ফটাঢোল

কৌতুক- মঞ্জিত ৰয়

(১)
ঘৰুৱা সমস্যা কি সেইঘৰ মানুহক সুধিলেহে গম পাবা, যাৰ আলহীক দিবলৈ অনা মিঠাইৰ ৰং, আকাৰ আদি আলহীয়ে অনা মিঠাইৰ ৰঙৰ লগত মিলি যায়!
(২)
মই এবাৰ এটা অফিচলৈ গ’লোঁ৷ লগৰজনে কিবা কাম কৰি আছিল বাবে মই মোবাইলত কথা পাতি আছোঁ বিন্দাছ৷ এনেতে এজন মানুহ আহি মোক ক’লে যে ‘ইয়াৰপৰা কালৈকো ফোন কৰিব নোৱাৰা’৷ মই ক’লো যে মই কৰা নাই, মোলৈহে কৰিছে৷ তেতিয়া তেখেতে আকৌ ক’লে যে নহয় ইয়াত ফোনত কথা ক’বই নোৱাৰা৷ ময়ো ঠিক আছে বুলি কৈ ফোনৰ সিমূৰত থকাজনক ক’লো, “দে ভাই তয়ে কৈ থাক, মই শুনি আছোঁ৷” তাৰপিছত কি হ’ল নাজানো, মানুহজনেচোন মোক গতিয়াই তাৰপৰা বাহিৰ কৰি দিলে! মানুহক বুজাটো বৰ টান হৈছেহে আজিকালি৷
(৩)
এবাৰ আমাৰ হিমাংশুদাৰ লগত বৌ ক’ৰবালৈ যাওঁতে বৌ পাৰ্লাৰত সোমালে আৰু হিমাংশুদা বাহিৰতে ৰৈ থাকিল৷ অলপ সময়ৰ পিছত পাৰ্লাৰৰপৰা মহিলা এগৰাকী ওলাই আহিল। কিন্তু আচৰিত, দাদাই ভালকৈ মুখৰ ফালে চায়ো চিন ধৰিব নোৱাৰিলে!
আপুনি ভাবিছে চাগে এনেকৈয়ে মেকআপ কৰিলে চাগে! হিমাংশুদাইও তেনেকৈয়ে ভাবিছিল বোলে!
পিছতহে গম পালে আচলতে সেইগৰাকী বেলেগ মহিলায়েই আছিল৷
(৪)
সফলতাৰ বাবে শিশুক লাগে বৰ্ণভিটা, পুৰুষক লাগে ৰজনীগন্ধা আৰু মহিলাক ফেয়াৰ এণ্ড লাভলী!
বাকী ৰিজাল্ট, পৰীক্ষা এইবোৰটো ‘মায়া’।
(৫)
Gents Toilet ত ‘মিতালী মই তোমাক ভালপাওঁ’ বুলি লিখা আৰু মুখ্যমন্ত্ৰীলৈ ফেচবুকত চিঠি লিখাৰ মাজত কিবা পাৰ্থক্য আছে নে?
☆ ★ ☆ ★ ☆

3 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *