আকৌ এবাৰ বেচ্চেলৰ চৰকাৰ- উজ্জ্বল দিপ্লু গগৈ
যোৱাটো বছৰৰ এপ্ৰিল মাহ সোমোৱাৰ কেইদিনমান আগৰ কথা৷ অফিচৰপৰা ঘৰ গৈ পোৱা সেইদিনা দেৰি হৈছিল৷ কামৰ হেঁচা ইমানেই আছিল যে বিছনাত বাগৰটো কেতিয়া দিওঁগৈ যেন লাগি আছিল৷ কলিং বেলটো বজালোঁ, অলপ পাছত দুৱাৰখন খোল খালে৷ এখন গহীন মুখ, সাধাৰণতে পত্নীৰ মুখখন গহীন দেখিলে মোৰ ভয়টো বেছি বাঢ়ে৷ লগালগ ভাবিলোঁঁ দিনটো ক’ৰবাত কিবা জগৰ লগালোঁ নেকি! জোতাযোৰ খুলি জোতাষ্টেণ্ডত থোৱালৈকে দিনটোৰ ঘটনাক্ৰমবিলাক এবাৰ মনতে জুঁকিয়াই ল’লো, “নাই, জনা-শুনাকৈতো একো ভুল কৰা নাই৷” অপেক্ষা কৰিলোঁ কেতিয়া কাৰণটো সদনত উত্থাপন হয়৷ গা ধুলোঁ, আনদিনা তাই কৰি দিয়া চাহকাপ আজি নিজেই বনাই খালোঁ, বিছনাত দীঘল দিম বুলি ভবা মনটোক বান্ধি চোফাখনত বহোৱালোঁ টিভিটো খুলিব লৈছিলোঁ কিন্তু তেনেসময়ত নোখোলাটোৱেই ভাল হ’ব বুলি ভাবি বহি থাকিলোঁ৷
বহুখিনি সময় পাৰ হ’ল; হঠাৎ ভিতৰৰ পৰা মাত এটা আহিল “মই ঘৰত বিৰাট ব’ৰ খাই আছোঁ, কেইদিনমানৰ কাৰণে ঘৰলৈ যাম৷” লাহেকৈ মাতষাৰ দি সুধিলোঁ “হঠাৎ যে কিয়?” ক খ গৰ পৰা আৰম্ভ কৰি X Y Zলৈকে ঘৰলৈ যাবলৈ ইচ্ছা কৰা গোটেইখিনি মোক জনালে৷ ইতিমধ্যে মোৰ ভয়টো দূৰ হৈছিল, মনটোৱে সৌ কাজল কাজল মেঘৰ আঁৰত ডিস্ক’ ডেঞ্চ কৰিবলৈ আৰম্ভ কৰিছিল৷ কিন্তু সেইভাৱ দেখুৱাব নোৱাৰি, ভৱিষ্যতৰ কাজিয়াত কথাখিনিয়ে বেকফায়াৰ কৰিব পাৰে ”অ’ ঘৰত মই নাথাকিলেতো ভালেই ন? উৎপাত কৰিবা, বিলাতী চ’ডাৰ বটল আৰু মিউজিক চিডি বুলি ৰঙাসোপা আনি খাবা……অগৰং বগৰং বকবকনি মুঠৰ ওপৰত৷” জিভাখন কণ্ট্ৰলত আনি আৰু ওঁঠৰ ফাঁকেৰে বৈ অহা হাঁহিটো ধৰি ৰাখি গহীনাই সুধিলোঁ “কোনদিনা যাম বুলি ভাবিছা?”
এক তাৰিখটো কিবাকৈ শনিবাৰ মানে উইকেণ্ড পৰে নেকি চাবলৈ মনটো উচপিচালে৷ কেলেণ্ডাৰখনলৈ চাই দেখিলোঁ সোমবাৰ পৰিছে; মনতে ভাবিলোঁ পাৰ্টী কৰিবলৈ পালে শনি, দেও, সোম এইবিলাক নামতহে বাৰ৷
তাইক ক’লো, “শনিবাৰে গুচি নোযোৱা কিয়, কেইবাদিনো ছুটী পাবা৷” মনতে মোৰ হেঁপাহ দুদিন বেছিকৈ পাৰ্টী কৰাৰ৷ ৰিপ্লাইটো নেগেটিভ আছিল মোৰ বাবে, “তাহাঁতৰ কলেজৰ লগৰবোৰৰ গেট ট্যুগ্যেদাৰ আছে দেওবাৰে সেইকাৰণে সোমবাৰে গৈ দুদিনমান থাকি আহিব৷” মনলৈ সন্দেহ এটা আহিছিল তাই ইমানদিন ছুটী পোৱাক লৈ কিন্তু মোৰ সেই সন্দেহখিনি তাইৰ চিনিয়ৰ অফিচাৰ কেইদিনমান অফিচত নথকা খবৰটোৱে নোহোৱা কৰি তুলিলে৷
অৱশেষত তাই ঘৰলৈ যোৱাৰ দিনটো ওচৰ পালেহি৷ তাই এটা ৰূমত কাপোৰৰ বেগ পেকিং কৰে, আনটো ৰূমৰপৰা মই লগৰকেইটামানক মেচেজ কৰোঁ “সোমবাৰে আহিবি নেকি মোৰ ঘৰলে? মানুহজনী ঘৰলৈ যাব, বৈদ্য পাৰ্টী কৰিম; আকৌ এবাৰ বেচ্চেলৰ চৰকাৰ বনাই দিম বাপেক্কে৷” সোমবাৰ বুলি কোৱাত বেছিভাগৰে নাক কোঁচ খাইছিল; বেছিকৈ ৰিপ্লাইবোৰ আছিল “সোমবাৰ পৰিছে নহয়”, “ৰ’হ চাওঁ”, “মোৰজনীক ক’ৰবাত পঠিয়াব পাৰোঁ নেকি চাই লওঁ”, “আজিকালি ড্ৰিংকচ কমাইছোঁ” ইত্যাদি৷ মন ডাঠ কৰিলোঁ “কোনোবা আহক বা নাহক অকলে হ’লেও পাৰ্টী কৰিম৷” ইতিমধ্যে ৰেডবাছ এপটোৰপৰা তাই বাছৰ টিকেট কৰিলে বুলি মোক জনালে; 5বজাত নাইটচুপাৰ, মই অফিচৰপৰা আহি নাপামহি গতিকে এটা চাবি তাই লগত লৈ যাম বুলি ক’লে৷
এক তাৰিখৰ পুৱাৰপৰা মোৰ ব্যস্ততা বেলেগ ধৰণে বাঢ়িল৷ আবেলি লগ নাপাম বুলি জানি কেয়াৰটো অলপ এক্সট্ৰা হ’ল৷ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মই সাজু কৰিলোঁ সেইদিনা, বিছনাখনো মইয়ে পাৰি দিলোঁ৷ মাজে মাজে পত্নীৰ নেওঁতা চলি থাকিল “ফুলখিনিত পানী দিবি, কাপোৰখিনি ইষ্ট্ৰী কৰাই ল’বি লণ্ড্ৰীত, ফ্ৰীজটো চাফা কৰি ৰাখিবি, আচাৰৰ টেমাকেইটা পাৰিলে ৰ’দত দিবি” আৰু ঢেৰ কিবাকিবি৷ মই ‘ও’ আৰু ‘অ’ৰে গোটেই কথাবোৰ শলাগি গ’লো; সৰ্বশেষত কি কি কাম মোক কৰিবলৈ ক’লে সেইখিনি মুখস্থ লোৱাৰ পাছত বিদায় লৈ অফিচলৈ মই ওলালোঁ৷ মনটো ফৰকাল লাগি আছিল, স্বাধীন হ’ম হ’মকৈ থকাৰ অনুভৱ……”মই এটি মুকলি পখী, উৰিছোঁ নীলাকাশ ফালি……৷”
দিনটো কামত মন নবহিল৷ লগৰ কেইটাৰপৰা কনফাৰ্মেচনবিলাক ল’লোঁ৷ যোগাযোগ কৰা দহটাৰ ভিতৰত এটাইও আহিম বুলি নক’লে৷ খঙটো উঠিছিল লগতে জিদটোও বাঢ়িল “অকলে খাই আজি গোটেইকেইটাক ভিডিঅ’ কল কৰি জ্বলাম; গগৈৰ জিদ মুঠৰ ওপৰত তেৰিমেৰি নহ’ব৷” সন্ধিয়া পাঁচটা বজাত পত্নীৰ ফোন আহিল বাছত উঠাৰ৷ ভালকৈ যাবলৈ কৈ লগত ৰখা প্ৰয়োজন হ’ব পৰা বস্তুবোৰ ঠিককৈ ল’বলৈ কৈ ইটো-সিটো কথা পাতি ফোনটো ৰাখিলোঁ৷ অফিচ শেষ কৰি সকলোৱে সেইটো সময়ত ঘৰলৈ যাবলৈ সাজু হৈছিল৷ ডিপাৰ্টমেণ্টতে একান্ধত বেগটো লৈ এটা ভৰিৰ ওপৰত থিয় দি ৩৬০°ৰ হিৰোমাফিক ৰাউণ্ড এটা মাৰি লগৰ এজনীৰ ফালে চাই হাতৰ আঙুলিৰে পিষ্টলৰ ভংগীমা কৰি ধিচিউ ধিচিউ বুলি কৰি দেখুৱালোঁ৷ “উজ্জ্বল পাগল হ’ল দেই” বুলি কৈ তাইও ঘৰলৈ যাবলৈ বেগ সামৰিলে৷ বাইকখন ষ্টাৰ্ট কৰিলোঁ৷ ড্ৰিংকচৰ মিউজিক চিডি আৰু চ’ডা বটল কি কিনিম, লগত কি খাম ইত্যাদি কথা গোটেই ৰাস্তাটোত ভাবি আহিলোঁ৷
সময় প্ৰায় ৬:৩০মান তেতিয়া৷ ড্ৰয়িঙৰূমৰ শ্ব’পিচ থকা টেবুলখনত তেতিয়া শোভাবৰ্ধন কৰিছে VAT69ৰ মিউজিক চিডি এখনে৷ কাষতে ৰূপতে ৰং চৰাইছে কাজুৰ প্লেট, বাদাম, চিলি চিকেন ড্ৰাই ফ্ৰাই আৰু ক’লা নিমখেৰে সানি লোৱা আঙুৰ আৰু আপেলৰ প্লেটখনে৷ বৰফৰ প্লেটখনৰপৰা উলিয়াই থোৱা বৰফৰ টুকুৰাবোৰৰপৰা অলপ ঠাণ্ডা ভাপবিলাক ওলাই আছে, আইনাৰ গ্লাচটো দাঙি অলপ নিজকে বিলাসপ্ৰিয় মানুহৰ ভাৱ এটা দি বহিলোঁ৷ সন্মুখৰ টিভিত B4U মিউজিক চেনেলত হিট বলিউডী গান আৰু মোৰ কাষত এয়াৰ কুলাৰটো৷ চোফাখনত গাটো এৰি দিলোঁ, চিংগল চোফা দুখন দুফালে টানি লৈ ভৰি দুটা উঠাই ল’লোঁ৷ প্ৰথমটো চিপ অলপ কাঢ়া হ’ল, ডিঙিটো চেৰেককৈ ধৰিলে; কাজু কেইটামান খালোঁ৷ ৱাহঃঃ ইয়াতকৈ সুখ কি লাগিছে আৰু, টিভিত গান ‘বেবী ডল ম্যে চোণে দ্যি’ আৰু মোৰ মনত বিয়াৰ পাছত পোৱা খন্তেকীয়া স্বাধীনতাৰ আনন্দৰ সমাহাৰ! আঃহাঃ কি যে এক অদ্ভূত সংযোগ, এখন, দুখন, তিনিখন মিউজিক চিডিৰ গানে পেট পোৱাগৈৰ পাছত ব্ৰেইনৰ লগত পূৰণ-হৰণ কৰিবলৈ আৰম্ভ কৰিলে৷ বুজি পালোঁ, এই মূহুৰ্তত বলিউডী গান নচলিব; জুবিন দাক লাগে জুবিনদাক৷ টিভিটো অফ কৰি মিউজিক চিষ্টেমটো লগালোঁ, জুবিনদাৰ গান বাগৰি আহিল ‘মায়াৱিনী ৰাতিৰ বুকুত, দেখা পালোঁ তোমাৰ ছবি’……মই স্বাধীনতাৰ ফূৰ্তিত নিজৰ সুৰত লিৰিকচ সলনি কৰি গালোঁ ‘মায়াৱী আজি ৰাতিৰ বুকুত, দেখা পালোঁ মই নিজৰ ছবি, স্বাধীন হ’লা তুমি আজি, নিজৰ ঘৰত……৷’ হঠাৎ ফোনটো বাজি উঠিল; পত্নীৰ ফোন৷ প্ৰথমে মিউজিক চিষ্টেমৰ ভলিউম ল’ কৰি ফোনটো হাতত লৈ বিচনালৈ দৌৰিলোঁ কাৰণ হঠাৎ ভিডিঅ’ কল কৰিলে প্ৰব্লেম হ’ব পাৰেতোঁ, চকুকেইটাতো সৰু হৈ আছিলেই৷ ফোনটো ৰিচিভ কৰি টোপনিৰ ভাও জুৰি সুধিলোঁ “ক্ক’ত পালাগে, ইম্মান মূৰটো বিষাইছে উফফফ, আহিয়ে শুই দিছোঁ৷” কিবাকিবি বুজনিৰ পাছত ফোনটো কাট খালে। জুবিনদাৰ গানৰ ৰেণ্ডম ট্ৰেক আকৌ চলিল ‘কিনো সুৰীয়া গানেৰে……য়েচ আজি গান গোৱাৰে বতৰ, অন্তৰ খুলি গান গোৱাৰ বতৰ; চাৰি নম্বৰ মিউজিক চিডিখন লগালোঁ’; তেনেতে শব্দ এটা হ’ল ‘টিং টং…, আকৌ অলপ সময়ৰ পাছত ‘টিং টং……৷’ দুৱাৰখন খুলি দিলোঁ, আগন্তুকে চিঞৰিলে “এপ্ৰিল ফুউউউ………, মই ভাবিছিলোঁৱেই ঘৰৰ অৱস্থা এনেকুৱা হ’ব বুলি, কাম নাই বন নাই সেইসোপাকে খোৱা, এপ্ৰিল ফুল বনাবলে বোলো কিবা এটা কৰোঁ, হায়ৰে মোৰ কপাল উল্টাই মইয়ে ফুল হ’লো, আৰু কি কৈছিলা মূৰৰ বিষ? সেইটো তোমাৰ মূৰ আৰু টেবুলত এইটো বিষ………৷”
আৰু কিবাকিবি কৈছিল, মোৰ কিন্তু সেইটো সময়ত ট্ৰেকত বাজিবলৈ আৰম্ভ কৰা জুবিনদাৰ গানটোলৈহে কাণখন গৈছিল “ভৱা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি, খোজে খোজে খাবাগৈ………৷”