অতীত ৰোমন্থণ- মৌচুমী ভট্টাচাৰ্য
হি.হি.হি. এক অবুজ হাঁহিৰ খলকনি তুলি আছে তুলিকাই ৰাতি প্ৰায় ২.৩০ বজাত। চাবলৈ গ’লে পুৱাই হ’ল। কিন্ত আজি বন্ধবাৰৰ পুৱা ইমান সোনকালে সিহঁতৰ ঘৰত নহয়। সকলোৱে পুৱা দেৰিকৈ উঠি সকলো কাম আন দিনাতকৈ ব্যতিক্ৰম কৰাটো যেন অভ্যাসতহে পৰিণত হৈছে। কিয় জানো আজি বহু বছৰৰ মূৰত পুৰণি এটি মধুৰ স্মৃতি তুলিকাৰ মানস পাটত ভাঁহি আহিল। তাই ভাবিলে, ইয়াক লিখিত ৰূপ দিয়া যাওক। এনেও তাইৰ স্বামীয়ে তাইক বহুবাৰ গালি গালাজ কৰিছে তাইৰ লেখা মেলা অভ্যসটো এৰি দিয়াৰ বাবে। হয়ো যিজনী মানুহে প্ৰতিদিন এটাকৈ কবিতা আৰু মাজে মাজে গল্প লিখিছিল …খুব কম বয়সৰ পৰাই আলোচনীৰ পাতত সেইবোৰ প্ৰকাশ পাইছিল এতিয়া সেইবোৰ তাইৰ বাবে অতীত হ’ল।কংক্ৰিটৰ নগৰত থাকি আধুনিকতাৰ আৱেশত ইমানেই উটি -ভাঁহি ফুৰিছে যে এইবোৰ কথা মূল্যহীন হৈ পৰিছে।
কলেজত পঢ়া দিনৰে কথা। বান্ধবী জয়াৰ লগত ক্লাছ কৰি উঠি হোটেলত ম’ম খাবলৈ গ’ল। এই ম’ম প্লাজাত বৰ ধুনীয়া ম’ম পায়। ম’ম খাই ঘৰত দিয়া পকেট খৰছৰ পইচাকেইটা মাহটো আটিব নাই ভালদৰে হিচাপ -নিকাচ কৰি শেষত কোনোৰকম দুয়োজনীয়ে মিলাই-মেলি বিল পৰিশোধ কৰি আহি থাকোতে হ’ল নহয় ঘটনাটো। ঘটনা মানে সামান্য…ডাঙৰ নহয়। হিল পিন্ধি আহিছিল সেইদিনা তাই। বেছি ওখও নহয়…শিলগুটিত উজুটি খাই ভৰিটো বৰ বেয়াকৈ মোছোকা খাই গ’ল।যেনেতেনেহে আহি ঘৰ পালেহি। উৎকট বিষ সৰু গাঁঠিত অনুভৱ কৰিবলৈ ধৰিলে। ভৰিটো ফুলিবলৈও আৰম্ভ কৰিলে। দেউতাকে ক’লে -ইমানকৈ ভৰিটো ফুলিছে, ব’ল লৰালৰিকৈ ডাক্তৰৰ ওচৰলৈ যাব লাগিব। ভাঙিছে নেকি তাৰো কোনো ঠিক নাই। এক্স ৰে এখন কৰিলেহে আচল কথাটো ধৰা পৰিব। তায়ো লৰালৰিকৈ ওলাবলৈ সাজু হ’ল। ভায়েকে প্ৰায় দাঙি নিয়াদি নি আইনাৰ সন্মুখত তাইক থৈ আহিল।আজিলৈকে পানীলগা এটা হৈয়ো ডাক্তৰৰ ওচৰলৈ যাব লগা হোৱা নাই। আজি এইকণ দুখ পাওঁতে….বৰ নিজকে বেমাৰী বেমাৰী লাগে ডাক্তৰৰ ওচৰত যাবলৈ, মনতে ভাবিলে তাই। ডাক্তৰৰ তালৈ যাম যেতিয়া অলপ সাজি-কাঁচিয়ে যাব লাগিব, নহ’লে মানুহে ভাবিব ইচ্ কি বা বেমাৰ হৈছে। এজনী কলেজীয়া ছোৱালীৰ মানসিকতা এইয়া।
ভালদৰে চাই বেছ ডাঙৰ যেন লগা সৰস্বতী পূজাত পিন্ধি যোৱা ফুলি এযোৰকে পিন্ধি ল’লে তাই। চুলিখিনি ধুনিয়াকৈ বান্ধি ল’লে। তাইৰ বগা মুখত ল’লে উজ্জ্বলকৈ জিলিকি উঠা লিপ্ষ্টিকো ডাঠকৈ সানি ল’লে। কাপোৰ কি পিন্ধিব –এতিয়াহে লাগিল লেঠাটো, নিজেতো আলমাৰিৰ পৰা উলিয়াবও নোৱাৰে। মাকক চিঞৰি চিঞৰি মাতি ধুনীয়া বিয়া খাবলৈ যোৱা চুৰিদাৰ এযোৰকে পিন্ধি ল’লে। মাকে ক’লে-তই হস্পিতেললৈহে যাবি -এইযোৰ নিপিন্ধিলেও হ’ল হয়। তাই- নাই এইযোৰকে পিন্ধি যাওঁ।
এইফালে বাহিৰত ভায়েক আৰু দেউতাকে গাড়ী ষ্টাৰ্ট দি ৰেডি হৈয়ে আছে। ভায়েকে নিবলৈ আহি দেখে যে-বিয়া খাবলৈ যোৱাদি যাবলৈ ৰেডি- সি আচৰিত হৈ একপ্ৰকাৰ চিঞৰিয়ে উঠিল। লাহে লাহে তাৰ হাঁহিও নুঠা নহয় বায়েকলৈ। মা -দেউতা এই ডেম চি’য়ৰ পগলা হোৱা নাইতো। ভৰিৰ বিষটো গৈ একেবাৰে তাইৰ মূৰত ধৰিল যেন পাইছোঁ। ক’ৰবাত ফেছন্-শ্ব’ কৰিবলৈ যায় নে ডাক্তৰৰ ওচৰলৈ যায়- পাছত মাকৰ ধ্মকিত যেনিবা কোনেও একো নোকোৱাকৈ যাবলৈ ওলাল।
ডাক্তৰে এক্স ৰে এখন কৰিবলৈ দিয়ে। সকলো মানুহৰ দৃষ্টি তাইৰ ওপৰত….কি হৈছেনো? নাই অকণমান দুখ পাইছে। মানুহে আচলতে কাপোৰে কানিয়ে, গহনাই-গাঁথৰিয়ে…বিষে-কোপে ৰ্জজৰিত্ হৈ থকা তাইক দেখি নুসোধিও নোৱাৰা হৈছে। সেইহে কৌতুহলবশতঃ সুধিয়েই দিছে।
এতিয়ালৈকে এবাৰো এক্স ৰে কৰি নোপোৱা তাই লাইটকেইটাৰ পোহৰ ভৰিত পেলাওতে বাৰুকৈয়ে ভয় খালে। তাই ভাবিলে এইকেইটা বিষাই থকা ভৰিতে দি থেপেচ্ কৈ পেলাই নিদিয়েতো…বুলি ভাবি চকুদুটা মুদি খুব জোৰত অ’ মা বুলি চিঞৰ এটা মাৰিহে দিলে।লাজত ৰঙা-চিঙা পৰা ভায়েকে বাৰুকৈয়ে গালি দিলে তাইক-”বলিয়ালিবোৰ কৰি নাথাকিবি।” কোনোৰকম হ’লগৈ যেনিবা। তাৰপাছত আজৰি হৈ ঘৰ পালেহি।বেল্ট এডাল মাৰি দৰৱ লেখি পঠিয়াই দিয়ে বিশেষ একো হোৱা নাই যোৰাটো লৰচৰ হৈছে অলপ দিনতে ভাল পাব। বেল্ট লগাওতেও বিক্ট চিঞৰ…। মুঠৰ ওপৰত হস্পিতেলত তাইক নোচোৱা মানুহ কোনো নাই। এফালে সাজোন-কাচোন আনফালে চিঞৰ-বাখৰ কি যে এক অপূৰ্ব সমাহাৰ। ভায়েকৰতো তাইৰ কাণ্ড-কাৰখানাত খঙত একো নাই হৈ আহিছে। ভায়েকে ঘৰত আহি সকলোকে কৈ দিলে। ওচৰ-চুবুৰীয়ালৈকে তাইৰ সকলো কথা গম পালে। দুদিনমানলৈ তাইক দেখিলেই জোকাবলৈ ধৰিলে। ওচৰ-চুবুৰীয়া তাই দাদা বুলি মতা–ৰণ্টু, ৰূপমদাই তাইক দেখিলে হাঁহি হাঁহি কয়–ডাক্তৰৰ তালৈ যাবলৈ হ’লে কেনেকৈ যাব লাগে এবাৰ এইক সুধি ল’লেই হ’ল। লাজতে কাকো পৰোৱাই নকৰা তাই উত্তৰ দিয়ে-কোনে ক’লে বিয়ালৈ গ’লেহে সাজি-কাছি যাব লাগে। ইচ্ছা কৰিলে হস্পিতেললৈও ভালকৈয়ে যাব লাগে, তেতিয়াহে বেমাৰী বেমাৰী নালাগে…ইত্যাদি মুখ চুপটি।
কিয় জানো আজি ১৫ বছৰমানৰ পাছত তুলিকাৰ ৰাতিখন শুই থাকোতে এইবোৰ কথা মনলৈ আহিল আৰু নিজৰ ওপৰতেই হাঁহি উঠি গ’ল। সেই একেজনী মানুহেই এতিয়া ল’ৰা-ছোৱালী হালৰে সৈতে এখন ভৰা সংসাৰ চলায়। একো কাম নজনা মানুহজনীয়ে এতিয়া কোনো কামকৰা মানুহ নলগোৱাকৈ খুব নিখুত ভাবে ঘৰৰ সমষ্ট কাম কৰে। এবিধমানো খানা ৰান্ধিব নজনাজনীয়ে এতিয়া সকলো ধৰণৰ উত্তৰ ভাৰতৰ, দক্ষিণ-ভাৰতীয় , অসমীয়া প্ৰায় সকলো খাদ্য ৰান্ধিব জানে। ১৫-২০জন আলহি হাঁহি হাঁহি খুৱাব পৰা হ’ল।
ল’ৰা-ছোৱালী জন্ম দিওঁতে অপাৰেচন কৰিব লগা হ’ল তাকো দুবাৰকৈ। তাৰ উপৰিও অনান্য দুই এটা সৰু অপাৰেচনো কৰিব লগা হ’ল। এতিয়া তাইৰ একোলৈকে ভয় নলগা হ’ল। হায়ৰে জীৱন! সময়ৰ তাগিদাত আৰু পৰিস্থিতি সাপেক্ষে মানুহে সকলো কৰিবলৈ বাধ্য। সঁচাকৈয়ে জীৱনে আমাক আমি নজনাকৈয়ে বহু কথাই শিকাই অভিজ্ঞ কৰি তোলে।
☆ ★ ☆ ★ ☆
5:27 pm
ভাল লাগিল
12:08 pm
ধন্যবাদ
3:46 pm
খুব ভাল লাগিল মৌচুমী
12:17 am
ধন্যবাদ
4:17 pm
ভাল লাগিল, আৰু লিখি থাকিব।
12:18 am
ধন্যবাদ
4:23 pm
সুন্দৰ লিখনি
4:23 pm
সুন্দৰ লিখনি
4:29 pm
Nice publication….
4:34 pm
ভাল লাগিল
4:44 pm
ধন্যবাদ
4:42 pm
Val lagil dei porhi
4:43 pm
Val hoise likha tu
6:08 pm
Baa.. Porhi bhal lagile??
6:18 pm
বৰ ভাল লাগিল অ মৌচুমী, লিখনিটোৰ মাজত যেন নিজৰ জীৱনৰ কিছু অংশও বিচাৰি পাইছো,নষ্টালজিক হৈ পৰিছো।
12:19 am
ধন্যবাদ
11:25 pm
Nice one ..likhi thakibo
12:20 am
ধন্যবাদ
5:15 pm
Wao..ki xundor prakax vongi…bohut val lagil
7:33 pm
Wao aru school r dinoru olop add koribo parili heten ……………..bohut bhal lagil