ফটাঢোল

কৌতুক- পূৰ্ণানন্দ শৰ্মা

কৃপণৰ পত্নী : শুনকচোন, আজি সিটো চুবুৰিৰ সেই শৰ্মা উপাধিৰ কৰাইচটো আহিছিল৷
কৃপণ : তাক কিবা খুৱালিনে?
কৃপণৰ পত্নী : বিস্কুট এপেকেট আনিছিল৷ তাকে চাহৰ লগত দিলোঁ৷
কৃপণ : চাল্লি হাৰামজাদী, তই সি বিস্কুট এপেকেট আনোতেই চাহ একাপ খৰচ কৰিলি? চাহ, চেনী, গাখীৰ এইবোৰ এনেই আহিছে হাঁ? ৰহ্‌ তোৰ আজি পিঠি ফালিম!
কৃপণৰ পত্নী : ৰ’ব ৰ’ব খং কৰিব নালাগে! বেটাই বিস্কুট এপেকেট কাগজত আঁকি আনি মোৰ হাতত দিছিল৷ ময়ো চাহ একাপ আঁকিহে দিছোঁ!
কৃপণ : কিমান ডাঙৰকৈ আঁকি দিলি?
কৃপণৰ পত্নী : আপুনি ভাবিছে নেকি ডাঙৰকৈ আঁকি চিয়াঁহী খৰচ কৰা বুলি? বহুত সময় মনি মনি চালেহে ধৰিব পৰাকৈ আঁকি দিছোঁ৷ আৰু কেপকেপাই নাথাকিব৷
☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *