ফটাঢোল

বজাৰত এদিন- অনুৰূপ মহন্ত

গুৱাহাটীত ভাড়াঘৰ লৈ থকা সময়ৰে কথা। গৰমৰ দিনৰে শনিবাৰ এটাত ভাবিলো কাইলৈ মাছ খাম। ডাঙৰ মাছৰ টেঙা দিয়া আঞ্জা বহুত দিন খোৱাই হোৱা নাই! গৰমত মাছৰ টেঙা দিয়া আঞ্জাৰে এসাজ খোৱাৰ মজাই বেলেগ দিয়কচোন।

উজান বজাৰত দেওবাৰে ৰাতিপুৱাই বজাৰ বহে যদিও ভাল ডাঙৰ মাছ বোলে পাবলৈকে টান। পালেও দেওবাৰৰ দিনা সোনকালে উঠি মাছ আনিবলৈ বুলিয়ে বজাৰলৈ যাবলৈও মন নাযায়। সেয়া ভাবিলো সন্ধিয়াই মাছ কিনি আনি ভাড়াঘৰৰ মালিকৰ ফ্ৰীজতে ৰাখিম আৰু দেওবাৰৰ দুপৰীয়াৰ সাঁজ জুতি লগাই খাম। সেই মতেই বজাৰ পালোগৈ।
 
সাধাৰণতে ৰুমমেটজনেহে মাছ মাংসৰ বজাৰ কৰে আৰু মই শাক-পাচলি, চাউল-ডাইল আদিৰ বজাৰ কৰো। বজাৰ কৰি কৰি মাছ-মাংসৰ প্ৰায়বোৰ বেপাৰীয়েই তাৰ চিনাকি। পিছে সেইদিনা সি গণেশগুৰিলৈ গৈছিল বাবে মই অকলে গ’লো। ভাবিলো, কিনো ডাঙৰ কথা! ময়েই পাৰিম দুটাৰ জোখাৰে আধা কিলোমান মাছ আনিবলৈ।
বজাৰলৈ গৈ এফালৰপৰা মাছবোৰ চাই গ’লো। কাৰো দোকানত সোমোৱা নাই, মাত্ৰ চাইহে গৈছোঁ।
এটা বেপাৰীয়ে মাত দিলে – “দাদা আহক আহক, একদম লোকেল ফ্রেশ মাছ আছে।”
মই চালো তাৰ মাছকেইটা, ভেনা মাখি পৰি আছে মাছৰ ওপৰত আৰু সৰু ল’ৰা এটাই পানী চটিয়াই লাঠী এডালৰ মূৰত কাপোৰ এখন মেৰিয়াই তাৰে মাখি খেদাৰ আপ্ৰাণ চেষ্টা চলাই আছে।
মই বোলো, “হেৰৌ লোকেল আৰু ফ্রেশ মাছ যদি ভেনা মাখি উৰি আছে যে মাছৰ ওপৰত।”

সি বেটাই উত্তৰ দিলে বোলে, “কি কয় দাদা, মাছৰ ওপৰত আৰু ভেনা মাখি নুৰি হেলিকপ্টাৰ উৰবনা!”

সকলোৱে হাঁহি দিলে। চবৰে আগতে বৰ লাজ পালো। খংটো টিঙিচকৈ উঠিল। আগতে কাৰোবাৰ মুখত এনেকৈ কোৱা শুনিছিলো যদিও মোৰ নিজৰ ক্ষেত্ৰতে এনে হোৱা দেখি সহ্য নহ’ল। তাক বোলো, “তয়েই খা তোৰ মাছ, মোক নালাগে তোৰ মাছ।”
 
আগবাঢ়িলো।
এইবাৰ পোহাৰী বাই এজনীৰ ওচৰ পালোগৈ। ডাঙৰ আঁৰি মাছ উলিয়াইছে। মাছটো দেখিয়েই মনটো ভাল লাগি গ’ল। বহুত দিন আঁৰি মাছ খোৱা নাই। মাছটো দেখাত ভালেই।
 
দাম কিমান সুধিলো, বুঢ়ীয়ে বোলে ছশ টকা। মই বোলো, “বাই গোটেইটো নালাগে নহয়, কিলো কিমান সেইটো কোৱা।” বুঢ়ীয়ে বোলে, “বাপা হাৰে, কিলোৰ দামেই ক’লোচোন!”
 
মই একেবাৰে জাপ মাৰি উঠিলো। বোলো, “কি কোৱা হে বাই! আমাৰ ফালেচোন দুশ টকা দিলে গোটেই মাছটোৱেই পালো হয়। বাৰু হ’ব, দাম ভালকৈ লগোৱা। কিলো দুশকৈয়ে লোৱা আৰু আধা কিলো দিয়া।”
 
বুঢ়ীয়ে বোলে – “বাপা মাছ খাবা নালগে দে। আঁৰি মাছৰ দাড়িকেইডালেই কাটি দাওঁ তাকে লৈ যা, পুৰি খাবা পাৰবি।”
 

বৈদ্য লাজ পালো। মাছ খাবৰ মনেই নোহোৱা হ’ল।

বজাৰৰপৰা ওলাই আহিলো। কণী দুটামানকে লৈ ৰুমৰ ফালে উভতিবলৈ লৈছোঁ। এনেকুৱাতে মনত পৰিল ভাড়াঘৰৰ মালিকৰ অকণমানিটোৱে কিবা মৰ্টন এবিধ নিবলৈ দিছিল। পিছে নামটোহে মনত নপৰা হ’ল এতিয়া। বহুত চেষ্টা কৰাৰ পাছত কিবা এটা মনত পৰিল।
 

দোকান এখনৰ ফালে আগুৱাই গৈ দোকানীক সুধিলো – “দাদা লকৰ পকৰ আছে নেকি?” (আচলতে নামটো আছিল লক’ পক’) দোকানীজনে ভালকৈ শুনিলে নে নুশুনিলে জানো চিধা নাই বুলি ক’লে।

মই বোলো, “আপোনালোকে লকৰ পকৰ নেবেছে নেকি?” দোকানীয়ে বিৰক্তিৰে উত্তৰ দিলে বোলে, “দাদা, দিনটো বহি আছো, নিজৰটোৱেই বেচিব পৰা নাই, লোকৰটো ক’ৰ পৰা বেছিম হে!”
 
মনতে ভাবিলো কাৰ মুখ চাই জানো বজাৰলৈ আহিছিলো। কাষেৰে বৰফৰ দোকানীটোৰপৰা বৰফ এটুকুৰা মূৰত লৈহে যেনে তেনে ৰুমত সোমালোগৈ।
 
সেইদিন ধৰি উজান বজাৰত বজাৰ কৰাই এৰিলো আৰু।
 
 
 
 
☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *