ফটাঢোল

মাইকেলৰ অসম দৰ্শন- অঞ্জলি গগৈ বৰগোহাঞি

বাপুকণৰ লগৰ মাইকেল বোলাটো আহিল নহয় বুজিছে। এয়া আপুনি আকৌ বাপুকণক চিনিকে নাপাওঁ বুলিয়ে ক’লে নহয়নে? আৰু সেইটো ক’ৰ মাইকেল বুলিহে সুধিলে ন? শুনক তেনে…বাপুকণ মানে আমাৰ সেই হৰকান্ত দাইটিৰ পেটমুচা পুতেকটো আকৌ৷ বুজিছে সৰুৰে পৰা বাপুকণ পঢ়াত বৰ চোকা আছিল নহয়, গতিকে পাছত কিবা হেনো চৰকাৰী জলপানি লৈ বিলাতত পঢ়িবলৈ গ’ল৷ গ’ল যি গ’ল একেবাৰে তাতেই থিতাপি ল’লে৷ বাপুকণক বাদ দি হৰকান্ত দাইটিৰ বাকী চাৰিটা ল’ৰা পিতাকৰ পৈতৃক মাটিখিনিকে লৈ খোৱা-কামোৰা কৰি গাঁৱৰ ঘৰতে থাকিল বাৰু৷ সেইখিনি কথা অৱশ্যে ক’ব লগা নহয়৷ যিকি নহওক, সেই বাপুকণৰে বিলাতী বন্ধু মাইকেল৷ এতিয়া বুজিলেনে ভালকৈ? ৰ’বহে আচল কথাটো কোৱাই নাই নহয়৷ মানে বাপুকণ সেই যে বিলাতত পঢ়িবলৈ গৈছিল তাৰ পিছত আৰু এইমুৱা হোৱাই নাছিল৷ সেই পঢ়িবলৈ গৈ তাতেই মানে বিলাততে মেমনী বিয়া পাতি তাৰেই বাসিন্দা হৈ যোৱা পাঁচ বছৰে কটাই আহিছে৷ এই পাঁচবছৰত বেচেৰাই অসম মুলুকলৈ আহিবলৈ সময়ে (?) পোৱা নাছিল। আহিবলৈ সময় নোপোৱা বুলিলে হাঁহিয়ে উঠি আহে দেখোন। যি কি নহওক কিন্তু এইবাৰ আহিব লগা হ’ল৷ আহিব লগা হ’ল মানে বাপুকণৰ মন নাছিলেই আহিবলৈ, পিচে মাইকেলৰ বহু দিনৰেপৰা নেৰানেপেৰা আগ্ৰহক নেওচা দিব নোৱাৰিহে বাধ্য হৈ আহিছে৷ সেই বিলাতত পঢ়িবলৈ যোৱাৰে পৰা মাইকেল তাৰ একেবাৰে নলেগলে লগা বন্ধু৷ মাইকেলে বাপুকণক পঢ়ি থকা সময়ত টকা-পইছাৰ পৰা একেবাৰে থকা-খোৱালৈকে বহুত সহায় কৰি থৈছে নহয়৷ সেই মাইকেল বোলাটো ভাৰতীয় পৰম্পৰা আৰু ঐতিহ্যৰ প্ৰতি আকৌ খুবেই আগ্ৰহী৷ বাপুকণে মাইকেলক বহুদিন পিছুৱাই পিছুৱাই থৈ এইবাৰ অসম আহিবলৈ বাধ্য হ’ল৷ বাপুকণৰ পত্নী মেৰীও অসমলৈ আহিবলৈ বিছাৰিছিল যদিও, মেৰীয়ে অফিছৰ কামত পেৰিছলৈ যাব লগা হ’ল বাবে শেষ সময়ত আহিব নোৱাৰিলে৷ ঘৈণীয়েক নহাৰ বাবে বাপুকণে স্বস্তিৰ নিশ্বাস এৰিলে। পিছে কিয়? আৰে মতা মানুহে ইমান ভিতৰুৱা খবৰ নাপায়, কিন্তু মাইকী মানুহজনী আহিলে তাৰ চিচিংফাক হৈ যোৱাৰ সম্পূৰ্ণ সুযোগ আছিল বাবে আকৌ৷

বাপুকণে নিজৰ ককায়েকহঁতক চিনি পাবলৈ বাকী নাই৷ তাতে সিহঁত জনম লৈছে অসম মুলুকত৷ যি অলপ পঢ়িছিলে, সেই যোগ্যতাত চাকৰিটো নাপালেই গতিকে সিহঁত হ’ল নিবনুৱা৷ খেতি-খোলাবোৰ আধি দিয়ে৷ ভায়েক বিলাতত থাকে, গতিকে তেনে ভায়েকৰ ককাইয়েককেইটাই খেতি কৰিলে সন্মানত লাগে দিয়কচোন৷ তাতে হ’ল আকৌ অসমীয়া! মানে আমি এনেয়ো আৰামপ্ৰিয় আৰু সংবেদনশীল মানুহ৷ বাপুকণে এইবোৰ আমাৰ অসমীয়াৰ গুণ-গৰিমাৰ কথা ভালকৈ জানে৷ মাইকেলে আকৌ অসমলৈ আহি তাহাঁতৰ ঘৰৰ পৰাই ৰাজ্যখন চোৱাৰ মন৷ সমস্যা আহিল তাতেই৷ সাতে-সোতৰই মিলাই মাকৰ নামত টকা ৬ লাখ পঠিয়াই দিলে৷ ঘৰখন অকণমান সুবিধাজনক কৰিবৰ বাবে৷ সেই টকাৰে চাৰি ককাইয়েকে মাকৰ পৰা আধা সৰকালে৷ বাকী টকাৰে মাকে মোটামুটি যিমানখিনি ঘৰটো সুবিধা কৰিব পাৰে কৰি ল’লে বাৰু৷ বাপুকণৰ দেউতাক এইবোৰ লোভ-মোহৰপৰা দূৰত৷ তেখেত হ’ল ভকত, গতিকে প্ৰতিদিনেই কাৰোবাৰ নহয় কাৰোবাৰ ঘৰত সকাম-নিকাম থাকেই। আজিকালি ভকতৰ বৰ ডিমাণ্ড নহয়৷ গাড়ীৰে অনা-নিয়া কৰাৰ ওপৰিও ভাল মাননী একোটা পায়৷ গতিকে তেওঁ গধূলি ৰঙাকণলৈকে সকলো যোগাৰ ভকত হৈয়ে আজি বহুদিনৰ পৰা কৰি আহিছে।

যিকি নহওক জানুৱাৰীৰ ২ তাৰিখে বাপুকণ মাইকেলৰ স’তে আহি বৰঝাৰ পালেহি। আগৰে পৰা ব্যৱস্থা কৰি থোৱা অনুসৰি বিমানবন্দৰৰ বাহিৰত ১০ দিনৰ বাবে ভাড়া গাড়ীখন ৰৈ আছিল। অসমত ভৰি দিয়েই বাপুকণৰ বুকু দুৰু দুৰু কঁপিছে। বাপুকণৰ বুকুৰ কঁপনিৰ সমান্তৰালকৈ পুৱাৰ কুঁৱলি ফালি উজনিলৈ বুলি গাড়ী দৌৰিছে৷ হালধীয়া দলিচা পাৰি ৰাস্তাৰ দুয়োপাৰে থকা পথাৰবোৰে সিহঁতক স্বাগতম জনাইছে৷ মাইকেলে বৰ ভাল পাইছে, অসমীয়া মানুহৰ কৰ্মস্পৃহা দেখি৷ পিচে নগাঁৱৰ ৰাস্তাতে ধান মেলি থোৱা দেখি মাইকেল আচৰিত হৈ বাপুকণক সুধিলে,

 

: তোমালোকৰ এই মানুহবোৰে ৰাজহুৱা এই ৰাস্তাত কিয় ধানবোৰ মেলি দিছে?

বাপুকণে নিৰ্বিকাৰ হৈ উত্তৰ দিলে,

: এইটো কি আচৰিত হ’ব লগা কথা! ১০ দিনত তুমি পৃথিৱীতে নেদেখা কিমান আচৰিত আচৰিত বস্তু দেখি পাবা!

 

লাহে লাহে হালধীয়া পথাৰবোৰ নাইকিয়া হৈ উদং লঠঙা পথাৰে ঠাই পালে৷ মাজে মাজে ৰাস্তাৰ কাষে কাষে মানুহ অলপমান লগ লাগি মিটিং পাতি থকাৰ দৃশ্য সুলভ হৈ পৰিল৷ মাইকেলে এনেবোৰ দৃশ্য দেখি চকু বিস্ময় কৰি বাপুকণৰ মুখলৈ চালে! বাপুকণে বোলে,

 

: এতিয়া একো নকওঁ বুজিছা আৰু কি কি আজৱ বস্তু দেখি পাবা চাই যোৱা, পাছত মই একেলগে বুজাই দিম৷ মাইকেলে বাটত দেখি পোৱা প্ৰায়বোৰ কথাই নোট কৰি গ’ল, লগতে ফটোও মাৰি গৈ থাকিল৷ হয়তো ফটোবোৰ তাৰবাবে আপুৰুগীয়া সম্পদ। হ’বই দিয়কচোন, এনেবোৰ আজৱ ঘটনা আমাৰ ৰাজ্যতহে হয়৷ সদায় দেখি থকা দৃশ্য যদিও কেতিয়াবা কিছুমান কাণ্ড দেখি আমিয়েই আচৰিত হৈ যাওঁ দেখোন৷ মাইকেলৰ আশ্চৰ্য ভৰা দৃষ্টিৰ বিপৰীতে বাপুকণে মিচিকিয়াই গৈ থাকিল। কেতিয়াবা হেনো মানুহে অত্যাধিক লাজ পালেও হাঁহি থাকে। নাজানো ঈশ্বৰ বাপুকণৰো তেনেকুৱা কিবা হৈছিল যদিও! অৱশেষত দুপৰীয়া এটা সময়ত বাপুকণৰ ঘৰৰ চোতালত গাড়ী ৰ’লগৈ৷ বিয়া নকৰোৱা ককায়েক সৰুটোৰ বাদে বাকীকেইজন মাক-দেউতাকৰ লগত নাথাকে যদিও দুপৰীয়াৰ ভাত সাজ বাপুকণ আৰু মাইকেলৰ লগত একেলগে খালে৷ পিছদিনা পুৱা সৰু ককায়েক সাজি-কাচি ওলোৱা দেখি মাইকেলে আকৌ চাকৰিলৈ যোৱা বুলি ভাবি সুধিলে,

: ডিউটিলৈ নেকি?

ককায়েক বোলে,

: অ’ অ’ মানে ডিউটিলৈকে বুলি ওলাইছোঁ৷ মানে কা-বিৰোধী আন্দোলনলৈ বুলি৷ আচলতে মই এই আন্দোলনটো লৈ বিৰাট ব্যস্ত৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি থাকিবলগা হৈছে৷ কালি আপোনালোক আহিব বুলি গম পাই কোনোমতে মিলাই মেলি আহিছিলোঁ৷

মাইকেলে কা-বিৰোধী আন্দোলনৰ কথা জানে৷ এই বিষয়ে একো কথা বাপুকণৰ ককায়েকৰ স’তে পাতিব নিবিচাৰিলে৷ ৭ দিন বাপুকণ আৰু মাইকেলে গোটেই অসমখন ঘূৰিলৈ৷ অহাৰ আগদিনা ৰাতি আকৌ এবাৰ গোটেইকেইটা ককায়েক-ভায়েক মিলি এসাজ ভাত খাবলৈ সাজু কৰিছে৷ সকলো জা-জোৱালী মিলি ৰন্ধা-বঢ়াত ব্যস্ত৷ সেই সময়ত গোটেইকেইটা ককাইয়েকে মাইকেলক অসম ফুৰি আৰু অসমীয়া মানুহক কেনেকুৱা পালে জানিব বিচাৰিলে৷ মাইকেলে যেন সেই সময়ৰ বাবেই অপেক্ষা কৰি আছিল৷ ইফালে বাপুকণৰ বুকু দুৰু দুৰু কঁপিছে, মাইকেলে কি কয় বুলি৷

মাইকেলে আৰম্ভ কৰিলে,

: সেউজীয়া সুজলা-সুফলা অসম দেখি মই খুবেই ভাল পালোঁ৷ ভাল লাগিল অসমীয়া মানুহৰ আন্তৰিকতা আৰু আপোন কৰি ল’ব পৰা গুণটো৷ যিফালে গ’লোঁ অসমীয়া মানুহৰ অতিথিপৰায়ণতা দেখি অতি সন্তুষ্ট হ’লোঁ । কিন্তু …

 

কিন্তু বুলি মাইকেলে কোৱাৰ লগে লগে আটাইকেইটা ককায়েকৰ লগতে বাপুকণৰ চকুও মাইকেলৰ মুখৰ ওপৰত ৰৈ গ’ল৷ মাইকেলে পুনৰ কৈ গ’ল,

: আপোনালোক অসমীয়া মানুহবোৰ মস্ত এলেহুৱা৷ আনৰ ওপৰত নিৰ্ভৰশীল৷ আবেগত আপোনালোকে ভাল-বেয়া চিন্তা নকৰি উটি যাবলৈ সাজু থাকে৷ কিন্তু সেই আবেগৰ বাবে সৰ্বস্ব হেৰুৱাই দুদিনতে আকৌ একেই ভুল কৰে৷ অসমীয়া মানুহে পদমৰ্যাদা আৰু টকা পইছাৰে মানুহৰ গুণাগুণ নিৰূপণ কৰে৷ খেতি-খোলা বা মুচী, দৰ্জী, নাপিত ঠিক এনেকুৱা ধৰণৰ কামবোৰ সাধাৰণতে কোনো অসমীয়াই কৰিব নিবিচাৰে, হয়তো এনেকুৱা কাম কৰা মানুহক নীচ বুলি গণ্য কৰা হয়৷ দিনৰ দিনটো আড্ডা বা মেল-মিটিং কৰি বা শুই বহি কটাবলৈ ভাল পাব তথাপিও এনেকুৱা বৃত্তি নলয়৷ যেতিয়ালৈকে অসমীয়া মানুহে নিজৰ দৈনন্দিন কাম-কাজত আনৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব তেতিয়ালৈকে বাহিৰাগত দেশৰ নাগৰিকৰ এই মুলুকত থিতাপি লৈ থাকিব৷ তাৰোপৰি মই মোৰ অসম ভ্ৰমণ আৰু কিতাপৰ পৰা যিমান অসমৰ ওপৰত অধ্যয়ন কৰিলোঁ তাৰপৰা এটা কথাত নিশ্চিত হ’লোঁ যে অসমৰ ৰাজনীতিয়েও অসমীয়া মানুহক কোঙা কৰাৰ আন এক উল্লেখনীয় কাৰণ৷ মই আৰু বেছি নকওঁ, বেয়া নাপায় যেন মোৰ কথাবোৰৰ বাবে৷ আপোনালোকৰ এতিয়াও সময় আছে, কৰ্মৰত হওক, আনৰ ওপৰত নহয় নিজে নিজৰ ওপৰত নিৰ্ভৰশীল হওক৷ তেতিয়াহে অসম আৰু অসমীয়া জাতি জীয়াই থাকিব৷ নিজৰ স্বাভিমান বজাই ৰাখক৷ মই আকৌ আহিম এই মুলুকলৈ এতিয়াৰ এই পৰিবেশৰ বিপৰীতে এখন সুজলা-সুফলা অসম চাবলৈ৷ আপোনালোকে মোক তেনে এখন অসম চাবলৈ সুযোগ দিবনে?

 

তাৰপিছত দিলে নহয় বাপুকণৰ মাকে, অথনিতে ভাত বাঢ়িলোঁ, বুলি চিঞৰ-বাখৰ লগাই৷ নুশুনিলোঁ ভাতৰ পাতত কি কি বা আলোচনা চলিলে৷ ৰঙা ঘোঁৰাত উঠি বাপুকণৰ দেউতাকে গাই অহা ঘোষা এফাঁকি কাণত পৰিছিল তেতিয়া,

 

“বলি নিগদতি যদুপতি   ৰাম ৰাম ৰাম ৰাম ৰাম   

    কিনো কৃপা মোক কৰিলাহা নাৰায়ণ৷

দেৱৰ দুৰ্ল্লভ অতিশয়    ৰাম ৰাম ৰাম ৰাম ৰাম

         গৃহতে থাকিয়া দেখিলোঁ তযু চৰণ৷”
 
 
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *