এডাল বাঁহৰ কামি আৰু এটা চুইংগাম- পঞ্চী প্ৰিয়া দাস
মানুহৰ জীৱনত যে কিমান কি নহ’ব লগা হয়, কিমান কি যে নঘটিব লগা ঘটে ভাবিলেই আচৰিত লাগে! মোৰো সৰুৰে পৰাই প্ৰতিটো খোজতেই লটিঘটি। তাৰেই দুটা লটিঘটিৰ কথা লিখিবলৈ লৈছোঁ।
১)ভৰিৰ ‘ড্ৰেছিং’ আৰু ‘টিটেনাচ’ৰ বেজী
মোৰ যিমানদূৰ মনত আছে, এইটো মই দ্বিতীয় শ্ৰেণীত পঢ়ি থাকোতে হোৱা ঘটনা। তেতিয়া আমি তিনিচুকীয়াৰ ‘চিভিল হস্পিটেল’ৰ ওচৰত ভাড়া আছিলোঁ। মই পঢ়া প্ৰাথমিক বিদ্যালয়খন আৰু লগতে দেউতাৰ অফিচো টাউনতে আছিল। হিজুগুৰিৰ মূল ঘৰৰ পৰা টাউনলৈ দূৰ হয় বাবেই আমি ভাড়া লৈছিলোঁ ঘৰটো।
আমি (মই, ভণ্টী আৰু মা) প্ৰায়েই শনিবাৰে মোৰ স্কুল শেষ কৰি ভাত খায়েই হিজুগুৰিৰ ৰে’লৱে কলনিত থকা এনাইৰ ঘৰলৈ গুছি যাওঁ। কেতিয়াবা ৰাতি ঘূৰি নাহি ৰাতিটো তাতে থাকিও দিওঁ। এবাৰ তেনেকৈ যাওঁতে মোৰ দেওবাৰৰ দিনা গধূলি ভাড়া ঘৰলৈ ঘূৰি যাবলৈ মন যোৱা নাই। মই গৈ এনাইৰ কোলাতে উঠি ল’লোঁ। মায়ে মোক ইমান যাবলৈ ওলাবলৈ কৈছে, মই এনাইৰ কোঁচৰ পৰা নামিয়ে নাহো। মাৰ খঙে মূৰৰ চুলিৰ আগ পাইছিল গৈ মোৰ জেদ দেখি।
এনায়ে বহুত ফুচুলাই মেলি মোক তেওঁৰ কোলাৰ পৰা নমাই কাপোৰ কানি পিন্ধালে। ইতিমধ্যে দেউতাও আহি পাইছিলহি আমাক নিবলৈ। মাৰ খঙত ৰঙা পৰা মুখখন দেখি মই মনে মনে গৈ গাড়ীত বহিলোঁগৈ। আমাৰ তেতিয়া মাৰুটি ভেন এখন আছিল। মই আগফালে দেউতাৰ লগতে বহি ল’লোগৈ মাৰ ভয়তে। অলপ পাছতেই ঘৰ পালোগৈ। মাৰ কিন্তু খং কমা নাই তেতিয়াও। ময়ো জেদতে আজি কিতাপ নপঢ়ো বুলি ভণ্টীৰ লগতে খেলাত লাগি আছোঁ। এপাকত ভণ্টী কেনেবাকৈ নিজেই বিছনাৰ পৰা লুটিখাই পৰিল।
মাৰ মোৰ ওপৰত উঠি থকা খঙটো আৰু বাঢ়ি গ’ল। বাহিৰলৈ গৈ নতুনকৈ জেওৰা দিবলৈ কাটি থোৱা কামি এডালকে আনি মোৰ ভৰিত দিলে দুই তিনিচাট। এচাট লাগিলে বাওঁ ভৰিৰ গোৰোহাৰ ওচৰত। বাঁহৰ কামিৰ গাঁঠিটো সোমাই ধৰিলে তাতে। অকণমান মাংসও এৰুৱাই দিলে। যেতিয়া তেজ ওলাবলৈ ধৰি নোৰোৱা হ’ল, তেতিয়াহে মাৰ হুঁচ আহিছে। দেউতাও বজাৰ কৰিবলৈ ওলাই গৈ আহি পাইছিল তেনেতে। মই যিমান পাৰোঁ চিঞৰি কান্দি আছোঁ। দেউতায়ো ধৰিব পৰা নাই কি হৈছে! মোক খৰধৰকৈ উঠাই চিভিল হস্পিতাললৈকে লৈ গ’ল। ‘ইমাৰজেঞ্চি’ত ডাক্তৰক দেখুৱাই ভৰিটো ড্ৰেছিং কৰালে। যিজনে ড্ৰেছিং কৰিছিলে তেওঁ ঘাঁ টুকুৰাত ‘আয়’ডিন’ নে কি লগাই দিলে জানো, যিহে চেক-চেকাব ধৰিলে। দিলোঁ একগোৰ মানুহজনৰ মুখতে। মানুহজনে পিছে হাঁহি হাঁহি কৈছে আৰু “এটা বেজী দিম এতিয়া। অলপ বিষাব, তুমি কিন্তু লৰচৰ নকৰিবা দেই।”
বেজীৰ নাম শুনি ভয়ত ইফালে মোৰ পেটতে হাত ভৰি লুকুওৱা অৱস্থা। দেউতাৰ গাত ধৰি বহি থাকিলোঁ মই কোনোৰকম। টিটেনাচ বেজিটো লৈ ঘৰলৈ অহাৰ পিছত মোৰ ৰাতিলৈ প্ৰচণ্ড জ্বৰ উঠিলে, পিছদিনা স্কুলো ক্ষতি হ’ল। দেউতাই মাক খুব খং কৰিলে মোক এনেকৈ পিতাৰ কাৰণে। কিন্ত উৎপাত ময়েই কৰিছিলোঁ, সেয়েহে শাস্তি পাইছিলোঁ বুলি মই নিজেই সান্তনা লৈছিলোঁ।
(২)চুইংগাম আৰু মোৰ চুলি
এইবাৰ আহো মোৰ চুলি চুটিকৈ কাটি দিয়াৰ আঁৰৰ কাহিনীলৈ। এবাৰ সেইটো ভাড়াঘৰত থাকোতেই দেওবাৰ এটাৰ কথা। সেইদিনা আমাক দেউতাই ফুৰাবলৈ নিয়াৰ কথা। মায়ে মোক আৰু ভণ্টীক আগবেলাতে সোনকালে গা-পা ধুৱাই আজৰি কৰি বাথৰুমত কাপোৰ ধুবলৈ গ’ল। সেই সময়তে দেউতাই আমাৰ দুজনীক লৈ দোকানলৈ ওলাই গ’লো। ভণ্টী দেউতাৰ কোলাত।
ভণ্টী দোকানত চকলেট লাগে বুলি উৎপাত কৰাত কোনটো লাগে বুলি সোধাত তাই ‘বাবুলগাম’ৰ টেমাটো আৰু মই টেঙা মৰ্টনৰ টেমাটো দেখুৱাই দিলোঁ। দেউতায়ো দুইজনীৰ জেদ দেখি দুটা দুটা টেঙা মৰ্টনৰ লগতে দুইজনীকে দুটাকৈ ‘বাবুলগামো’ কিনি দিলে।
মই মোৰটো খুলি চোবাবলৈ ধৰিলোঁ, ইমান মিঠা মিঠা, ভাল লাগি গ’ল মনটো। অলপ পিছতে ঘৰলৈ ঘূৰি আহিলোঁ।
পকাতে পাতি এখন পাৰি দুইজনীকে খেলিবলৈ দি দেউতা গা ধুবলৈ গ’ল। এনেকৈ বাগৰি-যুগৰি খেলি থাকোতে ভণ্টীয়ে মই চুইংগামটো ফুলাবলৈ চেষ্টা কৰা দেখিলে। তেতিয়া মামাহঁতে চুইংগাম ফুলোৱা প্ৰায়েই দেখোঁ। মইও চেষ্টা কৰি আছো সেয়ে। কোনোবা এপাকত ভণ্টীয়ে সেইটো মোৰ মুখৰ পৰা নি তাইৰ হাততলৈ খেলিবলৈ ধৰিলে। ময়ো কোনো বিশেষ গুৰুত্ব নিদি আনটো খুলি মুখত ভৰাই লৈ খেলি আছোঁ তেনেকৈয়ে।
ভাত পানী খাই উঠি আবেলি যেতিয়া ফুৰিবলৈ যাবলৈ ওলাইছোঁ মায়ে মোৰ চুলি ফণীয়াবলৈ লৈ মূৰে কপালে হাত দি বহি দিলে। দেউতাই বোলে “কি হল ?” মায়ে মোৰ মূৰৰ পিছফালে চুলিৰ মাজত আঠা লাগি থকা চুইংগামটো দেখুৱাই দেউতালৈ খঙত চালে। দেউতায়ো অবাক।
-“বেটা, এইটো মূৰত কেনেকৈ লগালা তুমি…?” (মোক ‘বেটা’ বুলি মাতিছিল দেউতাই)
মই একো নজনা ভাবত মূৰটো লৰালোঁ মাত্ৰ। মায়ে দেউতাকেই খুব বকিলে- “ছোৱালীয়ে যিহকে লাগে বুলি কয়, সেইটোকে কিনি দিব। ঘৰত এইবোৰ অতাই মৰিব লাগে মই। দিনৰ দিনটো ইহঁতক চাফা কৰাটোৱেই মোৰ কাম! যাওক এতিয়া চুলি কটাই আনকগৈ। ৰাতিপুৱাই স্কুল আছে এনেকৈ কেনেকৈ যাব!”
ইমান ধুনীয়া আৰু দীঘল চুলিখিনি কাটি পেলাব লাগিব বুলি মোৰ দুখত কান্দোন ওলাবলৈ ধৰিলে, মায়ে খঙতে মোক দুভুকুমান দিলেও।
সোঁমাজতে ‘চুইংগাম’টো লগাৰ কাৰণে বেলেগ কোনো উপায় নাছিল চুলি কটাৰ বাহিৰে। অলপ পিছতে দেউতাই মোক লৈ টাউনলৈ গ’ল। আগতে মাহীয়ে ইমান ধুনীয়াকৈ মিলাই কাটি থোৱা চুলিখিনি বিহাৰী নাপিতৰ চেলুনত নি বয়জ কাট দি দিলে।
পিছদিনা স্কুললৈ যাওঁতে লাজতে বনেট এখনকে মাৰি গ’লো আৰু!
এতিয়াও এইবোৰ কথা মনত পৰিলে হাঁহি উঠে। কমখন লটিঘটি কৰা নাছিলো মা দেউতাৰ। ক’ৰবাত যাওঁ বুলিও যাবলৈ নেপাই আমাৰ এইবোৰ উৎপাতৰ বাবে। তথাপি কিন্তু উৎপাত কৰিবলৈ কেতিয়াও এৰা নাছিলো।
☆ ★ ☆ ★ ☆