ফটাঢোল

ফটা প্ৰেম- দ্বিজেন তামুলী

চাকৰি কৰাৰ আগৰ জীৱনছোৱা ছোৱালীৰ লগত মেল পাতিবলৈ ইমান চেনী নাছিলোঁ৷ তথাপি কিছুমান কাৰকে মোলৈ দুই এজনীৰ চকু নপৰাকৈ নাছিল৷ দুজনীৰ মাকে বৰকৈ মোক জোঁৱাই কৰিবলৈ মনে মনে বিচাৰিছিল৷ এজনীৰ মাকে এদিন মোক ক’লে তামুলী বোপা অমুকে কৈছে তুমি হেনো আমাৰ মাজুক ভাল পাই আছা? তেওঁ ইমান বেয়া বুলি মই ভবা নাছিলোঁ (আচলতে সেই ল’ৰাজনেহে মাজুলৈ প্ৰেম নিবেদি বিফল হৈছিল৷)

“তুমি কিন্তু কাৰো কথা নুশুনিবা তুমি আহি থাকিবা৷”

আচলতে আমাৰ এটা গ্ৰোপ আছিল য’ত গধূলি আড্ডাত কবিতাৰ সলনি লোকগীত পেৰডী আদিৰ আখৰা হৈছিল৷ ময়ো আড্ডাত যোৱাটো বন্ধ কৰি দিয়া নাই লাহে লাহে মাজুৰও অলপ পিৰীতি জাগিল তথাপি অভাজনক প্ৰকাশ কৰিব পৰা নাই৷ এই কথা আমাৰ বন্ধু মহলৰ মাজত সৰব আলোচনা হ’ল আৰু মোক ক’লে যে আপুনিও আগবাঢ়ক ছোৱালীজনী বৰ ভাল৷ ময়ো ভাবি চিন্তি তেখেতলোকক হয়ভৰ দিলোঁ৷ আৰু মাজুৰ খবৰ লোৱাৰ কোব চৰিল৷ দিন গ’ল ২০০৩ ত মই চাকৰিত জইন কৰাৰ ঠিক আগ মুহূৰ্তত তেওঁ এদিন কিবা এটা কথাত ঠাট্টা কৰা যেন পালোঁ আৰু মই এই কথাত  অলপ নাৰাজ হৈ তেওঁৰ পৰা অলপ আঁতৰি আহিলোঁ৷

নোকোৱা কথাবোৰ নোকোৱাকৈয়ে ৰৈ গ’ল৷

☆ ★ ☆ ★ ☆

2 Comments

  • ডলী

    বেচেৰী মাজু

    Reply
  • কমলা দাস

    সেই কাৰণে সময়ৰ কথা সময়ত কব লাগে

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *