ফটাঢোল

ৰাজনৈতিক লিমাৰিক- কৰ্ণজ্যোতি সোনোৱাল

(১)
সংখ্যাগৰিষ্ঠ আসনৰ বাবেই হ’ল পদুম ফুলৰ অহংকাৰ
লোকসভা, ৰাজ্যসভা সকলোতে কৰিলে বিৰোধীক তিৰস্কাৰ
হৰ হৰ মোদী
যাব চাবি গাদী
জনতাই দেখি আছে, নিদিব আৰু পিছলৈ পুৰস্কাৰ।

(২)
পদুমৰ ব্যভিচাৰ ৰোধিবলৈ কলমেৰে সৃষ্টি কৰিছে গদ্য
কোনো কোনোৱে ৰচনা কৰিছে ৰাজনীতিৰ আপদীয়া পদ্য
কাশ্মীৰৰপৰা কহিমা
কলম অস্ত্ৰৰ মহিমা
অতীতৰেপৰাই স্বৰ্গ-মত্য-পাতাল সকলোতে বিদ্য।

(৩)

এবছৰৰ পিছত আহি আছে নতুন বিধানসভাৰ ইলেকচন
কলমৰ মহিমা বুজি পদুমে কৰিছে প্ৰাৰ্থী চিলেকচন
প্ৰাৰ্থীক দিব লাগিব পাঠদান
সৰ্বা-হিমন্ত-অতুল সাৱধান
নহ’লে পদুম ফুল পাহি হ’ব চিৰাচিৰকৈ ফ্ৰেকচন।

(৪)

অংক মিলাবলৈ সাজিছে আই এ ওৱাই ঘৰ
ভূমিকম্প আহিলে পিছে মাৰিব লাগিব লৰ
সৰ্বা-হিমন্ত-অটুলৰ মাথা
ভবিষ্যতে হ’ব সাধুকথা
নাতি-পুতিয়ে কিতাপত পঢ়িব ফৰ্-ফৰ্-ফৰ্।

(৫)

ঘৰে ঘৰে আজিকালি এটাকৈ সৰু পকা লেট্ৰিন
কৃষকসকলেও পাইছে দুহেজাৰ টকাৰ ঋণ
সবকা সাথ সবকা বিকাশ
সৰ্বা-হিমন্ত-অটুলৰ প্ৰকাশ
বুজাই বুজিছে আহি পৰিছে ইলেকচনৰ দিন।

(৬)
ভোটবেংকৰ সদস্য বঢ়াবলৈ আনিছে ‘কা’ আইন
ভাষা-জাতি-মাটি গ’লেও যাওক, গাদীখনহে মেইন
মোদী-শ্বাহ-সৰ্বাৰ প্ৰচাৰ
বাংলাদেশত হৈছে ব্যভিচাৰ
চুক্তি কৰি হিন্দু-শৰণাৰ্থীৰ লগত হ’ব লাগে জইন।

(৭)

‘কা’ আইন বাতিলৰ দাবীত সজোৰে চলিছে আন্দোলন
দেশৰ চুকে-কোণে, আকাশে-বতাহে সৃষ্টি হৈছে হেন্দোলন
জনতাৰ জুই জ্বলিছে জ্বলিবই
নেতাই জুইত পানী দিলে নুমাবই
বুজি পাই সৰ্বা-হিমন্তই আৰম্ভ কৰিছে পানীৰ ছন্দোলন।

(৮)

গাদী ৰক্ষাৰ স্বাৰ্থত নেতাসকল হৈ পৰিছে অন্ধ
হেন্দোলন সৃষ্টিকাৰী অখিলক কৰিলে জেইলত বন্ধ
গগৈকেইজনৰ কথাৰ লয়
হিমন্তই নকৰে ভয়
জুই নুমুৱাৰ দায়িত্বত সেয়েহে হিমন্ত, ৰাইজে পাইছে গোন্ধ।

(৯)

ভাৰতৰ জয় হওক বুলি নেতাই কৰে সংকল্প
উপস্থিত ৰাইজৰ মাথাত আছে গোবৰ অল্প-অল্প
যদিহে পাই টকা
সকলো হয় পকা
ৰাইজক চকাত উঠাবলৈও গঢ়িছে পোন্ধৰশ টকাৰ প্ৰকল্প।

(১০)

পদুম ফুল ডুবাবলৈ হাত আৰু তলা-চাবিয়ে পাতিছে সখি
অতদিনে কিন্তু দুয়োটাই মৰোৱাই আছিল ৰাইজক মাখি
সেইদেখিহে পাতিছিল জাতীয় নায়ক
ওলোটাই থিয় হ’ল এজন খলনায়ক
হে নৰহৰি, অসমৰ মংগল কৰা, ৰাইজ আছে হেঁপাহত ৰখি।

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *