক্সিতেই উঠিব। কি কৰোঁ ক’ত মৰোঁ অৱস্থা। অৱশেষত যেনিবা উপায় ওলাল টেক্সি ড্ৰাইভাৰ জনে ক’লে,

: আপোনালোকে এটা কাম কৰিলে একেলগে যাব পাৰিব।

বেলেগ কোনোবাই মাত দিয়াৰ আগতেই মায়ে ক’লে,

: যি কৰিব লাগে কৰেগা কিন্তু একেলগেই যায়েগা।

ড্ৰাইভাৰজনে ক’লে যে,

: আপোনালোক মানুহ যিহেতু এজনহে বেছি এটা কাম কৰিব পাৰি, আপোনালোক গোটেইকেইজন একেখন টেক্সিতেই উঠক কিন্তু বাটত যদি পুলিচ দেখোঁ মই আপোনালোকক চিগনেল দিম আৰু আপোনালোকৰ কোনোবা এজন পুলিচে নেদেখাকৈ তলত বহি দিব  লাগিব, আৰু তথাপি যদি কেনেবাকৈ পুলিচে দেখা পায় তেন্তে ফাইনৰ পইচা আপোনালোকে ভৰিব লাগিব।

মা একেষাৰতে মান্তি হ’ল৷ দেউতাই প্ৰথমে মান্তি হোৱা নাছিল যদিও মাৰ আগত দেউতাৰ কথা বিশেষ নচলিল। প্ৰথম আৰম্ভ হ’ল আমাৰ টেক্সি ষ্টেণ্ডৰ পৰা হোটেলৰ যাত্ৰা। আগৰ চীটত দেউতা আৰু পিছত আমি চাৰিটা। অলপ দূৰ যোৱাৰ পিছত ড্ৰাইভাৰে চিগনেল দিলে আগত পুলিচ আছে আপোনালোক এজন পুলিচে নেদেখাকৈ তলত বহি দিব। এইবাৰ চবৰে মোৰ ফালে চোৱাৰ পাল, মই বোলো,

: মোলে কেলেই চাইছ, মই তলত নবহোঁ দেই৷

হাই ঔ ক’বলৈহে পালোঁ যিমানহে মৰমৰ মাত উলিয়াই বা আৰু মায়ে মোক বুজাবলৈ ল’লে ঔ, ক’ব লাগিছেনে আৰু মায়ে বোলে,
: হ’ব দে অকণমান সময়হে, আজি তই বহ কাইলৈ ভাইটি বহিব দে।

মায়ে কথাষাৰ কোৱাৰ লগে লগে ভাইটিয়ে গেঙেৰি মাৰি ক’লে,

: মই লাগিলে হোটলতে থাকিম অকলে, ক’তো ফুৰিব নাযাওঁ কিন্তু তলত নবহোঁ৷

ময়ো জানো ভাইটি যে তলত নবহে৷ “অকণমান উঠ চোন” বুলি কৈ মা আৰু বায়ে মোক কোন তলকত তলত বহোৱাই মায়ে লৈ থকা স্কাৰ্ফখনেৰে ঢাকি দিলে গমেই নাপালোঁ, সেইখিনি সময়ত যে মোৰ কেনেকুৱা খং উঠিছিল৷ পুলিচ পাৰ হোৱাৰ পিছত বাৰ ভৰিত এনেকুৱা এটা গছক দি থেকেচকে তাইৰ কোচতে বহিছোঁ নহয়, এতিয়া মনত পৰিলে বেচেৰিলে বেয়াই লাগে। তাই বেচেৰিয়ে তলত বহিবলৈ পোৱাৰ ভয়ত একো নোকোৱাকৈ লাহেকে মোক বহিবলৈ জেগা উলিয়াই দিলে। সেইদিনা যেনিবা এবাৰ তলত বহিয়েই হোটেল পালোঁগৈ, বাকী চাৰি দিনীয়া ভ্ৰমণ সূচীটোত মই চীটত যিমান বহিলোঁ তলতো সিমানেই বহিলোঁ বুলি ক’ব পাৰি। গাড়ীত তলত বহাৰ বাদে বেলেগ সকলোখিনি যেনে খোৱা, শুৱা, আহোঁতে ফ্লাইটত খিৰিকীৰ কাষত বহা আদিবোৰত মোৰ মৰ্জিয়েই চলিল নহ’লে যে মই তলত নবহিম৷

সেইসময়ত মোৰ খুব খং উঠিছিল, বা আৰু ভাইটিলে কিন্তু কেইবছৰ মান পিছত যেতিয়া হাজবেণ্ডৰ লগত  আকৌ গেংটক ভ্ৰমণলৈ গৈছিলোঁ তেতিয়া আগৰ সেই চিটৰ তলত বহি গেংটক ঘূৰি ফুৰা দিনবোৰহে মিছ কৰিছিলোঁ। এনেকুৱা লাগিছিল কিমান যে সুখৰ আছিল সেই দিনবোৰ।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *