ফটাঢোল

যুদ্ধ আৰু শান্তি- চুমী মহন্ত

যুদ্ধ আৰু শান্তি। বৈপৰীত্যৰ অৰ্থ বহনকাৰী দুটা শব্দ। দুয়োটা শব্দৰে অৰ্থ যিদৰে ভিন্ন, সেইদৰে দুয়োটাৰে অন্তৰ্নিহিত শক্তিও তাৎপৰ্যপূৰ্ণ তথা পৰাক্ৰমী। যিদৰে যুদ্ধই সমগ্ৰ বিশ্বলৈ পৰিৱৰ্তনৰ জোৱাৰ আনে, সলনি কৰি তুলিব পাৰে সভ্যতা আৰু সমাজ, ঠিক সেইদৰে শান্তিয়েও সমগ্ৰ বিশ্বক অন্য এক মাত্ৰালৈ উন্নীত কৰিব পাৰে। কিন্তু পৰিবৰ্তনকামী হ’লেও দুয়োটাৰে পন্থা সম্পূৰ্ণ বেলেগ। বিশ্বৰ উল্লেখযোগ্য তথা বিখ্যাত যুদ্ধৰ ভিৰত অন্যতম কুৰুক্ষেত্ৰ যুদ্ধ (পৌৰাণিক কালৰ), প্ৰথম বিশ্বযুদ্ধৰ, দ্বিতীয় বিশ্বযুদ্ধ আদিয়ে বিশ্বখনক এক ধ্বংস যজ্ঞলৈ ৰূপান্তৰিত কৰিছিল। তেতিয়াই মানৱ জাতিৰ প্ৰতিটো অন্তৰাত্মাই শান্তি কামনাৰ উদ্দেশ্য প্ৰাৰ্থনা জনাইছিল। বৰ্তমান সময়ত কোনো দিনেই কোনো লোকে যুদ্ধ কামনা নকৰে তথাপি ক’ব নোৱাৰি যে মানুহবোৰ শান্তিপ্ৰিয় হৈছে। প্ৰত্যেকজন ব্যক্তিয়ে আনজনৰ প্ৰতি, এখন ৰাজ্যৰ আনখন ৰাজ্যৰ প্ৰতি অথবা প্ৰতিখন দেশৰ মাজত বৰ্তমান সময়তো শীতল যুদ্ধ অথবা অন্য নামলৈ একোখন যুদ্ধ চলি আছে, কিদৰে নিজকে প্ৰতিযোগিতাৰ শীৰ্ষত ৰাখিব পাৰে। ঠিক সেইদৰে ৰাজনৈতিক নেতাৰ সৈতে সাধাৰণ মানুহৰ, উচ্চ শ্ৰেণীৰ লোকৰ সৈতে নিম্ন শ্ৰেণীৰ, শোষক আৰু শোষিতৰ মাজৰ যুদ্ধ প্ৰাচীন কালৰেপৰা বৰ্তমান পৰ্যায়লৈকে চলি আছে।

    সেয়ে বৰ্তমান সময়ত ‘শান্তি’ৰ ধাৰণাক অত্যন্ত প্ৰয়োজন। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ তীব্ৰ প্ৰভাৱে যন্ত্ৰ মানৱলৈ পৰিৱৰ্তিত কৰা মানৱ সমাজক শান্তিৰ পাঠ পঢ়োৱাটো অত্যন্ত দৰকাৰী।

   বিশ্বজনীন ভাৱধাৰাৰে ক’বলৈ হ’লে, বৰ্তমান পৃথিৱীৰ প্ৰতিখন দেশে আণৱিক শক্তিৰে শক্তিশালী, যদি এখন তৃতীয় বিশ্ব-যুদ্ধৰ পৰিকল্পনা কৰা হয়, তেন্তে বিশ্বত মানৱজগতৰ সম্ভাৱনীয়তাই নোহোৱা হৈ পৰিব‌।

   তদুপৰি বৰ্তমান সময়ত অস্ত্ৰ-শস্ত্ৰৰ যুদ্ধতকৈ ভয়ানকভাৱে মানসিকভাৱে অন্তৰ্দ্বন্দৰ যুঁজ, বিশ্বায়ন নামৰ চলি থকা অনাহক প্ৰতিযোগিতাৰ যুঁজ আদিয়ে সমাজত বিৰূপ প্ৰভাৱ বিস্তাৰ কৰিছে। প্ৰতিটো দিশতে বাহ্যিক দৃষ্টিৰে নেদেখা আভ্যন্তৰীণ যুদ্ধ চলি আছে। সেয়ে ‘শান্তি’ৰ প্ৰয়োজনীয়তা অত্যন্ত উল্লেখযোগ্য হৈ পৰিছে। ‘শান্তি’ এনে এক মাধ্যম যি মানৱ সমাজক প্ৰকৃত মানুহ হৈ  থকাত সহায়ক হ’ব। শান্তিৰ বাৰ্তা দিবলৈ আমি অন্য এজন মহাত্মা গান্ধীলৈ অপেক্ষা কৰিলে নহ’ব, আমি প্ৰত্যেকেই এজন শান্তি মন্ত্ৰৰ বাহক হ’বলৈ যত্নপৰ হ’ব লাগিব। নিজকে সৰ্বশ্ৰেষ্ঠ বুলি ভবা মানৱে নিজৰ শ্ৰেষ্ঠতা প্ৰতিটো ক্ষেত্ৰতে অক্ষুণ্ণ ৰাখিবলৈ হ’লে ‘শান্তি’য়েই হ’ব অন্যতম আধাৰ।
☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *