ফটাঢোল

চঞ্চল চহৰীয়াৰ সাহিত্যকৃতি- অভিজিত কলিতা

প্ৰখ্যাত, সুবিখ্যাত, সমাজ সচেতন ব্যংগ লেখক চঞ্চল চহৰীয়াক চিনি নোপোৱা মানুহ এজনো অসম দেশত নাই, কেনেবাকে কৰবাত এজন পৰিধৰি আছে বুলি কোনোবাই ভুলতে ক’লেও চহৰীয়াই বিশ্বাস নকৰে। হিংসাকুৰীয়াবোৰে এনে অপপ্ৰচাৰ চলাবই, এইবোৰক উপে‍ক্ষা কৰাই উচিত। হাতী যেতিয়া বাটেৰে যায়………….

অৱশ্যে চহৰীয়াৰ এই আত্মবিশ্বাস পকা কঠাল সৰা দি ওপৰৰ পৰা সৰি পৰা নাই, দস্তুৰমত সুদীৰ্ঘ বছৰ ধৰি নীৰৱচ্ছিন্নভাৱে, ধৰাধৰে, প্ৰতি সপ্তাহে একোটাকৈ ব্যংগ লেখা ডেলিভাৰি দি অহাৰ বাবেহে আহিছে। অসমত এনে এখন আলোচনী নাই, স্মৃতিগ্ৰন্থ- বাতৰি কাকত  নাই, য’ত চহৰীয়াৰ এটা লেখা কেতিয়াবা নহয় কেতিয়াবা প্ৰকাশ হোৱা নাই। এনে এটা বিহু পূজা অসম দেশত হোৱা নাই, যিটোত চহৰীয়াৰ লেখা বিছাৰি এজন নহয় এজন অলোচনী সম্পাদকে তেওঁক আমনি কৰা নাই। চহৰীয়াৰ লেভেলেই সেইটো, গতিকে অলপ গৌৰৱ হোৱা একো আচৰিত কথা নহয়।

চহৰীয়া ব্যংগ লেখক হোৱাৰ এটা গুৰুগম্ভীৰ ইতিহাস আছে। কলেজৰ চাকৰিটোত সোমোৱাৰ আগতে চহৰীয়া চিৰিয়াচ লেখকেই আছিল। দশম শ্ৰেণীত থাকোঁতেই বিপ্লৱী কবিতাৰে তেওঁ তেওঁৰ সাহিত্যযজ্ঞৰ তেজাল ঘোঁৰা মেলি দিছিল। তাৰ পাছত আহিল গল্প, উপন্যাস, প্ৰৱন্ধ, আৰু কত কি? কিন্তু চহৰীয়াই সোনকালেই বুজি পাই গ’ল যে এইবোৰ ফিল্ডত লাভ নাই, কম্পিটিছন বহুত বেছি। বঁটা বাহন নোপোৱালৈকে এনে লেখক হৈ একো উন্নতি কৰিব নোৱাৰি। বঁটা বাহন পালেও আকৌ ৰাইজে ‘মেনেজ দিয়া’ বুলি ভাৱে। গতিকে অযথা সময় অপব্যয় নকৰি তেওঁ ব্যংগ সাহিত্য সৃষ্টিত মনোনিবেশ কৰিলে৷ কাৰণ এটাই, এইখন এখন খোলা ময়দান, গ’ল কীপাৰ নোহোৱা গ’লপোষ্ট, গোৰ মাৰি দিলেই গ’ল হ’ব। অসমত লিখা মেলা কৰা মানুহবোৰৰ কোনোৱেই ব্যংগ, ৰহস্য সাহিত্য আদি নিলিখে, কাৰণ সেইবোৰ লিখিলে বঁটা বাহন নেপায়, সাহিত্যিক বুলি চিনাকি নেপায়। চহৰীয়াৰ অৱশ্যে বঁটা বাহনৰ প্ৰতি কেতিয়াও লোভ নাছিল, এইবোৰত খাজনাতকৈ বাজনা বেছি, খৰছ বেছি ইনকাম কম। আৰু সাহিত্যিক বুলি স্বীকৃতি পাওক নেপাওক, ফেমাচহে হ’ব লাগে। তেতিয়া স্বীকৃতি নেপাওঁ বুলি ভিক্তিম কাৰ্ডখনো আৰামত খেলি থাকিব পাৰি। সকলো দিশ চালিজাৰি চাই, চহৰীয়াই আজি পোন্ধৰ বছৰ আগতে এক মাহেন্দ্ৰক্ষণত ব্যংগ সাহিত্যৰ চৰ্চা কৰোঁ বুলি কলমৰূপী শাণিত তৰোৱাল হাতত তুলি ল’লে, আৰু সেইদিনাৰ পৰা তেওঁ এই যাত্ৰাত একমুহূৰ্তৰ বাবেও থমকি ৰোৱা নাই।

আচলতে চহৰীয়া অতি বিজ্ঞ আৰু চতুৰ লোক, তেওঁ একেদিনাই ব্যংগ লেখাৰ সকলো কলা কৌশল আয়ত্ব কৰি ল’লে। ব্যংগৰ লেখাৰ ভাষাতেই আচল খেলটো, অসমীয়াৰ ভাষাৰ দুটা সুৰত লিখিলেই ব্যংগ হয়- এক সেই ভকতীয়া সুৰটো, নহ’লে নামনি অসমৰ যিকোনো এটা সুৰত। সৰুতে ভ্ৰাম্যমান থিয়েটাৰ, আৰু পিছলৈ সম্পূৰ্ণ মনোৰঞ্জনেৰে ভৰপূৰ পাৰিবাৰিক ব্যৱসায়ভাৱে সফল অসমীয়া চলচিত্ৰ চাই চাই চহৰীয়াই বুজি উঠিছিল যে, আপাৰৰ ফালৰ মানুহে কামৰূপীয়া সুৰত- “মই ভাত খালোঁ” বুলি ক’লেই মানুহে হাঁহে। ৰাসত, ভাওনাত ওলোৱা বিদুষকে লেনিয়াই লেনিয়াই ভকতীয়া সুৰত কথা ক’লেই মানুহ বাগৰি দিয়ে। গতিকে সেই দুইটি ব্ৰহ্মাস্ত্ৰ আহৰণ কৰাৰ লগে লগেই চহৰীয়া অসমীয়া ব্যংগ সাহিত্যৰ মহাৰথী হ’বলৈ সম্পূৰ্ণ সাজু হৈ উঠিল।

ব্যংগ সাহিত্যৰ আৰু এটা সুবিধা আছে, প্ৰতিখন আলোচনী, বাতৰি কাকততে কমেও এটা ব্যংগৰ শিতান থাকেই, পিচে লিখোঁতাহে সেই এজন বা দুজন। আৰু পাঠকেও ব্যংগ পঢ়ি ভাল পায়, ভাল ব্যংগ নাপালে বেয়া ব্যংগকে পঢ়ে, কিন্তু পঢ়ে জৰুৰ। গতিকে চহৰীয়াই নিজৰ লেখাবোৰ শিৰোনামত স্পষ্টকৈ “ব্যংগ ৰচনা” বুলি উল্লেখ কৰি কাকত আলোচনীলৈ পঠোৱা আৰম্ভ কৰিলে। শিৰোনামত লিখা থাকিলে কনফিউজন হোৱাৰ ভয় নেথাকে। সম্পাদকসকলেও এনে এজন পাইকাৰী ব্যংগ লেখক পাই আপ্লুত হৈ পৰিল। সেইটো শিতান ভৰাবলৈ তেওঁলোকে কিমান কেৰামতি কৰিব লাগিছিল তেওঁলোকেহে জানে। গতিকে কেইমাহমানৰ ভিতৰতে চহৰীয়া অসমৰ শ্ৰেষ্ঠতম ব্যংগ লেখকসকলৰ এজন হৈ পৰিল। তেওঁ নিজকে কৃপাবৰ বৰবৰুৱাৰ উত্তৰসুৰী বুলিও ঘোষণা কৰি দিলে; বেজবৰুৱাৰ ‘টেগ’টো থকিলে সহজে কোনেও আঙুলি টোঁৱাব নোৱাৰে। মোটামোটি প্ৰতিষ্ঠা লাভ কৰাৰ লগেলগেই চহৰীয়াই নিজৰ বিশেষত্বপূৰ্ণ ব্যংগ লিখাত মনোনিবেশ কৰিলে৷

চহৰীয়াৰ ব্যংগৰ কিছুমান বিশেষত্ব আছে, যেনে তেওঁৰ ব্যংগ পঢ়িলে ভালকৈ বুজা নাযায়, কি ক’ব খুজিছে। আৰু হাঁহি একেবাৰে নুঠে। ব্যংগ পঢ়িলে হাঁহি উঠিবই লাগিব বুলি কোৱা কথাটো চহৰীয়াই বিশ্বাস নকৰে, আৰু আজি দীৰ্ঘদিন ধৰি চহৰীয়াৰ লেখা পঢ়ি পঢ়ি অসমীয়া পাঠক ৰাইজেও কথাটো মানি লৈছে। অগত্যা কেতিয়াবা পাঠকক দয়া কৰি অলপ হহুঁৱাবৰ মন গ’লে কামৰূপীয়া বা ভকতীয়া দুষাৰমান লগাই দিয়ে, কিন্তু নিজৰ হাই লেভেল চিৰিয়াচ ব্যংগ কণ্টেণ্টক লৈ চহৰীয়াই কোনো এৰাধৰা নকৰে। কোনোবাই দুৰ্বোধ্যতাৰ কথা ক’লে চহৰীয়াই উপেক্ষাৰ হাঁহিৰে উৰুৱাই দিয়ে, হেৰৌ অসমীয়া ব্যংগত আজিলৈকে কোনোবাই সম্পৰীক্ষণ কৰিছেনে? কোনোবাই ব্যংগত অধিৱাস্তৱবাদ, যাদু বাস্তৱবাদ, কিউবিজম, মাল্টিপ্লেক্সিজম, এইবোৰ ব্যৱহাৰ কৰি পাইছেনে? নাইপোৱা, সেই অতীজৰ পৰা একেবোৰেই লিখা, স্বামী স্ত্ৰীৰ নোঁক-ঝোক, চান্দা সংস্কৃতি, অসমীয়াৰ কেঁকোৰা স্বভাৱ, সেইবোৰেই। চহৰীয়াৰ দৃঢ় ধাৰণা  সেই নাম নুফুটা শিল্পৰ ধাৰাবিলাক তেওঁৰ ব্যংগত সোমাই আছে, সেয়ে তেওঁৰ ব্যংগ বুজি পোৱা এলাপেচা মানুহৰ কাম নহয়। যি সেইকথা অনুধাৱন কৰিব নোৱাৰে সেইবোৰ অবুজ, অজ্ঞানী পাঠকৰ সৈতে মাথা মৰা চহৰীয়াৰ লেভেলৰ মানুহৰ কাম নহয়।

চহৰীয়াই অসমীয়া ব্যংগ সাহিত্যৰ বাবে কি কৰা নাই! তেওঁ কেৱল ব্যংগ ৰচনাতে আৱদ্ধ থকা নাই, তেওঁ ব্যংগ কবিতা লিখিছে, ব্যংগ গল্প, অণু গল্প, পৰামাণু গল্প, ব্যংগ ছনেট, মালিতা আদি লিখাতে ক্ষান্ত নেথাকি তেওঁ কেইবাখনো পূৰ্ণাংগ ব্যংগ উপন্যাসো লিখি উলিয়াইছে। চহৰীয়াৰ লিমাৰিকে কেৱল চপা মাধম্যতে নহয়, ফেচবুকতো আলোড়ন তুলিছে। পাঠকৰ আপ্লুত হ’লোঁ, চুই গ’ল, আৰু লাগে আদি কমেণ্টৰ পৰাই বুজিব পাৰি, চহৰীয়াৰ লিমাৰিকে পাঠকৰ মনোজগতক কিদৰে মাহ দলা দি দলি পেলায়।

চহৰীয়াৰ মতে লিমাৰিকৰ ক্ষেত্ৰত সম্পৰীক্ষণ চলোৱা তেৱেই অসমৰ নালাগে বিশ্বৰে একমাত্ৰ সাহিত্যিক। তেওঁ লিমাৰিকৰ দুটা বস্তু বাদ দিছে, যাক চহৰীয়াই ডি-কনষ্ট্ৰাকচন বুলি ক’ব খোজে। বাদ দিয়া বস্তু দুটা হ’ল ছন্দ আৰু হাস্য। তেওঁৰ মতে এই দুটা বস্তুৱে লিমাৰিকক সীমাৱদ্ধ কৰি ৰাখিছে। তেওঁ দুখ বা আদিৰসাত্মন্মিত্ৰাক্ষ ছন্দৰ লিমাৰিক লিখা পৃথিৱীৰ প্ৰথম ব্যংগ লেখক, আনকি তেওঁ মাজে মাজে পাঁচশৰীয়া সীমাৱদ্ধতাও ভাঙি চিঙি চূৰমাৰ কৰি পেলায়। আৰু অৱশ্যম্ভাৱীভাৱে এই বহুৰূপী লিমাৰিকবোৰ কাকত আলোচনীয়েও নিসংকোচে প্ৰকাশ কৰে, ৰাইজেও পঢ়ে আৰু আপ্লুত হয়। চহৰীয়াই কৰা লিমাৰিকৰ এটা ডি-কনষ্ট্ৰাকচন উদাহৰণ স্বৰূপে তলত দিয়া হ’ল।

“ফাগুনৰ পচোৱাত শুকাই কৃষকৰ দেহাৰ ঘাম,
দুখীয়াৰ নাই দাম,
মালিকে বিছাৰে কেৱল কাম কাম আৰু কাম;
নকৰে অকণো মৰম, নাই মালিকৰ দয়া মমতা,

কিয় ঈশ্বৰৰ সৃষ্টিত এনে বিষমতা?”

এই লিমাৰিকটোৰ পৰাই দেখা যায়, চহৰীয়াই লিমাৰিক বোলা বস্তুটোলৈ কিমান বিবিধতা আনি দিলে, আগৰ লিমাৰিক লেখকসকলে চিলেবল, ককখখক ছন্দ, নুইচেন্স ভেলু, হাস্য আদি নানান সীমাৰে আগুৰি ৰাখি লিমাৰিকক আগবাঢ়িবলৈ সুযোগ দিয়া নাছিল, কিন্তু চহৰীয়াই লিমাৰিকক মুক্ত কৰি দিলে। চহৰীয়াৰ মতে এদিন পৃথিৱীয়ে তেওঁক এইবিলাক কথাৰ বাবেই মনত ৰাখিব। ব্যংগ হাইকু হয়তো চহৰীয়াৰ বাদে এই চৰাচৰ জগতত কোনেও লিখা নাই, আন কোনোবাই সেইটো লেভেলত ভাবিব পাৰিব যে সন্দেহ আছে। আচলতে চহৰীয়াই জানে, হাইকুনো কি? তিনিটা ছুটি ছুটি শাৰী হ’লেই হাইকু, ছন্দ তন্দ মিলাই জামেলা কৰাৰ কোনো দৰকাৰ নাই।

“বৰলে কামুৰিলে মোক,
বিষালে বহুত!

নাওমানো কাইন্দবা নল্লো মই।”

এতিয়া কোনোবাই ক’ব, ইয়াত ব্যংগ ক’ত? আৰে শেষৰ শাৰীটো দেখা নাই নেকি? কামৰূপীয়া শৈলীত লিখা হৈছে মানে ব্যংগ, এইটোক ব্যংগ হাইকু বুলি কোৱা হয়। চহৰীয়াৰ কেতিয়াবা এইবোৰ কথাতে খং উঠে, নেজানিলে সুধি ল’ব লাগে। এইবাৰ চহৰীয়াই এক মাৰঘাত পৰিকল্পনা লৈছে, তেওঁ ব্যংগ মৃত্যু কবিতা লিখিব, মৃত্যু আৰু হাঁহিক একেলাইনত আনিবলৈ প্ৰচেষ্টা কৰিব, আৰু তেওঁৰ আত্মবিশ্বাস আছে, তেওঁ পাৰিব। তেওঁহে পাৰিব।

☆ ★ ☆ ★ ☆

6 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল দাদা।

    আমাৰ বিজয়েও এইখন ফিল্ডত নামিব পাৰে কিন্তু।

    সিয়ো চহৰীয়াদেৱৰ দৰে ব্যংগ লিখিব পাৰিব

    Reply
  • chandana sharma

    চহৰীয়াৰ দৰে হওঁ বুলিয়ে ভয়তে নিলিখো ঔ ককাইদেউ। মজ্জা দিলে এইচাত।

    Reply
  • abhijit goswami

    বঢ়িয়া লাগিল দাদা ?

    Reply
    • ৰিমঝিম ৰিমা

      ৱাহ..সুন্দৰ লাগিল ?

      Reply
  • কাবেৰী মহন্ত

    মজা লাগিল! উচ্চ ব্যংগ

    Reply
  • অভিজিত কলিতা

    ধন্যবাদ সকলোকে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *