ফটাঢোল

ভবিষ্যত অনাগত নহয়, বৰ্তমানেই ভবিষ্যত- হিমাংশু ৰাজখোৱা

প্ৰাণৱন্ত নগৰখনক যেন নিশাৰ ভিতৰতে যাদুকৰে ৰুমাল জোকাৰি পৰিণত কৰিলে এখন মৃত নগৰীত! নগৰৰ মুখ্য প্ৰবেশ বন্ধ, জনশূন্য স্থলপথ, ৰুদ্ধ আকাশী পথ, বন্ধ পোহাৰ, নিৰ্জন খেলপথাৰ, স্তব্ধ সকলো কাৰ্যালয়, নিষিদ্ধ সকলো সমাবেশ। নগৰৰ প্ৰতিটো কোণত কেৱল তহলদাৰী আৰক্ষীৰ বাহন আৰু মহাকাশচাৰীৰ পোচাকেৰে তৎপৰ চিকিৎসাকৰ্মীৰ দল।আতংকিত নগৰবাসী গৃহবন্দী। চাৰিওফালে মাথো ফুচফুচ আলোচনা, কোন পথেৰে আহি এইবাৰ সোমাব সেই অদৃশ্য শত্ৰু!

ঠিক যেন বিজ্ঞানভিত্তিক কোনো কল্প কাহিনীৰ পটভূমি!

পিচে পৃথিবীৰ প্ৰায় সকলো ডাঙৰ মহানগৰীৰ এনে ৰূপান্তৰেই যেন সকলোৱে দেখিছে সম্প্ৰতি। যেন এক কালধুমুহাই আঁকোৱালি ল’ব সমগ্ৰ পৃথিৱী। কোনে ভাবিছিল কৰ'ণা নামৰ এক অশৰীৰি শত্ৰু, ক্ষুদ্ৰাতিক্ষুদ্ৰ এক অনুজীৱই মহা পৰাক্ৰমী মানৱজাতিক এই ঘোৰ দুৰ্বিপাকৰ চাকনৈয়াত পেলাই ৰং চাব এদিন?

আলবেয়াৰ কেমুৰ ক্লাছিক 'দ্য প্লেগ'ত লেখকে ঠিকেইতো সোঁৱৰাই গৈছিল, বাৰম্বাৰ মানৱ জাতিক স্তম্ভিত কৰি হঠাত উপস্থিত হয় যুদ্ধ আৰু মহামাৰী।আলজেৰিয়াৰ অ’ৰাণ নগৰত এক কাল্পনিক মহামাৰীত সন্ত্ৰস্ত, ভীত আৰু আক্ৰান্ত নাগৰিকৰ অসহায়ত্ব আৰু তাৰ বিৰুদ্ধে সংগ্ৰামৰ ইতিবৃত্ত কেমুৰ এই জীৱন্ত দস্তাবেজ। অ’ৰাণ চহৰ এদিন মহামাৰীমুক্ত হয় ঠিকেই, কিন্তু কেমুৱে লিখি গৈছে, “মহামাৰীৰ জীৱাণু নমৰে, ই অবিনাশী, লুকাই থাকে অলক্ষিতে সকলোৰে চকুৰ আঁৰত, খাপ পিটি থাকে, সুযোগ পালেই গেৰিলা আক্ৰমণৰ বাবে।”

মহামাৰী আৰু সভ্যতাৰ সংঘাত অৰ্বাচীন নহয়। কালে কালে ভয়ংকৰ মহামাৰীয়ে মানুহ আৰু পৃথিবীক অব্যৰ্থ আঘাট দিয়াৰ উদাহৰণ ইতিহাসৰ পাতে পাতে। 'ব্লেক ডেথ' নামৰ প্লেগ মহামাৰীয়ে চতুৰ্দশ শতিকাতে নিঃশেষ কৰি দিছিল ইউৰোপৰ দুই তৃতীয়াংশ জনতা। পঞ্চদশ শতিকাত ইউৰোপীয় অভিযাত্ৰীৰ দলে আমেৰিকা নামৰ নতুন পৃথিৱীত ভৰি দিওঁতেই লগত লৈ গৈছিল নতুন জীৱাণু আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাহীন হাজাৰ হাজাৰ নেটিভ আদিবাসী নতুন মহামাৰীৰ স্পৰ্শত শুই গৈছিল মৃত্যুৰ শীতল কোলাত।

ইতিহাসে কয়- মাথো অস্ত্ৰ নহয়, জীৱাণুও সমানে দায়ী প্ৰতিখন নিষ্ঠুৰ ঔপনিৱেশৰ পাতনিত! 'বেংগল কলেৰা' নামৰ মহামাৰীয়ে ভাৰতৰ পূব প্ৰান্তৰ পৰা যাত্ৰা আৰম্ভ কৰি পেৰিছ, লণ্ডন, বুডাপেষ্টকৰ লাখ লাখ জনতাৰ মৃত্যুৰ কাৰণ হৈছিল উনবিংশ শতিকাতে। এইডচ, চাৰ্চ, ইব’লা, ছোৱাইন ফ্লু আৰু জিকাৰ সংহাৰতো সৌ সিদিনাৰ কাহিনী! যুগে যুগে মানুহ নতশিৰ হৈছে মহাকাল মহামাৰীৰ সন্মুখত! ঠিক যেন কেমুৱে কোৱাৰ দৰে, “মহামাৰীৰ জীৱাণু নমৰে, ই অবিনাশী, লুকাই থাকে অলক্ষিতে সকলোৰে চকুৰ আঁৰত, খাপ পিটি থাকে, সুযোগ পালেই পুনৰ গেৰিলা আক্ৰমণৰ বাবে।”

কিন্তু জীৱাণুৱে এই সুযোগ পাই কেনেকৈ??

মনত ৰখা ভাল, 'ৰোগ' ব্যক্তিগত ব্যাধি কিন্তু 'মহামাৰী' সামাজিক ব্যাধি। এক সামাজিক ব্যাধিৰ কাৰক ৰূপে মহামাৰী কেতিয়াও মাথো কেৱল চিকিৎসা শাস্ত্ৰৰ বিষয় নহয়, সমাজনীতি, ৰাজনীতি আৰু অৰ্থনীতিৰো বিষয়। স্বাস্থ্যবিজ্ঞানে আমাক জনায় যে, মহামাৰীৰ জীৱাণু আদিতে মূলতঃ ইতৰ প্ৰাণীৰ দেহতেই লুকাই থাকে, মাথো মানৱ শৰীৰত প্ৰবেশৰ পাছতেই ই হৈ উঠে ভয়ংকৰ। ইতৰ প্ৰাণীৰ দেহৰ পৰা মানৱ দেহলৈ সংক্ৰমিত হ’বলৈ সুযোগ পায় মানুহৰ অনিয়ন্ত্ৰিত আচৰণৰ বাবে আৰু এই সংক্ৰমণৰ আঁৰত লুকাই থাকে ৰাজনীতি বা অৰ্থনীতিৰ কিছুমান অন্ধকাৰ গলি।

চীনৰ য়ুহাণ প্ৰদেশৰ যিখন মাংসৰ বজাৰৰ পৰা এই মহাকালৰ সৃষ্টি হোৱা বুলি কোৱা হয়, তাত বন্য, ঘৰচীয়া সকলো পশুৰ নিধনৰ উৎসৱ চলে। সমগ্ৰ পৃথিবীৰ প্ৰতিটো প্ৰান্তলৈ সুলভ, দ্ৰুত আৰু ব্যাপক হাৰত পণ্য উৎপাদন চীন বিশ্বৰ অৰ্থনৈতিক মহাশক্তি হৈছে ঠিকেই! কিন্তু দুৰন্ত লাভ অৰ্জনৰ চেষ্টাত উৎপাদনৰ প্ৰাকৃতিক নিয়মত কৰবাত যেন ব্যাপক উলংঘন ঘটিল! মাংস উৎপাদনৰ বাবে য়ুহানলৈ অনা প্ৰাণীকুল আৰু মানৱ দেহৰ মাজত সংস্পৰ্শৰ চৰম সীমাৰ দেৱালখন কৰবাত যেন খহি পৰিল! সেই সুযোগতে জীৱাণু আহি থিতাপি ল’লে মানুহৰ দেহত।কৰ’ণা মহাকালৰ সূত্ৰপাতৰ পাতনিতেই সেইবাবে বন্ধ কৰি দিয়া হ’ল য়ুহানৰ সেই পশুৰ বজাৰ।

'লি ওৱেনলিয়াং' নামৰ যি গৰাকী চিকি‌ৎসকে এই মহামাৰীৰ সূত্ৰপাত হোৱাৰ সম্ভেদ দিছিল, উৰাবাতৰি বিয়পোৱাৰ দণ্ডৰে দণ্ডিত কৰা হ’ল সেই চিকিৎসকক!চীনৰ অতি ৰক্ষণশীল ঘৰুৱা ৰাজনীতিৰ হাতোৰাত 'লি'ক কৰা হ’ল বন্দী আৰু তেওঁৰ আশংকা সত্য প্ৰমাণিত কৰিবলৈ তেওঁৰেই শৰীৰ জীৱাণুৰে আক্ৰান্ত কৰাই ঠেলি দিয়া হ’ল তিল তিলকৈ মৃত্যুৰ দুৱাৰদলিলৈ। 'লি' আছিল য়ুহান চেণ্ট্ৰেল হস্পিটেলৰ এজন চকু বিশেষজ্ঞ। যোৱা ৩০ ডিচেম্বৰতেই এটা 'চাট গ্ৰুপ'ত কৰ’ণা ভাইৰাছৰ প্ৰথম আগজাননী দিছিল তেওঁ।

অৱশ্যে লক্ষণীয় ভাবে, চীন এই মহামাৰীৰ উৎপত্তিস্থল যদিও, সেই দেশৰ চৰকাৰৰ নাগৰিক সমাজৰ ওপৰত থকা কঠোৰ হাতোৰাৰ বাবে লাহে লাহে চীনে এই দুৰ্যোগৰ লগত মোকাবিলা কৰাত সক্ষম হৈ উঠিছে।

অন্যহাতে ইউৰোপৰ দেশসমূহ তুলনামূলকভাবে নৰম স্থিতিৰ বাবে আৰু দেশৰ নাগৰিকৰ ব্যক্তি স্বাধীনতাত হস্তক্ষেপ নকৰাৰ কোমল চৰকাৰী নীতিৰ বাবে পৰিস্থিতি হঠাতে অনিয়ন্ত্ৰিত হৈ যোৱা সকলোৱে দেখিলে। গুজব উঠিছে, মহামাৰীৰ মোকাবিলা কৰিবলৈ চিকিৎসা সেৱা পৰ্যাপ্ত নোহোৱাৰ অজুহাতত চৰকাৰে তৰুণসকলৰ তুলনাত অপেক্ষাকৃত বৃদ্ধসকলক মৃত্যুৰ মুখলৈ থেলি দিয়াৰ দৰে কঠোৰ অমানবীয় নীতি ল’বলৈও কিছু দেশৰ চৰকাৰ এতিয়া বাধ্য হৈছে।

ঐতিহাসিক ভাবে দেখা যায়, প্ৰতিটো মহামাৰীয়ে একোটা অঞ্চলৰ ব্যাপক সামাজিক পৰিবৰ্তন ঘটায়।ঔপনিৱেশিক ভাৰতবৰ্ষত কলেৰা আৰু বসন্তৰ প্ৰাদুৰ্ভাৱৰ অজুহাতত ব্ৰিটিছ শাসকে আঘাত সানিছিল মূলতঃ স্থানীয় বাসিন্দাৰ যুগ যুগ ধৰি প্ৰচলিত ধৰ্মীয় বিশ্বাস আৰু চিকিৎসা পদ্ধতিৰ ওপৰত। তীৰ্থস্থানবোৰক মহামাৰীৰ উৎস হিচাপে চিহ্নিত কৰি নিষেধাজ্ঞা জাৰি কৰা হৈছিল, অবৈজ্ঞানিক পদ্ধতি হিচাপে বিবেচনা কৰি শতাব্দী প্ৰাচীন আয়ুৰ্বেদৰ দৰে চিকিৎসা পদ্ধতিক বেআইনী ঘোষণা কৰাৰো নজিৰ আছিল। মহামাৰীৰ পৰা ৰক্ষা পাবৰ বাবে খ্ৰীষ্ট ধৰ্মত দীক্ষিত কৰাৰ মিচনেৰী প্ৰচেষ্টাক আইনী বৈধতাও দিয়া হৈছিল। তদ্ৰুপ চতুৰ্দশ বা উনবিংশ শতিকাৰ ইউৰোপীয় মহামাৰীতো মূলত পৰ্যুদস্ত হৈছিল নিঃকিন সকলেই। প্লেগৰ বাবে দায়ী কৰি ব্যাপক ইহুদি নিধন কৰা হৈছিল মধ্যযুগৰ মহামাৰীৰ কালছোৱাত।অন্যহাতে, ইউৰোপত কলেৰাৰ সূত্ৰপাত হোৱাৰ সময়ত চহৰত দৰিদ্ৰৰ প্ৰবেশ নিষিদ্ধ কৰি দিয়া হৈছিল। বল প্ৰয়োগ কৰি তেওঁলোকক নিয়া হৈছিল চিকিৎসালয়লৈ। এই সময়তেই দপ্ দপ্‌ কৈ জ্বলি উঠিছিল সমাজৰ অবদমিত অসন্তোষবোৰ। সেইবাবেই মহামাৰীৰ সমকালীন ভাবে ইতিহাসৰ পাতে পাতে আছে অনেক গণ অভ্যুথানৰো দস্তাবেজ।

সৌ সিদিনা ২০১৪ চনত ইব’লা নামৰ মহামাৰীত সৰ্বাধিক মৃত্যু হয় আফ্ৰিকাৰ দেশ লাইবেৰিয়াত। প্ৰাথমিক ভাৱে লাইবেৰিয়াৰ সনাতনী সৎকাৰ ব্যৱস্থা, অখাদ্য বন্যপ্ৰাণী ভক্ষণৰ অভ্যাসকেই ইয়াৰ বাবে জগৰীয়া কৰা হয় যদিও পৰৱৰ্তীকালৰ অধ্যয়নৰ পৰা দেখা গ’ল স্বাস্থ্যখণ্ডৰ দুৰ্বল আন্তঃগাঠনি, আফ্ৰিকাৰ একোনত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বহীন এখন দুখীয়া দেশ হোৱাটোৱেই আছিল এই দেশৰ সংহাৰী অৱস্থাৰ মূল কাৰণ। ঠিক একে ধৰণে, ২০১৫ চনত জিকা ভাইৰাছৰ দ্বাৰা সৰ্বাধিক আক্ৰান্ত হৈছিল ব্ৰাজিলৰ বিশেষকৈ দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাৰীসকল। জিকাত আক্ৰান্ত হোৱাৰ পাছত গৰ্ভস্থ শিশু বিকলাংগ হৈ জন্ম পোৱাৰ সম্ভাৱনা থকা সত্বেও এই নাৰীসকলে প্ৰয়োজনীয় চিকিৎসা উপযুক্ত সময়ত নোপোৱাৰ বাবেই গৰ্ভধাৰণ অব্যাহত ৰাখিবলৈ বাধ্য হৈছিল আৰু তেওঁলোকে জন্ম দিছিল এক পংগু প্ৰজন্ম।

এই সময়তো অৰ্থনৈতিক ভাৱে সংখ্যালঘু নহ’লেও জাতিগত ভাবে সংখ্যালঘুসকলৰ ওপৰত কিন্তু নিৰ্যাতনৰ বতৰা নহাকৈ থকা নাই। পশ্চিমৰ ভিন ভিন অঞ্চলত আৰম্ভ হৈছে সংখ্যালঘু চীনা অধিবাসীসকলৰ প্ৰতি বিদ্বেষ পূৰ্ণ আচৰণ। ব্ৰিটেইনত শিক্ষা বা কৰ্মসূত্ৰে থকা চীনাসকল বৰ্ণ বৈষম্যৰ চিকাৰ হৈছে। ইউৰোপৰ অনেক খাদ্য বিপনীত হেনো চীনা খাদ্য নিষিদ্ধ কৰা হৈছে, অবাঞ্চিত বুলি ঘোষণা কৰা হৈছে চীনা মূলীয় গ্ৰাহকক। আনহে নালাগে খোদ দিল্লী মহানগৰীৰ ৰাজপথত লাঞ্চিত হৈছে মংগোলীয় মুখায়বৰ উত্তৰ পূবৰ লোক।

অতীতৰ নানা মহামাৰীৰ তুলনাত কৰ’ণাৰ ঘাটকীয় পৰিসংখ্যা কম, তৎস্বত্বেও ইয়াৰ ব্যাপকতাই শংকিত কৰিছে, আতংকিত কৰিছে সমগ্ৰ বিশ্বক। অতি আধুনিক চিকিৎসা সেৱাৰ সুবিধা উপলব্ধ দেশবোৰো ইয়াৰ ত্ৰাস ৰোধ কৰিবলৈ চকুত লগাকৈ ব্যৰ্থ হৈছে।আতংকৰ আৱহাৱা বিয়পি পৰিছে সমগ্ৰ বিশ্বতে।

একোটা মহামাৰীয়ে যি অনিশ্চয়তা আৰু আতংকৰ জন্ম দিয়ে তাৰ সুযোগ লয় গুজব ৰটনাকাৰীবোৰে, মুনাফাখোৰ মধ্যভোগীবোৰে। এই মুহূৰ্তত বৃহত্তৰ পৰিস্থিতিৰ প্ৰতি সতৰ্ক দৃষ্টি ৰাখি স্থিৰ আৰু শান্ত মস্তিস্কৰে স্থানীয় পৰিস্থিতিৰ মোকাবিলা কৰাতেই সফলতা লুকাই আছে। লাহে লাহে পৰিস্কাৰ হৈ উঠিছে যে, এই মহাকাল সদৃশ মহামাৰীক নিয়ন্ত্ৰণ কৰাৰ আটাইতকৈ সহজ আৰু সুলভ উপায় হৈছে সামাজিক দুৰত্ব বজাই ৰখা আৰু ব্যক্তিগত পৰ্যায়ত কেতবোৰ তুলনামূলকভাবে সহজ আৰু সৰল স্বাস্থ্য বিধি মানি চলা।

এই সম্পাদকীয় লিখি থকা কালছোৱাতো দেশৰ জনস্বাস্থ্য পৰিস্থিতি প্ৰতিনিয়ত সলনি হৈ আছে। এই মুহূৰ্তত চৰকাৰৰ দায়িত্ব হ’ল যি কোনো পৰিস্থিতিত স্বচ্ছতা বজাই ৰাখি, জনসাধাৰণক বিশ্বাসত লৈ যি কোনো সংকতৰ মোকাবিলা কৰা। এই ব্যাপক সংকতৰ মোকাবিলা কৰাৰ দায়িত্ব প্ৰকৃতাৰ্থতেই নাগৰিক সমাজৰ হাতত। প্ৰচলিত স্বাস্থ্যবিধি মানি চলাটোৱেই এতিয়া মূল দায়িত্ব, সি লাগিলে কাৰোবাৰ ব্যক্তিগত স্বাধীনতাত আঘাতেই নকৰক কিয়! মনত ৰখা ভাল, এই নিয়ম পালন আজিৰ তাৰিখত মাথো নিজৰ স্বাৰ্থত নহয় নিজৰ প্ৰিয়জনৰ স্বাৰ্থতো!

আমি প্ৰচণ্ড আশাবাদী যে, এই মহামাৰী আমি সকলোৱে মিলি প্ৰতিহত কৰিমেই। কিন্তু কৰ'ণাই আমাক কিছুমান চিৰন্তন সত্যৰ পুনৰ মুখামুখী কৰাওক-

মহামাৰীয়ে আমাক জনাওক যে আমাৰ স্বাৰ্থত এক বৃহত্তৰ স্বাৰ্থও সদায় যোগ হৈ আছে। এটা সংকত যেতিয়া সৰ্বব্যাপী হয়, তাৰ সমাধানৰ অংশীদাৰিত্বও সৰ্বব্যাপি। আমাৰ মনত পৰক গণশিল্পীৰ সেই গান- মানুহে মানুহৰ বাবে.........একাকিত্বই আমাক অনুভৱ কৰাওক, মানুহৰ বাবে মানুহৰ সংগৰ হাঁহাকাৰ কিমান কৰুণ আৰু গভীৰ! সকলোকে আকৌ এবাৰ স্মৰণ কৰাওক, প্ৰকৃতিৰ হাতত মানুহ কিমান অসহায়!

দ্বিতীয় বিশ্বযুদ্ধ শেষ সময়ছোৱাতেই কেমুৱে লিখি উলিয়াইছিল 'দা প্লেগ'। মহামাৰীক ৰূপক হিচাপে লৈ মূলতঃ নাৎসী ধ্বংস যজ্ঞ আৰু আতংকৰ বৰ্ণনা দিছিল তেওঁৰ এই ক্লাছিকত।

মহামাৰীৰ আঁৰত সন্মুখলৈ অহা মহাকালৰ বিৰুদ্ধে উদ্বুদ্ধ কৰিবলৈ তেওঁ কৈছে, দুৰ্যোগ যেতিয়া কোনো জনগোষ্ঠীৰ ওপৰলৈ নামি আহে, সেই সময়ত ইয়াক জয় কৰা যায় মাথো সহমৰ্মিতা, ভাতৃত্ববোধ আৰু ভালপোৱাৰেই, কাৰণ ভুলৰ শুধৰণিৰ বাবে ভবিষ্যত সুলভ নহ’বও পাৰে!

কোনে জানে...কিজানি ভবিষ্যত অনাগত নহয়েই! বৰ্তমানেই কিজানি ভবিষ্যত!!

সম্পাদক, ফটাঢোল ই-আলোচনী
তৃতীয় বৰ্ষ নৱম সংখ্যা
☆ ★ ☆ ★ ☆

 

46 Comments

  • abhijit goswami

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয় ককাইদেউ ?

    Reply
  • Ronjon Baruoh

    বৰ্তমান পৰিস্থিতিত সন্দৰ্ভত এক সুন্দৰ লিখনী,

    Reply
  • অলকেশ ভাগৱতী

    সুন্দৰ সম্পাদকীয়৷ পঢ়ি ভাল লাগিল৷

    Reply
  • Bhaskar Jyoti Sarma

    ভাল লাগিল অগতানুগতিক সম্পাদকীয়। শেষৰ ফালৰ বেকগ্ৰাউণ্ডৰ ৰংটো অলপ কমাই দিয়ক।

    Reply
  • শৰৎ মহন্ত ।

    হিমাংশু:
    বহু মনোযোগেৰে তোমাৰ সম্পাদকীয়
    পঢ়িলো।সময় উপযোগী ও তথ্য সম্বল
    তত্ব গধুৰ হৈছে ।
    তুমি বহু কষ্ট কৰি আলোচনীখন
    সময় মতে ওলিয়াব পৰাটো কম কথা
    নহয় ।
    বহু বহু ওলগ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ । কুশলে থাকা।

    Reply
  • অনুৰূপ মহন্ত

    সুন্দৰকৈ লিখিছে, ভাল লাগিল দাদা

    Reply
  • গৌৰীশংকৰ শৰ্মা

    এটা প্ৰাসংগিক সম্পাদকীয়। পঢ়ি ভাল লাগিল।
    লগতে প্ৰায় শতাধিক লেখাৰে এখন সৰ্বাংগসুন্দৰ আলোচনী আমাক উপহাৰ দিয়াৰ বাবে অভিনন্দন জনালোঁ।

    Reply
  • Manab

    Jaan da , tamam dhuniya likhise … porhi Bhal lagil ??????

    Reply
  • Anonymous

    সুন্দৰ সম্পাদকীয়

    Reply
  • ৰিণ্টু

    সুন্দৰ আৰু সময়োপযোগী সম্পাদকীয়।

    খুব ভাল লাগিল পঢ়ি

    Reply
  • SANKAR JYOTI BORA

    সময়োপযোগী,আৰু তথ্যসমৃদ্ধ সম্পাদকীয়৷

    Reply
  • কাবেৰী মহন্ত

    সুন্দৰ আৰু সময়ৰ সতে খাপ খাই গৈছে৷ ভাল লাগিল

    Reply
  • প্ৰণামী ডেকা

    সম্পাদকৰ উপস্থাপন সুন্দৰ |

    Reply
  • সাম্প্ৰতিক সময়খিনিৰ সুন্দৰ উপস্থাপনেৰে তথ্যসমৃদ্ধ সম্পাদকীয়।

    Reply
  • bijoy mahanta

    সুন্দৰ সম্পাদকীয়

    Reply
  • উষা মহন্ত

    সুন্দৰ তথ্যসমৃদ্ধ সম্পাদকীয় ।

    Reply
  • ৰূপাংকৰ চৌধুৰী

    বৰ্তমানক সুন্দৰকৈ অংকন কৰা এটি তথ্যসমৃদ্ধ সম্পাদকীয়।

    Reply
  • Himu

    বহুত ভাল লাগিল দাদা , আশাৰে ৰৈ আছিলোঁ এটা অগতানুগতিক সম্পাদকীয়ৰ পাঠক হ’বলৈ ।। অনাগত শুভৰে উপচি পৰক।

    Reply
  • ভাস্কৰ জ্যোতি বৰুৱা

    এই কঠিন সময়ক প্ৰতিনিধিত্ব কৰিব পৰা সম্পাদকীয়।

    Reply
  • বৰ্তমান সময়ৰ সৈতে খাপ খোৱা সম্পাদকীয় এটা,তথ্যসমৃদ্ধ।

    Reply
  • সাম্প্ৰতিক সময়ৰ তথ্য সমৃদ্ধ লেখা। ভাল লাগিল পঢ়ি দাদা

    Reply
  • সঞ্জীব কুমাৰ ভট্টাচাৰ্য

    অতি প্ৰাসঙ্গিক সম্পাদকীয়।

    Reply
  • Jyotirupam Dutta

    প্ৰাসংগিক, আশাৰ বতৰা কঢ়িয়াই অনা সুন্দৰ সম্পাদকীয়৷

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    প্ৰাসংগিক আৰু তথ্যসমৃদ্ধ সম্পাদকীয়৷

    Reply
  • Dhrubajyoti Borah

    আজিৰ দিনৰ অতি প্ৰাসংগিক কথা। ভাল লাগিল

    Reply
  • অগতানুগতিক প্ৰাসংগিক সম্পাদকীয় লেখা । ভাল লাগিল দাদা । আশা কৰিছোঁ, সোনকালেই বৰ্তমান পৰিস্থিতিৰপৰা বিশ্বৰ জনতা মুক্ত হওক । প্ৰকৃতিৰ প্ৰয়োজনীয়তা প্ৰত্যেকেই উপলব্ধি কৰক ।

    Reply
  • HEMANTA KAKATI

    ভাল লাগিল হিমাংশু৷

    Reply
  • Moyee

    সুন্দৰভাৱে ক’লে কাইদেউ

    Reply
  • Sikha Bordoloi

    বৰ ভাল লাগিল দেই হিমাংশু দা

    Reply
  • সুন্দৰ আৰু অতি প্ৰাসংগিক সম্পাদকীয় ?

    Reply
  • অঞ্জলি

    হিমাংশু অতি প্ৰাসঙ্গিক আৰু তথ্য সম্বলিত সম্পাদকীয় । খুবেই ভাল লাগিল । অভিনন্দন তোমালৈ

    Reply
  • চন্দন বৰি

    ইমান ধুনীয়াকৈ লিখিছে বৰ্তমান পৰিস্থিতিৰ কথাবোৰ৷ সম্পাদকীয়টো অগতানুগতিক৷

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • Nayan Dev Choudhury

    সুন্দৰ হৈছে। খুব প্ৰাসংগিক। সহমৰ্মিতা, ভাতৃত্ববোধ আৰু ভালপোৱা..! আমি জয়ী হ’ম।

    Reply
  • Barbie Punnag

    বিৰাট ধুনীয়া সম্পাদকীয়

    Reply
  • অমিতাভ

    বৰ সুন্দৰ উপস্থাপন বৰ্তমানৰ ভয়াবহ পৰিস্থিতিৰ! বৰ ভাল লাগিল পঢ়ি!

    Reply
  • হিমাংশু

    কমেণ্ট কৰা আটাইকেইজন সুহৃদ পাঠকলৈ আশেষ ধন্যবাদ।

    হিমাংশু

    Reply
  • ৰিমঝিম ৰিমা

    সুন্দৰ সম্পাদকীয়.. বিৰাট ভাল লাগিল।

    Reply
  • চিদানন্দ বৰা ৷

    প্ৰাসংগিক আছিল ৷ ভাল লাগিল ৷

    Reply
  • সময়োপযোগী অতি প্ৰাসংগিক সম্পাদকীয়৷

    Reply
  • Anonymous

    সময়ৰ সৈতে খাপ খায় গৈছে ,বহুত ভাল লাগিল পঢ়ি

    Reply
  • মৌচুমী হাজৰিকা

    এক অত্যন্ত উচ্চ মানৰ আৰু সাময়িক পৰিস্থিতিৰ ওপৰত প্ৰাসংগিক আৰু তথ্য সমৃদ্ধ সম্পাদকীয়। খুব ভাল লাগিল হিমাংশু ।

    Reply
  • কমল তালুকদাৰ

    সুন্দৰ আৰু ইতিবাচক সম্পাদকীয় ..

    .. হয়তো এইয়াই ভবিষ্য়ত !

    Reply
  • ভাস্কৰজ্যোতি দাস

    অতি সুন্দৰ সম্পাদনা৷ সম্পাদকীয় বাস্তৱৰ সময়খিনিৰ কঠোৰ বিষ্লেষণ, প্ৰাসংগিক আৰু আশাপ্ৰদ৷

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    কঠিন সময়ৰ সম্পাদকীয়টোৱে মনটো ভৰাই তুলিলে ৷ বহুত বহুত ধন্যবাদ থাকিল ৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *