ফটাঢোল

জীয়া মাছৰ জোল- মৃদুল নাথ

“হেৰা, যাওঁতে ৰাস্তাত পালে পাচলি কেইবিধমান আৰু জীয়া মাছ অলপ লৈ ল’ম দিয়া, কি কোৱা?”

মোৰ কথাত মানুহজনীয়ে হাঁহি এটা মাৰি কয়, “সেয়া জানো নতুন কথা কিবা? সদায়চোন ৰাস্তাত বজাৰ বহা দেখিলেই গাড়ীখন ৰখাই নামি যায়। নতুনকৈ কিবা শুনিছোঁ বুলি মনে ধৰা নাই।”

দেওবাৰৰ দিনাখন গুৱাহাটীৰ পৰা নুমলীগড়লৈ আহোতে ৰাস্তাৰ কাষতে কেইবাঠাইতো বজাৰ পোৱা যায়। সোণাপুৰ-ক্ষেত্ৰী, জাগীৰোড আদি ঠাইত ডাঙৰ বজাৰে বহে। এই বজাৰবোৰৰ মূল আকৰ্ষণ হৈছে জনজাতীয় মানুহখিনিয়ে বিকিবলৈ অনা ঘৰতে হোৱা বিধে বিধে সতেজ পাচলি আৰু ফল-মূলবোৰ। পাহাৰীয়া কলডিল, কলপচলাৰ পৰা কণজলকীয়ালৈকে সন্মুখত লৈ মহিলাবোৰ বহি থাকে, যিবোৰ সচৰাচৰ বেপাৰীবোৰৰ ওচৰত পোৱা নাযায়। অত্যন্ত কৰ্মঠ অথচ একেবাৰে সৰল এই জনজাতীয় মানুহখিনিৰ ব্যৱহাৰে মোক মুগ্ধ কৰে। এই মানুহখিনিৰ লগত বস্তুৰ দৰদাম কাহানিও কৰি পোৱা নাই, মন নাযায়। দুপইচা বেছিকৈ পালেই যেনিবা, আকাশখন নিশ্চয় ভাঙি নপৰে। কিন্তু খাটি খোৱা সেই মানুহখিনিৰ মুখত হাঁহি এটা বিৰিঙাব পাৰিলে মনত সুখ পাওঁ, নিৰ্ভেজাল সুখ।

মাছৰ প্ৰতি থকা মোৰ লোভ কোনো নতুন কথা নহয়।বিশেষকৈ জীয়া মাছৰ জোলখনৰ কথা শুনিলেই জিভাখন লকলকাই উঠে। গাঁৱৰ ঘৰখনৰ ওচৰতে নৈ, বিল, খালবোৰ। মাছো যথেষ্ট পৰিমাণে পোৱা যায়। সেয়ে ঘৰত গ’লে প্ৰতিটো সাঁজতে মাছ থাকেই। নুমলীগড়তো মাছৰ বেপাৰীকেইটাক হাতত ৰাখিছোঁ, ভাল মাছ আহিলেই যাতে খৱৰটো পাওঁ। কালিয়নী নৈৰ মাছৰ এনেও সোৱাদ, জালত ভাল মাছ উঠিলে বেপাৰীয়ে খৱৰটো লগে লগে দিয়ে, ম’বাইল ফোনৰ যুগ। আজি কিছুদিনৰ পৰা অৱশ্যে মোৰ খোৱা বোৱাৰ ক্ষেত্ৰত ভালেখিনি পৰিৱৰ্তন আহি পৰিছে, সেয়া সময়ৰ আহ্বান।

সময়ৰ লগত তাল মিলাই বয়স যিদৰে বাঢ়িছে, দেহৰ ওজনো সিমানে বাঢ়িছে। সমান্তৰাল ভাৱে বাঢ়িছে লোভ।দেহৰ পৰা সৰু সুৰা বেমাৰবোৰ নুগুচাই হোৱা দেখি ডাক্তৰৰ পৰামৰ্শ লওঁ মাজে মাজে। যোৱাবাৰ ‘ৰুটিন চেকআপ’ত যাওঁতে ডাক্তৰে সদায় কোৱাৰ দৰে একেটা কথাকে কলে, “মাছ-মাংস খোৱাটো কমাওক, কিমান খায় আৰু এই বয়সত। এইটো গতিত খাই থাকিলে দুদিন পিছত দৰৱৰ বাহিৰে একো খাব নোৱৰা হৈ থাকিব।”

ডাক্তৰে হাঁহি হাঁহিয়ে কথাখিনি কয় যদিও মোক শেলে বিন্ধাদি বিন্ধে। মানুহজনীৰ ফালে কাতৰ দৃষ্টিৰে চাই সহানুভূতিৰ একো এটা নেদেখি আকৌ ডাক্তৰক কৰযোৰে সোধোঁ, “মাংসতো বাৰু একেবাৰে কমাই দিম, মানে নাখাওঁ। পিছে মাছ নহ’লে মোৰ নচলে। বিশেষকৈ মাছৰ জোলকণ। চালানী মাছ নাখাওঁ বাৰু, পিছে লোকেল মাছেও তেনেকৈ ক্ষতি কৰিবনে?” মোৰ প্ৰশ্নটোৱে ডাক্তৰৰ অন্তৰ গলাব পাৰে নে নাই নাজানোঁ, কিন্তু হাঁহি এটা তেখেতৰ মুখত বিৰিঙি উঠে। বৰফ অলপ গ’লা যেন অনুমান কৰি মৰসাহ কৰি লাহেকৈ ডাক্তৰক কওঁ, “কাচিৎ, দৈৱক্ৰমে কোনোবা আলহী আহিলে লগত মাংসৰ জোল অকণমান খাব পাৰিম নিশ্চয়?” এইবাৰ ডাক্তৰৰ মিচিকিয়া হাঁহিটো অট্টহাস্যলৈ ৰূপান্তৰিত হয়। কোনোমতে হাঁহিটো ৰখাই ডাক্তৰে কয়, “সপ্তাহত অকল এদিন, তাকো কমকৈ। বোকাসুৰ খোৱাদি নাখাব বুজিছে। এতিয়াৰ পৰা অকল দেওবাৰেহে খাব পাৰিব, তাকো এসাঁজতহে মাছ মাংস চলিব।”

ডাক্তৰক ভালকৈ এগাল ধন্যবাদ দি মানুহজনীলৈ বেঁকাকৈ হাঁহি এটা মাৰি আমি দুয়ো ডাক্তৰৰ চেম্বাৰৰ পৰা সিদিনা ওলাই আহিছিলোঁ। মোৰ বেঁ‌কা হাঁহিটো আছিল যুদ্ধ জয়ৰ হাঁহি। তেতিয়াৰে পৰা দেওবাৰ আহিলেই মোৰ জিভাখনৰ ওপৰত থকা নিয়ন্ত্ৰণ নাইকিয়া হয়, জীয়া মাছ বিচাৰি ৰাতিপুৱাৰে পৰা মোৰ অভিযান আৰম্ভ হয়। নুমলীগড়ত থাকিলে ৰাতিপুৱাই বজাৰলৈ ওলাই যাওঁ, জীয়া মাছ চিনাকি বেপাৰীজনে ৰাখি থৈ দিয়ে মোৰ বাবে। এয়া এক নিয়মত পৰিণত হৈছে।

গুৱাহাটীৰ পৰা ঘূৰি আহোঁতে ৰাস্তাত বজাৰ কৰিম বুলি আগতেই ঠিক কৰিছিলোঁ। দুপৰীয়াৰ সাঁজটো ৰাস্তাত খালেও ৰাতিৰ সাঁজটো ঘৰতে খাম, তাৰ বাবে জীয়া মাছ দৰকাৰ হ’ব। জাগীৰোড পাৰ হৈয়ে ৰাস্তাৰ কাষত বহা বজাৰখনত পাচলি কিছু কিনিলোঁ, ঘৰতে পকা বুলি কোৱা বাবে মানুহ এজনীৰ পৰা কল দুই আখি ল’লোঁ। মাছৰ বজাৰখন অলপ ভিতৰফালে হোৱা বাবে দেৰি নকৰি গাড়ী চলাই দিলোঁ, কপালত থাকিলে ৰাস্তাত নিশ্চয় জীয়া মাছ কিনিবলৈ পাম।

ফ’ৰলেনত গাড়ী চলোৱাৰ আমেজ এটা আছে, কষ্ট অনুভৱ নহয়। গাড়ী ঘণ্টাত প্ৰায় এশ কিলোমিটাৰৰ ওপৰত চেঁকুৰিছে। ধৰমতুল পাওঁতে দেখিলোঁ হাতত ডাঙৰ ডাঙৰ মাছ একোটাকৈ ওলোমাই লৈ আমাক হাত বাউল দি মাতি আছে। আগে পিছে এই ঠাইডোখৰত এনেকৈ মাছ বিক্ৰি কৰা দেখা পাওঁ যদিও মাছ কিনাৰ সুবিধা হোৱা নাছিল। আজি সুবিধা মিলিছে যেতিয়া গাড়ীখন এজনৰ কাষত ৰখাই দিলোঁ। মানুহজনে ডাঙৰ বৰালী মাছ এটা হাতত লৈ আছে, কাষত সৰু বৰ কেইটামান মাটিৰ ঘটি, তাতো পানীৰ মাজত জীয়া মাছকেইটামানে খলখলাই আছে। খুব সম্ভৱ কাৱৈ হ’ব। পানীৰ মাজত জীয়া কাৱৈকেইটাৰ খলখলনিৰ শব্দই মোৰ কাণত শ্ৰুতিমধুৰ সুৰ-সমলয়ৰ সৃষ্টি কৰিছে।
বৰালীটো মধ্যমীয়া আকাৰৰ, আমাৰ দৰে মধ্যবিত্তৰ বাবে মধ্যমীয়া আকাৰে খাপ খায়। মাছটো চুই চাওঁতে লৰচৰ কৰি উঠিল। দেখাত পিছে মাছটো সিমান সজীৱ যেন লগা নাই যদিও মাছটো লৰচৰ কৰা দেখি মনৰ সন্দেহ দূৰ হ’ল। ইতিমধ্যে আৰু চাৰি পাঁচজন মানে আমাক ঘেৰি ধৰিছে, সিহঁতেও মাছ বিক্ৰি কৰে কাষতে। কাৱৈবোৰে খলখলাই আছে ঘটিটোত, যিমানে বেছি খলখলনিৰ সৃষ্টি হৈছে সিমানে কষ্টকৰ হৈছে মোৰ বাবে।কাৱৈ মাছ তিলৰ লগত বনাই খাবলৈ বৰ সোৱাদ, মানুহজনীয়ে বৰ ভাল ৰান্ধে। ডাঙৰ কাৱৈ কেইটা দেখি লোভ নিয়ন্ত্ৰণ কৰি থকাটো সহজ নহ’ল মোৰ বাবে। ঘটিটোত আঠটামান কাৱৈ আছে।

—-“ঘটিটো লওক, টকা চাৰিশ দিব। এক কেজিৰ বেছি আছে মাছ। বজাৰত এয়া কেজিত ছশ মান ল’ব।”

দামটো মনঃপুত হ’ল যদিও অভিজ্ঞ মানুহৰ দৰে কলোঁ, চাৰে তিনিশ ল’বা দিয়া।” অলপ দৰদাম নকৰিলে বেয়া দেখি।

—-“বৰালীটো নলয় নেকি চাৰ? ডেৰ কেজিৰ হ’ব। অলপ আগতে সেই নদীখনত জালত পৰিছিল, বেছি দেৰি হোৱা নাই। অলপ আঁতৰেৰে বৈ যোৱা নদীখনলৈ আঙুলিয়াই দি বেপাৰীজনে মাছটো পেটৰ ফালে চুই দিলে। মাছটো আকৌ এবাৰ লৰচৰ কৰি উঠিল। মাগুৰ, শিঙি, শ’ল জাতীয় মাছ সহজে নমৰে বুলি জানিছিলোঁ। আজি দেখিলোঁ, বৰালী মাছো সহজে নমৰে।

—–“কিমানকৈ ল’বা? বেপাৰীৰ চকুত চকু থৈ সুধিলোঁ। চকুত চকু থৈ কথা ক’লে হেনোঁ মানুহে চল কৰিব নোৱাৰে।

—-“কেজিত তিনিশকৈ দিব। ডেৰ কেজি আছে, চাৰে চাৰিশ হয়, আপুনি চাৰিশ পঁ‌চিশ দিলেই হ’ব দিয়ক।”

মাছটো জুখি থাকোঁ‌তে মানুহজনে ক’লে। ওজন ডেৰ কেজিতকৈ পঞ্চাশ গ্ৰাম বেছিয়েই হ’ল। মানুহজনক মাছৰ দাম হিচাপ কৰি টকাকেইটা দিয়াৰ পিছত মোনা এখনত ভৰাই মাছটো গাড়ীৰ ডিকিত ভৰাই দিলে। ঝুমুৰ পৰা ল’ৰা এজনে কাৱৈ মাছৰ ঘটিটোৰ মুখখন ভালকৈ বান্ধি আনি দিয়াত সেইটোও গাড়ীৰ ডিকিত দিলোঁ। নুমলীগড় গৈ পাওঁ মানে আবেলিয়ে হ’ব, চিনাকি বেপাৰীটোৰ দ্বাৰা মাছখিনি কটা বছাৰ ব্যৱস্থা কৰিব লাগিব।

দুপৰীয়াৰ সাঁজটো ৰাস্তাৰ কাষতে ধাবা এখনত খালোঁ।মানুহজনীৰ ৰঙা চকুৰ বাবে নিৰামিষ খাব লগা হ’ল, ৰাতি যিহেতু মাছ খোৱা হ’বই, ময়ো সিমান লাগি নাথাকিলোঁ‌। খোৱাৰ পিছত পুনৰ যাত্ৰা আৰম্ভ হ’ল। গাড়ীৰ গতিবেগ বৃদ্ধি পাইছে, মাজে মাজে কাণ থিয় কৰোঁ, কিজানি ঘটিটোৰ পৰা খলখলনিৰ শ্ৰুতি মধুৰ সংগীত শুনিবলৈ পাওঁ! নাই, নুশুনি। ল’ৰাজনে মুখখন টানকৈ বান্ধিলে চাগৈ।

আবেলি তিনিমান বজাত নুমলীগড় পালোঁ। চিনাকি মাছৰ বেপাৰীজনৰ দোকানখনৰ কাষতে গাড়ীখন ৰখালোঁ। মোক দেখি বেপাৰীজন আগবাঢ়ি আহিল।

–“চাৰ, মাছ ল’ব নেকি? ৰৌ এটা আছিল, কালিয়নীৰ।”

–“আজি নালাগে দিয়া। ৰাস্তাতে জীয়া মাছ অলপ সস্তাতে পাই লৈ আনিছোঁ। তুমি অলপ কাটি মেলি দিয়া আৰু।”

ডিকিৰ পৰা বৰলীমাছটো আৰু কাৱৈৰ ঘটিটোও উলিয়াই আনি বেপাৰীটোক দিলোঁ। ঘটিটোৰ পৰা সিমান খলখলনিৰ শব্দ শুনা নাই এতিয়া, কাৱৈকেইটা ভাগৰি গ’ল চাগৈ। ঘটিটোৰ পৰা মাছখিনি উলিয়াবলৈ বেপাৰীজনে মুখখন খুলি ঢালি দিলে। পানীখিনি বৈ যোৱাৰ পাছত চাৰিটা মজলীয়া আকাৰৰ কাৱৈ জপিয়াই উঠিলে। ই কি, তাত দেখোঁতে আঠটামান কাৱৈ আছিলে। ৰাস্তাত ওলাই পৰাৰ সম্ভাৱনাও নাই যিহেতু মুখখন বন্ধ আছিল। বুজিলোঁ, ল’ৰাজনে তাত চেগবুজি ঘটিটো সলাই দিলে। মোৰ মুখৰ বৰণ সলনি হোৱা দেখি বেপাৰীজনে সুধিলে, “কি হ’ল চাৰ, কাৱৈ চাৰিটাই আছিল নে আৰু আছিল?”

মুহূৰ্ততে মনৰ ভাৱ লুকুৱাই তাক ক’লোঁ, “ঠিকেই আছে, দুজন মানুহ আমি, চাৰিটা কাৱৈ যথেষ্ট।”

কাৱৈ চাৰিটা কাটি বাছি দিয়াৰ পিছত বৰালীটো হাতত লৈ বেপাৰীজনে ক’লে, “মাছটো নৰম হৈছে চাৰ, আজিৰ নহয় এইটো।”
“কি কোৱা হে, নিজে চাই আনিছোঁ। লৰচৰ কৰি আছিল মাছটো।” ধৰমতুলত বেপাৰীজনে মাছটোৰ পেটত পিটিকি দিয়াৰ দৰে ময়ো দিয়াত মাছটো অলপ লৰচৰ কৰি উঠিল। মোৰ চিনাকি বেপাৰীজনৰ এইবাৰ আচৰিত হোৱাৰ পাল। কৌতূহল দমাব নোৱাৰি সি মাছটোৰ পেটটো কাটি দিলে। লগে লগে তিনিটামান সৰু সৰু শিলগুটি ওলাই পৰিল। অলপ পিছতে দেখিলোঁ গুৱৰুৱা এটি মৎস্যৰ উদৰৰ পৰা ওলাই গজেন্দ্ৰ গমনে প্ৰস্থান কৰিব ধৰিছে।

চিনাকি বেপাৰীজনে হাঁহি হাঁহি মোক সুধিলে, “চাৰ, এয়া আপোনাৰ জীয়া মাছ। ধৰমতুলৰ পৰা লৈছিল নিশ্চয়?”

গুৱৰুৱাটোলৈ চাই মই অকল মূৰ দুপিয়ালোঁ‌, উত্তৰ দিবলৈ মোৰ মুখেৰে শব্দ ওলাবলৈ ৰাস্তা বিচাৰি পোৱা নাছিল। মজলীয়া আকাৰৰ গুৱৰুৱাটোৱে যেন মোৰ মুখেৰে সোমাই গৈ ডিঙিত সোপা মাৰি ধৰিছিল।

☆ ★ ☆ ★ ☆

5 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল মৃদুল

    Reply
  • abhijit goswami

    সঁচাকে দাদা বিৰাট বদমাছ সেই বেপাৰী কেইটা

    Reply
  • Bornali S Mudoi

    ভাল লাগিল

    Reply
  • Kallol

    বঢ়িয়া

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লিখিল দেই

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *