ফটাঢোল

ফটাপ্ৰশ্ন

১) ৰাজশ্ৰী শৰ্মা : ফটহু কাই, মানুহে আপোনাক ইমান ফটাপ্ৰশ্ন সোধে! আপুনিও উপদেশ দিয়ে মিলাই মিলাই। তাৰে আধাও তেওঁলোকে নিজৰ জীৱনত পালন কৰে বুলি ভাবেনে? যদি নকৰে কিয় নকৰে বাৰু?

উত্তৰ :  উপদেশ কোনেনো পালন কৰে হে! উপদেশ হ’ল দিওঁতাজনক সন্তুষ্ট কৰিবলৈ একাণে শুনি একাণে উলিয়াউ দিয়া বস্তু। পৃথিৱীত আজিলৈকে যিমান উপদেশ দিয়া হ’ল- মানুহে সকলোবোৰ শুনিলে, মানৱ জাতি বাচি নেথাকিলেইহেঁতেন।

২) নাং বিজু বৰগোঁহাই : এফ.আৰ.পি. কেনেকৈ বঢ়াব পাৰি?

উত্তৰ : কেইবাটাও উপায় আছে, কিন্তু সকলোতকৈ জৰুৰী দিনে ৰাতিয়ে আন কাম বাদ দি ফেচবুকত মূৰ গুজি থকা, আৰু হোৱাই নোহোৱাই গুগল চাই চাই বিতৰ্ক কৰা।

৩) দিপ্তী শৰ্মা : ৰাতি মহে মানুহৰ দেহাটোৰ বাকী অংশত কামোৰা বাদ দি কাণখনৰ কাষত ইমান শব্দ কৰি কি কাৰণে অশান্তি দি থাকে বাৰু?

উত্তৰ : মহে শব্দ সকলোতে কৰে, কিলাকুটি, গোৰোহা আদি অংগৰ শ্ৰৱণশক্তি নাই বুলিহে।

 ৪) ববিতা শৰ্মা : বাৰমাহত কিয় তেৰটা বেমাৰ, বাৰটা নহয় কিয়?

উত্তৰ : বাৰটাও হ’ব পাৰে, কিন্তু তেৰটাই সীমা।  এবছৰত তেৰবাৰ বেমাৰ হ’লেই তেওঁক বিদগ্ধ বেমাৰী আখ্যা দিব পৰা হয়। তাৰ তলত হ’লে পহুচা হুৱা বেমাৰী বুলিব নোৱাৰি।

 ৫) সোমেশ্বৰ বৰা : দাড়ি মোছ নেথাকিলে গাই-মুৱা বোলে। দাড়ি মোছ থকাজন বলধ-মুৱা নোবোলে কিয়?

উত্তৰ : ভাল ধৰিলে দেই, আজিৰ পৰা বলধ-মুৱা শব্দটো প্ৰচলন কৰা হওক।

 ৬) তাবিবৰ ৰহমান : ঠেলাৰ নাম বাবাজী বুলি যদি কয়। ৰিক্সাৰ নাম বাবাজী বুলি কিয় নকয়।

উত্তৰ : এই প্ৰবৰচনটো ওলোৱাৰ সময়ত ৰিক্সাৰ আৱিষ্কাৰেই হোৱা নাছিল।

৭) অভিজিত কলিতা : ধৰক আপুনি এটা অতি দুখৰ প্ৰেম কাহিনী লিখিলে, কিন্তু ইমানেই বেয়া হ’ল যে সেই গল্পটোৱে শ্ৰেষ্ঠ হাস্য লেখাৰ বঁটা পালে। এতিয়া সেইটো আপোনাৰ সফলতা হ’ব নে বিফলতা।

উত্তৰ : বাদ দিয়কহে, নিশ্চিত ভাৱে সফলতা। মই কি বুলি লিখিছিলোঁ কোনে জানে? ৰিজাল্টেই মেইন কথা। মাল্টিপল চইছ প্ৰশ্নত অলৌগুটী তলৌগুটি মাৰি আজি প্ৰৱল প্ৰতাপী প্ৰশাসনিক বিষয়া হোৱা আমাৰ সম্পাদকক কি এতিয়া আপুনি নহয় বুলিব নেকি?

 ৮) কাবেৰী মহন্ত : ফটাপ্ৰশ্নবোৰ ফকৰা যোজনাৰ ওপৰতে বেছি কিয় আহে?

উত্তৰ : ফকৰা যোজনাবোৰ নুবুজাটোৱেই মানুহৰ জীৱনৰ সকলোতকৈ ডাঙৰ সমস্যা।

 ৯) জুমণি পাঠক : ৰং যিহতেই নলগাওঁ, লাহে লাহে কমি যায় বা উৰি যায়, কিন্তু সেউজীয়া ৰঙত কি লগালে সদায় সেউজীয়া হৈয়ে থাকে?

উত্তৰ : পত্ৰহৰিৎ। গছৰ পাত এই বস্তুটোৰ  কাৰণেই সদায় সেউজীয়া হৈ থাকে।

 ১০) মন্দিৰা শৰ্মা : হাবিত কাহে ওলায় নাহে৷ মানুহে কি হাবিৰ মাজত কাহ নামাৰে নেকি?

উত্তৰ : মাৰে। কিন্তু কাহ মাৰিলে ওলাই নাহে। কোৱাৰেণ্টাইন কৰি ৰাখে নিজকে।

 ১১) গীতু হাজৰিকা : চৰাই মৰে ৰৈ মানুহ মৰে কৈ বুলি যে কয় মানুহে বাৰু কথা কওঁতে কেনেকৈ মৰে।

উত্তৰ : কেলৈ মোমাই তামুলীৰ কথা মনত নাই, ভাগৰ লাগিছে বুলি কওঁতেই শেষ। আৰু তেনে উদাহৰণ বহুত আছে। মুখৰ লাগ বান্ধ নাইকিয়া মানুবোৰ সদায় বিপদত পৰে।

১২) নিভা কাকতি : মিছা কথা ক’লে ঠেংখন সঁচাই ছুটি হৈ যায় নে?

উত্তৰ : ইয়াৰ অৰ্থ আচলতে মিছা কথা বেছি দূৰ আগুৱাব নোৱাৰে, ঠেং ছুটি মানুহৰ দৰে। অৱশ্যে ফটহুৰ দৰে সত্যবাদী ৰজা হৰিশ্চন্দ্ৰৰ বংশৰ মানুহ হৈ, মই সঁচাকৈতে মিছলীয়া মানুহৰ ঠেং ছুটি হৈ যায় নেকি ক’ব নোৱাৰিম! কোনোবা মিছলীয়া মানুহক সুধি চোৱাই ভাল হ’ব।

১৩) বৰ্ণালী মুদৈ : যিবোৰ স্মৃতিয়ে মানুহক দুখ দিয়ে… সেইবোৰ স্মৃতি মবাইলৰ দৰে ডিলিট কৰি দিব কিয় নোৱাৰি?

উত্তৰ : পাৰি। কলেজৰ দিনত প্ৰেমত বিফল হোৱাৰ দুখ আমি একে সন্ধিয়াতে ডিলিট কৰাৰ উপায় উলিয়াইছিলোঁ।

১৪) অনুৰূপ মহন্ত : ফটহু কাই, মানুহে কোৱা শুনো- “কষ্টৰ ফল হেনো সদায় মিঠা”৷ মই কষ্ট কৰি এটা তিতা কেৰেলাৰ পুলি ৰুলোঁ আৰু বহু কষ্টেৰে গছজোপা ডাঙৰো কৰিলোঁ। কিন্তু এতিয়া সেই গছত লগা ফল (তিতা কেৰেলা)টো  মিঠা নহয় কিয়?

উত্তৰ : কেৰেলা ভাজিখিনিত এপোৱা চেনী ঢালি চাওক, সুফল পাব।

১৫) ৰীতা লীনা সোণোৱাল : আমি মানুহৰ ক্ষেত্ৰত বুজাবলৈ হাত দীঘল, হাত লৰ ব্যৱহাৰ কৰোঁ কিন্তু ভৰি লৰ, ভৰি দীঘল কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ?

উত্তৰ : পাৰোঁ, যেনে দীঘল ঠেঙীয়া।

 ১৬) হেমন্ত কাকতি : আমাৰ অসমীয়া মানুহৰ ডিঙিত এপেগ বা দুপেগ পৰাৰ পিছতে ইংৰাজী ওলায় সেইটো সবেই জানে বাৰু, কিন্তু বৃটিছসকলে মদ্যপান কৰিলে কি ভাষা ওলায়?

উত্তৰ : ইংলিছেই ওলাই, মদ আৰু ইংলিছৰ অতি ওচৰ সম্পৰ্ক। মদ খাই হাই ফাই ইংলিছ কোৱাৰ বাবেই ইতিহাসত নাই কমেই হেজাৰখন যুদ্ধ হৈছে।
১৭) হৃষীকেশ ডেকা : ফটহু কাই, যোৱাকালি মই এটা ফেচবুক পোষ্ট দিছিলোঁ, মাত্ৰ দুটা লাইক আৰু এটা কমেণ্ট আৰু সেই পোষ্টটো এজনী ছোৱালীয়ে দিছিল মিনিট পাৰ নহওঁতেই এশ লাইক পাৰ হৈ গ’ল। ফটহু কাই, এতিয়া মোৰ প্ৰশ্নটো হ’ল, ছোৱালীৰ পোষ্টত শ শ লাইক কমেণ্ট আহে কিয় ?

উত্তৰ : প্ৰকৃতিৰ নিয়ম, উপায় নাই। গতিকে অনতি পলমে নাং প্ৰিন্সেছ চুলবুলী নামত এটা ফে’ক একাউণ্ট খোলক।

১৮) কমলা দাস:
“মাৰ সৰু, বাপেৰ সৰু
তই হবি বৰ গৰু।“
মাক বাপেক সৰু হ’লে সি কেনেকৈ বৰ গৰু হ’ব?

উত্তৰ : হ’ব, সৰুৰে পৰা গৰুটোক কাম বন কৰিবলৈ নিদি বহুৱাই বহুৱাই খুৱালে সি মাক-বাপেকতকৈ ওখ ডাঙৰ হ’ব।

 ১৯) সংগীতা ভূঞা : আমি মানুহবিলাকে বাৰু খাবৰকাৰণে জীয়াই থাকোঁ নে জীয়াই থাকিবৰ কাৰণে খাওঁ?

উত্তৰ : ভাত খোৱাৰ কথা ক’লেনে ঘোঁচ খোৱাৰ কথা ক’লে বা? ভাত আমি জীয়াই থাকিবলেকে খাওঁ, কিন্তু কিছুমান মানুহক দেখিলে এনে লাগে যেন তেওঁলোকে ঘোঁচ খাবৰ বাবেই জনম লভিলে আৰু জীয়াই আছে।

২০) ভূপালী দেৱী : আমাৰ সমাজত ছোৱালীক বিয়া দি যেনেকৈ আন এখন ঘৰলৈ উলিয়াই দিয়া হয় ঠিক তেনেকৈ ল’ৰাক উলিয়াই দিয়া হ’লে কি পৰিস্থিতিৰ সৃষ্টি হ’ল হয়?

উত্তৰ : একো নহ’লহেঁতেন, এই কন্দা কটা সোপাৰ পৰা ৰক্ষা পোৱা গ’লহেঁতেন, খৰচো কমিলহেঁতেন। এনেয়ো আজিকালি প্ৰায় সকলোবোৰ ল’ৰাকে চাকৰি বাকৰি ব্যৱসায় আদি কৰিবলৈ চিৰদিনৰ বাবে ঘৰৰ পৰা উলিয়াই দিয়া হয়। আপুনি কেতিয়াবা দেখিছে নেকি যে চাকৰি কৰিবলৈ ওলাই যোৱা ল’ৰাক সাৱটি ঘৰে ঘৰে হাই হাও কৈ কান্দিছে?

২১) সোণটো ৰঞ্জন বৰুৱা : নাৰীক বুজি পোৱাটো কঠিন নে বুজোৱাটো কঠিন?

উত্তৰ : বুজাটো কঠিন, বুজোৱাটো অসম্ভৱ।

 ২২) জোনাক প্ৰিয়া বৰুৱা : এই যে অসমীয়াত এষাৰ কথা কয় ‘কে’চটো নগেন’ বুলি  ইয়াৰ অন্তৰালৰ কেচটো কি? বীৰেন, হৰেণ, দ্বীপেন, ৰাজেন এইবোৰোতো আছিল কেৱল নগেনকহে বাচি ল’লে যে?

উত্তৰ : নগেন নামটোত ‘পিক আপ’ বেছি আছে।

 ২৩) শিখা বৰা হাজৰিকা : ঘৰলৈ সোণকালে ঘূৰিলে বোলে ভাত গৰম আৰু পত্নী ঠাণ্ডা আৰু ঘৰলৈ দেৰিকৈ ঘূৰিলে বোলে ভাত ঠাণ্ডা আৰু পত্নী গৰম পোৱা যায়৷ হয়নে নহয় বাৰু?

উত্তৰ : কি কয় হে? মিছা কথা। “ৱৰ্ক ফ্ৰম হোম” কৰি থাকোঁতেও পত্নী গৰম আৰু ভাত চেঁচাহে মিলি আছে ভাগ্যত! নিউটনৰ পেহীয়েকৰ পুতেকে কৈ গৈছিল যে, -“পাটৰ চে’ট, মাকৰ ঘৰ বা অলংকাৰে ক্ৰিয়া নকৰালৈকে পত্নী সদায় পতিৰ ওপৰত গৰম, আৰু আন মহিলাৰ প্ৰতি ইৰ্ষান্বিত হৈয়েই থাকে।”

 ২৪) অঞ্জন সাধনিদাৰ : মোবাইলৰ নিচিনাকৈ মানুহৰ চকুকেইটাই মৰা স্ক্ৰীণশ্বটবোৰ আন এজনলৈ Send কৰিব পৰা সুবিধা থকা হ’লে কি হ’লহেঁতেন?

উত্তৰ : আখিয়ো চে গোলি মাৰে বোলা প্ৰবচনটো সত্য বুলি প্ৰমাণিত হ’লহেঁতেন

 ২৫) ৰিতন বৰুৱা : মাছ  মাংস খাই খাই ফেটি লিভাৰ, কলেষ্টেৰল, থাইৰয়ড হৰমোন আদি সকলো বাঢ়িল। তথাপিও দেওবাৰে মাছ মাংস নহ’লে মুখখন ওফন্দি থাকে, এইটো কি জীৱ স্ৰজিলা হাঁয় ৰে ৰাব্বা?

উত্তৰ : তেৰাই চিকেন বিৰিয়ানি খাই থকা অৱস্থাত স্ৰজিছিল হ’বপায়।

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *