ফটাঢোল

মেৰী য়ু আৰ চ’ কিউট- নয়নজ্যোতি বৰঠাকুৰ

দেৱজিতৰ ঘৰত বিয়াৰ পূৰ্ণ আয়োজন চলিছে। ছোৱালী দেখুওৱা মানুহে দিয়া ছোৱালীৰ ফটোৰে মাকৰ বিচনাতল ভৰি গৈছে।

সি মাত্ৰ ঘৰ পাইয়ে মাকে দিয়া পাত্ৰীৰ ফটোবোৰ এফালৰপৰা ৰূমত সোমাই চাই যায়। হেঁপাহ পলুৱাই চায় হয়, কিন্তু তাৰ পাছতে নামটো গম পালেই ছোৱালীজনীক জীৱনসংগিনী কৰিব নিবিচাৰে৷ বৰ পুৰণা নাম৷ সেইবোৰ নাম তাৰ বায়েকহঁতৰ দিনত মাক দেউতাকে দিয়া নামৰ দৰেই৷ নাই যিয়েই নহওক সি ইমান দিন ৰখিলে যেতিয়া আৰু অলপ ধৈৰ্য ধৰিব৷ তাৰ বন্ধুমহলৰ আগত নামটোৰ বাবেই সি কেতিয়াও লাজত পৰিব নোৱাৰে৷

সেইদিনা মাকে অতিষ্ঠ হৈ কৈয়ে দিছিল,

: আজিয়ে লাষ্ট, কিমান মানুহক ছোৱালী এজনী দেখুৱাবলৈ খাটিৰ কৰি থাকিম৷ এইকেইখন ল আৰু ৰূমত ভালদৰে চাই এজনী পচন্দ কৰি ল।

সিও সেমেনা সেমেনিকৈ ফটোকেইখন হাতত লৈ ৰূমটোৰ ভিতৰত সোমাই, দৰ্জাখন বন্ধ কৰি লৈ, বিচনাৰ কাষত থকা গাৰুটো বিচনাৰ এটা মূৰলৈ দলিয়াই পেট পেলাই পৰি গাৰুটোৰ ওপৰত ফটোবোৰ লৈ প্ৰথমতে ফটোখনৰ পাছফালে নামটো চালে, ‘নেমী’ তাইৰ নাম, নামটো চাইয়ে মনটো ভাল লাগি গ’ল, অত্যাধুনিক নাম৷ লগে লগে সি ফটোখন চাবলৈ ঘূৰাই দি তাৰ মাঠা ঘূৰাই জীও উৰি যোৱা যেন লাগিল৷ কাৰণ সেইখন সি ইমানদিনে ফটো বিশেষজ্ঞ হোৱাৰ পাছত জীৱনকালত দেখাপোৱা একমাত্ৰ ব্লেক এণ্ড হোৱাইট ফটো৷ লগে লগে সি ফটোখন খংতে ফালি পেলালে৷ সি ভাবিলে বাচোঁতে বাচোঁতে গেলা বৰালিতে হাত পৰিব আজি৷ তথাপিতো পুনৰ মনটো বান্ধি এখন এখনকৈ নামবোৰ চাই গ’ল৷ হঠাতে এটা নামত তাৰ চকু নিবন্ধ হ’ল, ‘মেৰী’৷ এইবাৰ সি মনতে আকৌ আনন্দ অনুভৱ কৰিলে, এটা পাশ্চাত্য নাম৷ সি লাহেকৈ ছোৱালীজনী চাবলৈ ফটোখন ঘূৰাই দিলে, বাঃ! কি এক সুন্দৰ চাৱনিৰে সৈতে এজনী দীপলিপ গাভৰু ছোৱালী, যেন তাই এছিয়া মহাদেশৰ নহয়েই৷ একেবাৰে দেখাত সাইলাখ চাকিৰা৷ মনৰ ভিতৰতে ক’লে, “মেৰী, য়ু আৰ চ’ কিউট”৷

সি অকণো পলম নকৰি বিচনাতে এটা লুটি মাৰি জাঁপ দি উঠিল আৰু দৌৰি পৰ্দাখন ঠেলি যাবলৈ লওঁতেই ধামকৈ মূৰটো দুৱাৰত মাৰি থৰমৰ খাই ৰৈ গ’ল৷ তেতিয়াহে মনত পৰিল বেচেৰাই দৰ্জাখন বন্ধ কৰি লৈছিল৷ লাহেকৈ দৰ্জাখন খুলি এইবাৰ মাকক চিঞৰি পাকঘৰলৈ দোৰি যাওঁতেই পিছল খাই চিটভলঙা খাই পৰি,

: অ’ মা মৰিলোঁ ঐ!

বুলি চিঞৰি দিলে৷ মাকেও উধাতু খাই কি হ’ল চাবলৈ আহি পুতেকে মেকুৰী পোৱালিটোৰ সৰুপানীত পিছলি পৰা দেখি হাঁহি ৰাখিব নোৱাৰিলে৷ মাকে এনেকৈ হ’লে কেনেকৈ ছোৱালী চম্ভালিবি বুলি ক’বলৈহে পালে লগে লগে সি উঠি,

: নাই মা, মই এইবাৰ এইক ফাইনেল কৰি দিছোঁ, তহঁতে কথা আগবঢ়া।

মাকে ফটোখন ন’লৈ কাক সুধিলে৷ সি লগে লগে ক’লে,

: অভিজিত দাই দিয়া মেৰীক৷

মাকৰ মুখত তৃপ্তিৰ হাঁহি এটা নিগৰি আহিল৷ মাকেও অভিজিত দালৈ লগে লগে ফোন কৰি জনাই দিলে,

: অহা দেওবাৰে তেওঁলোক মেৰীৰ ঘৰলৈ যাব।

লগে লগে অভিজিত দাই পাৰ্থ দালৈ ফোন কৰি জনালে,

: আমাৰ বৰলাই তই দেখুওৱা ছোৱালীজনী পচন্দ কৰিছে?

পাৰ্থ দাই,

: কি কৈছ, কোনজনী আৰু মই কাক ছোৱালী দেখুৱালোঁ অভিজিত দা?

: কিয়, সিদিনা যে বিজয়ৰ হাতত তই দেৱজিতলৈ দেখুৱাবলৈ ছোৱালীৰ ফটো এখন দি এনভেলপটো দিছিলি, সেইটো গীতাৰ্থৰ হাতত দি বৰলাৰ মাকক দিবলৈ কৈছিলোঁ৷

পাৰ্থ দা,
: কি ফটো, কি কথা মই একো নাজানো৷ হ’ব দে মই বিজয়ক কৈ দিম বাৰু, বৰলাৰ বিয়াখন এনেকৈ হ’লেও হৈ যাওক।

বিজয়ক ফোন কৰি পাৰ্থ দাই কোৱাৰ লগে লগে সি আগন্তুক বিপদৰ আগজাননী পাই মেহেঙা মেহেঙকৈ,
: হ’ব দাদা, মই কৈ দিম বুলি ক’লে৷

এইবাৰ বিজয়ে বৰলালৈ ফোন কৰি খবৰ এটা ল’লে৷ সিও উফাইডাঙ মাৰি কৈয়ে দিলে,

: অহা একমাহৰ ভিতৰত আপোনালোকৰ সন্থাত যোগদান কৰি আছোঁ৷ মানে মই বিয়া পাতিম৷

বিজয়ে কোনে দেখুৱাইছে, ছোৱালীৰ ঘৰ ক’ত, দেখিবলৈ কেনেকুৱা সুধিলে৷ কিন্তু দেৱজিতে ক’লে,

: সেইবোৰ সব অহা মাহত এনেও গম পাবই৷ মাত্ৰ কৈ থ’লোঁ, চি ইজ চ’ কিউট৷

বিজয়ে একো নকৈ মাত্ৰ,
: হ’ব দে, ঠিক আছে বাৰু

বুলি কৈ ফোনটো কাটি থ’লে৷ এইবাৰ বিজয়ে মনে মনে এফালৰপৰা ছোৱালী বিচাৰিবলৈ ধৰিলে। কাৰণ নহ’লে সি বৰ বেয়াকৈয়ে লাজ পাব৷ অৱশেষত উপায় নাপায় গাঁৱৰ এটা মূৰত থকা মাঘূৱা দাইটিৰ ছোৱালী পৰীকেই দেখুৱাব বুলি মনতে থিৰাং কৰি দাইটিৰ ঘৰলৈ খোজ ল’লে৷ দাইটিৰ ঘৰৰ জপনা খুলি সোমাই যাওঁতেই হঠাতে ওলাই থকা ইটা এচপৰাত উজুটি খাই হামখুৰি খাই পৰিল৷ লগে লগে উঠি হাত দুখন মোহাৰি পেণ্টটোত ঝাটোপ ঝাটোপকৈ হাতেৰে থাপৰ মাৰিলে। মনতে ভাৱিলে লোকৰ ৰং চাবলৈ লোৱা মানুহৰ এই গতিয়েই হয়৷ লাহেকৈ ঘৰৰ ভিতৰত সোমাই বিজয়ে খুড়ীক মাত দিলে৷ খুড়ী ওলাই আহিল আৰু দুটামান ঘৰৰ খা-খবৰ লৈ লাহেকৈ পৰীৰ বিয়াৰ কথা সুধিলে৷ খুড়ীয়ে তাইক এতিয়াই বিয়া দিবৰ হোৱা নাই বুলি ক’লে কিন্তু বিজয় নাচোৰবান্দা ভাল ল’ৰা এটা আছে বিয়া দিব লাগে৷

বহু চেষ্টা কৰিও বিজয়ে খুড়ীক সৈমান কৰিব নোৱাৰিলে৷ উপায় নাপাই বিজয় ভিজা মেকুৰীৰ দৰে গুছি আহিল৷ ঘৰ পাই চিন্তা কৰিবলৈ ধৰিলে কি কৰা যায়। অৱশেষত এটা বুদ্ধি বিচাৰি পালে৷ সিফালে দেৱজিতৰো গা সাতখন আঠখন হৈ আছে৷ বৰলাৰ পৰা এতিয়া সি সাংসাৰিক হ’ব তাকো এজনী ধুনীয়া আধুনিক নামৰ ছোৱালীৰ লগত, সিও মেৰীৰ ফটোখন বৰ সযতনে গাৰুৰ তলত আলফুলে লুকুৱাই ৰাখিলে, ঘৰত থকাৰ সময়ত সি সেইখন চায়ে জীৱনৰ সপোনবোৰ ৰচিবলৈ ধৰিলে, কি দৰে তাইক লৈ সুখৰ সংসাৰ কৰিব, ক’ত ফুৰিব যাব, বন্ধু মহলৰ আগত তাইক লৈ কিদৰে চিনাকি দি নিজকে সৌভাগ্যৱান অনুভৱ কৰিব ইত্যাদি, ইত্যাদি৷ মুঠতে এইকেইদিন অফিছত যদিও আছে, মন কিন্তু মেৰীৰ ওচৰত। দেৱজিতে খুউব মন দি কামত লাগি থাকোঁতেই হঠাৎ পকেটত থকা ম’বাইলটো সশব্দে বাজি উঠিল৷ ক্ষন্তেকৰ বাবে সি উচাপ খাই উঠিল৷ লাহেকৈ ম’বাইলটো পকেটৰপৰা উলিয়াই দেখিলে, “বিজয় দা কলিং”৷

দেৱজিত : হেল্লৌ, শুনিছেনে

বিজয় : অঁ শুনিছোঁ। ক’ত আছা?

দেৱজিত : মই অফিচত।

বিজয় : কাইলৈ গুৱাহাটী যাম বুলি ভাৱিছোঁ লগৰ এটাৰ ঘৰলৈ, অলপ সময় মিলাই যাব পাৰিবানে?

দেৱজিত : ঠিক আছে, যাম বাৰু৷

বিজয় : কাইলৈ ৰেডী থাকিবা, মই তোমাক পিক আপ কৰিম, ৰূমৰ আগৰপৰা।

সিও হ’ব বুলি কৈ ফোনটো কাটি থ’লে৷ লগে লগে দেৱজিতেও মনে মনে ভাবিলে, এইবাৰৰপৰা বিজয়ে তাক কামুৰিব নোৱাৰে৷ ওলোটাই সিহে তাও ফালিব৷ বৃহস্পতিবাৰৰ দিনা বিজয়ে ফোন কৰি ৰাতিপুৱা এঘাৰটা মান বজাত দেৱজিতক আগতে কৈ থোৱা ঠাইৰপৰা পিকআপ কৰি লৈ গ’ল৷ যাওঁতে দেৱজিতে যিমানেই পত্নী হ’ব লগা ছোৱালীজনীৰ কথা বিজয়ক কৈছে বিজয়ে সিমানেই ভয়ত সেপ ঢুকিছে৷ কাৰণ তাৰ বুদ্ধিয়ে কামত নিদিলে জুলুঙাৰ মেকুৰী ওলাই পৰাটো নিশ্চিত৷ যথাসময়ত গৈ সিহঁত দুয়োটা বন্ধুৰ ঘৰ পালেগৈ৷ বন্ধু ঘৰৰ গেট খোলাৰ লগে লগে বাৰান্দাত বান্ধি থোৱা ছাইবেৰিয়ান হাস্কীটোৱে জোৰে জোৰে ভৌ ভৌ ভৌ ভৌ ভৌ ভৌ ভৌভৌভৌভৌভৌ কৈ ভুকিব ধৰিলে৷ বিজয়ে গাড়ীখন ৰখাই বন্ধুক ফোন কৰি বাহিৰলৈ ওলায় দিবলৈ ক’লে। বন্ধুৱেও বাহিৰলৈ ওলায়, সিহঁতক আগবঢ়াই ভিতৰলৈ লৈ গ’ল৷ কুকুৰটোৱে এতিয়াও ভৌ ভৌ ভৌ ভৌভৌকৈ ভুকিয়ে থাকিল৷ দেৱজিতে কুকুৰটোলৈ ভয়ে ভয়ে চাই, সিহঁতৰ পাছে পাছে সোমাই গ’ল৷ বন্ধুৱে সিহঁতক ড্ৰয়িং ৰুমত বহিবলৈ দিলে আৰু পৰিবাৰক বিজয়হঁত আহিলে বুলি ভিতৰত জাননী দি আহিল৷ বন্ধুৱেও দেৱজিতৰ লগত চিনাকি হ’ল৷ লাহে লাহে ঘৰ, সংসাৰৰ কথা পাতি থাকোঁতেই মাজতে বন্ধুৰ পৰিবাৰেও দেৱজিতৰ লগত চিনাকি হৈ ভিতৰলৈ চাহ দিবলৈ গ’ল৷ বিজয়ে বন্ধুক কথাৰ মাজতে দেৱজিতে অহা মাহত বিয়া পাতিবলৈ লোৱাৰ কথাও ক’লে৷ বন্ধুৱেও অভিনন্দন জনালে৷ ছোৱালী ক’ৰ, কি কৰে ইত্যাদি কথাবোৰ কিন্তু একো নুসুধিলে৷ অলপ পাছতে বন্ধুৰ পত্নীয়ে চাহৰ ট্ৰেখন লৈ সোমাই আহিল৷ আৰু টেবুলৰ ওপৰত চাহৰ ব্যঞ্জন সজাই চাহ খাবলৈ দিলে৷ বাহিৰত কুকুৰটোৱে এতিয়াও ভৌ ভৌ ভৌ ভৌ ভৌভৌভৌ কৈ ভুকিয়ে থকা দেখি বন্ধুৱে পত্নীক ক’লে,

: হেৰা, আজি মেৰীক খাবলৈ দিয়া নাই নেকি?

দেৱজিতে হাতত লোৱা চাহৰ কাপটো কথমপি নপৰাকৈ ধৰি ৰাখি মুখৰ ভিতৰতে ভোৰভোৰাই ক’লে, “মেমেমেৰী”৷ সি অলপ উৎকণ্ঠাৰে ভাবিলে তাৰমানে বিজয়ে তাক নোকোৱাকৈয়ে মেৰীৰ ঘৰলৈ অনা নাইতো! বিজয়ে কেৰাহীকৈ তাৰফালে চালে। তেনেতে বন্ধু পত্নীয়ে ক’লে,

: কোন মেৰী?

বন্ধু: আমাৰ ঘৰৰ তৃতীয় গৰাকী সদস্যা৷

পত্নী : তাইৰ নামটো ৰ’জীৰ পৰা মেৰী কেতিয়া হ’ল?

বন্ধু : আজি ৰাতিপুৱাৰ পৰা, মানে আমাৰ ঘৰৰ ওচৰৰ বৰুৱা দাৰ ঘৰৰ দেশী কুকুৰজনীৰ নামো ৰ’জী৷ আজি ৰাতিপুৱা ৰ’জী ৰ’জী মাতি আছে। সেইকাৰণে আজিৰপৰা তাইক মেৰী বুলি মাতিবা৷

পত্নী : জানো পাই, ৰ’জীয়ে ভাল আছিল৷ হ’ব বাৰু মেৰী বুলিয়ে মাতিম৷ কিন্তু মেৰীক দিবলৈচোন কালি তুমি মেৰী বিস্কুত নানিলাই৷

এইবাৰ দেৱজিতে চাহ খাবলৈ পাহৰি তেওঁলোকৰ মুখৰ পিনে ভেবা লাগি চাই ৰ’ল৷

বিজয় : কি হ’ল তোৰ? চাহ খা আকৌ!

বুলি কোৱাতহে তাৰ সম্বিত ঘূৰি আহিল। তাৰ পাছত সি অনাগত দিনত মেৰীক বিয়া পাতিলে কি দৰে তাইক চিনাকি দিব মানুহৰ আগত, নামটো ক’লেইচোন বিজয়ে কুকুৰৰ নাম বুলি উপলুঙা কৰিব, বন্ধু মহলেও তাৰ জীনা হাৰাম কৰি তুলিব। সেইবোৰ ভাবি থাকোঁতেই কেতিয়ানো বিজয়ে তাক “যাওঁ ব’ল” বুলি ক’লে আৰু সিহঁতেনো কি কথা পাতিলে একো নুশুনিলে। লাহে লাহে সিও যাওঁ দেই বুলি কৈ ঘৰৰপৰা ওলাই আহিল৷ সিফালে পুনৰ মেৰীয়ে “ভৌ ভৌ ভৌ ভৌভৌভৌভৌকৈ…” ভুকি থকা দেখি বিজয়ে “চেই চেই” বুলি কুকুৰজনীক কৈ আহিল৷ দেৱজিত মৌন হৈ গাড়ীত বহিল৷ বিজয়ে তাৰ অৱস্থাটো দেখিয়ে বুজিলে যে সি তাৰ বুদ্ধিত সফল হ’ল৷ আহোঁতে ৰাস্তাত বিজয়ে কি সুধিছে আৰু দেৱই কি ক’লে গমেই নাপালে৷ তাৰ কাণত, “মেৰীক দিবলৈ মেৰী বিস্কুট নাই৷ ভৌ ভৌ ভৌ ভৌভৌভৌভৌ ভৌ৷ চেই চেই৷” শব্দকেইটাই বাজি থাকিল৷ সি কেতিয়া গাড়ীৰপৰা নামি ঘৰ পালেহি সি নিজেই গম নাপালে৷ ঘৰলৈ আহিয়ে সি মাকক ক’লে,

: মা, সেইজনীক চাবলৈ তহঁত যাব নালাগে৷ তাই বেলেগ এটা ল’ৰাক ভাল পায়৷

মাকে আচৰিত হৈ ক’লে,

: তোক কোনে ক’লে৷

সি হুমুনিয়াহ এটা কাঢ়ি তাৰ লগৰ এটাই কৈছে বুলি কৈ খৰধৰকৈ ৰূমত সোমাই গাৰুৰ তলৰপৰা ফটোখন উলিয়াই অকণো নোচোৱাকৈ নিৰ্দয়ভাৱে টুকুৰা টুকুৰকৈ ফালি পেলালে৷ মনতে ভাবিলে এইবাৰৰপৰা দেশী নাম চাইহে বিয়া পাতিব৷ সিফালে মাকেও অভিজিতক ফোন কৰি কথাখিনি ক’লে, অভিজিতে পাৰ্থক আৰু পাৰ্থই বিজয়ক৷ লগে লগে বিজয়ে আনন্দতে ডিঙিৰপৰা ডাঙৰ বিপদৰ টিলিঙা এটা আঁতৰাব পাৰি জপিয়াই দিলে আৰু ক’বলৈ ধৰিলে,

: মেৰী, য়ু আৰ চ’ কিউট।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰুবী চেতিয়া গগৈ

    বঢ়িয়া হৈছে দেই ককাইদেউ আগলৈ আৰু আশা কৰিলোঁ। এনেহেন দিনটো যে হাহিঁ অকণ পাইছোঁ

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল দেই

    Reply
  • সম্পূৰ্ণা

    হাহাহাহাহাহা.. বৰ ভাল লাগিল। ????

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *