হাঁহিবোৰো অংশ হৈ পৰক প্ৰতিটো সময় আৰু জীৱনৰ- কংকণা কলিতা
(১)
নতুন স্কুল, পঞ্চম শ্ৰেণীলৈ গৈছোঁ। দেউতা আছিল সেই স্কুলৰে প্ৰধান শিক্ষক, সেয়ে ঘৰতে কৈ গৈছিল স্মাৰ্টলি কথা ক’বা, ভালকৈ পঢ়িবা, মোৰ সন্মান ৰাখি চলিবা ইত্যাদি। ময়ো সেইমতেই শুনিলোঁ, পিছে মই আছিলোঁ একেবাৰে ‘বিন্দাচ’ সৰুৰেপৰা, কাকো ভয় আৰু খাতিৰ নকৰা বিধৰ, একেবাৰে বীৰাঙ্গনা টাইপত থকা।
(২)
দশম শ্ৰেণীত আকৌ বেলেগ স্কুল। সিদিনা আছিল ইংৰাজী গ্ৰামাৰৰ ক্লাছ। ইফালে মই কলমৰ সাফৰেৰে হুইছেল বজাই আছিলোঁ। চাৰে সুধিলে কোনে শব্দ কৰিছে বুলি। কাষৰজনীয়ে মোক দেখুৱাই দিলে। ছাৰে অত্যন্ত খঙেৰে মোলৈ চালে আৰু তেতিয়াই মই বুদ্ধি সাজি উত্তৰ দিলো সৰল মাতেৰে, (যেন ক্লাছৰ ভিতৰত ময়েই অজলা) “ছাৰ সাফৰটো মাটিত পৰি বালি লাগিছিল আৰু বালিবোৰ গুচাবলৈ ফু ফু কৰি দিয়াত শব্দ হ’ল।” সেইদিনা তেনেকৈ বাছি গ’লো।
(৩)
কলেজ পালোহি। H.S 1st Year ত পঢ়ি আছিলো। অসমীয়া বিষয়ৰ ছাৰে কিবা প্ৰৱন্ধ পঢ়াই আছিল, কিন্তু মই একেবাৰে মনোযোগ দিয়া নাছিলোঁ, কেৱল পালাং পুলুং। ছাৰে কথাটো গম পাই দিলে নহয় কৈ বোলে, “মই য’ত এৰিলোঁ তাৰপৰা পঢ়া কংকনা।”
মোৰ উত্তৰ : ছাৰ কিতাপ নাই অনা, সেয়ে কাষৰজনীৰ তাতো ভালকৈ চাই মনোযোগ দিব পৰা নাই, আৰু দুইলাইন আপুনি পঢ়ি দিয়কচোন।
ছাৰ : ঐ চলি কোবাই চিধা কৰিম।
মই : ছাৰ মই বেঁকা নহয় দেখোন, চিধায়েই আগৰপৰা।
ছাৰ : ৰহ ঘৰত ফোন কৰি কওঁ।
মই : ছাৰ জানে মাহঁতেও মই চিধা বুলি সেয়ে নক’লেও হ’ব দিয়ক।
ছাৰ: তই সাংঘাতিক বস্তু এ।
মই : আপুনি কি মাষ্টৰ হে! মানুহৰ ক্ষেত্ৰত বস্তু কেনেকৈ হ’ব পাৰে? মানুহজনহে হ’ব আৰু মই কিবা বস্তু নেকি?
ছাৰ : তই ওলাই যা ক্লাছৰপৰা, অসভ্য ছোৱালী, সন্মান নজনা।
মই : আহক তেন্তে ছাৰ একেলগে যাওঁ। ক্লাছটো শেষ হ’লেই ন ছাৰ?
ছাৰ : তোৰ লগত নোৱাৰো দে। তই বৰ বদমাচ।
মই : ছাৰ এইটো আকৌ কি মাছ? কিলো কিমানকৈ এইবিধ মাছৰ?
ছাৰ : তোক আজি ৰহ…
তেনেকুৱাতে বেলটোৱে টিং টিং কৰিলে আৰু ছাৰ গুচি গ’ল। এনেকৈ যুঁজিলো যে ছাৰ হাৰি গ’ল আৰু ময়ো কোব নাখালোঁ।
(৪)
H.S 2nd year ত থাকোতে এবাৰ ইংৰাজীৰ ক্লাছত টিফিন খাই আছিলো। এটা স্বভাৱ আছিল মোৰ, যিদিনা টিফিনত ভাল লগা বস্তু আছিল পিছপিনে বহিছিলো আৰু ফল মূল, বুট এইবোৰ থাকিলে আগৰ বেঞ্চত বহিছিলো। সেইদিনা আছিল কণী, লুচী, আলু ভাজি এনেকুৱা ধৰণৰ। খাই আছিলোঁ মনে মনে। অলপ ডাকুৰ নিচিনা আছিলোঁ বাবে ছাৰে মোক আগেয়ে প্ৰশ্ন সুধিছিল। সিদিনাও কিবা অমুক বাক্যটোত verb কোনটো, কি টেন্সত আছে, এনেকুৱা প্রশ্ন সুধি আছিল। মইতো সেইবোৰৰ ফালে মন কাণেই নাছিল, মন আছিল টিফিনতহে। চাৰে ওচৰলৈ আহি মোৰ হোটেলখন দেখি এনেকুৱা প্ৰচণ্ড চৰ সোধালে। আই ঐ, আজিও কিবা জিনজিননি অনুভৱ কৰা যেন লাগে। কিন্তু দুখ যে পাইছোঁ সেইটোও দেখুওৱা নাই, একদম বিন্দাচ আছোঁ আৰু কৈছোঁ যে, “ছাৰ আপোনাক নিদি অকলে খোৱাৰ কাৰণে মাৰিলে ন?” আই ঐ! আকৌ দিলে ইখন গালত। শেষত দিলে কাণত ধৰিবলৈ। (লগত আৰু দুজনী আছিল। সেয়ে লগে ভাগে কষ্ট খাইছিলো বাৰু) চৰটোৰ কথা মনত পৰিলে আজিও গালখনত জিনজিননি অনুভৱ হয়।
(৫)
ষোল্ল বছৰীয়া ছোৱালী এজনীয়ে হয়তো দেউতাকৰ নামতো দোকানত বাকী খাবলৈ ভয় কৰে, কিন্তু মই আৰু কলেজৰ প্ৰফেছ’ৰৰ নামতো বাকী খাই অহা মানুহ। সিদিনা কিবা বিশ টকামান নিছিলোঁ নেকি সেয়ে ক্লাছ আৰম্ভ নহওঁতে খাই শেষ। এতিয়া লেজাৰত খাওঁ কি? সেয়ে ওচৰৰ দোকানখনত গৈ ক’লো, “আংকল বাকীকৈ ছিপছ দিয়ক হে। পইছা কাইলৈ দিম।” কিন্তু আংকলে নিদিলে। সেই সময়তে সংস্কৃতৰ ছাৰো দোকানলৈ গৈছিল। ছাৰে পানী বটল লৈ গুচি আহিল। দোকানী কিবা বেলেগ কামত লাগিল। তেতিয়া ক’লোঁ, “অ’ আংকল ছাৰজনে কৈ গৈছে তেখেতৰ নামত বাকী খাবলৈ।” আংকলেও তেতিয়া দি দিলে।
সেয়ে বুদ্ধি থাকিব লাগে। এনেকুৱা ফটাবুদ্ধিৰে জীৱন চলাবলৈ বৰ ভাল।
5:20 pm
বাপৰে,সাংঘাটিক দেখোন এইজনী ছোৱালী
6:44 pm
হিঃহ
12:34 pm
Sir or namot baki 2 mojaaa