ফটাঢোল

মূল : শ্বায়েৰ ৰাহত ইনদোৰী অনুবাদ – দেৱাংগ পল্লৱ শইকীয়া

প্ৰিয় কবি, শ্বায়েৰ ৰাহত ইনদোৰী চাহাবৰ ‘নাৰাজ’ সংকলনৰ পৰা দুটিমান পংক্তি অসমীয়ালৈ অনুবাদ কৰিবলৈ মৰসাহ কৰিছোঁ

১) প্ৰথম স্বৰ্তটোৱেই বিচ্ছেদ
প্ৰেম সঁচাকৈয়ে অঘৰী!

২) হৃদয়ৰ দুৱাৰত কোনে টুকুৰিয়াইছে মোৰ?
তুমি নে নিঃসংগতাই!

৩) জীৱনটো আচলতে কি তেতিয়াহে বুজিবা
বৰষুণৰ বতৰতো চিলা উৰুৱাবলৈ শিকা৷

৪) বৰষুণেও যেতিয়া তৃষ্ণা দূৰ কৰিব পৰা নাই
আহা! এইবাৰ বিষপাণ কৰি চাওঁ!

৫) বৰষুণ, নদী, সাগৰ
প্ৰথম পানী চকুলো।

৬) নদী, মোৰ চকুত চকু থোৱা
আৰু কোৱা কিমান পানী!

৭) নিজৰ চকুলোৰ হিচাপ নিজেই ৰাখিম
সুধিবলৈ সাগৰ কোন?

৮) অনবৰতে উদাস হৈ থকাৰ নতুন বাহানা
তোমাৰ ঘৰৰ ওচৰত থকাৰ সুবিধা৷

৯) যিসকল আপোন আছিল আচলতে আছিল পৰ
মই বতাহক আকোঁৱালি লৈছিলোঁ।

১০) খেয়াল ৰাখিছোঁ যে ভালপোৱা ইমানেই মজবুত হওক মাটিৰ পৰা ফু মাৰি দিওঁ আৰু আকাশ উৰি যাওক৷

১১) মোৰ জানাজাত লিখি দিবা বন্ধুসকল!
এজন প্ৰেমিক তোমাৰ ওচৰলৈ গৈ আছে খোদা!

১২) বৰষুণৰ উদ্যম অটুত থাকক
মোৰ কেঁচামাটিৰ ঘৰ হ’ল তাতে কি!

১৩) মই হৃদয়ক কৈ আছোঁ যে ইফালে-সিফালে গৈ নাথাক বিষাদৰ এই ঋতু পাৰ হৈ নাযাওক!

১৪) যুদ্ধখনতো জিকিলোৱেই মই অথচ সমস্যাটো হৈছে এতিয়া যুঁজিব লাগিব নিজৰ লগত৷

১৫) কি জৰুৰী আছে যে তোমাৰ লগত দেখাদেখি হ’বই লাগিব তোমাক লগ পোৱাৰ হেঁপাহ পুহিছোঁ – সেয়াই যথেষ্ট!

১৬) মোৰ চহৰেৰে যদি কেতিয়াবা পাৰ হৈ যায়, তেওঁক সুধিম দৰব কেনেকৈ যন্ত্ৰণালৈ সলনি হয়!

☆ ★ ☆ ★ ☆

3 Comments

  • Barbie Punnag

    বঢ়িয়া

    Reply
  • Jyotshna Rani Das

    মোৰ প্ৰিয় শ্বায়েৰ…

    Reply
  • Jyotshna Rani Das

    মোৰ প্ৰিয় শ্বায়ৰ | আচলকেইটা নিদিলেই.. ১)ফুলো কী দুকানে খোলো, খুচবু কা ব্যাপাৰ কৰো, ২) জো লোগ ভুল নেহী কৰতে ভুল কৰতে হেই…এইকেইটা মজা

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *