কৰ’না ভাইৰাছ : ৰঞ্জু হালৈ মুনি
কৰ’না ভাইৰাছে আমাক সকলোকে বৰ ভয় খুৱাইছে নহয়নে? ইফালে কৰ’না, সিফালে কৰ’না৷ মুঠতে কৰ’নাই কৰ’না। কি কৰা নাই এই কৰ’নাই। সকলোৰে মাজত থকা বিশ্বাস ভাঙি পেলাইছে কৰ’নাই। চিটি বাছত আমাৰ কাষৰজনৰ লগত বহিবলৈ ভয় লাগে।কি ঠিক তেওঁক কিজানি কৰ’নাই পাইছে। হেণ্ডচেক কৰিবলৈ বাদ দি নমস্কাৰ দিবলৈ বাধ্য কৰিছে কৰ’নাই।মুখা মুখিকৈ কথা ক’বলৈ ভয় মুখেৰে কৰ’না সোমাই পেট পায় বুলি। হঠাৎ যদি কোনোবাই কাহে তেতিয়াতো আৰু কথাই নাই আমি নিশ্চিত যে সেইজন কৰ’নাত আক্ৰান্ত। কম লটি-ঘটি কৰা নাই কৰ’নাই।
কৰ’নাৰ বাবে জনপ্ৰিয় হৈ পৰিছে চেনিটাইজাৰ আৰু মাস্ক। চেনিটাইজাৰক চাওক বেচেৰাই অকলশৰীয়াকৈ ইমানদিনে ফাৰ্মাচীৰ চুক এটাত পৰি আছিল। কোনে জানো উলিয়ালে চেনিটাইজাৰ হাতত ঘঁহিলে কৰ’নাৰ পৰা হাত সাৰিব পাৰি। লগালগ ৰাতিটোৰ ভিতৰতে চেলেব্ৰেটি হৈ পৰিল চেনিটাইজাৰ। ফাৰ্মাচীত আগতীয়াকৈ বুক কৰিবলগীয়া হ’ল মাস্ক আৰু চেনিটাইজাৰ। চেনিটাইজাৰ ইমানেই পবিত্ৰ হৈ পৰিল যে হাতত ঘঁহিবলৈ দিওঁতে মন্দিৰৰ পদজল বুলি কোনোবাই খাই মূৰত ঘঁহি লোৱাও দেখিলোঁ।
মাস্ক পিন্ধা কেইজনৰ কথা নকলোৱেইবা। কি যে এক অদ্ভূত ফেশ্বন হৈ পৰিছে মাস্ক পিন্ধাটো। নাক আৰু মুখ উলিয়াই থৈ এনেই মাস্কখন মুখত ওলোমাই কি চালত গাড়ী চলাই যায় দেখিলেই ভাল লাগে। কোনোদিনেই মাস্ক নিপিন্ধা নিজেও কৰ’নাৰ বাবে ওলোটাকৈ মাস্ক পিন্ধি পৰীক্ষাৰ ডিউটি কৰি আহিছোঁ। ইফালে টানো সিফালে যায়, সিফালে টানো ইফালে যায়৷ মুঠৰ ওপৰত কি যে অশান্তি। শেষত খুলি থৈহে ৰক্ষা।
সকলোতকৈ দুখ লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত। কৰ’নাই মোক্ষম আঘাত হানিছে তেওঁলোকৰ প্ৰেম, বিশ্বাসৰ ওপৰত। কিমান বিশ্বাস! কিমান আশাৰে আগবাঢ়িছিল এই বহাগতে বিয়াখন পাতিম বুলি৷ ইফালে ল’ৰাজনেও কিবাকৈ ঘৰত মান্তি কৰাইছিল সি পচন্দ কৰা ছোৱালীজনীকে বিয়া কৰাবলৈ দিয়াৰ বাবে। কিন্তু এতিয়া সাধাৰণ ৰুমালখনে প্ৰেমিকাই প্ৰেমিকক ব্যৱহাৰ কৰিব নিদিয়ে কৰ’না আহিব বুলি৷ তেনেক্ষেত্ৰত বিয়াতো বহু দূৰৈৰ কথা। প্ৰেমিকাৰ স্পষ্ট কথা কৰ’না নিৰ্মূল নোহোৱালৈকে আমাৰ বিয়া নহ’ব। বেচেৰা ল’ৰাজনলৈ বেয়াই লাগে। কেতিয়া কৰ’না নোহোৱা হ’ব, কেতিয়া সি বিয়া পাতিব।
কৰ’না যদি এবছৰলৈ এনেকৈ থাকে তেনেহ’লে কি পৰিস্থিতি হ’ব মানুহবোৰৰ? আপোনালোকে ভাবিছেনে? মই কিন্তু ভাবিছোঁ৷ কি হ’ব জানেনে? এই যে সকলোৱে কৈ আছে বাহিৰত থকা সময়খিনিত নিজৰ হাতেৰে চকু, মুখ নুচুব বুলি। তেনেহ’লে কাৰ হাতেৰে চুব। নিশ্চয় কিবা ব্যৱস্থা ল’ব লাগিব। তাৰ বাবে বাঁহৰ দীঘল কাঠি লৈ ফুৰিব লাগিব লগত। যাতে চকু, মুখ খজুৱাব পাৰি। আৰু হেণ্ডচেক কৰিবলৈ মানা কৰিছে কৰ’না আহিব বুলি। নমস্কাৰ দি দি মানুহবোৰ ভাগৰি যাব। কোনো কথা নাই ভৰিৰে ভৰিচেক কৰিব।মুখামুখিকৈ কোনেও কথা নপতা হ’ব। পৰিয়ালৰ মানুহবোৰে ইজনে-সিজনৰ লগত মুখা মুখিকৈ কথা নাপাতি ফোনতে কবলগীয়াখিনি ক’ব। লিপষ্টিকৰ দাম একেবাৰেই কমি যাম। কাৰণ মুখত মাস্ক পিন্ধি কোনেনো ওঁঠত লিপষ্টিক ঘঁহিব?
ইয়াৰ মাজতে যদি কোনোবাই কৰ’না নিৰ্মূল কৰাৰ বাবে গাঁৱলীয়া বন দৰব উলিয়াব পাৰে তেনেহ’লে সেইজন কোটিপতি হৈ যাব। বেলেগ একো কৰিব নালাগে দুবিধ মান গছৰ পাত, পানী অলপ লৈ যদি “ইয়াত কৰ’নাৰ ঔষধ পোৱা যায়” বুলি পিছফালে বগা কাগজত লিখি ৰছীৰে ওলোমাই গছৰ তলত বহি থাকে তেনেহ’লে সেইজনৰ ওচৰলৈ ভৰ বাৰিষাৰ বান্ধ ভঙা নদীৰ দৰে সোঁত বব পইচা আৰু মানুহৰ। পানী ছটিয়াই ছটিয়াই পইচা বুটলি থাকিলেই হ’ল। মুঠতে কৰ’নাই কৰুণা কৰিলেই হয় আৰু।
☆ ★ ☆ ★ ☆