ফটাঢোল

বাণিজ্যে বসতে লক্ষ্মী -অমিতাভ মহন্ত

“বাণিজ্যে বসতে লক্ষ্মী”

কোনে বা কৈছিল মনত নাই৷ কিন্তু মনত সেই সৰুতেই দাগ বহুৱাই থৈ গৈছিল৷ দেউতাই বেংকত চাকৰি কৰে, লক্ষী নাই৷ বোধহয় সেইবাবেই মই ওখ হ’ব পৰা নাই, পচন্দৰ খেলাবস্তু কিনা হোৱা নাই, টিফিনতো সেই এটকা মাত্ৰ৷

এদিন গগৈ বৰতাক গৈ সুধিলোঁ,

: বৰতা ব্যৱসায় মানে কি?

উত্তৰ আহিল,

: ব্যৱসায় মানে পুঁজিবাদীৰ ফন্দি, শ্ৰমিকৰ তেজ শুহি সম্পদ হৰণ কৰাৰ কৌশল, সোঁপন্থীৰ ষড়যন্ত্ৰ…

তাৰ পিছতো কাৰ্ল মাৰ্ক্স, ষ্টেলিন, কংগ্ৰেছ, বিজেপি… আৰু কিবা কিবি কৈ আছিল৷ বিৰক্ত হৈ গুছি আহিলোঁ৷

এইবাৰ চুবুৰীৰ ভাইটি দাক সুধিলোঁ৷ একদম পানীৰ দৰে বুজাই দিলে৷ এক টকাত বস্তু কিনি দুই টকাত বেচি দে, এক টকা প্ৰফিট৷ আকৌ কিন, আকৌ বেচ৷ বিশ বছৰত ধীৰুভাই আম্বানী৷

পিচে ব্যৱসায় মানে কি সেয়াহে ক’লে, ব্যৱসায়ৰ আইডিয়া বুলিবলৈ ভাইটিদাৰ একো নাই৷ মই কি ব্যৱসায় কৰিম সুধি চাইছিলোঁহে৷ কাপোৰৰ দোকান, ইলেকট্ৰনিকছ্, মুৰ্গীৰ মাংস… আৰু কত কি যে আইডিয়া দিলে হিচাপ নাই৷ ধুৰৰ্, এইবোৰ ব্যৱসায় কৰিবলৈ টকা থাকিলে মই বেলেগক পাত্তা দিয়া মানুহ? দেউতাক টকা খুজিও লাভ নাই৷ ওলোটা পুঁজীবাদী বুলি পিটনহে খাব লাগিব৷ লাভ নাই, বেলেগক ভৰসা কৰা বৃথা৷ নিজেই মাথা মাৰিব লাগিব৷

দুমাহমান আগৰ কথা৷ মোৰ বয়সৰেই ল’ৰা এটাই ঘৰে ঘৰে ধূপ বিক্ৰী কৰিবলৈ আহিছিল৷ আমাৰ ঘৰতো কেইপেকেটমান কিনা মনত আছে৷ ডেটছ্ ইট্৷ ময়ো ধূপেই বিকিম৷

টিফিন খাবলৈ টকা জমা কৰি দহ টকা গোটালোঁ৷ চাৰি দিনৰ চেক্ৰিফাইছ্৷ দোকানলৈ গৈ মই ফিউজ্৷ এক পেকেট ধূপৰ দাম ১২ টকা৷ এই পুঁজীবাদীবোৰ নহয়!  আমাক কি ব্যৱসায়ত উন্নতি কৰিবলৈ সুযোগেই নিদিব নেকি? কি কৰা যায় এতিয়া?

ইউৰেকা!

পঁচিশ পইছাৰ মৰ্টনৰ টেমা এটা আছে৷ ইয়াৰেই ব্যৱসায় আৰম্ভ কৰা যাব৷ গণি গণি ৪৩টা মৰ্টন পোৱা গ’ল৷ বেছিকৈ কিনা বাবে ৩টা ফ্ৰি পালোঁ৷ ইনভেষ্টমেণ্ট হৈ গ’ল৷ এতিয়া মুনাফা ঘটাৰ সময়৷

নিজৰ ঠাইত বেপাৰী হোৱা অলপ ৰিস্কি হ’ব৷ কাষৰ চুবুৰিটোৰ পৰা ব্যৱসায় জীৱনৰ আৰম্ভণি কৰিলোঁ  বিল্ডিং এটালৈ গৈ তলৰ মহলাত কলিং বেল বজালোঁ৷ এগৰাকী ভদ্ৰমহিলা ওলাই আহিল৷

অলপ চকুপানী, অলপ দুখ৷

: দেউতা হস্পিটেলত৷ মায়ে বেলেগৰ ঘৰত বাচন মাজে৷ মৰ্টন কিনিব বাইদেউ? এটাত এটকা দাম৷

দহ টকাত দহটা মৰ্টন৷ মূলধন ঘূৰি আহিল৷ হাতত এতিয়াও ৩৩টা মৰ্টন বাকী৷

পুনৰ উদ্যমেৰে নতুন উৎসাহেৰে পিছৰ ঘৰলৈ গ’লোঁ৷ সৰুৰ পৰাই মই জেণ্ডাৰ ইকুৱেলিটিত বিশ্বাসী৷

: মা হস্পিটেলত৷ দেউতাই বেলেগৰ ঘৰত বাচন মাজে৷ মৰ্টন কিনিব বাইদেউ? এটাত এটকা দাম৷

অলপ সন্দেহৰ চকুৰে চালেও এইগৰাকীয়েও পাঁচটা কিনিলে৷ ব্যৱসায়ত দোপতদোপে উন্নতি কৰি গৈ আছোঁ৷ প্ৰথম দিনাই তেত্ৰিশ টকা লাভ৷ টকাখিনি আকৌ লগাই দিলোঁ ব্যৱসায়ত৷ আকৌ লাভ৷ এনেকৈ চলি আছে৷ ইতিমধ্যে মা-দেউতাই ৭২ ঘৰ মানুহৰ ঘৰত বাচন মাজি আছে৷ ধেমালি কথা?

ব্যৱসায়ত ৰিস্ক ফেক্টৰো থাকে৷ ভাইটিদাই কৈছিল৷ এদিন দুপৰীয়া এঘৰত খুৰীৰ সলনি খুৰাক পালোঁ৷ দেউতাই বাচন মাজিবলৈ যোৱা বুলোঁতেই তেওঁ চক খাই উঠিল৷

: কি? কালি দেখোন মাছ বজাৰত লগ পায় আহিছোঁ৷ আৰু বৌৰ কি হ’ল?

শেষ! এইপিচ্ দেউতাৰ বন্ধু৷ তথাপি দমি নগ’লোঁ৷

: মাছ কিনিবলৈ গ’লে বাচন মাজিব নোৱাৰি নেকি? ঠিক আছে, নিকিনিলে নাই৷ সময় নষ্ট নকৰোঁ৷ বহুঘৰত সোমাব আছে৷

: ৰহ তোক৷ এতিয়াই মহন্তদাক ফোন কৰোঁঁ৷

শেষ৷ চিধিচিধি মৰ্টন খুৰাৰ ভৰিত ডাইভ দি পৰিলোঁ৷

: ভুল হৈ গৈছে খুৰা৷ প্লিজ্৷ দেউতাক নক’ব৷

অফিচত চাগে ভালেই ঘোচ খায় এইজনাই৷ মোৰ গোটেইবোৰ মৰ্টন ৰাখি থৈ ভৱিষ্যতে এইবোৰ নকৰাৰ শপত খুৱাই মোক এৰি দিলে৷ ব্যৱসায়ত নেট্ লোকচান ১৯ টকা৷

কিছুদিন ব্যৱসায় বন্ধ থাকিল৷ মাজে মাজে ভাইটিদাৰ ঘৰলৈ যাওঁ৷ দাদা আজিকালি খুব পঢ়াশুনাত ব্যস্ত৷ পৰীক্ষাও নাই দেখোন৷ কিয়বা! এদিন ভাইটিদা বাথৰুমলৈ যাওঁতে কিতাপখন দেখা পালোঁ৷ ঔ মা! এইখন কি! বায়লজীৰ কিতাপৰ মাজত কাপোৰ নিপিন্ধা দাদা-বাইদেউৰ কিতাপ৷ ভাইটিদাই মোক কিতাপখন চাই থকা দেখা পালে৷

: চাবি? হোঁ লৈ যা৷ ঘৰত লুকুৱাই ৰাখিবি এইখন৷ দেখিলে পিঠি ফালি দিব৷

মোৰ সেইবোৰত মন বহা নাই৷ ব্যৱসায়ৰ লোকচানৰ দুখ কমাবই পৰা নাই৷ কিতাপখনৰ কথা পাহৰি গৈছিলোঁ৷ এদিন কথাই কথাই স্কুলৰে লগৰ এটাক ক’লোঁ৷ সি বৰ বেছি আগ্ৰহ দেখুৱালে৷ তাৰ আগ্ৰহক নেওচিব নোৱাৰি পিছদিনা কিতাপখন স্কুললৈ লৈ গ’লোঁ৷ খুব বেছি ৫ মিনিট৷ কিতাপ পঢ়িবলৈ লাইন লাগি গ’ল৷ তেতিয়াই মোৰ ভিতৰৰ ব্যৱসায়ীজন আকৌ জাগি উঠিল৷

: এই ৰ’বা ৰ’বা৷ প্ৰতি পৃষ্ঠা পাঁচ টকাকৈ৷ টকা মোৰ হাতত জমা দি লৈ গ’লেই হ’ল৷

ডেৰশ পৃষ্ঠাৰ কিতাপ৷ চৌ চৌৱাই হাতলৈ টকা আহিবলৈ ধৰিলে৷ আজি কোনে পায়৷ ইয়াত ভাল লাভ কৰি অলপ ইথিকেল ব্যৱসায়ত হাত দিব লাগিব৷

ভাইটিদাই ঠিকেই কৈছিল, ব্যৱসায় বৰ ৰিস্কি৷ চিনিয়ৰ ৰমেনদাক এক পৃষ্ঠা বিক্ৰী কৰিছিলোঁ৷ দৌৰাদৌৰিত হেনো বাইদেউজনীৰ কাষলতি চিঙা গ’ল৷ এতিয়া ৰমেনদাক কাষলতিখন বিচাৰি দিব লাগে৷ আবদাৰৰ লেভেল চাওক! কাষ্টমাৰৰ লাইন লাগি আছে এইফালে৷ এতিয়া মই ক’ত কাষলতি বিছাৰি ফুৰোঁ? যা হওক, কাষলতি যেন কিবা এটা দেখি ৰমেনদাক দি বিদায় দিলোঁ৷ মাত্ৰ দুই মিনিট্ গৈছেহে৷ ৰমেনদা আকৌ হাজিৰ৷ সেয়া হেনো কাষলতি নহয়৷ কোনোবা দাদাৰ হেৰি হে৷

এইফালে কাষ্টমাৰ গৰম৷ এজন দুখীয়া গ্ৰাহকে পইচাৰ অভাৱত পাঁচ মিনিটৰ বাবে পৃষ্ঠা এটা ভাৰাত লৈ চাই আছিল৷ ৰমেনদাৰ বাবে তেখেতৰ সময় নষ্ট হ’ল৷ বচ লাগি গ’ল মাৰপিট৷ যিয়ে যাকে পাৰে মাৰিছে৷ যিয়ে টকাৰ অভাৱত কিনিব পৰা নাই সিয়ো হিংসাত বেলেগৰ পৃষ্ঠা টানি দিছে৷ কোনোবাই সুযোগতে মোৰ কিতাপখনো মাৰি দিলে৷ চাৰিওফালে কাগজ উৰিছে৷ দাদা-বাইদেউহঁতৰ নাভি, থাই, হাত, ভৰি, হেৰি… গোটেইবোৰ বতাহত উৰিছে৷ হুলস্থূল শুনি লহকৰ ছাৰ দৌৰি আহিল৷ ছাৰৰ ভৰিৰ ঠিক সন্মুখত দাদাৰ হেৰি!

যদিও এভিডেন্স টুকুৰা টুকুৰ হৈ যোৱা আৰু কোনেও মুখ নোখোলাৰ ফলত ঘটনাটো ফাদিল নহ’ল, কিন্তু কালপ্ৰিট্ যে ময়েই সেয়া বুজিবলৈ ছাৰৰ বেছি সময় নালাগিল৷ কাণত ধৰি উঠা বহা, দহ বেত আৰু ব্যৱসায়ৰ দুশ নব্বৈ টকা স্কুল ফাণ্ডত৷

আজিকালি মই চাকৰি কৰোঁ৷ সেই যে সৰুতেই দুখ পালোঁ, তাৰ পিছত ভুলতো ব্যৱসায়ৰ কথা ভবা নাই৷ কোনোবাই ব্যৱসায়ৰ বিষয়ে আইডিয়া ল’বলৈ আহিলেই তাক পুঁজিবাদ, শ্ৰমিক শোষণ আৰু কাৰ্ল মাৰ্ক্সৰ গল্প শুনাওঁ৷

☆ ★ ☆ ★ ☆

11 Comments

  • ৰিণ্টু

    হা হা হা, তামাম অমিতাভ

    Reply
  • bijoy mahanta

    তামাম

    Reply
  • abhijit goswami

    দাদা টামাম ???

    Reply
  • chandana sharma

    তামাম?

    Reply
  • কাবেৰী মহন্ত

    সাংঘাতিক!

    Reply
  • অভিজিত কলিতা

    এজ ইউজুৱেল অমিতাভ। বাগৰি বাগৰি হাঁ‌হি আছো, লকডাওনত এনে মাল পালে আৰু কি লাগে? চুপাৰ্ব।

    Reply
  • জ্যোতিৰ্ময়

    ব্যৱসায়ৰ আইডিয়াটো চুপাৰ ফ্লপ/??

    Reply
  • গৌৰীশংকৰ শৰ্মা

    মজ্জা লাগিল পঢ়ি।

    Reply
  • পূৰ্ণানন্দ শৰ্মা

    তামাম লাগিল পঢ়ি ৷

    Reply
  • Anonymous

    হা হা হা ৷ চাকৰি এৰি ব্যৱসায়ৰ কথা মোৰো মনলৈ আহে ৷ আজিৰপৰা ভুলতো নাভাৱোঁ দেই ৷

    Reply
  • ৰাজু কুমাৰ নাথ

    বৰ ভাল ব্যংগ।ব্যৱসায় নকৰো আৰু,এৰিলো দেই।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *