ফটাঢোল

শইকীয়াৰ চোতালত মহাৰণ- ৰঞ্জিত কুমাৰ শৰ্মা৷

”হেৰা, বাদ দিয়াহে৷ পুৱাই পুৱাই কি আৰম্ভ কৰিলা? মনে মনে থাকাহে৷”– শইকীয়াই পত্নীক মনে মনে থাকিবলৈ ক’লে যদিও লাভ নহ’ল৷

”নাথাকো মনে মনে৷ কিয় মনে মনে থাকিম? তাই মৰতীয়ে চিঞৰি থাকিব আৰু মই মনে মনে থাকিম?”– শইকীয়াৰ স্বৰতকৈ দুগুণ উচ্চস্বৰত ভেকাহি মাৰি উঠিল শইকীয়ানী৷

শইকীয়াৰ ঘৰত সৃষ্টি হোৱা এই পৰিস্থিতি মূলতঃ হ’ল এখন তুমুল বাকযুদ্ধ৷ শইকীয়াই জনা-নজনাকৈ এই বাকযুদ্ধৰ সূত্ৰপাতো তেওঁক লৈয়েই৷ কথাটো হ’ল, শইকীয়াই নতুনকৈ ঘৰটো নিৰ্মাণ কৰাৰ পিছত চৌহদতে থকা পুৰণি ঘৰটো এহাল দম্পতীক ভাৰাত দিছে৷ মাজে-সময়ে শইকীয়াই চাকৰি সংক্ৰান্তত ঘৰ এৰি বাহিৰত থাকিবলগা হয়৷ পত্নী আৰু ছোৱালীজনীয়ে সংগ পাওক বুলিয়েই মহন্ত দম্পতীক ঘৰটো ভাৰা দিছিল শইকীয়াই৷ কিন্তু শইকীয়াই ভবাৰ দৰে কথাবোৰ নহ’ল৷ প্ৰায়েই শইকীয়ানী আৰু মহন্তনীৰ খুঁট-খাঁট লাগি থকা হ’ল৷ শইকীয়াই অৱশ্যে মহন্তৰ বাহলৈ নোযোৱাকৈ নাথাকে৷ যায়, চাহ-তামোলো খায়৷ আজিও চোতালতে শইকীয়াক দেখি মহন্তনীয়ে মাতিলে৷ মহন্তনীৰ অনুৰোধ শইকীয়াই নেপেলালে৷

মহন্তৰ ড্ৰয়িংৰুমত বহি শইকীয়াই চাহ খাই আছিল৷ একে সময়তে মহন্তনীয়ে চাবলৈ দিয়া কবিতা এটাৰ বানান চাইও আছিল শইকীয়াই৷ এইখিনি সময়ৰ ভিতৰত শইকীয়ানীয়ে “হেৰি হয়নে” বুলি পতিদেৱতাক মাতি আছিল যদিও শইকীয়াই মন কৰা নাছিল৷ অতীষ্ঠ হৈ শইকীয়ানীয়ে ঘৰৰ বাহিৰলৈ ওলাই আহি গিৰীয়েকক মাতিবলৈ লোৱাতহে শইকীয়াৰ কাণত পৰিল৷ মহন্তৰ ঘৰৰ ভিতৰৰ পৰা শইকীয়াই “গৈছোঁ ৰবা” বুলি ক’বলৈহে পালে, শইকীয়ানীৰ মনত থকা তুঁহ জুইকুৰা ভমককৈ জ্বলি উঠিল৷ আজি যেন ফিৰিঙতিৰ পৰা খাণ্ডৱদাহহে হ’বগৈ৷

“মই অথনিৰে পৰা মাতি আছোঁ আৰু আপুনি লোকৰ পদূলি শুঙি বহি আছে?”– মহন্তৰ বাসভৱনৰ দুৱাৰমুখৰ পৰা শইকীয়ানীয়ে গুজৰি উঠিল৷

পত্নীৰ এনে আচৰণত ক্ষুন্ন হ’লেও শইকীয়াই বিশেষ একো নক’লে৷ খং মিশ্ৰিত সুৰত “গৈছোঁ ৰবাহে” বুলি কৈ শইকীয়াই মহন্তৰ ঘৰৰ পৰা ওলাই আহি নিজৰ ঘৰত সোমাল৷ পিছে পিছে বকি বকি শইকীয়ানীয়েও ঘৰ সোমাল৷ কিন্তু শইকীয়ানীৰ বকনি বন্ধ নোহোৱাত এইবাৰ মহন্তনীয়ে বাহিৰলৈ ওলাই আহি মাত দিলে– “আমি কাকো পদূলি শুঙিবলৈ ৰাখি থোৱা নাই৷ চাহ একাপ খাওতেনো কি জগৰ লাগিল?”

“চাহ দিবলৈ মানুহ আছোঁ নহয়৷ চাহ খুৱাই কবি সন্মিলন নাপাতিলেও হ’ব৷” উভতি ধৰিলে শইকীয়ানীয়ে৷

“আমি কবি সন্মিলন পতা নাই৷ তেনেকৈ ক’ব নালাগে৷” উত্তৰ দিলে মহন্তনীয়ে৷

“কিয় নকম? দেখিছোঁ কাৰণে কৈছোঁ৷” শইকীয়ানীয়েও এৰি নিদিলে৷ বাৰান্দালৈ ওলাই গৈ উত্তৰ দিলে৷ কেইটামান মুহূৰ্তৰ ভিতৰতে এই বাকযুদ্ধই তীব্ৰ ৰূপ ল’লে৷

মহন্তনী– আমি কাৰো চকুত ধূলি মাৰি একো কৰা নাই৷

শইকীয়ানী– আমিও চকু মুদা কুলি নহয়৷

মহন্তনী– চকু চৰহা কৰবাৰ৷

শইকীয়ানী– আমি চকু চৰহা নহয়৷ কোনোবাইহে মূৰে ভৰি কাঢ়িছে৷ দুপতীয়াতে যাব কৈ থলোঁ৷

মহন্তনী– শগুনৰ শাপত বুঢ়া গৰু নমৰে৷ কাৰ কি মনৰ ভাৱ আমি নাজানো নেকি কিবা? কোন কিমান পানীৰ মাছ জনা আছে৷ আমি হাড়লৈকে চিনা মনুহ৷

শইকীয়ানী– আমাৰো জনা আছে৷ মানুহটোক চাহ-তমোল খুৱাই, কবিতা শুনাই কথা কিনাৰ মতলব৷ পৰশ্ৰীকাতৰ, আজলমঠ কৰবাৰ৷

মহন্তনী– নিজে কি? আঁকোৰ-গোজালি, অহৌবলিয়া৷ আবৈয়াল, আলিবাটত চালি ধৰা৷

শইকীয়ানী– মতাটোক ঘৰত বন উকটিব দি কোনে আলিবাটত চালি ধৰে আমি দেখি আছোঁ নহয়৷

মহন্তনী– অজীণ পাতকী কৰবাৰ৷ কাঠচিতীয়া, ওভত গোৰে নচা৷ এনেয়েই যিটোহে প্ৰাসাদত ৰাখিছে পাইছোঁ নহয় যাতনা৷ তাতেই আকৌ গেলাত টেঙা দিবলৈ আহিছে৷ আমি যেন চুঙাৰ বাদুলিহে৷

শইকীয়ানী– সঁচা কথা ক’লে গা টেঙায়? ইহ্ বোলোঁতে বিহ্ লাগে৷

মহন্তনী– কিহৰ সঁচা হে? এনে পেট কুলি মানুহ দেখা নাই দেই৷

শইকীয়ানী– মুখৰ ওপৰতে ক’ব পাৰোঁ৷ তাতে কি হ’ল? ইহ্, তেওঁৰ একেবাৰে আমঠু ক’লা পৰি গ’ল! অমুকীয়ে যেন নুবুজিছোঁ হে, শঠা-মিতিৰ পাতে!

মহন্তনী– ঐদেহি-বৈদেহী গাব নালাগে৷ ঘিউত কাঁইট বছা তিৰোতা কৰবাৰ৷

“হেৰা, অসমীয়া অভিধানখন আৰু অসমীয়া ব্যাকৰণ-ৰচনাৰ কিতাপ এখন দিয়াহে৷ কাজিয়া কৰিবলৈ কি শব্দবোৰ উলিয়াইছা হে? অৰ্থবোৰ চাই থওঁ দিয়া৷ কিজানিবা সাহিত্য জগতত মইও সোমাবই পাৰোঁ?”- কাজিয়া শুনি থকা শইকীয়াই ঘৰৰ ভিতৰৰ পৰাই পত্নীক উদ্দেশ্যি ক’লে৷

“আপুনি মনে মনে থাকক৷ মই চাইহে আছোঁ৷ ইহ্ মই মানুহজনী থাকোঁতে তেওঁৰ কাৰণে কোনোবাই ভাত ঘৰহে সাজি থৈছে যেন৷”– শইকীয়ানীৰ ৰণচণ্ডী ৰূপত শইকীয়াই সেই ভাজে তাপ মাৰিলে৷

“আমি কাৰো বাবে ভাত ঘৰ সজা নাই৷”– শইকীয়ানীয়ে গিৰীয়েকক কোৱা কথাখিনি শুনি মহন্তনীয়ে ঘৰৰ বাৰান্দাৰ পৰাই উত্তৰ দিলে৷

শইকীয়ানী– ইহ্ মৰতীৰ গাত লাগি গ’ল৷ ঔ পাৰোঁতেই তললৈ যায়, যাঁচি যাঁচি কিল খায়৷

মহন্তনী– মৰতী মৰতী বুলি নাথাকিব৷ নিজে কি? ইহ্, ভগা নাৱৰ তলিত বিন্ধা, নিজক নাচাই লোকক নিন্দা৷

শইকীয়ানী– নিন্দনীয় কাম কৰিলে শুনিবই লাগিব৷ চৰু চুৱা কৰা কুকুৰৰ টাঙোনেহে গতি৷

মহন্তনী– কথা ভালকৈ ক’ব দেই৷ যি কৰে পৰত তাৰ মিলে ঘৰত, জানি থ’ব৷

“হেৰা, হ’ব দিয়াহে৷ কিমাননো আৰু লাগি থাকা?”– শইকীয়াই পুনৰ ঘৈণীয়েকক বুজোৱাৰ চেষ্টা কৰিলে৷ কিন্তু কামত নাহিল৷ “কিয় মনে মনে থাকিম” বুলি শইকীয়ানীয়ে ফেপেৰি পাতিহে উঠিল৷

“মহন্তইনো কি কৰি থাকে জানো?”– ঘৰতে থকা মহন্তইও পত্নীক শান্ত কৰোৱাৰ চেষ্টা নকৰাত শইকীয়াই নিজকে কোৱাৰ দৰে কথাষাৰ ক’লে৷ শইকীয়াৰ কথাষাৰ শইকীয়ানীৰ কাণতো পৰিল৷ ৰৈ নাথাকি সুযোগৰ সদ্ব্যৱহাৰ কৰিলে তেওঁ৷ মহন্তনীক শুনাকৈ শইকীয়ানীয়ে ক’লে– “সেইজনে ক’ত মাতিব? মুখত পিঠা ভৰাই থৈছে৷ পিছফালে বাচন ধুই আছে কিজানি! আমাৰজনৰ দৰেতো আৰু পদূলি শুঙা নহয়!”

“ঐ, কথা নক’ব৷ দন্দুৰী তিৰোতা৷ ফুতিপকা৷ কণীপোক, গোবৰ-খোঁচৰা৷”– মহন্তনীও উঠিল জাঙুৰ খাই৷

শইকীয়ানী– নিজকে কি বুলি ভাবিছে হে? ফোপ্-চুঙা। আধাকটা, অজৌ গছৰ বজৌ গুটি৷

মহন্তনী– ঐ এলাইবাদু৷ কাঠৰ কঠুৱা তিৰোতা৷ শালৰ মাজৰ শিঙি৷

শইকীয়ানী– ঐ, কথা নকবি৷ আলুৰ পেলাই দিয়া বাকলি শুকুৱাই আছাৰ বনাই খোৱা কৃপণ তিতাকেৰেলাৰ গুটি, পিঁয়াজৰ পেলোনীয়া বাকলি।

মহন্তনী– তই কি? পাচলিৰ পেলোনীয়া ভৰোৱা পলিথিনৰ মোনা, মুখ মেলা ফটা চৰিয়া, নিমখৰ পাত্ৰত ভৰাই থোৱা নিমখে কামোৰা চামোচ।

‘আপুনি’ৰ পৰা নমি ‘তই’ৰে সম্বন্ধ আৰম্ভ হোৱাৰ লগে লগে জতুৱা ঠাঁচ, ফকৰা যোজনা, খণ্ডবাক্য এৰি অসমীয়া ভাষাৰ দুই শব্দতাত্বিকে একেবাৰে পাচলি-বাচনকো আঁকোৱালি লোৱাত শইকীয়াই ঘৰৰ ভিতৰৰ পৰাই ঘৈণীয়েকক উদ্দেশ্যি কৈ উঠিল– “অভিধান এৰি একেকোবে পাক্-ঘৰত সোমালা যে?” কিন্তু শইকীয়াৰ কথা শুনে কোনে? সেইফালে চলি থাকিল৷

শইকীয়ানী– তই বটলত ফিট নোহোৱা সোপা, বৈয়ামৰ আধা ফটা সাঁফৰ, পানী ভৰাব নোৱৰা ফুটা টেকেলি। মামৰে ধৰা পুৰণি আমূলৰ টেমা। চাফা নকৰা দৈৰ টেকেলি।

মহন্তনী– বৰ একেবাৰে, নিজে কি? মাছৰ পেটত থকা পিত্, কুকুৰাৰ পায়ু, কেঁচুৱাই হেৰি কৰা ডাইপাৰ‌‌, গাহৰিয়েও নোখোৱা কচু।

শইকীয়ানী– অই কথা নক’বি চেপেটা লগা টুথপেষ্টৰ টিউব। বেচিনৰ দাগ, মাংস ৰন্ধা কেৰাহীৰ তেলচিকটি, পোৰা ম’বিল।

মহন্তনী– তই কি? বাহি চোতালৰ জাবৰ, কাউৰীয়ে হেৰি কৰা পদূলি। তামুলি বাইয়ে চোবাই পেলোৱা তামোলৰ ওকালি। দাঁতৰ ফাঁকত সোমাই থকা মাংসৰ টুকুৰা‌।

শইকীয়ানী– অই, তই ছোফাৰ তলৰ এলান্ধু, বাথৰূমৰ কোণত পৰি থকা টিপফোঁট, মাজেদি ফালি লোৱা মাল নোহোৱা ফে’চৱাছৰ টিউব, তপা মূৰৰ টিকনি, গৰম তেল দি উলিয়াই অনা কাণৰ কণামাকৰি। জোতাৰ ভিতৰত সোমোৱা শিলগুটি।

মহন্তনী– নিজে কি ভাবি চা। হেং মৰা ম’বাইল। ভগা-ছিগাতো বিকিব নোৱৰা মান্ধাতা যুগৰ পুৰণি ব্লেক এণ্ড হোৱাইট টিভি। কাটা সুলকি পৰা ৱাল ঘড়ী। জোতা মোচা ফটা কাপোৰ।

শইকীয়ানী– তই পুৰণি মাত নোলোৱা ৰেডিঅ’ৰ পেলাই দিয়া খোলা, বেটেৰী ডেমেজ হোৱা ছীম নোহোৱা ম’বাইল।

মহন্তনী– অই  শুকান লেচেৰা, হোটেলৰ চুৱাপাতনি, কাঠ-ঘামচি।

শইকীয়ানী– অই  ভাৰতীয় ৰে’লৰ টয়লেট, বাছষ্টেণ্ডৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ।

অতীষ্ঠ হৈ শইকীয়াই ঘপহকৈ শোৱাৰ পৰা বিছনাখনত উঠি বহিয়েই চিঞৰি উঠিল– “হ’ব দিয়াহে, কিমাননো আৰু কাজিয়া কৰি থাকা?”

কাষৰ বিছনাখনত বাগৰি ফে’চবুকৰ গোট এটাত ৰামানুজ গোস্বামীৰ ‘পেণ্টাগন’ পঢ়ি থকা শইকীয়ানীয়ে “কি হ’ল ঐ মানুহটোৰ” বুলি একেজাঁপে উঠি শইকীয়াৰ কাষ পালে৷ কাষতে শ্ৰীমতীক দেখি শইকীয়াৰ ধমক– “কিনো সদায় সদায় কাজিয়া কৰি থাকাহে?”

গিৰীয়েকৰ কথা শুনি হতবম্ব হৈ পৰিল শইকীয়ানী৷ আচৰিত হৈ তেওঁ ক’লে– “হে হৰি! মইনো কাৰ লগত কাজিয়া কৰিলোঁ হয়নে?”

শইকীয়া– কিয়? মহন্তনীৰ লগত? এনেকে হ’লে ভাৰাতীয়া ক’ত থাকিব কোৱাচোন?

আৰু অধিক আচৰিত হ’ল শইকীয়ানী৷ মানুহটোৰ হৈছে কি? নিজে ভাৰাঘৰত আছে, আৰু কোন ভাৰাতীয়াৰ কথা কয়? চিন্তিত হৈ শইকীয়ানীয়ে সুধিলে– “হেৰি হয়নে? আমি দেখোন নিজেই ভাৰাঘৰত থাকোঁ৷ আৰু মোক কেতিয়া কাৰ লগত কাজিয়া কৰা দেখিলে?” শইকীয়ানীয়ে গিৰীয়েকৰ বাহুত ধৰি জোকাৰি দিয়াতহে শইকীয়াৰ হুচ আহিল৷

শইকীয়া– অ’ তাৰমানে মই সপোনহে দেখিলোঁ নেকি?

সইকীয়ানী– হৰি হৰি, এই দিন দুপৰতে আপুনি কি সপোন দেখিলেহে, এনেকৈ যে জাঁপ মাৰি উঠিল? আৰু সপোনত কোন মহন্তনীক দেখিলে হে? হে ভগবান৷ কি মানুহজনৰ হাতত আই-পিতায়ে মোক গতালে ঐ! ছোৱালী বিয়া দিব লগা বয়সত কোন মহন্তনীৰ লগত লিলিমাই কৰিছে ঐ? হেৰি হয়নে, কোন তিৰোতাৰ লগত লিলিমাই কৰি এই বয়সত মোক সতিনী চপাই দি মোৰ মূৰত ৰামটাঙোন মাৰিব ওলাইছে? হেৰি…?”

সপোনত দেখা মহাৰণখনৰ আন এটা অধ্যায় বাস্তৱতে দেখাৰ আশংকাত কঁপি উঠিল শইকীয়া৷ শইকীয়াই পৰিস্থিতি চম্ভালিবলৈ ঘৈণীয়েকৰ কথাৰ ওপৰতে মাত দিলে৷

শইকীয়া– ৰবাহে, ক’ৰ কথা ক’লৈ টানিছা হে? মনে মনে থাকাচোন৷ লোকে শুনিলে কি ভাবিব? কাৰো তিৰোতাৰ লগত মই লিলিমাই কৰা নাই আৰু এই বয়সত তোমাক সতিনী জাপি দিম বুলিও ভবাও নাই৷ সপোনহে দেখিছোঁ৷

শইকীয়ানী– বাস্তৱত একো নভবা-নেদেখাকৈ এনেয়েই সপোন দেখে নেকি? এইবাৰ শইকীয়ানীৰ চকু চলচলীয়া হ’ল৷
শইকীয়া– সেইবোৰ একো নহয় অ’, বিশ্বাস কৰা৷ মোৰো যে নহয়, দুপৰীয়া ভাতঘুমটিতে এনে অদ্ভুত সপোন দেখিব লাগেনে?

শইকীয়াৰ এনে আত্মসমৰ্পণসুৰীয়া ভাষ্যত শইকীয়ানী কিছু কোমল হ’ল৷ গিৰীয়েকৰ বিছনাখনতে বহি ”কওকচোন কওক কিনো সপোন দেখিলে” বুলি শইকীয়ানীয়ে জোৰ দিয়াত শইকীয়াই থুলমূলকৈ চমুকৈ সপোনৰ কথাখিনি ক’লে৷

“ইহ্, নিজে ভাৰাঘৰত থকাজনে আকৌ ঘৰ সাজি আনক ঘৰ ভাৰা দিয়াৰ সপোন দেখে৷” — মুখেৰে ভোৰভোৰাই শইকীয়ানীয়ে উচাৎ মাৰি বিছনাৰ পৰা উঠি পাক্-ঘৰ পালেগৈ৷

☆ ★ ☆ ★ ☆

4 Comments

  • গালিবোৰ বৰষুণ পৰাদি পৰিছিল, সপোনতে হ’লেও। বৰ ৰস পালোঁ পঢ়ি।

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা৷

      ধন্যবাদ৷

      Reply
  • সঞ্জয় কিশোৰ গগৈ

    ‘অ’ মোৰ সুৰীয়া মাত
    অসমৰ সুৱদী মাত,
    পৃথিৱীৰ ক’তো বিচাৰি জনমটো
    নোপোৱা কৰিলেও পাত।’

    Reply
    • ৰঞ্জিত কুমাৰ শৰ্মা

      পঢ়াৰ বাবে ধন্যবাদ৷

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *