ফটাঢোল

এটি মহৰ লগত কিছুসময়- দিগন্ত কুমাৰ ভট্টাচাৰ্য

মহটো আঁঠুৱাখনৰ ভিতৰত নে বাহিৰত আছে ধৰিব পৰা নাই মই। কাণৰ ওচৰ-পাজৰেই ঘূৰি আছে মহটো। গাৰুটো আঁঠুৱাত লাগি আছে বাবে মহটো আঁঠুৱাৰ বাহিৰেৰে আহিও কাণৰ কাষত কোনকোনাব পাৰে বুলি মই নিজকে নিজে নিশ্চিতি দিলোঁ। দুবাৰমান হাতেৰে আঁঠুৱাখন জোঁকাৰি দিলোঁ। ভাবিলোঁ সেই জোকাৰণিত কিজানিবা মহটোৱে আঁঠুৱাৰ পৰা ছিটিকি বিছনাৰ কাঠডালত খুন্দা খাই বাগৰি পৰিছে। মহটো নিশ্চয়কৈ মৰিছে। কোনকোননিটো বন্ধ হ’ল। নে সি অকল মুখত আঘাট পালে? মৰা নাই। অনুমান কৰিবলৈ চেষ্টা কৰিলোঁ। বিক্ষিপ্ত চিন্তা কিছুমান মনলৈ আহিল। মই এনেয়ো ওভোত চিন্তা কৰি ভালপোৱা মানুহ।

মহবোৰৰ মুখৰ ভাষা একেই কিয়? একেই মাত, একেই শব্দ, একেই ভাষা। ভালেই। যদি গুজৰাট বা বেংগলৰপৰা মহকেইটামান কাৰোবাৰ বেগৰ ভিতৰত সোমাই ফ্লাইটেৰে আহি অসম পায়, সিহঁত মিলি যাব আৰাম চে অসমৰ কেইটাৰ লগত! অসমৰ কেইটাইও পাত্তা নাপাব, কোন লোকেল বা কোন বাহিৰৰ। নহ’লে সিহঁতৰো চাগে ‘কেব’ থাকিলেহেঁতেন। ‘কা’ বিৰোধী আন্দোলনো হ’লহেঁতেন হয়তো। কেইটামান চাগে নেতা হ’লহেঁতেন তাতেই। মানুহৰ তেজ শুহি খোৱাৰ সুবিধাটো সিহঁতে প্ৰথমে ল’লেহেঁতেন কিজানি। মানুহৰ নেতা আৰু মহৰ নেতাৰ মাজত পাৰ্থক্য খুব এটা নাথাকে, দুয়োটাইতো তেজ শুহে মানুহৰ। এজনে পৰোক্ষভাবে, আনটোৱে প্ৰতক্ষ্যভাবে!

ক্ষন্তেক পাছত আকৌ মহৰ কোনকোনানি শুনিলোঁ। শব্দটো ভৰিৰ ফালৰ পৰা লাহে লাহে আহি আছে..পেট, বুকু..মুখলৈ। দুবাৰমান শূন্যতে মই হাতখন ঘূৰালোঁ। নাই, হাতত একো লগা নাই। বেছি ভোকত থাকিলে অকণমানি বিস্কুট এখন খালে যেতিয়া পেটটোৱে কিবা পৰিল নে নপৰিল একো অনুভৱ কৰিব নোৱাৰে, কেতিয়াবা হাতখনেও মহটো লাগিল নে নালাগিল দৃঢ়তাৰে মগজুটোক ক’ব নোৱাৰে। কিন্তু এইবাৰ মোৰ অশান্তি বাঢ়িল। মহটো নিশ্চয়কৈ আঁঠুৱাৰ ভিতৰতে আছে!

আঁঠুৱাখন তৰি এবাৰ ভিতৰৰ গোটেইখন চাই মই আঁঠুৱাখন অকণমান দাঙি বেঁকা হৈ ভিতৰৰপৰা বাহিৰলৈ ওলাইছিলোঁ, লাইটটো বন্ধ কৰিবলৈ। আকৌ আঁঠুৱাৰ ভিতৰলৈ সোমোৱাৰ আগে আগে বাহিৰৰপৰা পৰা আঁঠুৱাখন জোকাৰি মুহূৰ্ততে ভিতৰ পাইছিলোঁগৈ। হয়তোবা সেইখিনি সময়তে মহটো সোমালে।

কম্বলখন এইবাৰ মই মূৰে-গায়ে ল’লোঁ। তাৰ পাছত লাহেকৈ অকল মূৰটো বাহিৰলৈ উলিয়ালোঁ। চিকাৰীয়ে পঠা ছাগলী এটা ফান্দৰ ভিতৰত সুমুৱাই বাঘটো ফান্দৰ ভিতৰলৈ সোমাই অহালৈ অপেক্ষা কৰি থকাৰ দৰে ময়ো ৰৈ থাকিলোঁ কিছুদেৰি তেনেকৈয়ে অলপো লৰচৰ নকৰাকৈ। মহটো আহি মুখত পৰিলে আপোনমনে তাক তেজ শুহিবলৈ দিম। এই সময়ত আকৌ গৈ লাইট জ্বলাই মহ বিচাৰি, মাৰি পুনৰ লাইট অফ্ কৰিবলৈ আঁঠুৱা দাঙি ওলোৱা-সোমোৱা কৰাতকৈ দুটোপাল তেজ মহটোক দান দিয়াটো বেছি বুদ্ধিমানৰ কাম বুলি ভাবিলোঁ মই। লাহে লাহে মহটো আহিল। প্ৰথমতে নাকত পৰিল। নাকৰ কাষৰ ভাঁজটোত পৰিলে মাৰিবলৈ অসুবিধা হ’ব। মূৰটো অলপ লৰচৰ কৰি আন এক সুবিধাজনক ঠাইত মহটো পৰালৈ ৰৈ থাকিলোঁ। সোঁহাতখন মই সাজু কৰি থৈছোঁ কম্বলৰ ভিতৰতে। মহটোৱে প্ৰায় বিশ ছেকেণ্ডমান সময় তেজ শুহাৰ পাছতেই হাতখন আনি মহৰ ওচৰলৈ আনিব লাগিব বায়ুবেগেৰে। নহ’লে দিগদাৰ, নিমিলিব টাইমিং।

মনত পৰিল, সন্ধিয়া আজি তিনি পেগ খাইছিলোঁ, হুইস্কী! তেজত চাগে এতিয়া মিহলি হৈয়ে আছে এলক’হ’ল। মহটোৱে সেই তেজ খোৱাৰ পাছত মই যদি তাক মাৰোঁ, আৰু তাৰ ডে’ডব’ডীটো যদি পুৱা অন্য মহবোৰে পায়, হাঁহাকাৰ লাগিব হয়তো। মহৰ মাজত ডাক্তৰ বা থাকে নে নাথাকে! পোষ্টম’ৰ্টেম হয় নে নহয় বা! যদি হয়, ইয়াৰ গাত এলক’হ’ল পাব। ডাক্তৰে ৰিপ’ৰ্ট লিখিব, মদ খাই দুৰ্ঘটনাগ্ৰস্ত! দুদিন পাছত সিহঁতৰো হয়তো আইন ওলাব। য’ত ত’ত লিখা থাকিব সিহঁতৰ সজাগতাৰ কাৰণে- “ড’ণ্ট ড্ৰিংক এণ্ড ফ্লাই!” মদ নোখোৱা মানুহ আজিকালি পাবলৈ টান। বিশুদ্ধ তেজ বিচাৰি নাপাব মহবোৰে। সদায় প’ষ্টম’ৰ্টেমৰ পাছত ওলাব- মদ খাই উৰা কাৰণে ক’ৰবাত খুন্দা খাই মৰিছে! আইন কঠোৰ হ’ব। জৰিমনা বিহিব মহৰ পুলিচে। পুলিচবোৰৰ চাইৰেনৰ শব্দও চাগে একেই কোনকোনানিয়েই হ’ব!

মহটো লাহে লাহে মোৰ গালখনত পৰিল। হাতখন সাজু কৰিলোঁ কম্বলৰ ভিতৰতে। এইখিনি কথা কাইলৈ যদি মনজিতাক কওঁ, তাই ক’ব, “তুমি এটা অকৰ্মণ্য..লাইটটো জ্বলাই মহটো বিচাৰিলে কি হ’লহেঁতেন?” হঠাতে দি দিয়ে তাই, এই এলেহুৱা, অকৰ্মণ্য আদি বিশেষণবোৰ। কেতিয়াবা কোনোবা ছোৱালীৰ লগত কথা পতা দেখিলে কৈ দিব, “মহা চেলেপু তুমি!” তাই হয়তো পাহৰিও যায় কি কৈছিল। মই কিন্তু শুব নোৱাৰোঁ কথাবোৰ ভাবি ভাবি। চকু পোৰে। ৰঙা বৰণ লয়। কপালখনেও কিজানি ৰঙা বৰণ লৈছে। মহটোৱে হয়তো এটোপাল তেজ পি মহাসুখে কপালতে বহি বিশ্ৰাম লৈছে। এইখিনি সময়তে তাক মাৰিবলৈ সুবিধা!

হাতখন সাজু কৰিলোঁ মই। “পাঁচ, চাৰি…… এক” কোৱাৰ লগে লগে হাতখনে কপাল চুব লাগিব, মগজুটোৱে সকলোকে নিৰ্দেশ দিলে।

☆ ★ ☆ ★ ☆

16 Comments

  • ৰিণ্টু

    বঢ়িয়া লাগিল দিগন্ত

    Reply
  • প্ৰণামী ডেকা

    সুন্দৰ

    Reply
  • কাবেৰী মহন্ত

    বঢ়িয়া লাগিল

    Reply
  • Anonymous

    মজা দাদা,সদায়ৰ দৰে।

    Reply
  • Jyotirupam Dutta

    বঢ়িয়া!

    Reply
  • হিমাংশু ।

    ভাল লাগিছে দা

    Reply
  • chandana sharma

    ভাল লাগিল দাদা। মহ আৰু কেবকো যে একলগ কৰিব পাৰি মোৰ মাথাইতো কেতিয়াও ঢুকিয়ে নাপাব। হেটচ্ অফ?

    Reply
  • সঞ্জীব।

    বঢ়িয়া লাগিল দাদা।

    Reply
  • Pinakie

    ভাল লাগিল

    Reply
  • অঞ্জলি

    দিগন্ত তোমাৰ প্ৰতিটো গল্পই চুই যায় ।

    Reply
  • Anonymous

    খুউব ভাল লাগিল ।ব্যতিক্ৰমী গল্প

    Reply
  • abhijit goswami

    বঢ়িয়া লাগিল দাদা।আপোনাৰ স্বকীয় ধাৰাৰ সোৱাদেই সুকিয়া।

    Reply
  • অনুৰূপ মহন্ত

    এইবিলাক অকল আপুনিহে ভাবিব পাৰে। বঢ়িয়া লাগিল।

    Reply
  • গৌৰীশংকৰ শৰ্মা

    ৱাহ!
    ভাল লাগিল পঢ়ি

    Reply
  • ৰূপাংকৰ

    এটি বেলেগ স্বাদ! মজা দিগন্ত দা।

    Reply
  • অভিজিত কলিতা

    আকৌ পঢ়িলো। কমেণ্ট দিব থাকি গৈছিল আগৰবাৰ

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *