বেগানী চাদী, আব্দুল্লা দিৱানা- কৃষ্ণা বৰা ফুকন
কলেজৰ দিনত প্ৰেম পিৰীতি হোৱাটো একেবাৰেই সাধাৰণ কথা। তাৰে যেনিবা কাৰোবাৰ এতাল বাজে আৰু কাৰোবাৰ দুই তাল বাজি প্ৰেম দুৰ্বাৰ হৈ উঠে। কাৰোবাৰ প্ৰেম জনমে জনমে টাইপ হৈ বিয়া বাৰু হয়গৈ আৰু কাৰোবাৰ প্ৰেম কলেজতে ইতি পৰে।
যি কি নহওক এই জনমে জনমে টাইপ প্ৰেম কৰা সকল সকলোৰে চিনাকি হৈ পৰে। কাৰণ তেওঁলোকৰ বজ্ৰলেপ হেন প্ৰেম সকলো ঠাইতে বিদ্যমান হৈ থাকে। কলেজৰ ফিল্ড, বাৰাণ্ডা, ওচৰৰ ৰেষ্টুৰেণ্ট, পাৰ্ক, কলেজৰ অডিট’ৰিয়াম, কলেজৰ এনেই পৰি থকা কোনো দিন ক্লাছ নোহোৱা ক্লাছৰূম কেইটা…মুঠতে সকলো ঠাই তেওঁলোকৰ প্ৰেমৰ সাক্ষী হৈ ৰয়। এনে এক যুগলবন্দী আছিল আমাৰ বন্ধু এজন আৰু বান্ধৱী এগৰাকী। ধৰা হ’ল বন্ধু প্ৰণৱ আৰু বান্ধবী নীতা। খুউব প্ৰেম। তেওঁলোকৰ প্ৰেমৰ কোব দেখি আমি আঁতৰৰ পৰাই আশীৰ্বাদ কৰোঁ বোলো প্ৰভু এইহালক মিলাবা আৰু দেই। ভালো লাগে দিয়কচোন লগৰ কাৰোবাৰ প্ৰেম সফল হ’লে। এনেকৈ দিন গৈ আছে। পূজা বন্ধ আহিল। আমাৰ দিনত পূজা মানেই এমহীয়া দীঘল বন্ধ। আমাৰ দৰে গুৱাহাটীৰ non local বোৰে টালি টোপোলা বান্ধি ঘৰমূৱা হওঁ আৰু একেবাৰে দেৱালী লৈকে সকলো খাই বৈ পেটুৱা হৈহে গুৱাহাটীলৈ বুলি বাছত উঠো। Local সকলে অৱশ্যে তাৰে ফাঁকে ফাঁকে কলেজত হাজিৰা লগাইগৈ।
এবাৰ তেনেকুৱা বন্ধৰ পিছত মই কলেজলৈ বুলি ওলাইছোঁ আৰু। থাকোঁ দক্ষিণ শৰণীয়াত, কলেজ হ’ল বি বৰুৱা। ঠিক উলুবাৰী চাৰি আলি মানৰ পৰাই মানে দন্ত প্ৰকট হৈয়ে আহে। প্ৰায় এমাহ বন্ধৰ পিছত লগৰবোৰক, লগ পাই কেনেকুৱা ভাল লাগে আৰু। বাটতে লগ পাঁৱেই নহয়। লগৰখিনিৰ লগতে আকৌ চিনিয়ৰ, জুনিয়ৰখিনিকো লগ পাওঁ। মুঠতে কথা শেষ নহয় হে নহয়। কোনোবাই বগা দেখে, কোনোবাই আকৌ শকত দেখে, কোনোবাই আকৌ ঘৰত গৈ খুউব পঢ়ি আহিলোঁঁ বুলিও টিপ্পনি দিয়ে।
হাঁহি হাঁহি কলেজ পালোঁগৈ। সকলোকে হাই, হেল্ল’ কৰি হাত মূৰ জোকাৰি লগৰবোৰক বিছাৰি আগুৱাই গৈ আছোঁ। গৈ এঠাইত দেখিলোঁ যে মোৰ লগৰ আটাইমখাই প্ৰণৱক ঘেৰি কিবা কথা পাতি আছে। মোক দেখি মোৰ সমানেই দন্ত প্ৰকট কৰি দুজনীমান আগুৱাই আহিল। ভাল বেয়া সুধি মোক সেই বিশেষ Hot খবৰটো দিলে বোলে “অই জানা নীতাৰ নহয় বিয়া হ’ল”। খবৰটো শুনি নৰলোৱে, একেটা উৎসাহতে চিধাই প্ৰণৱৰ ওচৰ পালোঁগৈ। “ওৱাও congrats প্ৰণৱ, so happy for you, কিন্তু ইমান….” শুভেচ্ছ বাণী শেষ কৰিবলৈ নাপাওঁতেই মোক লগৰ দুজনীমানে পিছলৈ টানি আনিলে। মই বোলো কি হ’ল অ’ কেলৈ টনাটনি কৰি আছ?
এজনীয়ে হাত দাঙি দাঙি মোক কৈছে বোলে “অই পাগলী নীতাৰ প্ৰণৱৰ লগত বিয়া নাই হোৱা…বেলেগৰ লগতহে হ’ল…প্ৰণৱক ৰাম ঠগন দিলে!”
☆ ★ ☆ ★ ☆
12:32 pm
খা বাপ্পেকে , আলেকজেণ্ডাৰে বিস্ব জয় কৰিলে. ভলুকা বাঁহৰ লাঠীৰে
12:33 pm
খা বাপ্পেকে , আলেকজেণ্ডাৰে বিস্ব জয় কৰিলে. ভলুকা বাঁহৰ লাঠীৰে. ভাল লাগিল