শৈশৱৰ দুটা ধেমেলীয়া ঘটনা- জ্যোতিৰ্ময় কলিতা
(১)
আমাৰ গাঁৱৰ আমাতকৈ ১০-২০ বছৰ মান ডাঙৰ দাদা খুড়াহঁতৰ এসময়ত হুঁচৰিত বৰ নাম আছিল৷ বিহুৰ সময়ত বিভিন্ন ঠাইত পতা হুঁচৰি প্ৰতিযোগিতাসমূহত প্ৰায়ে আমাৰ গাঁৱলৈ সুনাম কঢ়িয়াই আনে৷ সেইটো হিচাপত আমিও বেছ বিহু গাবলৈ বা হুঁচৰি গাবলৈ পাৰিব লাগিছিল৷ কিন্তু আমাৰ নাচনীতকৈ ঢুলীয়া বেছি লাজকুৰীয়া। তথাপি সেইবাৰ কি হ’ল নাজানো চাৰিজনী মান নাচনী লৈ আমাৰ সৰু সৰু ঢুলীয়া সাজু হ’ল ঘৰে ঘৰে বিহু মাৰিবলৈ৷ আমি ৰিহাৰ্চেল আৰম্ভ কৰি দিলোঁ৷ গাঁৱৰে এজন খুড়াই আমাক বিহু নাচৰ পৰা বিহু গানলৈ সকলো শিকালে৷ প্ৰস্তুতি তুংগত৷ গামোচাখনকে লেংটি মাৰি ধূতি কৰি লৈ সেইবাৰ আমি তেতিয়াই ৮০০ মান টকা আৰু ২০ কিলোগ্ৰাম মান চাউল পালোঁ৷ আমাৰ দলৰ মুৰব্বী মোৰ ককাইদেউ আছিল৷ ককাইদেউৰ মতে গপচত খানা এটা হ’ব লাগে লোকেল মুৰ্গীৰে৷ কথা মতে কাম, খানাৰ সকলো যোগাৰ আহিল মুৰ্গীও আহিল৷ মুৰ্গীটো এতিয়া মাৰিবলৈ সকলোৰে ভয়, ইপিনে ডাঙৰ মানুহো কোনো নাছিল সেই সময়ত৷ খুড়াই অলপ দেৰিকৈ সকলো কৰি দিব বুলি কৈছিল যদিও আমি ৰ’ব পৰা নাই, সন্মুখতে মাংসই জিন্দাই জিন্দাই জপিয়াই আছে আমাৰ কেনে লাগিব পাৰে ভাবি চাওকচোন৷ মোৰ ককাইদেৱে তেতিয়াই ৰন্ধা বঢ়া কৰিব জানিছিল৷ গতিকে সি আগুৱাই আহি দাখন এহাতত মুৰ্গীটো এহাতত লৈ ভাবি আছে কেনেকৈ কামটো কৰা যায়৷ বাকী বোৰেও নিজা নিজা মতামত দি আছে কোনোবাই কৈছে ডাইৰেক্ট কাটি দে, কোনোবাই কৈছে মাটিতে দুই তিনিবাৰ থেকেচি দে মুঠতে মুৰ্গীটো বেছি সময় জিন্দা থাকিব নোৱাৰে৷ ককাইদেৱে লৈ থকাৰ মুৰ্গীটোৰ একেবাৰে পিছত মানে মুৰ্গীৰ টিকাৰ সন্মুখত মই থিয় হৈ আছিলোঁ ভেবেকা লাগি৷ এনেতে কোনটো পাকতে ককাইদেৱে মুৰ্গীৰ পিঠিত দাখনৰ ওলোটা ফালটোৰে কোবটো দিলে গমেই নাপালোঁ, মুৰ্গীয়েও একে চিঞৰত পেটৰ ভিতৰত থকা সমস্ত মল একেকোবে ফিচকাৰি মৰা দি মোৰ মুখতে চেটেপ্ কৈ দি দিলে৷ মুখত কি পৰিল বুলি জিভা উলিয়াই টেষ্ট কৰিবলৈ লওঁতে যিটোহে অৱস্থা হ’ল, সেই অৱস্থা সকলোৰে হওক। অৱশ্যে সোৱাদটো ঠিকেই আছিল৷
(২)
প্ৰথম বৰ্ষৰ অভূতপূৰ্ব সফলতাৰ পিছত, পিছৰ বছৰৰ বাবেও আগৰবাৰৰ দৰেই বিহুৰ আগে আগে আমাৰ ৰিহাৰ্চেল তুংগত৷ সকলোৰে ঘৰত ঢেঁকীৰ শব্দই ৰজনজনাই আছে৷ সিদিনাও আমি অইনদিনাৰ দৰে ঘৰলৈ উভতিলোঁ৷ গধূলি সময়ত সৰুৰ পৰাই প্ৰাৰ্থনা কৰাৰ অভ্যাসটো আছিল৷ যিহেতু ঘৰত সৰুকৈ নামঘৰ এটাও আছিল৷ এতিয়া বাৰু প্ৰাৰ্থনা কৰা অভ্যাসটো নোহোৱা হ’ল, ডাঙৰো হ’লোঁ৷ শংকৰদেৱ শিশু নিকেতনত পঢ়া ছাত্ৰ ছাত্ৰীসকলে জানিব বিদ্যালয়ত গোৱা প্ৰাৰ্থনাবোৰৰ কথা৷ আমি তিনিজন ভাই ককাই মিলি একেলগে গধূলি প্ৰাৰ্থনা কৰোঁ৷ সিদিনাও আন দিনাৰ দৰে প্ৰাৰ্থনা কৰিব লৈছোঁ। মই আকৌ মিউজিক চিষ্টেম নহ’লে গানেই হওক বা প্ৰাৰ্থনাই হওক আমেজটো নাপাওঁ। ককাইদেৱে সেইটো সময়ত গান শিকিছিল বাবে ঘৰতে হাৰমনিয়াম এটাও আছে৷ তবলাৰ অভাৱ দূৰ কৰিবলৈ সিদিনা মই ফুল অনা মাটিৰ থালখনকে ললোঁ৷ অইনদিনা ষ্টীলৰ থাল এখনত বজাওঁঁ৷ সেয়ে বজোৱাৰ আগতে দুকোব দি চালোঁ ভাল আৱাজ আহিছে৷ প্ৰাৰ্থনা আৰম্ভ হ’ল দাদাই হাৰমনিয়ামত সুৰ ধৰিলে ময়ো গাবলৈ আৰম্ভ কৰিয়েই থালত এথাপৰ দিলোঁ থাল গুড়ি হৈ ছেদেলি ভেদেলি হৈ থাকিল৷ যিটো প্ৰকাণ্ড শব্দ হ’ল খুড়াই দৌৰি আহিল কি হ’ল বুলি, আহি দেখে থালখন থাল হৈ থকা নাই৷ তাৰপিছতে নামঘৰৰ পৰা উলিয়াই আনি অ মাই অ কি মৰমেৰে মুখেৰে প্ৰাৰ্থনা বাহিৰ কৰিলে অ’, আজিও মৰমবোৰলৈ মনত পৰিলে চিঞৰি উঠোঁ- ইমান মৰম নালাগে অ’৷ সেইবাৰ বিহুৰ আগমুহূৰ্তত ঘৰত যিটো ঢোলৰ কোবৰ পৰিল, তাৰপিছত আৰু বিহু মাৰিবলৈ যোৱা তাতেই ইতি।
☆ ★ ☆ ★ ☆
10:31 am
শান্ত শিষ্ট আছিলা দেউ!
7:43 pm
হা হা । ধন্যবাদ পঢ়া বাবে ।
10:32 am
হাঃ হাঃ। নষ্টালজিক হৈ গ’লো। ভাল লাগিল দেই ককাই। মুৰ্গীৰ মলৰ টেষ্টটো আকৌ এবাৰ কৰি জনাবা কেনে?
7:44 pm
হা হা । নহ’ব আৰু । ধন্যবাদ পঢ়া বাবে ।
8:07 pm
বৰ শান্ত আছিলি অ
11:40 pm
এইজনী অসীমা বা নে?
ধন্যবাদ দেই