ফটাঢোল

স্বৰ উৎপাদন-ৰঞ্জিত হাজৰিকা

আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ যোগেদি এসময়ত নিশা সম্ভৱ দহমান বজাত শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান এটা প্ৰচাৰ হৈছিল৷ গান-বাজনা সিমান বেয়া নাপাওঁ বাৰু৷ কিন্তু ধ্ৰুপদী সংগীতৰ কোনো জ্ঞান মোৰ নাই৷ গতিকে সেইটো অনুষ্ঠানৰ প্ৰতি মোৰ বিশেষ আগ্ৰহৰ কথাও নাই৷ তথাপি বুজাই-নুবুজাই চকু-টকু মুদি বেছ চমঝদাৰৰ দৰে অনুষ্ঠানটো মই প্ৰায়ে শুনিছিলোঁ৷ আগ্ৰহ নথকা সত্ত্বেও মই কিয় শুনিছিলোঁ সেই অনুষ্ঠানটো? আচলতে সেই সময়ত মনোৰঞ্জন বুলিবলৈ ৰেডিঅ’টোৰ বাহিৰে আছিলনো কি? তদুপৰি আমি ককাই-ভাইকেইটাই নিজেই মেৰামতি কৰি কৰি ঘৰৰ ৰেডিঅ’টোৰ অৱস্থা যে ইতিমধ্যে শোচনীয় কৰি থৈছোঁ৷ যোৰহাটৰ পৰা ডিব্ৰুগড় বেছি দূৰ নহয় বাবেই সম্ভৱ ৰেডিঅ’টোত শুনিব পৰাকৈ বজা একমাত্ৰ চেণ্টাৰ আছিল আকাশবাণী ডিব্ৰুগড়েই৷ আনবোৰ চেণ্টাৰত টিউনিং কৰিলে মাত-কথাতকৈ যান্ত্ৰিক খেৰখেৰ মেৰমেৰবোৰহে বেছিকৈ বাজিছিল! গতিকে আমাৰ বাবে অনাথৰ নাথ সেই ডিব্ৰুগড় চেণ্টাৰেই৷ আকৌ ঘূৰি আহিছোঁ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটোলৈ৷ এজন ঘোষকলৈ মনত পৰিছে৷ তেওঁ প্ৰায়েই ঘোষণাটো কৰিছিল এইদৰে— “শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত এতিয়া শুনক অমুকৰ স্বৰ উৎপাদন৷” তাৰ পিছতে ৰেডিঅ’ত ভাহি আহিছিল শাস্ত্ৰীয় বাদ্যৰ টুং টুং টাং টাং৷ সেই বাদ্যৰ পৰা অবিৰতভাৱে নিৰ্গত হৈছিল বিধে  বিধে “স্বৰ”৷ একো বুজি নাপালেও শুনি ভালেই লাগিছিল স্বৰবোৰ৷ সঁচাই “স্বৰ উৎপাদন”ৰ কি যে মহিমা—- তাঁৰডালতে টুকুৰিয়াই টুকুৰিয়াই কমবোৰ “স্বৰ” উৎপাদন কৰে নে শাস্ত্ৰীয় শিল্পীগণে!

পিছে আচল কথাটো বুজিবলৈ মোৰ বহু বছৰ লাগিল আৰু বুজি পোৱাৰ পিছত হাঁহিমেই নে কান্দিমেই যেনো লাগিল৷ আচলতে মোৰ দৰে শাস্ত্ৰীয় সংগীতৰ বেলিকা বেৰসিক শ্ৰোতাজনক আপ্যায়িত কৰিবলৈ শিল্পীয়ে সেয়া কোনো “স্বৰ” উৎপাদন কৰা নাছিল৷ সৰোদ বাদনৰহে অনুষ্ঠান আছিল সেইবোৰ৷ ঘোষকে “সৰোদ” শব্দটো “চৰোদ” বুলি উচ্চাৰণ কৰা সূত্ৰেহে সি “স্বৰ উৎপাদন”ৰ ৰূপত মোৰ কাণত খুন্দিয়াইছিলহি৷ তদুপৰি তেওঁ শব্দ দুটাৰ মাজত কোনো যতি নাৰাখি যুগ্ম শব্দৰ দৰে একাকাৰ কৰি “চৰোদবাদন” বুলি ঘোষণা কৰিছিল৷ এতিয়া সেই “চৰোদবাদন”টোকে খৰকৈ মাতি চাওকচোন— “স্বৰ উৎপাদন” যেন নুশুনি? এতেকে মোৰ গাত কি দোষ?

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *