ফটাঢোল

ফুল ঔৰ কাটে-ভৰিৰ কলাফুল ফাটে- মাধৱ লহকৰ

“পেহী, অ’ পেহী, আজি তামাম লাগিল। অজয় দেৱগন বৰ বেলেগ বস্তু দেই। দুখন য়ামাহাত (তেতিয়া সকলো মটৰ চাইকেলকে য়ামাহা বুলিয়েই কওঁ) দুখন ভৰি দি এনেকৈ আহিছে” বুলি ভৰি দুখন মেলি দিওঁতেই পিছফালৰপৰা ভৰিৰ কলাফুলত একেৰাহে চাৰি পাঁচ চাটমান পৰিল।

ৰ’ব ৰ’ব। এনেকৈ ক’লে বুজি নাপাব। একেবাৰে প্ৰথমৰপৰা কওঁ। ২০০১/০২ চনমানৰ ঘটনা। মই তেতিয়া পঞ্চম নে ষষ্ঠ শ্ৰেণীত পঢ়ি আছোঁ। তেতিয়া আমাৰ ঘৰত টিভি নাছিল, আমাৰ ঘৰত মানে আমাৰ ঘৰৰপৰা এক কিঃমিঃমানলৈকে কাৰো ঘৰতে নাছিল। কাৰণ পিছফালে থকা পাহাৰখনৰ বাবে চেনেল নাহিছিল। (তেতিয়াৰ ভাষাত পিকচাৰ নাহিছিল) সেয়েহে দেওবাৰে ৰাতিপুৱা ৯ বজাতে ওলাই যাওঁ, ১ বজাৰ পিছতহে ঘৰ সোমাওঁ। জয় শ্ৰীকৃষ্ণ, বিষ্ণুপুৰাণ, চাকালাকা বোম বোম, বছকে ৰেহনা ৰে বাবা, শেষত ভাৰতৰ প্ৰথম চুপাৰ হিৰ’ ‘শক্তিমান’ চাই ১:৩০ মিনিটমানতহে ঘৰত সোমাওঁ। মাজে মাজে মাৰপৰা গালিও খাওঁ। লগতে কেতিয়াবা দুই এথাপৰ খায়ো পাইছোঁ বেলেগৰ ঘৰলৈ টিভি চাবলৈ যোৱাৰ কাৰণে। কিন্তু মাৰ পিতনলৈ কোনে ভয় কৰে! কাৰণ মাৰ হাতৰ থাপৰকেইটা ৰেজিছটেণ্ট হৈ গৈছিল। যাহওক দেওবাৰটোলৈ বৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকো। কাৰণ ১ বজালৈকে দেওবাৰটোত পুৰা বিজি চিডিউল। এদিন লগৰজনে ক’লে বোলে, ‘আবেলি আহিবি। আজি ৪ বজাৰপৰা মজা চিনেমা দিছে। নামটো “ত্ৰিৰংগা”। নানা পাটেকাৰ আৰু ৰাজকুমাৰ আছে।’ মই বোলো কোন ইহঁত?

: বেলেগ এক্টৰ। নানা পাটেকাৰৰ তামাম বল আছে। পুৰা ফাইট জানে।

– লগৰজনে ক’লে। মই বোলো নহ’ব দেই। গধূলি চিনেমা চাবলৈ আহিলে দেউতাই পিটিব। সি বোলে, ‘তোৰ কথা। আহিলে আহিবি, নাহিলে মই চাম আৰু। মই প্ৰতি ৰবিবাৰে চাওঁ।’

দিলে নহয় সি চিনেমা চোৱাৰ লোভটো লগায়। মই মনতে ভাবিলো কেনেবাকৈ যদি চাবলৈ আহিব পাৰিলো হয়। ঘৰলৈ গৈ দেখো দেউতা আৰু দাদা ঘৰত নাই। গাটো ধুই ভাত খাবলৈ বহি মাক লাহেকৈ সুধিলো, “মা, দেউতা আৰু দাদা ক’লৈ গ’ল দেখা নাই যে?”

: মোমায়েৰহঁতৰ ঘৰলৈ গ’ল। ককায়েৰক লৈ গ’ল লগত। তোকো নিবলৈ বিচাৰিছিল, কিন্তু তই ঘৰতেই নাই।
– মায়ে বুজনিৰ সুৰত ক’লে মোক নিনিয়াৰ বাবে হুলস্থুল কৰিম বুলি। কিন্তু মই ক’ত হুলস্থুল কৰিম! কথাটো শুনি মনতে সাতটা জাপ মাৰিলো কাৰণ আজি আৰু চিনেমা চোৱাৰপৰা মোক কোনেও ৰখাব নোৱাৰে। কিন্তু মোৰ মনৰ ভিতৰৰ ভাৱটো বুজিবলৈ নিদি মাক ডাইৰেক্ত ব্লেকমেইল কৰিলো, “মোক ক’তো নিনিয়ে দাদাকহে নিয়ে। যাঃ মই ভাত নাখাওঁ।” মায়ে বহুত বুজাইছে কিন্তু মই কোনোমতেই নুবুজো ভাত নাখাওঁ মানে নাখাওঁৱেই। অবশেষত এটা চৰ্তত খাবলৈ মান্তি হ’লো। চৰ্তটো হ’ল যে গধূলি চিনেমা চাবলৈ দিব লাগিব। মাও ৰাজি হ’ল। কথা মতেই কাম। “ত্ৰিৰংগা” চালো, মজা লাগিল। বিজ্ঞাপন দিলে পিছৰ দেওবাৰে ফুল ঔৰ কাটে দিব। মনতে থিৰাং কৰিলো, চামেই কিবা উপায়েৰে। কথা মতে কাম। পিছৰ দেওবাৰ আহি পালে। আবেলি মনে মনে গৈ ফুল ঔৰ কাটে চাই আহিলো। বাপৰে কি ফাইট! অজয়ে কি কেৰেত (কাৰাটে) জানে! কি উৰি উৰি মাৰে! চিনেমা শেষ হৈ ঘৰ পাওঁতে প্ৰায় ৬:৪৫ মান হৈছে। দেউতা সেইখিনি সময়ত বজাৰলৈ যায়। ময়ো সেই চেগতে ঘৰ গৈ পালো। তেতিয়া আমাৰ ঘৰত দেউতাৰ স্কুলৰ সহকাৰী শিক্ষয়ত্ৰীগৰাকী আছিল তেখেতৰ ঘৰ দূৰৈত আছিল বাবে। আমি পেহী বুলি মাতো। দেউতা বজাৰৰপৰা অহাৰ আগতে কাহিনীটো অলপ পেহীক কৈয়ে আহোঁ বুলি মই চিঞৰ লগালো “পেহী, অ’ পেহী, অজয় বৰ বেলেগ বস্তু দেই। দুখন য়ামাহাত দুখন ভৰি দি এনেকৈ আহিছে” বুলি ভৰি দুখন মেলি হাতেৰে এক্সিলেটৰ দবাই মুখেৰে চাউণ্ড দিছিলোহে মাত্ৰ “ভ্ৰুম… ভ্ৰুম…ম…ম…” পিছফালৰপৰা ভৰিৰ কলাফুলত একেৰাহে চাৰি পাঁচ চাটমান পৰিল। চিঞৰ লগাই পিছলৈ চাই দেখো যে দেউতাই হাতত চেকনি লৈ “ফুল ঔৰ কাটে”ৰ অমৰীশ পুৰীৰ দৰে থিয় হৈ আছে। লগে লগে দৌৰি পেহীৰ পিছফালে লুকাইহে ৰক্ষা। পিছত গম পালো দেউতা সেইদিনা বজাৰলৈ যোৱাই নাছিল। পিছদিনা আইতাই ভৰিৰ কলাফুল ফাটি যোৱা দেখি দেউতাক দিয়া গালিকেইটা শুনিহে মনলৈ অলপ শান্তি আহিল। তেতিয়াৰপৰা আবেলি চিনেমা চোৱা বাদ দিলো নিজৰ ঘৰত টিভি নোলোৱালৈকে। পিছত ক্লাছ নাইনমানত টিভি আনিলে যেনিবা DTH অহাৰ পিছত। ফুল ঔৰ কাটেৰ গান শুনিলে দাদাই এতিয়াও মোক জোকায়।

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *