ফটাঢোল

ৰঙা ৰুমালখন- ঈশান জ্যোতি বৰা

শান্তিপুৰলৈ সোমাই যোৱা খলা-বমা, একা-বেঁকা আৰু মাজে-মাজে বৰফপৃষ্ঠৰ দৰে মসৃণ-নিমজ পকী পথটোৰ ওপৰত হৃষ্টপুষ্ট চকা দুটা উঠিবলৈহে পালে, মুহূৰ্ততেই এক্টিভাখনৰ বেগ উদ্বেগজনকভাৱে বাঢ়ি গ’ল৷ কোনোদিনেই চল্লিছৰ ঘৰ নোচোৱা এক্টিভাচালক তৰুণে এতিয়া কেনে ৰকমৰ তাড়না আৰু বাসনাৰ দ্বাৰা পৰিচালিত হৈ সত্তৰৰ ঘৰ অতিক্ৰমি ‘আশী কিলোমিটাৰ প্ৰতি ঘণ্টা’ৰ ঘৰটো স্পৰ্শ কৰিবলৈ আগবাঢ়ি গৈছে, সেইটো ভাবিবলগীয়া আৰু একে সময়তে আচৰিত হ’বলগীয়া কথা৷ জীৱনত কোনোদিনেই দহ ৰাণৰ সীমা অতিক্ৰম কৰিব নোৱাৰা বেটছমেন এজনে হঠাৎ এদিন বেট ধৰিবলৈ আহি যদি এশ ৰাণৰ বিধ্বংসী ইনিংছ এটা খেলি দিয়ে, তেতিয়া দৰ্শকসকল বিস্মিত নহ’বনে! “এওঁৰনো আজি কি হ’ল! কি খাই আহিলে?”-সকলোৱে এনেজাতীয় কৌতূহলসূচক প্ৰশ্ন দুই-তিনিটামানেই উত্থাপন কৰিব৷ কোনোবাই হয়তো বাৰে-বাৰে খেলুৱৈৰ জাৰ্চীটোলৈ আৰু হেলমেটৰ ভিতৰত সোমাই থকা মুখখনলৈ ডিঙি মেলি-মেলি চাব৷ “মানুহটো একেই হয়তো!”

পিছে তৰুণৰ ‘মটৰ চাইকেল চালনা’ৰ কেৰিয়াৰত সংঘটিত হোৱা এই বিৰল-ঐতিহাসিক কাণ্ডটোৰ প্ৰতি এক্টিভাখনৰ একমাত্ৰ আৰোহী ‘মই’জনাই যিধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল, যিমান সোনকালে মোৰ দুই নয়ন গৈ বহল চোতালহেন কপালখনত প্ৰৱেশ কৰিব লাগিছিল-তেনে কোনো শাৰীৰিক আৰু মানসিক পৰিৱৰ্তনৰ সূচনা নহ’ল৷ এইটো ঘটনা তাতকৈও আশ্বৰ্যকৰ৷ ক্ৰিকেট খেলত আম্পায়াৰ নথকাৰ নিচিনা আশ্বৰ্যকৰ। কিয়নো পৰিৱৰ্তনৰ সূচনা নহ’ল, কিয়নো মই থম্ থম্ মদন গোপালটো হৈ আৰোহীৰ আসনতেই বহি থাকিলোঁ-তাৰো উপযুক্ত কাৰণ এটা আছে৷ দস্তুৰমত আছে৷

মোৰ চোলাৰ পকেটত এখন ৰঙা ৰুমাল আছে৷ বিগত প্ৰায় আধা ঘণ্টা ধৰি ৰুমালখনে মোৰ পকেটৰ সৌষ্ঠৱ বঢ়াই আহিছে৷ অকল পকেটৰে নে! মনৰ পৰা মগজু, হৃদয়ৰ পৰা হৃদয়স্পন্দন-প্ৰতিটো দেহকণাতেই যেন তাৰেই সুৰসুৰণি, তাৰেই পিৰপিৰণি, তাৰেই চেকচেকনি৷

বিহুৰ বতৰ৷ বোলোঁ-প্ৰিয়তমাৰ ঘৰত বিহুকে খাই আহোঁ৷ সেয়ে গ’লোঁ৷ এঘণ্টাৰ বাট৷ মাক আৰু বাপেকৰ পিছে পিছে অজামিল ভায়েকটোও ভিতৰৰ পৰা ওলাই আহিল৷ অজামিলে আমাৰ স্কুটাৰখন নাৰিকলজোপাৰ তললৈ নিবলৈ আঙুলিয়াই দিলে আৰু এইপিনে মাক-বাপেকে “পালাহি,পালাহি” বুলি কোৰ্হাল কৰি এক অভিনয়সৰ্বস্ব ‘অভ্যৰ্থনা’ জনোৱাৰ দিহা কৰিলে৷ ইমান খাতিৰদাৰী পাই তৰুণৰ মন প্ৰসন্ন৷ সি “হয়, হয় পালোঁহি” বুলি অকৃত্ৰিম সমিধান দিলে৷ ইপিনে মোৰ মন উৎকণ্ঠিত৷ কাৰণ, শুভবিবাহৰ পূৰ্বে এইবাৰ অন্তিমটো বিহু-খোৱা পৰ্ব৷ চাকৰিত জইন কৰাৰ পূৰ্বৰ অন্তিমটো স্ক্ৰিণিং টেষ্টৰ লেখীয়া৷ সিপিনে ভৱিষ্যতৰ ভাৰ্যাৰ মুখ এইমুহূৰ্তলৈকে দৰ্শন হোৱা নাই৷ চাগে ভিতৰতে আছে৷ কিজানিবা কিবা ঠেহ, কিবা অভিমান, ৰঙালীৰ বতৰত কিবা এক আৱেগিক বিজুতি! হয়তো বিবাহোত্তৰ জীৱনৰ দীৰ্ঘস্থায়ী কিবা থেনথেননিৰ এইয়া এক প্ৰহেলিকাময় পূৰ্বাভাষ! পিছে ৰক্ষা, নাৰিকলজোপাৰ তলত ষ্টেণ্ডডাল পাতি স্কুটাৰখন ৰখাই ওভতি আহোঁতেই দুৱাৰদলিত ‘তেওঁ’ক দেখা পালোঁ৷ এক অপৰূপ নাটকীয় ভংগিমাত ঠিক পুৰণি হিন্দী ছবিৰ হৰিণীনয়না নায়িকাৰ দৰেই থিয় হৈ আছে৷ বেয়া নালাগিল৷ শৰ্মিলা ঠাকুৰ! এহ নহয়। চকুত বিজুলীৰ চমকনিৰ অভাৱ! মধুবালা-নাই-নাই সিমান ‘নজাকত’ নাই! অঁ, অঁ পাৰিছোঁ ধৰিব৷ এয়া দেখোন সাক্ষাৎ মিনাক্ষী শেষাদ্ৰী! ধন্য হ’লোঁ৷ আঁতৰৰ পৰাই মিঠা হাঁহি এটা মাৰিলোঁ৷ তেওঁ সসাদৰে গ্ৰহণ কৰিলে। ‘দামিনী, অ’ মেৰি দামিনী’ গীতটো ভুনভুনাই মই তেওঁৰ কাষে-কাষে ভিতৰলৈ সোমাই গ’লোঁ৷

বিহু ঠিকচে খালোঁ। নাখামনে! আৰম্ভ কৰিলোঁ নাৰিকল আৰু কাজু বাদামৰ টুকুৰা সোমাই থকা উচ্চমানৰ বেকেৰী বিস্কুটেৰে। তৰুণে এই অত্যাধুনিক চালে চকুৰোৱা বিস্কুটটো ‘ক’ত পায়’ জানিবলৈ বিচাৰিলে। বাপেকে জনালে। মাকে ‘হ’ব বাৰু। দুটামান মই কাগজত বান্ধি দিম৷’ বুলি কোৱাত তাৰ, অৰ্থাৎ তৰুণৰ ৰং বাঢ়িল। বিস্কুট খাই দুইছেকেণ্ডমান ৰৈছোঁ কি নাই- তেনেতে মাকে পৰ্দাখন ঠেলি লৈ আহিলে চিৰা আৰু দৈৰ বাতি, লগতে তিনিবিধ মিঠাই যথাক্ৰমে-কালাকান্দ, ৰচগোলা, আৰু এটা ‘অচিনাকি’ মিঠাই৷ দৈকণ ম’হৰ। ফেভিকলৰ আঠাৰ নিচিনা। পিছফালে গৈ ডেটলেৰে দুবাৰমান হাত ধোৱাতহে আঠাবোৰ গুচিল। এনে সুস্বাদু ‘বিহু’ তৰুণে আগৰ জীৱনত খাই পোৱা নাছিল। তাৰ আৱেগতে দুটোপাল সুখৰ চকুলো সৰি গ’ল। মই দেখি ক’লোঁ-“পিকচাৰ অভি বাকি হে৷” কথাটো হয়। হাত মচি ভিতৰত বহিছোঁ কি নাই, এইবাৰ মাকে আকৌ লৈ আহিল ফুলা-ফুলা ৰঙা লুচি-বোধহয় মাখনভোগ আটাৰ; লগতে মটৰ আৰু কাবুলী বুটৰ ঘুগুনি; পনীৰ, বুটৰ দাইল আৰু সেউজীয়া ৰঙৰ ‘কিবা’ এটাৰ সংমিশ্ৰণত জীপাল হৈ থকা এক অভিনৱ ব্যঞ্জন৷ আৰু সোঁফালৰ কাঁচৰ এটা বাটীত মুৰ্গীৰ মাংস৷ প্লেটৰ কাষে-কাষে সৰু-সৰু মিঠাইৰ টুকুৰা৷ “জলকীয়া আৰু পিয়াজ অকণমান দিব নেকি! মানে লুচি-ঘুগুনিৰ লগত পিয়াজ অকণ খোৱাটো বহুদিনীয়া অভ্যাস৷” মাকে তৰুণৰ খাদ্যপ্ৰীতি দেখি সন্তোষৰ হাঁহি এটা মাৰিলে আৰু তৰিৎ বেগেৰে চকলা-চকলকৈ কটা পিয়াজ আনি তাৰ সমুখত উপহাৰ দিলে৷ সেইবোৰ খাওঁতেই আধাঘণ্টামান লাগিল। ভাবিছিলোঁ-এইয়াই শেষ হ’বলা। পিছে নহয়। ধোঁৱাই থকা চাহৰ কাপ আৰু অসমীয়া পিঠা-পনা যেনে, বৰপিঠা, ঘিলাপিঠা, তিলপিঠা, সুতুলিপিঠা আদিকে কৰি প্ৰায় দহটা পিঠা লৈ প্ৰিয়তমা হাজিৰ৷ অভিব্যক্তিত জাতীয়তাবাদৰ কেঁচা ৰোমাঞ্চ৷ হয়তো ক’ব বিচাৰিছে-এইয়াহে আচল বিহু৷ কথাটো হয়৷ “বিহু আমাৰ আৱেগ আৰু এই পিঠাবোৰ সেই আৱেগক প্ৰকাশ কৰাৰ মাধ্যম৷” আমি মানি আহিছোঁ৷ তৰুণেও কথাষাৰ অন্তঃকৰেণেৰে অনুসৰণ কৰে। সেয়ে সি আটাইকেইটা পিঠায়েই খালে। মই বৰপিঠা অকণ চেলেকি ভোজনলীলাৰ সামৰণি মাৰিলোঁ।

বিদায় লোৱাৰ পৰ উপস্থিত হ’ল৷ প্ৰিয়তমা এইবাৰ লাজ-লাজকৈ কাষ চাপি আহিল আৰু ৰঙা ৰুমাল এখন বিহুৰ উপহাৰস্বৰূপে মোলৈ আগবঢ়াই দিলে৷ ক’লে-“বুজিছা। আমাৰ ঘৰত তাঁতশাল নাই৷ বজাৰতো চালানী গামোচাৰ উপদ্ৰৱ৷ ৰঙালী বিহুত চালানী গামোচা উপহাৰ দি আমাৰ নিৰ্ভেজাল প্ৰেমক ‘চালানী’ৰ চালনীৰে থকা-সৰকা কৰিব নোৱাৰিলোঁ৷ বিহু বুলি তোমালৈ ৰঙা ৰুমাল এখন থৈ দিছোঁ৷ ৰুমালখন সযতনে ৰাখিবা৷ মোৰ অবৰ্তমানত এই ৰুমালখন আৰু ৰুমালত অংকিত ফুলপাহে তোমাক মোলৈ মনত পেলাই থাকিব৷ আমাৰ প্ৰেমৰ সাক্ষী হৈ ৰ’ব এই ৰঙা ৰুমালখন৷”

মই সেইফালেই পমি গ’লোঁ৷ পমি পমিয়েই স্কুটাৰত উঠিলোঁ। দুনীয়াত কি হৈ আছে-ক’ব নোৱাৰো৷ জানিবলৈও মন নাই। ইমান আৱেগ, ইমান মৰম-বাস্তৱৰ জটিল পৃথিৱীয়ে পাত্তা নাপায়।

সেয়ে তৰুণে অভিলেখ সৃষ্টিকাৰী বেগত স্কুটাই চলাই থকাৰ নাভ্ৰুত-নাশ্ৰুত ঘটনাইও মোক স্পৰ্শ কৰিব পৰা নাছিল৷ চেৰেঙ চেৰেঙকৈ মনত পৰিছে, চেৰেঙ চেৰেঙকৈ…৷ পকেটত থকা ৰুমালখনৰ সুকোমল পৰশে এই স্মৰণ অধিক দ্ৰুত আৰু প্ৰভাৱশালীহে কৰি তুলিছে৷ ৰুমালখনেই মোৰ বাবে এতিয়া বৰ মৰমৰ আৰু আপুৰুগীয়া সম্পদ৷ তেনেতে…

“ঐ নাম৷”

শান্তিপুৰৰ পকী ৰাস্তাটো পাৰ হৈ কেঁচা পথটোত প্ৰৱেশ কৰিছোঁ৷ দুশ মিটাৰমান গৈয়েই বাওঁফালে ৰাজহুৱা শ্মশান এখন৷ সেই স্থানতেই তৰুণে মোক হঠাতে আদেশটো দিলে৷ এক্টিভাখনৰ ব্ৰেক্ টানি মোৰ কাণৰ কাষত মৰা গগনফলা চিঞৰটোত মই সম্বিৎ ঘূৰাই পালোঁ৷ টিঙিচকৈ উঠা খঙটোৱে মনত ক্ৰোধৰ অনুভূতি জগাই তুলিছিল৷

“কি হ’ল? শ্মশানৰ ওচৰত স্কুটাৰখন ৰখাবলৈ তোক ভূতে পালে নেকি?” মোৰ পোনপটীয়া প্ৰশ্ন৷

“বৰকৈ লাগিছে !”

“কি? গৰম?”-মই সুধিলোঁ৷

“ও৷”-কথাষাৰ কৈয়েই সি চোলাটো খুলিবলৈ লাগিল৷

“মূৰ্খ! স্কুটাৰ চলাই থাকিলেহে ঠাণ্ডা লাগিব৷ ৰৈ দিলে গৰম বেছিকৈহে লাগিব৷ বুৰ্বক নেকি?”-‘অজ্ঞানী’টোৰ কৰ্মকাণ্ড দেখি মাঠাটো টিঙিচকৈ মাৰিলে৷

“বুৰ্বক মই নহয়। ‘ও’ মানে কি-তই বুজি পোৱা নাই! শৈশৱলৈ মনত পেলা৷ ধেইৎ তেৰি! ইমানবোৰ লুচি খাবয়েই নালাগিছিল৷”

কথাষাৰ কৈয়েই, মনৰ অনুতাপ প্ৰকাশ কৰিয়েই সি বিজুলী গতিৰে বাটৰ কাষৰ জোপোহাজোপাৰ আঁৰত লুকাল৷ মোৰো শৈশৱলৈ মনত পৰিল। বৰ বেছি ৰোমন্থন কৰিবলৈ সময়েই নাপালোঁ৷ পিছমুহূৰ্ততে জোপোহাৰ সিপাৰৰ অন্ধকাৰ পৃথিৱীৰ পৰা ধাৰাবাহিক ‘বোমা-বিস্ফোৰণ’ৰ দৰে প্ৰলয়ংকাৰী শব্দ কিছুমান ওফৰি আহিল৷ সেইবোৰে তুৰন্তে মোৰ মন হৰণ কৰিলে৷ কাণখন বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হ’ল৷ ‘ও’ মানে কি-মোৰ আৰু বুজি পাবলৈ বাকী নাথাকিল। এপিনে প্ৰলয়ংকাৰী শব্দৰ সমান্তৰালভাৱে আহিছে কিছুমান উচ্চ পৰ্যায়ৰ কলাত্মক দুৰ্গন্ধ৷ মোৰ নাকটো মৰি যাওঁ-মৰি যাওঁ অৱস্থা৷ পাঁচ মিনিটৰ ভিতৰতে শব্দ-প্ৰদূষণ, বায়ু-প্ৰদূষণ-এই সকলোৱে মিলি মোৰ পঞ্চইন্দ্ৰিয়ক জোলোকা-জোলোকে পানী খোৱালে৷ বাহনৰ বেগ কিয় ‘চল্লিছ’ৰ পৰা গৈ ‘আশী’ পাইছিলগৈ-এতিয়াহে বুজি পোৱা গ’ল৷

“ঐ এইফালে আহচোন৷”

এইডাল কি জীৱ অ’। এইফেৰা কাম কৰি থাকোঁতে মুখেৰেনো বাৰু মাত মাতিব পায়নে ! পাষণ্ড ক’ৰবাৰ৷ আৰু তই মাতিলিয়েই যেনিবা, সেইবুলিয়েই মই মিঠাই দোকানলৈ যোৱাৰ দৰে দৌৰি দৌৰি যামনে!

“নাযাওঁ মই৷ ছুপ্ৰিম কোৰ্টৰ বিচাৰক হোৱাহেঁতেন, পৃথিৱী প্ৰদূষণ কৰাৰ অপৰাধত তোক মই যাৱজ্জীৱন কাৰাদণ্ড দিলোঁহেঁতেন৷”-নাকত ধৰি কথাকেইটা কোৱাৰ বাবে মোৰ মাতটো পাতি হাঁহটোৰ দৰে ওলাল৷

“ধেই,এইডাল মনে মনে থাক৷ কথা এটা হ’ল৷”

“কি কথা?”-মই সুধিলোঁ৷ সামান্য উৎসুকতা৷ সামান্য বিব্ৰতবোধ প্ৰকাশ৷

“পানী আছে নেকি লগত?”

“তোক মোৰ এছিছটেণ্ট বুলি ভাবিছ নেকি? তই বাটে-ঘাটে শৌচ কৰি ফুৰিবি, আৰু মই তোৰ হেৰি ধুবলৈ লগত পানী লৈ থাকিম!”

“তেন্তে কি কৰোঁ এতিয়া? কচুপাতৰে চাফা কৰাৰ ৰেকৰ্ড নাই৷”

“কি কৰ কৰ৷ মই যাওঁ৷”

“ৰহ৷ ক’লৈ যাৱ? দে, ৰুমালখন দে।”

“কি!”

“অসম্ভৱ! অসম্ভৱ! দুৰাচাৰী,ননচেন্স! কথা ক’বলৈ বিচাৰি নাপালি আৰু!”

কম সময়ৰ ভিতৰতে মোৰ মুখৰ পৰা কিমান যে সংবিধানবৰ্জিত শব্দ-বাক্য ওলাল, তাৰ লেখ-জোখ নাই৷ কেনেকৈ, কেনেকৈ-ইয়াৰ ইমান সাহস হ’ল এই অদ্ভুত প্ৰস্তাৱটি দিয়াত! ইমান অপমান! ওঁঠ নকঁপিলনে এইটো ‘ফটুৱা’ দিহা দিওঁতে।

“কচুপাতৰে মচ৷ ইমান পাত আছে-সেইবোৰৰে মচ৷”-অলপ সংযত হৈ তাক দিহা এটা দিলোঁ৷

“নাই, নাই৷ ৰিস্ক ল’ব নোৱাৰি। এইবোৰত জোক-চোক লাগি থাকিব পাৰে৷ মোৰ যদি খজুৱতি হয়! একো নহয়, ৰুমালখনকে দে৷ ঘৰত গৈ মই চাৰ্ফৰে ধুই দিম৷”

“থৈ দে তোৰ চাৰ্ফ৷”-মই গৰ্জন কৰি উঠিলোঁ৷

“ঠিক আছে৷ কিন্তু এটা কথা মনত ৰাখ৷”-তৰুণ বোধহয় প্ৰতিশোধপৰায়ণ হৈ উঠিছে। মনত কিজানি জিঘাংঘা বিয়পিছে৷

“কোনটো কথা?”

“সেই যে যোৱাবাৰ বিহুত ৰম্ভা আৰু মেনকাৰ লগত বিহু নাচি ফুৰিছিলি৷”

“তাতেনো কি হ’ল? তই হ’বলা ফুৰা নাছিলি?”

“ফুৰিছিলোঁ৷ কিন্তু তোৰ দৰে ‘তোমালোকক আজি ধুনীয়া লাগিছে’ বুলি তেল মাৰি থকা নাছিলোঁ৷”

“মানুহক ধুনীয়া বুলি কোৱাটো হ’বলা অপৰাধ?”-মই সেপ এটা গিলি ক’লোঁ। কথাৰ সুৰটো দেখোন বেলেগ ফাললৈ গৈ আছে৷

“নহয়৷ কিন্তু কোনেও গম নোপোৱাকৈ এমাহৰ বাবে নেট পেক ৰিজাৰ্ছ কৰি দিয়াটো অপৰাধ! আৰু সেইটো অপৰাধৰ লগত যে সেই “ধুনীয়া লাগিছে তোমাক” বোলা বাক্যটোৰ এক ঘনিষ্ঠ সম্বন্ধ আছে-তাৰ প্ৰমাণ মই ৰাখি থৈছোঁ৷ মোৰ ম’বাইলত৷ এতিয়াই তোৰ ঘৈণীয়েৰলৈ পঠিয়াই দিব পাৰোঁ৷”-সি এক ভয়ংকৰ ষড়যন্ত্ৰত নামি পৰিল ৷ ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে মানুহ কিমান তললৈ যাব পাৰে-ইয়েই তাৰ প্ৰমাণ। ধুৰন্ধৰ দগাবাজ!

“ভৌ ভৌ ভৌ!”

অমংগলীয়াটোৱে কথাষাৰ কৈ শেষ কৰিছিলহে, তেনেতে জানো-ক’ৰ পৰা কুকুৰ কেইটামান মোৰ সমুখলৈ আহি অদ্ভুত ধৰণে ভুকিবলৈ ধৰিলে৷ ঘটনাৰ আকস্মিকতাত মই কঁপি গ’লোঁ৷

“তোক ইমান বিশ্বাসঘাতক বুলি ভবা নাছিলোঁ৷”

“ৰুমালখন দে।”

“ভৌ ভৌ ভৌ!”

কুকুৰকেইটাই আকৌ ভুকিবলৈ আৰম্ভ কৰিলে৷ কিহে পালে এইকেইটাক! মোৰ কপালত ঘাম বিৰিঙিছে। এফালে শ্মশানৰ ভৌতিক পৰিৱেশ! এফালে জনশূন্য ৰাস্তা। নিজম পৰিৱেশ। ঘনঘোৰ অন্ধকাৰ। ঝিলিৰ মাতে সৃষ্টি কৰা চেপা উত্তেজনা৷ আনফালে ক’লা আকাশ। আকাশৰ তলত বিশ্বাসঘাতক বন্ধু। তাৰ হাতত থকা মোবাইল। মোবাইলত থকা ‘প্ৰমাণ’। যদি সঁচাকৈয়ে কিবা প্ৰমাণপাতি ৰাখি থৈছে। তাতে সি টিচিএছৰ ছিনিয়ৰ ছফ্টৱেৰ উপদেষ্টা! ডিজিটেল দুনীয়াৰ আতি-গুৰি ভালকৈয়ে জানে। এতিয়া! এতিয়া! কি হ’ব মোৰ দশা! কি যে বিড়ম্বনা!

“ঐ দিবিনে নাই? নে মই পঠাই দিওঁ৷” জোপোহাৰ অন্ধকাৰ জগতত বহি থকাজনে চিঞৰিলে৷ পুনৰ সি ভাবুকি দিলে৷

“কি লাগে?”-মোৰ মুখৰ পৰা যেনেতেনেহে শব্দটো ওলাল৷

“ৰুমালখন৷ জল্দি দে৷ মহে কামুৰিছে৷”

নাই, আৰু নোৱাৰি৷

“প্ৰিয়তমা, ক্ষমা কৰিবা৷ তোমাৰ ৰুমালখন এনেকুৱা কামত ব্যৱহাৰ কৰিবলৈ পাই মই মৰ্মান্তিক আঘাত পাইছোঁ৷ কিন্তু কি কৰিম কোৱা, দেশৰ পৰিস্থিতি দেখিছাই নহয়! এফালে কুকুৰৰ ভুক্-ভুকনি, আনফালে সেইডালৰ ব্লেকমেইল! আই এম ৰিয়েলি ছ’ৰি৷”

ৰুমালখন জোপোহাৰ সিপাৰলৈ দলিয়াই দিলোঁ৷

“ৰুমালখন তাতে পেলাই থৈ আহিবি৷”

দুই মিনিট৷ হাঁহি হাঁহি সি জোপোহাৰ সিপাৰৰ পৰা ওলাই আহিল৷

“থেংক ইউ দেই৷ তোৰ দৰে বন্ধু কিন্তু পৃথিৱীতেই বিৰল৷ আই এম প্ৰাউড অৱ ইউ৷”

মই নিৰুত্তৰ। যেন কোনোবাই প্ৰকাণ্ড শিল এটাহে বুকুত বহুৱাই দিছে৷ যেন কেলঢোপ-কেলঢোপকৈহে মই উশাহ লৈ আছোঁ৷ কি ঘটি গ’ল চকুৰ পচাৰতে-তৰ্কিবই নোৱাৰিলোঁ৷ ইপিনে নৰাধমটোৱে ‘টেংকি’টো খালী কৰি পুনৰ এবাৰ ফিল-আপ কৰাৰ দিহা কৰিছে আৰু সুধিছে-

“খুড়ীয়ে দিয়া বিস্কুটকেইটা উলিয়াও ৰ’হ৷ ভোকেই লাগিল৷”-

বকাসুৰে পুনৰ গৈ বাহনৰ চিটটো দাঙিলে। কাগজেৰে মেৰিয়াই থোৱা বিস্কুটকেইটা তাতে আছিল। এখন-এখনকৈ সি পৰম আকুলতাৰে খাবলৈ ধৰিলে।
“ভীমে তোকেই বধ কৰিছিল হ’বলা এসময়ত৷”

“হ’ব দে৷”-বিস্কুট এটা মৰমৰকৈ চোবাই সি অভিমানৰ সুৰত ক’লে৷ “মোৰ ওচৰত কোনো মেচেজ-চেচেজ নাই৷ মিছাতে গালি পাৰি থাকিব নালাগে৷ ঘিঁউ উলিয়াবলৈ আঙুলিটো অলপ বেঁকা কৰিলোঁ আৰু৷”

প্ৰচণ্ড খং উঠিছিল৷ মন গৈছিল দুটামান বাঘঢকা আৰু চাৰি-পাঁচটামান থিয়গোৰ মাৰি ইয়াৰ পিঠি সমান কৰি দিবলৈ, ঠেং-হাত ভাঙি চুচুৰ্মৈ কৰি দিবলৈ। কিন্তু গাত শকতি থাকিলেও মনত নাই।

কুটুংকৈ তেনেতে ম’বাইলটোৱে শব্দ এটা কৰিলে৷ চেনেহীৰ বাৰ্তা৷ কৈছে-“প্লিজ, ৰঙা ৰুমালখন হোৱাটছআপত ডিপি কৰি দিয়াচোন৷”

কি কৰিম, ভাবি নেপালোঁ। কি উত্তৰ লিখিম, ধৰিব নোৱাৰিলোঁ।

কেৱল জোপোহাৰ সিপাৰে অন্ধকাৰ পৃথিৱীত অদৃশ্য হৈ পৰি ৰোৱা ৰঙা ৰুমালখনৰ ফালে ভেবা লাগি চাই থাকিলোঁ৷
☆ ★ ☆ ★ ☆

10 Comments

  • ৰিণ্টু

    লাজৱান ঈশান, খুব ভাল লাগিল

    Reply
    • ঈশান

      হিহিঃ ধন্যবাদ দাদা

      Reply
  • মুনমুন সৰকাৰ শইকীয়া

    হাঁহি হাঁহি পেট ফাটি যোৱাৰ উপক্ৰম দেই। বঢ়িয়া লাগিল।

    Reply
  • Jayashree Sharma

    তামাম ? ? ?

    Reply
  • জ্যোতিৰ্ময়

    ডিপিত দিব লাগে বোলে ? ? ?
    সাংঘাতিক

    Reply
  • Gyan Bordoloi

    কি যে এক অবাঞ্চিত পৰিস্থিতি । বহুত ভাল লাগিল । সুন্দৰ কাহিনী ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *