ফটাঢোল

বেতনিত ঔ পৰিল বাসোদেৱাই নমঃ- সুৰজিত ৰাজখোৱা

খিৰীকিৰ ফাঁকেৰে ভৰি দুখন অলপকৈ দেখা গৈছে৷

 : ঐ তই ক’ৰ শিয়াল অ’?

: বৰভেটিৰ ছাৰ৷

পিছৰ বেঞ্চত বহি কথা পাতি থকা জ্যোতিয়ে তপৰাই উত্তৰ দিলে৷

: আঁঠুকাঢ়৷

কথাই প্ৰতি আঁঠু কঢ়োৱাটো ডেকা ছাৰৰ বাবে একেবাৰে সাধাৰণ কথা৷ শুভ্ৰ কামিজ আৰু ধুতি পিন্ধা ধকধক কৈ বগা মানুহজন দেখিলেই ভক্তি ভাব মনলৈ আহে৷ তেওঁৰ চেহেৰা শিক্ষক শব্দটোৰ সৈতে ৰজিতা খাই পৰে৷ হাইস্কুলত আমাক ইংৰাজী শিকোৱা ডেকা ছাৰ৷ তেওঁৰ পঢ়োৱা কায়দাই আছিল পৃথক৷ গৰমৰ দিনত গছৰ তলত নি আমাক পঢ়াইছিল৷ পাঠ্যপুঠিৰ কাহিনীবোৰৰ চৰিত্ৰবোৰ আমাক অভিনয় কৰিবলৈ কৈছিল৷ আচল নামেৰে তেওঁ আমাক কাহানিও মাতা নাছিল৷ তেওঁৰ বাবে আমিবোৰ আছিলোঁঁ শিয়াল, ভালুক নতুবা বান্দৰ৷

: বেতনিত ঔ পৰিল, বাসোদেৱায় নমঃ; কোনে ইংৰাজীলৈ তৰ্জমা কৰিব পাৰিবি?

ছাৰে প্ৰায়ে সুধিছিল৷

সময়বোৰ পাৰ হৈ গ’ল৷ আমিবোৰ কেমেষ্ট্ৰীৰ ইকুৱেচন, ছেক্সপিয়েৰৰ ন’ভেল নাইবা এচেট আৰু লায়েবিলিটিৰ সংজ্ঞাৰ মাজত হেৰাই গৈছিলোঁঁ৷ আৰু ডেকা ছাৰ, তেওঁ পাকঘূৰণি খাই ফুৰিছিল পেঞ্চন অফিচৰ টেবুলে টেবুলে৷ তেওঁ পেঞ্চন অফিচৰ কেৰাণি, বৰবাবুহঁতক শিয়াল ভালুক সজাব নোৱাৰিলে৷ তেওঁ নিজৰ বেটনটোক পেঞ্চনলৈ তৰ্জমা কৰাব নোৱাৰিলে৷

আজি তেখেতৰ নিঠৰ দেহটো ওলমি আছে ছিলিং ফেনখনত৷

☆ ★ ☆ ★ ☆

One comment

Leave a Reply

Your email address will not be published. Required fields are marked *