আজিৰ ঘটনা- সত্যেন মহন্ত
জাগীৰোডৰ পৰা ভাগৰে জোগৰে উভটিবলৈ ট্ৰেভেলাৰ এখনত উঠি গাটো চিট এটাত এৰি দিছোঁ তপা মূৰটোৰ সৈতে৷ কাষত বহাজনে গাড়ী চলিবলৈ আৰম্ভ কৰাৰ আগতেই গমগমীয়াকৈ উজান দিলেই ফ’নত৷
তেৰাই লগোৱা এক নং ফ’নটো,
: হেল্ল’ কি খবৰ? মই গুচি আহিলোঁ দেই৷ জীয়া ছয় কিলো এটা পালোঁঁ৷ আলফ্ৰেডৰ লগত আধা আধা কৰি কিনিলোঁঁ৷
আকৌ অকণমান সময়ৰ পিছত, ২ নং ফোনটো
: হেল্ল’! অ’ মই আহিব লগীয়া হ’ল বুইছেনে? জীয়া ছয় কিলো এটা পালোঁ৷ লৈ আহিলোঁ৷ (এইবাৰ আলফ্ৰেড গায়ব৷)তেজাল ভকুৱা তেলাহীতে পালোঁ৷
মই মনতে জীয়াই থাকিলে তেজ এসোঁতা থাকিবই দিয়কচোন৷
৩ নং ফোনটো,
: হেল্ল’৷ মই আহিলোঁ দেই৷ জপিয়াই থকা জীয়া ভকুৱা এটা অফিচতে দি গ’লহি৷ ২২০০ টকাত৷ প্ৰায় ৭ কিলোৱেই হ’ব৷
মই ক’তে মৰোঁ, তপাতলি পাৰ হওঁতেই ওজনৰ ইনফ্লেচন সাত চুলেহি!
এনেকৈ ৯ নং ফোনটো লগাওঁতেই মোৰ তপা মূৰৰ ভিতৰৰ ঘিউৱেই নে গোবৰেই উতলিবলৈ ধৰিলে৷ মোৰো ফিটাহি ইজ্জতত ধৰিলে৷ লগালোঁ উচ্চ পদস্থ আই আৰ এছ বিষয়া এজনলৈ৷
: হেল্ল’, ভালে আছে৷ সিদিনা এফ এমৰ লগত ইণ্টাৰেকচন কৰি বৰ ভাল লাগিলে৷
মই ভুলতো মুখেই মেলিবলৈ নাপালোঁ শ্ৰীমতী চিঠাৰমনৰ আগত, মাথোঁ হাতচাপৰি বজায় থাকোঁতেই গ’ল৷
: হয় হয় মই তেখেতৰ প্ৰায় মুখামুখি আসনতেই বহিছিলোঁ৷
: হয় হয়, প্ৰথম প্ৰশ্ন ময়েই সুধিছিলোঁ (ঔ আই !)৷ এ বেপাৰ কথা নক’ব আৰু৷ হঠাতে ৰাষ্ট্ৰপতি ভৱনলৈ আমাৰ ক’লা চাউলৰ পিঠা ৪০০ পেকেট পঠিয়াবলৈ অৰ্ডাৰ এটা আহিলে৷ কাইলৈ পঠিয়াবই লাগে৷ তাকে আমাৰ গাঁৱৰ মহিলা গোটৰ পৰা নিজে নিবলৈ আহিলোঁ৷
আচলতে ৰাষ্ট্ৰপতিভৱনত থকা আমাৰ অনুজপ্ৰতীম পংকজ প্ৰতীম বৰদলৈলৈ চাৰি পেকেট পিঠা পঠিয়াব লাগে৷ গতিকে কথাটো “অশ্বথ্থমা হত ইতি গজ”৷ সিফালে লাহে লাহে মাত কমি আহিলে৷ মই ফ’ন থোৱালৈ তেৰাৰ মাত যি বন্ধ হ’ল খানাপাৰালৈকে শান্তিয়েই শান্তি৷ মাজে মাজে নিজৰ ফটাঢোল বজালেও আনৰ বিহু নোহোৱা হয় প্ৰমাণ কৰিলোঁ৷
কৃষ্ণ!
☆ ★ ☆ ★ ☆
8:19 pm
হাঃ হাঃ, উপস্থিত বুদ্ধিয়ে কাম দিলে। ভাল লাগিল।