হেল্ল’ অলপিতা গাংগুলী- দেবজিত শৰ্মা
সময় : ২০১০, মাৰ্চ
স্থান : গুৱাহাটী
এই মাৰ্চ মাহটো আহিলেই ফাইনেন্সিয়েল চেক্টৰত কাম কৰা মানুহবোৰৰ অৱস্থা বেয়া হৈ যায়৷ টাৰ্গেট, গ্ৰৌথ, সৰ্বভাৰতীয় পৰ্য্যায়ত নিজৰ অৱস্থিতি ইত্যাদি ইত্যাদি৷ লগতে আমাৰ চেলচ আৰু বেক অফিচৰ সংঘাটবোৰতো আছেই৷ আমি যদি চৰকাৰ, তেওঁলোক বিৰোধী৷ মুঠতে মগজুৰ ঘি উতলি থকা পৰিবেশ৷
এই সময়খিনিত সপ্তাহটোৰ প্ৰায় চাৰি দিনেই ফিল্ডত বেংকবোৰ ভিজিট কৰিব লাগে, লগতে বেংকৰ প্ৰবন্ধকৰ অফিচতো গৈ পগ্ৰেছ ৰিপৰ্ট দিব লাগে৷ নিজৰ ব্ৰান্স অফিচত দুদিন, বা কেতিয়াবা ৰবিবাৰে খোলা থাকিলে বহাৰ সুযোগ পাওঁ৷ ফেচবুক লাহে লাহে জনপ্ৰিয় হৈছে আৰু৷ অফিচৰ চেলচৰ মানুহবোৰে প্ৰথমে আৰু বেক অফিচ(অপাৰেচন) ৰ মানুহবোৰেও লাহে লাহে একাউণ্ট খুলি বন্ধুত্বৰ তালিকাত যোগ হ’বলৈ আৰম্ভ কৰিছে৷ আমাৰ বেক অফিচৰে এজন সহকৰ্মী আছিল পল্লৱ ঘোষ, নিজকে আজিৰ ‘কবিৰ সিং’ ধৰণৰ ইমেজ এটা দেখুৱাব খোজা৷ তাক কেতিয়াবা ছোৱালী বা বিয়াৰ কথা লৈ কামোৰ দিলে এনে এটা ভংগীমা দেখুৱাই যে ছোৱালী বা প্ৰেমপ্ৰীতিৰ গুৰুত্ব তাৰ জীৱনক শূন্য৷ এনেই তাৰ আমাৰ লগত ভালেই যদিও, কামৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় নিয়ম কিছুমান টানি অনাৰ অভ্যাস এটা থকাৰ বাবে পেটে পেটে চেলচৰ মানুহে বেয়া পাইছিল৷ বেহটি গংগাত হাত ধুই এদিন পল্লৱ ঘোষেও ফেচবুকত একাউণ্ট খুলি আমাৰ বন্ধু তালিকাত নিজৰ নামটো সংযুক্ত কৰিলে৷ উল্লেখযোগ্য যে ফেচবুকত একাউণ্ট খোলাৰ এই প্ৰক্ৰিয়াটো জানুৱাৰীৰ পৰা ফেব্ৰুৱাৰীৰ মাজৰ৷ এতিয়া আহোঁ মাৰ্চলৈ৷ এদিন ৰাতি ফেচবুকচ পিটপিটাই ফুৰোঁতে চকু পৰিল আমাৰ কবিৰ সিং ওৰফে পল্লৱ ঘোষৰ দুটা আপডেট ‘তমস্ৰী চেটাৰ্জী’ আৰু ‘কালাপাহাৰ৷’ লগে লগেই সহকৰ্মী পংকজ, সুদিপ্ত আৰু আই টিৰ সহায়ক ফৰিদলৈ ফোন কৰিলোঁ৷ এইখিনিতে কোৱা উচিত হ’ব, আই টিৰ ল’ৰাজন যদিও বেক অফিচৰ লগতে বহে কিন্তু সম্পৰ্কটো আমাৰ লগতহে খুব ভাল৷ সকলোৰে লগত কথা পাতি নিশ্চিত হ’লোঁ যে পল্লৱে ভুলতে চাৰ্চ কৰাৰ পৰিবৰ্তে তমস্ৰী চেটাৰ্জী আৰু তেখেতৰ বাসস্থান কালাপাহাৰৰ নামটোকে ফেচবুকত প’ষ্ট হিচাপে আপডেট দি দিলে৷ লগে লগেই সকলোৰে সন্মতিত আৰম্ভ কৰিলোঁ মিশ্যন পল্লৱ৷
পাছদিনা কথামতেই ফৰিদে তাৰ মবাইলটোত নতুন চিম কাৰ্ড এখন ভৰাই আনি পংকজৰ হাতত দিলে৷ নতুনকৈ বজাৰত উপলব্ধ কাৰ্বন কোম্পানীৰ সেই মবাইলটোত মানুহৰ মাত সলনিৰ ব্যৱস্থা আছিল৷ নাৰীৰ মাতলৈ কথা ক’ব পৰা ব্যৱস্থাটো সলনি কৰি চাৰ্ভাৰ ৰূমৰ পৰা পংকজে ফোন লগালে, হাতত মোৰ নেতৃত্বত তৈয়াৰ কৰা স্ক্ৰীপ্তখন৷ ইফালে পল্লৱৰ গতিবিধি লক্ষ্য কৰিবলৈ সুদিপ্তক আগতেই সি বহা টেবুলখনৰ ওপৰতে থাকিব দিয়া গৈছে৷ দুবাৰ ৰিং কৰি কাটি যোৱাৰ পাছত, তৃতীয়বাৰত
পংকজ : হেল্ল’, পল্লৱ ঘোষ হয় নে?
পল্লৱ : হয়, মই পল্লৱ ঘোষ৷ আপুনি কোন! কাক বিছাৰিছে?
পংকজ : মই কৈছোঁ৷ অলপিতা গাংগুলী৷
পল্লৱ : কোন অলপিতা! মই চিনি নাপাওঁ!
পংকজ : (অভিমান ভৰা কণ্ঠেৰে) মানুহ হেণ্ডচাম হ’ল বুলিয়েই ইমান অহংকাৰ নে! চিনি নাপালে কথা পাতিব নোৱাৰি নেকি?
পল্লৱ : (গুগলিটোত ধৰাসায়ী হৈ) মানে চিনি নাপাওঁ যে, কি কথা পাতোঁ ধৰিবই পৰা নাই! কিন্তু মোৰ নম্বৰ ক’ত পালা? তুমি কোন, ঘৰ ক’ত?
পংকজ : (কৃটিম খঙেৰে) উফ, একেদিনাই সকলো কথা পাতিব নে! আপোনাক ফেচবুকত দেখি ইমান যে কথা পাতিবলৈ মন গ’ল৷ বহুত খা-খবৰ কৰি অৱশেষত ফোন নম্বৰটো সংগ্ৰহ কৰিলোঁ৷ বাৰু এতিয়া ৰাখোঁ দেই, যদি কথা পাতি ভাল লাগিল নিজে ফোন কৰিব৷ বাই৷
এইখিনি কৈ শেষ কৰি পংকজে ফোনটো কাটি দিলে৷ মিচনৰ প্ৰথম অধ্যায় সম্পূৰ্ণ৷ পাঁচ মিনিটমান পাছত সুদিপ্ত আহি জনালে কবিৰ সিঙৰ ইমেজ দেখুৱাই ফুৰা পল্লৱে ফোনটো অহা পাছৰে পৰা মিচিক মিচিককৈ হাঁহি আছে৷ মাজে মাজে মবাইলটো চাই, মাজে মাজে খিৰিকীৰে বাহিৰলৈ! মুঠতে ‘তীৰ নিচানাত’ লগা বুলি গম পালোঁ৷ ইয়াৰ প্ৰথম প্ৰভাৱ সেইদিনাই আবেলি চাৰি বজাত দেখিবলৈ পালোঁ৷ মাৰ্চৰ ব্যস্ততাৰ মাজতো পল্লৱ ঘোষে খুব জৰুৰী কাম থকা বুলি অফিচত কৈ ফেচিয়েলো কৰাই আহিলগৈ৷
সেইদিনা ৰাতি ফোনটো পংকজেই লৈ গৈ আৰু দুঘণ্টামান কথা পাতিলে৷ ইমানদিনে জধলা হৈ থকা পল্লৱ ঘোষৰ ৰূপেই সলনি হৈ গ’ল৷ পাৰফিউমৰ সুগন্ধত বেক অফিচৰ প্ৰায় আধা অংশ মলমলাই থকা হ’ল৷ এইখিনিতে বৰ মজাৰ ঘটনা এটা ঘটিল, মাৰ্চৰ ত্ৰিশ তাৰিখে আমি অফিচ আহি পোৱাৰ সময়তেই তাৰ ফোনটো আহিল৷ কিন্তু কিবা কাৰণত সেইদিনা পংকজ আহি পোৱা নাচিল৷ গতিকে ফৰিদে আগবঢ়াই দিয়া ফোনটো ময়েই ধৰিব লগা হ’ল৷ ইফালে বঙালী ভাষা বুজি পালেও কোৱাৰ ক্ষেত্ৰত ইমান সাৱলীল নহয়৷ গতিকে অলপিতা নামৰ চৰিত্ৰটোৰ বান্ধৱী হৈয়ে ফোনটো ৰিচিভ কৰিব লগা হ’ল৷ ভঙা ভঙা বঙালী ভাষাতে তাক বুজাবৰ চেষ্টা কৰিলোঁ যে যোৱাৰাতি অলপিতা তাইৰ বয়ফ্ৰেণ্ডৰ লগত পলাই গ’ল৷ কোনোমতেই বুজিব নোখোজা পল্লৱক উদ্দেশ্যি মই বঙালী ভাষাত দিয়া বুজনিবোৰ শুনি ওচৰত থকা সুদিপ্ত, ফৰিদ আৰু ইতিমধ্যে আহি পোৱা পংকজে নিজৰ হাঁহি ৰখাব নোৱাৰি ইমান শ শব্দে হাঁহি দিলে যে মই ফোনটো কাটি দিবলৈ বাধ্য হ’লোঁ৷
আবেলিলৈ খবৰ এটা কাণত পৰিল যে গাৰ্লচ হোষ্টেলত থকা কোনোবা অলপিতা নামৰ ছোৱালী এজনীয়ে পল্লৱ ঘোষক প্ৰেমৰ জ্বলা কলা খুৱাই কালি পলাই গ’ল আৰু আজি তাইক বিছাৰি ফোন কৰোঁতে লগৰ বান্ধৱীকেইজনীয়ে ফোনতে খুব হাঁহিলে তাক৷
বহুদিন পাছত পল্লৱে এইটো ঘটনাৰ সত্যতা গম পাই আমাৰ চাৰিটাকে ফেচবুকত ব্লক কৰি দিছিল, যি ব্লক আজিও খোলা নাই৷
☆ ★ ☆ ★ ☆
11:44 am
হা হা হা, বঢ়িয়া লাগিল।
11:44 am
সুন্দৰ | হাঁহি আছো ৰাইজৰ সৃজনীমূলকপ্ৰতিভা বোৰ দেখি |
12:05 pm
বঢ়িয়া! বেচেৰা পল্লৱ!
2:48 pm
ধেৎ তেৰি কি টুপী দিলা হে ???
4:30 pm
নাপায় দেই!
4:36 pm
হা হা ভাল লাগিল
2:22 pm
মজা লাগিল।