লকডাউন- অলকেশ ভাগৱতী
“লকডাউনটো বৰ ইণ্টাৰেষ্টিং বস্তুহে হিমাংশু৷ সব চাল্লা কেনেকৈ গাঁতত সোমোৱা দি সুমাই আছে দেখিছা? যিদিনা আমাৰ প্লেণ্টতো লকডাউন হয় নহয়, সিদিনা…. চাওঁ অলকেশ লাইটাৰটো দিয়া…”
: ৰ’বদেই একমিনিট৷ আৰে, লাইটাৰটোচোন মোৰ পকেটত নাই৷ অহ, অলপ আগতে লাইটাৰটো কোনোবাই খুজিলে নহয়৷ কোনে ল’লে? বিজয় তুমি ল’লা নেকি? বিজয়, শুনিছানে নাই? ঐ মোৰ লাইটাৰটো ল’লা নেকি?
: ধেই, কি ফাল্টু কথা কয়হে ৰামানুজ দা!মই আপোনাৰ লাইটাৰ কিয় লম?
: মই ৰামানুজ নহয় বে অলকেশদাহে৷ লাইটাৰটো আছে নেকি চোৱা তোমাৰ ওচৰত৷
: আৰে আল্টিমেটলি কোনোবা দাদাইতো হয়৷ হোৱাই মেক ইট এন ইচ্যু? মই আপোনালোকৰ দৰে মিনিটে মিনিটে চিগাৰেট জ্বলাওঁ নেকি যে মোৰ ওচৰত লাইটাৰটো থাকিব? নাই৷
অতি ধীৰে ধীৰে কথাষাৰ কৈ বিজয় মহন্তই জ্বলন্ত ভাঙৰ চিলিমটোত পৰৱৰ্তী দীঘল টান এটা মাৰিলে৷
: অলকেশ, ইয়াক এতিয়া ডিচটাৰ্ব কৰি লাভ নাই৷ ৰ’বা,মই পাকঘৰৰ পৰা গেছতেই চিগাৰেটটো জ্বলাই লৈ আহোঁ৷ লগতে দেবজিত আৰু আদিত্যই ৰন্ধা কাম কিমান আগুৱাইছে তাৰো এটা বুজ লওঁ৷
এক বিশেষ ভংগীমাৰে বাওঁহাতত গিলাচ আৰু ওঁঠত নজ্বলোৱা গোল্ড ফ্লেকটো লৈ তেওঁ পাকঘৰলৈ সোমাই গ’ল৷ যাওঁতে সঞ্জীৱৰ সন্মুখৰ সৰু টেবুলখনত থকা কেঁচা বুটকেইটাৰ পৰাও দুটামান বুট এতিয়ালৈ খালী হৈ থকা সোঁহাতখনেৰে উঠাই ল’লে৷ এয়া তেওঁৰ স্বভাৱসিদ্ধ গুণ৷ মগজুটোৰ লগতে দুয়ো হাত-ভৰি আৰু মুখ সকলোকে সমানে ব্যস্ত নাৰাখিলে সদাব্যস্ত মানুহজনে শান্তি নাপায়৷
আচলতে আজি নিশাৰ বিশেষ আড্ডাত বহা প্ৰতিজন লোকেই নিজ নিজ স্বভাৱৰ দাস৷ সেয়েহে সমগ্ৰ বিশ্বতে হাহাকাৰ লগোৱা কৰ’নায়ো এই মানুহকেইজনৰ স্বভাৱৰ বিশেষ পৰিবৰ্তন আনিব পৰা নাই৷ সন্ধিয়া হ’লেই বন্ধুৰ আড্ডাত বহিব খোজা এইকেইজনক ‘লকডাউনে’ যেন এক বিশেষ সুযোগহে দিছে৷ আৰু সেই সুযোগৰ সদব্যৱহাৰ কৰিয়েই আজিৰ এই আড্ডা দেবজিতৰ কোঠাত৷ দেবজিতৰ কোঠাত হাঁহৰ মাংসৰে ভাতসাজ খোৱাৰ পিছত মাজৰাতিখন এওঁলোক ঘৰলৈ কেনেকৈ উভটিব, সেই লৈয়ো এওঁলোকৰ কোনোজনৰে মুখত চিন্তাৰ ভাৱ নাই৷ Que sera sera! যি হয় দেখা যাব আদৰ্শত বিশ্বাসী লোকৰ বাবে ভৱিষ্যতৰ অহেতুক চিন্তা অৰ্থহীন৷
দুই মিনিটমান পিছত মুখত জ্বলন্ত চিগাৰেটটো লৈ তেওঁ আকৌ কোঠাটোলৈ সোমাই আহিল৷ ইতিমধ্যে বুটকেইটা পেটত ‘ষ্টক’ কৰাৰ ফলত খালী হৈ যোৱা তেওঁৰ সোঁহাতখনত এইবাৰ নিমখৰ সৰু টেমা এটা৷ বাঁওহাতৰ গিলাচটো তেতিয়াও আছে৷ কিন্তু এইবাৰ গিলাচটো খালী৷
: অঁ, হিমাংশু, কি কৈ আছিলোঁ? লকডাউনটো এক ইণ্টাৰেষ্টিং বস্তু৷ আমাৰ প্লেণ্টতো লকডাউন যেতিয়া হয়, তেতিয়া কি মজাৰ কথা হয় শুনা৷ আৎসা তাৰ আগতে কোৱাচোন ইলেকট্ৰিচিটি প্ৰডাকচন আৰু ডিচট্ৰিবিউচনৰ একদম বেচিক কনচেপ্তটো কি জানানে? প্ৰথমে সেইটো কৈ ল’ব লাগিব৷ যেতিয়া ওপৰৰ পৰা পানীবোৰ জোৰেৰে টাৰ্বাইনত পৰে তেতিয়া টাৰ্বাইনবোৰ ঘূৰি এক মেগনেটিক….
: আবে অভিজিত দা, এই ৰাতিখন এইবোৰ টেকনিকেল কথা কৈ ব’ৰ নকৰিবহে৷ কাৰেণ্ট কেনেকৈ প্ৰডিউচ হয় সেইবোৰ জানি আমি কি কৰিম? হয় কেনেবাকে৷ আমি কেৱল পাই থাকিলেই হ’ল৷ নহ’লেও ইনভাৰ্টাৰ আছে মোৰ৷ কুৱেইটত মই তেল কেনেকৈ খান্দো সেই কথা ৰামানুজক বুজালে সি ইণ্টাৰেষ্ট ল’ব নেকি? চে’ম কথা৷ তাতকৈ এইটো খবৰ কওক যে ভিতৰত হাঁহটো ঠিকমতে বনি আছেনে নাই?
হাঁহ শব্দটো শুনাৰ লগে লগেই টানি থকা চিলিমটো মুখৰ পৰা আধাতেই আঁতৰাই বিজয় মহন্ত পোন হৈ বহি ল’লে ৷ ভাঙৰ নিচাত আঙঠাৰ দৰে ৰঙা হৈ পৰা বিজয়ৰ চকুদুটাৰ উত্তাপে যেন এতিয়া হাঁহৰ মাংসও সিজাই দিব পাৰিব৷
: ৰিণ্টু, তোমালোকৰ এই কথাবোৰেই বেয়া৷ বস্তুবোৰ টেকনিকেলি ইন ডেফ্ট বুজিবলৈ আগ্ৰহ নাই৷ বাৰু বাদ দিয়া হিমাংশু, মই এইটো তোমাক কাইলৈ বুজাম৷ অঁ আৰু ৰিণ্টু, হাঁহৰ কথা সুধিছা? হাঁহটো এতিয়াও গঁৰালতে ঘূৰি আছে৷ ইহঁতৰ এতিয়ালৈ আলু পিয়াঁজ কটাই হোৱা নাই৷ মই সেইকাৰণেই তোমাক কৈছিলোঁ যে দেবজিত আৰু আদিত্যৰ গিলাচটো অলপ পলমকৈ ভৰাবা৷
: কি? এতিয়ালৈ পিয়াঁজ কটাই হোৱা নাই?
অভিজিত কলিতাৰ কথা শুনি হেমন্ত কাকতি বহাৰ পৰা জাঁপ মাৰি উঠিল৷
: আবে অভিজিত, তেনেহ’লেচোন আমাৰ ভাত হওঁতে মাজৰাতিও পাৰ হ’ব এতিয়া!
কাকতিৰ এই আবেগমিশ্ৰিত মুখখনৰ লগত ৰিণ্টুমনি দত্ত পৰিচিত৷ শুনামতে আগতেও হেনো ইঞ্জিনিয়াৰিং হোষ্টেলত পাৰ্টি চলি থাকোঁতে কোনোবাই দহ বাজি যোৱা বুলি ক’লে হেমন্ত কাকতি এনেকৈ জাঁপ মাৰি উঠি চিন্তাক্লিষ্ট হৈ পৰিছিল৷ প্ৰয়োজনীয় বস্তুবোৰ আগতেই গোটাই নলৈ দোকান বন্ধ হোৱাৰ শেষ মুহূৰ্তলৈ ৰৈ থকাটো তেওঁৰ কলেজীয়া দিনৰেই স্বভাৱ৷
: হয়হে কাকতিদা৷ চাওকচোন ইমান দেৰী কৰিছে ইহঁতে৷ মই ইফালে ৱাইফক অকলে এৰি থৈ আহিছোঁ৷ সোনকালে যাবও লাগিব মই৷
: আৰে, ৰামানুজ অযথা টেনচন নল’বা৷ হৈ যাব সকলো৷ সেইবোৰ দেবজিত আৰু আদিত্যক চম্ভালিব দিয়া৷ তুমি এটা ঢালা মোৰ গিলাচত৷
গোটেই পৃথিৱীৰ মূৰত টেনচন জাঁপি দি নিজে নিৰ্বিকাৰ হৈ থাকিব পৰা এই গুণটো ৰিণ্টুমনি দত্তই ক’ৰ পৰা কেনেকৈ আহৰণ কৰিলে সেই কথা ভাৱি অলকেশ আকৌ এবাৰ আচৰিত হ’ল৷ ৰিণ্টুমনি দত্তৰ কথা শুনি ৰামানুজ আকৌ লাহেকৈ বহি পৰিল৷
ইফালে হাঁহ এতিয়াও গঁৰালতেই আছে বুলি শুনাৰ লগে লগেই যেন বিজয় মহন্তৰ দেহৰ সকলো তেজ কোনোবাই শুহি লৈ গ’ল৷ কৰুণ দৃষ্টিৰে অকন অকনকৈ ধোঁৱা ওলাই থকা চিলিমটোলৈ চাই বিজয়ে চকীখনত নিজৰ দেহটো সম্পূৰ্ণকৈ এৰি দিলে৷
: ই ভাঙৰুৱে চাল্লা এইসোপা খাই (অশ্লীল) গোটেই ৰূমটোৱেই গোন্ধাই পেলালে বে অলকেশ দা৷ এইবোৰ খোৱা লোকক এনে পবিত্ৰ ঠাইত সোমাবই দিব নালাগে৷
: অভিজিতদা, ভাত হওঁতে যদি ইমান দেৰি হয়, তেন্তে খাবলৈ কিবা এটা যোগাৰ কৰক বে৷ ভোক লাগিছে মোৰ৷
: আবে, সেইটোনো কি ডাঙৰ কথা? টেনচন নল’ব অভিজিতদা৷ চুইগিত তন্দুৰী এটা অৰ্ডাৰ দি দিওঁ ৰ’ব মই৷ ছয়মাইলৰ জে-14 ৰ মেনেজাৰৰ লগত মোৰ ভাল চিনাকি৷ তাক ফোন মাৰি লেগপিচ বেছিকৈ দিবলৈ কৈ দিম৷
: সঞ্জীৱ, কি বকি আছাহে তুমি? লকডাউনৰ কাৰণে ৰেষ্টোৰাঁবোৰ যে বন্ধ পাহৰিলা নেকি? আৰু তুমি বৰ্তমান গুৱাহাটীত নাই, যোৰহাটতহে আছা৷
হেমন্ত কাকতিৰ কথাত সঞ্জীৱৰ সম্বিৎ ঘূৰি আহিল যদিও ভট্টাচাৰ্য্য সহজে হাৰি যোৱা লোক নহয়৷ কোটকোটকৈ গিলাচৰ সকলো গিলি লৈ গিলাচটো টেবুলত থৈ এইবাৰ তেওঁ আকৌ কৈ উঠিল,
: এহ বাদ দিয়কহে এনে লকডাউন কিমান দেখিলোঁ৷ মই নিজে যাওঁ ৰ’ব৷ তাৰ দোকান খোলাই লেগপিচ লৈ আহিম৷ বাপ বুলি দিব লাগিব সি মোক৷
: আৰে বাবা, তুমি গুৱাহাটীত নাই বে, যোৰহাটত আছা৷
: তাতে কি হ’ল? ফটাফট গাড়ী লৈ গৈ এঘণ্টাত ঘূৰি আহি পাই যাম৷
: সঞ্জীৱ, হ’ব দিয়া৷ নালাগে৷ তুমি শান্ত হৈ খাই থাকাচোন৷ মোৰ ইমানো ভোক লগা নাই৷
কথাষাৰ কৈ উঠি এঘণ্টাত যোৰহাটৰ পৰা ছয়মাইললৈ গৈ দোকান খুলি তন্দুৰী পেক কৰি আকৌ ঘূৰি আহি যোৰহাট পাবলৈ হ’লে গাড়ীখনৰ গতিবেগ ঘণ্টাত কিমান হ’ব লাগিব সেয়া ৰামানুজে এনেই এবাৰ কল্পনা কৰি চালে৷
একেখিনি সময়তে অভিজিত কলিতাই একেটা ঘটনাৰ বাবে গাড়ীখনৰ মোমেণ্টাম, 14.5 গড়ে প্ৰয়োজনীয় মুঠ তেল আৰু 71.59 দৰত সেই তেল কিনিবলৈ দৰকাৰী পইছা, বাটত খাওঁতে হ’বলগীয়া খৰছ, এই দীঘলীয়া ট্ৰিপটোৰ বাবে গাড়ীখনৰ ডেপ্ৰিচিয়েচন cost আদি সকলো মনৰ ভিতৰতেই উলিয়াই ল’লে৷ ব্ৰেইন আৰু পইছাক এক চেকেণ্ডৰ বাবেও এনেই পেলাই থ’ব নালাগে বুলি কলিতাক বহু সৰুতেই কোনোবাই শিকাই থৈছিল৷
কিন্তু এই কথাবোৰত ৰিণ্টুমনি দত্তই সামান্যতমো গুৰুত্ব নিদি নিজৰ গিলাচটোত আইছ আৰু পানীৰ অনুপাতটো সঠিককৈ মিলোৱাত ব্যস্ত হৈ থাকিল৷ অনৰ্থক কথাবোৰত মগজুটোক কষ্ট দিয়াটো দত্তৰ স্বভাৱৰ পৰিপন্থী ৷ “টেনচন লেনেকা নেহি চিৰ্ফ দেনেকা” বুলি তেওঁকো কোনো এজন মনিষীয়ে অভিজিত কলিতাতকৈয়ো সৰু কালতেই শিকাই থৈছিল৷
: ৰ’বা ৰামানুজ, এটা কাম কৰোঁ৷ দেবজিতক কণী দুটাকে বইল কৰিবলৈ দিওঁ৷ সেই দুটা খাই ল’লেও তোমাৰ ভোক নোহোৱা হৈ যাব৷ এক্সুৱেলি কণীৰ কুহুমটোত কি থাকে জানা? সেইটোও এটা ইণ্টাৰেষ্টিং কথা৷ ফেটছ আৰু এলবুমিনৰ কম্বিনেছনটো আচলতে…..
: আদিত্য, দুটা কণী বইল কৰি দিয়াচোন৷ ৰামানুজৰ ভোক লাগিছে হেনো৷ অভিজিত কলিতাক কণী সম্পৰ্কীয় গৱেষণা পত্ৰখন পাঠ কৰিবলৈ কোনো সুবিধা নিদি ৰিণ্টুমনি দত্তই কথাৰ মাজতে চিঞৰি উঠিল৷
: হাঁ, কি কৈছে ৰিন্টুদা? পাকঘৰৰ পৰা আদিত্যৰ চিঞৰ
: দুটা বইল কণী দিয়াচোন
: বইল কণী ক’ৰ পৰা দিম ৰিণ্টুদা? মোৰ ৰূমত যোৱা শনিবাৰেই কণী শেষ হ’ল৷ পৰহি আনিবলৈ বৰুৱা চাৰিআলিলৈ যাওঁতে পুলিছে ধৰিলে৷
এতিয়াও ৰঙা পৰি থকা তপিনাত পেণ্টটোৰ ওপৰেদিয়েই এবাৰ আলফুলে মোহাৰি দি সেমেনা সেমেনিকৈ দেবজিতে ক’লে৷
: ইয়াৰ (অশ্লীল) ৰূমটোত থাকে কি বে? চাল্লা কণী এটাও নাই? মোৰ ৰূমত এতিয়াও দুই ডজন কণী পৰি আছে৷ লৈ আহোঁ নেকি ৰিন্টুদা কওক৷ মাইকেল চুমাখাৰ টাইপ যাম আৰু আহিম৷
মন্দিৰৰ ভিতৰত ধ্যানৰত ভট্টাচাৰ্য্য আকৌ এবাৰ উত্তেজিত হৈ উঠিল৷
: ৰ’বা ৰ’বা নালাগে৷ কণীৰ যোগাৰ হৈ যাব বাৰু৷ তুমি তাতকৈ আদিত্যক পিয়াঁজ কটাত অলপ হেল্প কৰি দিয়া৷
: পিয়াঁজ কটাতোনো কি ডাঙৰ কথা? কনিহাৰ জগদ্ধাত্ৰী পূজাৰ হাজাৰ মানুহৰ খানাৰ পিয়াঁজ মই অকলেই……
: দেবজিত, হাঁহটো মাৰিলিনে?
: নাই ৰিণ্টুদা৷ চবজিখিনি কাটি লৈ ভাতটো বহাই দিওঁ প্ৰথমে৷ মোৰ আকৌ গেছটোৰ এটা বাৰ্নাৰহে জ্বলে৷ সিটো সেইদিনা গাখীৰ উতলি পৰি বেয়া হ’ল৷ ভাতটো হৈ থকাৰ সময়খিনিত এইখিনি খোৱা শেষ কৰি লওঁ ৷ তাৰপিছত হাঁহটো ফটকৈ মাৰি বনাই দিম৷ আধাঘণ্টা মানতে হৈ যাব৷
: ঠিক আছে৷ হ’ব দে৷ মোৰ গিলাচটো ভৰাই দেচোন তোৰ আৰু আদিত্যৰটোও লৈ ল৷ সঞ্জীৱক আৰু বেছি নিদিবি৷ আৎসা, হাঁহটো ক’ত আছেনো?
: ৰিণ্টুদা, বাথৰূমৰ দুৱাৰখনৰ কাষতেই মেগীৰ কাৰ্টন এটা ওলোটাকৈ থোৱা আছে৷ তাৰ তলতেই সোমাই থৈ দিছোঁ৷
: বাৰু থিক আছে, তই আইচটো দে, মই বাথৰূমৰ পৰা আহি আছোঁ৷
দুইমিনিটমান পিছত ৰিণ্টুমনি দত্ত বাথৰূমৰ পৰা ঘূৰি আহিল৷
: পানী ঢালিলি দেবজিত?
: অ দাদা, এয়া লওক আপোনাৰ গিলাচ৷
: অভিজিতদা, জীনা মাহী কেনে আছে?
: আব্বে….. , ৰামানুজ পাগল হৈছা নেকি বে৷ তোমালোকে এনেকৈ কামুৰি থাকিলে মানুহে এতিয়া কথাবোৰ সঁচা বুলি ভৱা হ’ব৷ সেইদিনা পল্লবীয়ে মোক সুধিছিলেই৷
: হাঁহ!
পাগঘৰৰ পৰা ওলাই আহি চকীতেই শুই থকা বিজয়ৰ কাণত আদিত্যই ফুচফুচাই শব্দটো কৈ দিয়াৰ লগে লগেই ষ্প্ৰিং দিয়া পুতলাৰ দৰে বিজয় মহন্ত জাঁপ মাৰি উঠিল৷
: আবে ৰিণ্টুদা, আকৌ ক’লৈ যায়?
: ৰবা সঞ্জীৱ, বাথৰূমৰ পৰা হাতখন ধুই আহোঁ৷
: অকে৷ মই আপোনাৰ হৈ বাথৰূমলৈ গৈ হাতখন ধুই আহোঁ নেকি? কওক৷
: নালাগে বাবা, তুমি কেৱল অলপ লাহে লাহে খোৱা৷
বালা বালা বালা, চোইতান কি চালা, বালা বালা ৰাৱণ নে হেই পালা ….
পাকঘৰৰ পৰা দেবজিতৰ মোবাইলৰ ৰিংটোন বাজি আহিল৷ তাৰ পিছত ফোনত দেবজিতৰ অতি অনুচ্ছ কণ্ঠত কথোপকথন৷
: অভিজিতদা, আৰু কিমান আছে?
আমাৰ সবৰে ডাঙৰকৈ আৰু এটা এটা হৈ যাব অলকেশ৷
: ঠিক আছে দাদা, বঢ়িয়া৷ ৰামানুজ, নেক্সট কিতাপৰ প্লেন কি?
আড্ডা চলি থাকিল৷ আৰু লাহে লাহে ‘লকডাউন’ৰ আড্ডাত সকলোৰে স্পিৰিট হাই হৈ আহিল৷ সাধাৰণতে এনেকুৱা আড্ডাবোৰৰ শেষৰপিনে সকলোতে একেধৰণৰ পৰিস্থিতিয়েই হয়৷ কোনে কাৰ লগত কি কথা পাতে পিছদিনা একো মনত নাথাকে৷ সময়ৰো হিচাববোৰ খেলিমেলি হৈ যায়৷ এই আড্ডাতো সেয়াই হ’ল৷
এনেকৈ কিমান সময় গ’ল তাৰ সঠিক হিচাব নাই৷ হঠাতে ৰিণ্টুমনি দত্তই বাথৰূমৰ পিনৰ পৰা আকৌ এবাৰ আহি কৈ উঠিল,
: আবে তহঁতে মই নথকা সময়খিনিত সকলো শেষ কৰি দিলি নেকি? ইয়াত একো নায়েইচোন!
ক্ষোভ মিহলি সুৰত ডাঙৰকৈ কৈ উঠা কথাটোত সকলোৱে নিজৰ মাজত কথা পতা বন্ধ কৰি ৰিণ্টুমনি দত্তলৈ ঘূৰি চালে৷
: অলকেশ, শেষ কৰি দিলানে কি?
: অঁ মানে শেষেইতো হ’ল৷ আমিচোন সকলোৱে সমানেই লৈ আছিলোঁ৷ আপুনি নাপালে নেকি?
: আবে ক’ত পাম? আধাঘণ্টা ধৰি দেখোন মই হাঁহটোৰ ওচৰতেই আছিলোঁ৷ তোমালোকৰ কাৰণে ইমান ভাবোঁ, কিন্তু তোমালোকে মোৰ কাৰণে অকনো নাভাবিলা৷ এবাৰৰ কাৰণেতো ভাৱিব পাৰা যে দাদাজনে পালেনে নাই৷ সিমানখিনিও মনত নপৰিল! মৰমৰ প্ৰতিফলন আজি……
দত্তৰ শেষ কথাখিনি থোকাথুকি হৈ অস্পষ্ট হৈ গ’ল৷
ঘড়ীটোলৈ নাচায়ো অলকেশে বুজি পালে যে এতিয়া হয়তো বাৰমান বাজিল৷ কাৰণ ৰিণ্টুমনি দত্ত যদি প্ৰচণ্ড ইমোচনেল হৈ যায় তেন্তে গম পাব লাগিব যে সময় এতিয়া নিশা বাৰ বজাৰ আশে-পাশে৷ গতিকে এই সময়ত মানুহজনক জোকাই লোৱাটো মুঠেও ভাল নহ’ব বুলি জানি অলকেশে লাহেকৈ সৰু টোপোলা এটা পকেটৰ পৰা উলিয়াই দিলে৷
পলিথিনেৰে মেৰিয়াই থোৱা বস্তুটো দূৰৰ পৰাই চাই একেই থোকাথুকি মাতেৰে দত্তই সুধিলে
: কি এইটো? একো নায়েই যেতিয়া মোক বুটৰ টোপোলাটো দি কি হ’ব?
: বুট নহয় দাদা৷ মই পিছত দৰকাৰ হ’ব পাৰে বুলি অলপ উলিয়াই নাৰীকল তেলৰ এই খালী টেমাটোতেই থৈ দিছিলোঁ৷ লওক, আপোনাৰ কাৰণেই থৈ দিছিলোঁ এইখিনি৷
শেষৰ বাক্যটো কৈ পেকেটটো দত্তৰ হাতত তুলি দিওঁতে অলকেশৰ বুকুখন এনেকৈ মোচৰ খাই গ’ল যেন সি সেয়া নাৰিকল তেলৰ বটল নহয়, প্ৰেমিকাৰ হাতখনহে নিজহাতে কণ্যাদান কৰি প্ৰতিদ্বন্দ্বীৰ হাতত তুলি দিলে৷
পেকেটটো স্পৰ্শ কৰাৰ লগে লগেই হঠাতে দত্তৰ মুখখন Vivo mobile ৰ flash টোৰ দৰেই উজলি উঠিল৷ এতিয়া হাঁহিত চমকি থকা মুখখন দেখিলে কোনেও ক’বই নোৱাৰিব যে এক চেকেণ্ডৰ এশভাগৰ এভাগ সময় আগলৈ এই একেখন মুখ শোকত ম্ৰিয়মান হৈ ওন্দোলি আছিল৷
“ৱাহ ভগৱান, সঁচাকৈয়ে কি এক চমৎকাৰী বস্তু বনালা এয়া!” কথাষাৰ মনৰ ভিতৰতে ভাৱি ঈশ্বৰক তেওঁৰ মহানতম সৃষ্টিৰ বাবে ধন্যবাদ দি অলকেশে এইবাৰ হায়াৰ চেকেণ্ডাৰীৰ কেমিষ্ট্ৰিত পঢ়া এই দ্ৰব্যবিধৰ ৰাসায়নিক সংকেতটো মনত পেলাবলৈ চেষ্টা কৰিলে৷ C2H5…. ৷ নাই মনত নপৰিল৷ দৰকাৰেই বা কি৷ নাম বা ফৰ্মূলাত কি আহে যায়৷ নিউটন নে কোনে কৈ থৈ গৈছে A rose by any other name… ৷ এইটোও সম্পূৰ্ণকৈ মনত নপৰিল৷
: আৰে, মই জানোৱেই যে তুমি মোৰ কাৰণে ৰাখিবাই৷ তুমি মোৰ মৰমৰ ভাতৃ৷ ব্ৰাদাৰ ফ্ৰম এনাদাৰ মাদাৰ৷ এইবাৰ মই কুৱেইটৰ পৰা আহিলে তোমাৰ বাবে….
নিশা বাঢ়ি যোৱাৰ লগে লগে দত্তৰ আবেগ এতিয়া প্ৰায় চূড়ান্ত পৰ্য্যায়ত উপনীত হৈছে৷
: গিলাচ কিমান লাগে? দৰকাৰ হ’লে মই এতিয়াই গৈ ৰাজকুমাৰ দাৰ দোকান খুলি দুইডজন গিলাচ লৈ আহিম৷ আমাৰ পিকনিকবোৰত মই এনেকৈ….
: বাবা, এটা গিলাচ দিলেই হ’ব দিয়াচোন এতিয়া৷ সেইটো আগুৱাই দিয়া৷ সঞ্জীৱৰ বাঁওপিনে টেবুলত থকা খালী গিলাচটোলৈ আঙুলিয়াই এইবাৰ ৰামানুজে কৈ উঠিল৷
: কিন্তু ৰিণ্টু তুমি ইমান সময়ে গৈছিলা ক’ত?
অভিজিত কলিতাৰ কথাটো শুনি মুখেৰে একো নামাতি ৰিণ্টুমনি দত্তই এইবাৰ তেওঁৰ সোঁহাতৰ মুঠিটো খুলি দিলে৷ দত্তৰ হাতত এটা হাঁহৰ কণী৷ তেওঁৰ মুখৰ গৌৰৱপূৰ্ণ অভিব্যক্তিত দেখি এনে লাগিল যেন কণীটো তেওঁ এইমাত্ৰ নিজেই প্ৰসৱ কৰি উলিয়াইছে৷
: ৰামানুজ, তোমাৰ ভোক লাগিছিল নহয়৷ সেয়ে তোমালৈ এইটো লৈ আনিলোঁ৷
: কিন্তু ৰিণ্টুদা এই মাজনিশা লকডাউনৰ সময়ত আপুনি কণী বিচাৰি পালে ক’ত? দোকানবোৰতো সকলো বন্ধ! নিশা গভীৰ হৈ আহিলেও এই প্ৰেক্টিকেল প্ৰশ্নটো মূৰলৈ আহিব পৰাকৈ আদিত্য এতিয়াও সুস্থ হৈ আছে৷
: কণী পোৱাটো কি ডাঙৰ কথা? মই লৈ আহোঁ নেকি চাৰিডজন কণী হাজোৰ পৰা?
: এহ সঞ্জীৱ ৰ’বাহে৷ তুমি অলপ ৰেষ্ট লোৱা৷
হেমন্ত কাকতিয়ে ভেকাহি মাৰি উঠিল৷
: দোকানলৈ কিয় যাবলৈ লাগিছে? আমি খাবলৈ অনা হাঁহটোৰ পৰাই আনিছোঁ৷
‘হাঁহ’ শব্দটো শুনাৰ লগে লগেই আকৌ এবাৰ বিজয় মহন্ত শুই থকাৰ পৰা চক খাই জঁপিয়াই উঠিল৷
: কি!! আমি কিনি অনা হাঁহটোৰ পৰা কণীটো পালে? কি কথা কৈছেহে ৰিণ্টুদা৷
: আৰে ইমান আচৰিত নহ’বাচোন৷ বাদাম দুটা চোবাই চোবাই অভিজিত কলিতাই আৰম্ভ কৰিলে- হাঁহে ৰাতি কণী পৰাটো একো অভাৱনীয় ঘটনা নহয়৷ লাক ভাল থাকিলে এনেকুৱা হ’ব পাৰে৷ আচলতে লাক ভাল থাকিলে হাঁহে যেতিয়াই তেতিয়াই কণী পাৰিব পাৰে৷ কেনেকৈ শুনা, এমব্ৰায়টো যেতিয়া…..
: আৰে ৰ’বহে অভিজিতদা, আপুনি একো বুজা নাই৷ ৰিণ্টুদাৰ এতিয়া হৈ গৈছে৷ ভুলতে যি তি কৈছে এইবোৰ৷ এইবাৰ আদিত্যৰ কণ্ঠত উদ্বেগৰ সুৰ৷ ৰিণ্টুদা সঁচাকৈ কওকচোন কণীটো ক’ৰ পৰা আনিলে?
কট কটকৈ তিনিঢোক মাৰি লৈ দত্তই একেই নিৰ্বিকাৰচিত্তে আকৌ এবাৰ ক’লে,
: কলোৱেইচোন! আমি খাবলৈ অনা হাঁহটোৰ পৰা আকৌ৷
: য়ে বে অলকেশদা, বুঢ়াক আকৌ এইখিনিও কিয় উলিয়াই দিলে? বেছি হৈ গৈছে ৰে৷ দেখিছেনে এওঁ কি উল্টা-পুল্টা ক’বলৈ আৰম্ভ কৰিছে এতিয়া৷
: ৰ’বাচোন, এনেই ইমান অভাৰ ৰিয়েক্ট নকৰিবা৷ কিনো ইমান ভুল ক’লে৷ অভিদাই ক’লেইচোন হাঁহে ৰাতিও কণী দিব পাৰে৷
: অঁ, পাৰেতো৷ মইচোন কৈয়েই আছোঁ এমব্ৰায়টো…
: হেইৎ ৰ’বহে৷ আপোনালোকে একো বুজা নাই৷ আবে আমি খাবলৈ অনা হাঁহটো মতা হাঁহহে৷
: মতা হাঁহ বাবেইতো এঘণ্টা লাগিল৷ মাইকী হাঁহ হ’লে মই এক মিনিটতেই কণী উলিয়াই দিব পাৰিলোঁহেঁতেন৷
কটৰ কটৰকৈ দুটা শুকান মটৰ চোবাই কোনোকালে কোনো টেনচন নিজে লৈ নোপোৱা ৰিণ্টুমনি দত্তই দিয়া উত্তৰটো শুনি সকলোৱে সমস্বৰে চিঞৰি উঠিল – কি? ????
“আবে, এইটোতো বহুত ডাঙৰ কথা৷ আনকি আমাৰ কনিহাতো মতা হাঁহে কণী পাৰিব নোৱাৰে”বুলি একেজাঁপে সঞ্জীৱো আহি ৰিণ্টুমনিৰ সন্মুখ পালে৷
: কি কয়হে দাদা? মতা হাঁহে আকৌ কেনেকৈ কণী পাৰিব পাৰে?
: পাৰে অলকেশ৷ পাৰে৷ কেবল তাৰ বাবে প্ৰপাৰ টেকনিকটো জানিব লাগিব৷ কেবল মতাহাঁহৰ কণীয়েই নহয়, মই বলধৰ পৰা গাখীৰ উলিওৱা টেকনিকো জানো৷
: কিনো কৈ আছেহে দাদা? কিবা নিচা চিচা লাগিছেনে কি? এনে কি টেকনিক থাকিব পাৰে যে মতা হাঁহেও কণী দিব?
: আছে আছে৷ তেনে টেকনিকো আছে৷ আজি মই তোমালোককো এই টেকনিকটো শিকাই দিওঁ৷ হিমাংশু, বাচা তুমিও ওচৰলৈ আঁহা৷ এই টেকনিকটো শিকাটো এতিয়া তোমাৰ বাবেহে আটাইতকৈ বেছি জৰুৰী৷
ইমানপৰে প্ৰায় নীৰৱে নিজ কৰ্মত মগ্ন হিমাংশুও আহি দত্তৰ সন্মুখত বহি পৰিল৷ তেওঁৰো চকুত বিস্ময়ৰ ভাৱ৷
বৃত্তাকাৰে আগুৰি লোৱা সকলোৰে মাজত কেন্দ্ৰবিন্দু হৈ বহি এইবাৰ দত্তই আৰম্ভ কৰিলে,
: ফ্ৰেইণ্ডছ, ৰোমানচ্ এণ্ড কাণ্ট্ৰিমেন…আমি সকলোৱে জানো যে গেলিলিঅৰ তৃতীয় সূত্ৰ মতে সকলো ক্ৰিয়াৰে এক সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে….
তেওঁলোকযে বৰ্তমান ৰোমত নহয় যোৰহাটতহে আছে সেইটো তেওঁক সোঁৱৰাই দিয়াৰ প্ৰয়োজনীয়তা কোনেও অনুভৱ নকৰিলে৷ নিশাৰ সময়ত এনে আবোগিক লোকক জোকাই লোৱাটো বিপদজনক কাম৷ কিন্তু তাৰ পিছতো সঞ্জীৱে চিঞৰি উঠিল
: সেটু কেংকে হ’বা পাৰে৷ সেটু গেলিলিও নহয় নিউটনহে…
সঞ্জীৱৰ কথা শেষ নহওঁতেই হেমন্ত কাকতিয়ে সঞ্জীৱৰ মুখত টিপা মাৰি ধৰি ফুচফুচাই ক’লে “মনে মনে থাকা সঞ্জীৱ৷”
: কিন্তু দাদা সেইটো গেলিলিও নহয়তো, নিউটনহে আছিল৷ আমি স্কুলত পঢ়ি থাকোঁতে….
সঞ্জীৱৰ ৰঙা পৰি যোৱা চকুলৈ ঘোপাকৈ চাই হেমন্ত কাকতিয়ে এইবাৰ নিজৰ ওঁঠৰ সন্মুখত এটা আঙুলি উলম্বভাৱে দাঙি ধৰিলে৷ ইয়াৰ পিছত সঞ্জীৱ আকৌ মৌন হৈ ৰ’ল৷ হাজাৰ আড্ডাৰ অভিজ্ঞতাৰে পূৰ্ণ কাকতিয়ে বুজি পালে যে বৰ্তমান এই কোঠাটোৰ ভিতৰত নিজকে ৰোমান সাম্ৰাজ্যৰ নাগৰিক বুলি ভাৱি থকা ৰিণ্টুমনি দত্তই একমাত্ৰ লোক নহয়৷ কাৰণ সঞ্জীৱৰ যদি ভাৰতত থকা বুলি মনত থাকিলহেঁতেন, তেন্তে সি সেইটো কথাও দত্তক শুধৰাই দিলেহেঁতেন৷
: এইযে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া, সেইটো লাইফৰ সকলো ক্ষেত্ৰতেই এপ্লাই হয়৷ লাইফ ইজ বিউটিফুল বে ব্ৰাদাৰ৷ আজি অলকেশে মোৰ কাৰণে বস্তুটো লুকুৱাই ৰাখি থৈ দিছে৷ সেইটো বাৰু কম কথানে? ইমোচমেল হৈ গ’লো মই৷ মোৰ মৰমৰ ভাতৃ সি৷ ব্ৰাদাৰ ফ্ৰম….
: ৰিণ্টু পইণ্টলৈ আঁহা৷ মতা হাঁহৰ কণী উলিওৱা টেকনিকটোলৈ৷
অভিজিত কলিতাৰ কেলকুলেটেড মৃদু ধমক এটাত দত্ত আকৌ ট্ৰেকলৈ আহিল৷
: ৰামানুজে কণীৰ কথা কোৱাৰ পিছতেই মই হাঁহটোৰ ওচৰলৈ গ’লোঁ৷ তাক গালে মূৰে পিহি মৰম কৰি লৈ মই কাণে কাণে ক’লোঁ “ভাই, বিৰাট ভোক লাগিছে মোৰ৷ কণী এটা দি দে৷”
: কি ফটুৱা কথা কয় বে? আপুনি তেনেকৈ ক’লে আৰু মতা হাঁহটোৱে কণী পাৰি দিলে?
বিৰক্ত হৈ আদিত্যৰ প্ৰশ্ন৷
: আস! নাই দিয়া বে৷ কেনেকৈ দিব? সেইটো মতা হাঁহহে৷ মই তেনেকৈ কৈ তাক আকৌ এবাৰ মৰম কৰি কাৰ্টনটোৰে ঢাকি দি গুছি আহিলোঁ৷
: তাৰ পিছত?
: তাৰপিছত মই হাত ধুবলৈ বাথৰূমলৈ যাওঁতে তাক আকৌ এবাৰ মনত পেলাই দি ক’লোঁ – ভাই মোক কণীটো কিন্তু লাগিবই৷
: অঁ, তেতিয়া?
: তেতিয়াও একো নহ’ল৷ মই ইয়ালৈ আহি এঢোক মাৰি আকৌ তাৰ ওচৰলৈ গ’লোঁ৷ এইবাৰ গৈ মই তাক অলপ প্ৰেছাৰ দি ক’লোঁ – কি হ’ল দোস্ত? কণীটো এতিয়ালৈ নিদিলিযে৷ মোৰ হাতত কিন্তু সময় বেছি নাই৷ ভোক লাগি আহিছে মোৰ৷ তেতিয়া সি সামান্য বিৰক্ত হ’ল যদিও কণী নিদিলে৷ তাৰ পিছত মই ইয়াত আহি তোমালোকৰ লগত বহি থাকোঁতে দেবজিতক হাঁহটোৰ লগত লাগি থাকিবলৈ দি আহিলোঁ৷ দেবজিতে দুই মিনিটমানৰ মূৰে মূৰে তাৰ ওচৰলৈ গৈ কণী খুজি থাকিল৷ ইয়াৰ পিছত হিমাংশুৱে অপেনাৰটো বিচাৰি থকা সময়তযে মই নোহোৱা হৈছিলোঁ, তেতিয়া মই আকৌ এবাৰ হাঁহটোৰ ওচৰলৈ গ’লোঁ৷ এইবাৰ মই ৰিমঝিম বৰঠাকুৰলৈ ফোন লগাই ফোনটো হাঁহটোৰ কাণত লগাই দিলোঁ৷ তাই সিফালৰ পৰা ক’লে “তই কণীটো দিবিনে নাই? মই ৰিণ্টুদাৰ বন্দুকৰ গুলীবোৰ ৰ’দত শুকুৱাবলৈ দিছোঁ৷ যদিহে দহ মিনিটত কণী নাপাওঁ তেন্তে তোৰ দিগদাৰ আছে৷”
ইয়াৰ পিছত মই একেই টেকনিকেৰে চবিনা আৰু দেবজিতৰ যোগেদি হাঁহটোক কণী বিচাৰি আকৌ প্ৰেছাৰ দিলো৷ মুঠতে যোৱা এঘণ্টাত মই হাঁহটোক প্ৰতি এক মিনিটৰ মূৰে মূৰে বেলেগ বেলেগ উপায়েৰে ইমান টৰ্চাৰ কৰিলোঁ যে প্ৰায় পঞ্চাছ মিনিটমান পিছত হাঁহটো প্ৰেছাৰত অলমোষ্ট পাগল হোৱাৰ উপক্ৰম হ’ল৷ অহ, ক’বলৈ পাহৰিছিলোঁৱেই৷ আৰম্ভণিতেই মই হাঁহটোৰ কাষত মোৰ আনটো মোবাইল থৈ আহিছিলোঁ৷ ইয়াত তোমালোকৰ লগত আড্ডা মাৰি থাকোঁতেও মই সেই মোবাইলটোলৈ ঘনেঘনে মিছকল দি থাকিলোঁ আৰু লগতে অজস্ৰ মেছেজো দিলোঁ যাতে অহৰহ বাজি থকা ৰিংটোন আৰু ন’টিফিকেচনৰ শব্দ শুনি থাকি তাৰ মূৰটোৱে টেনচনত আন বেলেগ একো কথা ভাৱিব নোৱাৰা হৈ যায়!
সদায় হোৱাৰ দৰে এইবাৰো মোৰ এই টেকনিকটোৱে কাম দিবলৈ আৰম্ভ কৰিলে৷ হাঁহটো প্ৰায় বলিয়া হোৱাৰ উপক্ৰম হ’ল৷ একদম শেষ মুহূৰ্তত মই আকৌ এবাৰ তাৰ ওচৰলৈ গ’লোঁ৷ এইবাৰ মই মোৰ মোবাইলটোত গুগল চাৰ্চ মাৰি তাত এজাক শিয়ালৰ ফটো ডাউনলোড কৰি লৈছিলোঁ৷ অলৰেদি মগজুৱে কাম নকৰা অৱস্থাত থকা হাঁহটোৰ ওচৰলৈ গৈ যেতিয়া মই তাক শিয়ালৰ ফটোখন দেখুৱাই ক’লোঁ “চা দোস্ত, লাষ্ট চাঞ্চ, আৰু এক মিনিটৰ ভিতৰত যদিহে মই কণীটো নাপাওঁ, তেন্তে এই শিয়ালৰ জাকটো মই তোৰ ওপৰত এৰি দিম৷ তেতিয়া টেনচনত অৰ্ধমৃতপ্ৰায় হৈ থকা হাঁহটোৱে প্ৰবল চিৎকাৰ এটা কৰি টপকৈ এই কণীটো পাৰি দিলে৷
কথাখিনি কৈ ৰিণ্টুমনি দত্তই এইবাৰ কণীটো হাতৰ তলুৱাত লৈ হাতখন হাৰকিউলিছে সমগ্ৰ পৃথিৱীখন দাঙি থকাৰ ভংগীমাত ওপৰলৈ দাঙি ধৰিলে৷
এতিয়া দত্তৰ মুখত এক বিজয়ৰ হাঁহি৷ এই হাঁহি নিজে এক বিন্দুও টেনচন নলৈ আনক টেনচনত পাগল কৰি দিব পৰা গুণটো আয়ত্ব কৰি লোৱাৰ হাঁহি৷ এই হাঁহি নিজৰ টেকনিকত কোনোদিনেই অসফল নোহোৱাৰ গৰ্বত মৰা হাঁহি৷ এই হাঁহি মতা হাঁহকো আতংকিত কৰি তুলি কণী উলিাাব পৰা সক্ষমতাৰ হাঁহি৷
অপলক নেত্ৰে তেওঁলৈ চাই থকা মুখবোৰলৈ এখন এখনকৈ চাই জুলিয়াছ চিজাৰে আকৌ আৰম্ভ কৰিলে,
: এই টেকনিকটো সকলো ক্ষেত্ৰতেই ব্যৱহাৰ কৰিব পাৰি বন্ধুসকল৷ তুমি যদি আধা লিটাৰ গাখীৰ বিচাৰি বলধ এটাকো দৈনিক ইমান বেছি প্ৰেচাৰ দি থাকিব পাৰা তেন্তে সিও পোন্ধৰদিন পিছত বাধ্য হৈ তোমাক এপোৱা গাখীৰ দি দিব৷ হিমাংশু তুমি এই একেই টেকনিকেৰে এইবাৰৰ আলোচনীৰ বাবে লেখাও উলিয়াব পাৰিবা বাচা৷ মইতো প্ৰতিবাৰেই সেয়াই কৰোঁ৷ এই অলকেশ বলধকে চোৱা৷ মই ইয়াৰ পৰাও মাহে মাহে দুশ মিলিলিটাৰমান গাখীৰ নুলিয়াওঁ জানো? ইয়াক কিন্তু মই বিৰাট ভাল পাওঁ৷ মোৰ মৰমৰ ভাতৃ৷ মোৰ কাৰণে আজি লুকাই থৈ দিছে বস্তুটো৷ মোলৈ কিমান মৰম৷ লাভ ইউ ব্ৰো৷ এনেবোৰ কথাত ইমোচনেল হ’বলৈ বাধ্য হৈ যাওঁ৷ মই কি কৈ আছিলোঁ? অঁ মনত পৰিছে, এই বলধটোৰ কথা৷ হিমাংশু এই অলকেশৰ দৰে মানুহবোৰ হ’ল একো একোটা বলধ৷ ইহঁতৰ গাখীৰ দিয়া শক্তি নাই৷ কিন্তু উলিয়াব পাৰিব লাগিব৷ আলোচনীৰ বাবে লেখা বিচাৰোঁতে ইহঁতৰ লগত তুমিও একেই টেকনিক ইউজ কৰিবা৷ আমাৰ দিগন্ত, জ্যোতিৰূপম, কাকতিদা, অভিদা, ৰামানুজ, সঞ্জীৱ আদি পাতি হাঁহ৷ তেওঁলোকৰ পিছত বেছি লাগি থাকাৰ প্ৰয়োজন নাই৷ তেওঁলোকৰ সুন্দৰ সুন্দৰ চাইজৰ ধুনীয়া ধুনীয়া কণী দিব পৰা ক্ষমতা আছে৷ গতিকে তেওঁলোকক এবাৰ খুজিলেই তুমি ভাল কণী পাই যাবা৷ ভাগ্য বেছি ভাল থাকিলে সোণৰ কণীও পাবা৷ কিন্তু অলকেশৰ দৰে মানুহবোৰ হ’ল মতা হাঁহ৷ ইহঁতৰ কণী দিব পৰা সক্ষমতা নাই৷ সেয়ে তুমি ইহঁতক দিনে ৰাতিয়ে ফোন কৰি, মেছেজ দি, মৰম কৰি, ধমকি দি এনেকৈ পাগল কৰি দিব লাগিব যাতে এই বলধেও শেষত বাধ্য হৈ কণী পাৰে৷
: কি বাজে কথা কয়হে ৰিণ্টুদা৷ আমাৰ কনিহাৰ ফালেতো বলধে কণী নাপাৰে, পোৱালিহে দিয়ে দেখোন৷
: সঞ্জীৱ তুমি মনে মনে থাকা৷ ৰিণ্টুক জোকাই নল’বা৷ বলধে কনিহাৰ ফালেও পোৱালি নিদিয়ে৷ বলধ মানে মতা গৰুটো বে৷ ইমান বেছিকৈ ধৰিছে নেকি তোমাৰ?
আকৌ সৰু অথচ গহীন মাতেৰে হেমন্ত কাকতিৰ সকিয়নী৷
কলিতাৰ কথা শুনি সঞ্জীৱে চিৰিয়াছ হৈ ভাৱিবলৈ ল’লে- চাল্লা বলধ যদি মতা গৰুটোহে আছিল, তেন্তে মাইকী গৰুটোক কি কৈছিল!
কট-কট-কট! গিলাচটোৰ অৱশিষ্টখিনিত শেষ ঢোক তিনিটা মাৰি গিলাচটো অলকেশলৈ আগুৱাই মুখৰ হাঁহিটো নিমিষতে নোহোৱা কৰি কৰুণ চলচলীয়া চাৱনিৰে দত্তই আকৌ আৰম্ভ কৰিলে,
: তোমাৰ ওচৰত কেনেবাকৈ আৰু দুঢোকমান মোলৈ লুকুৱাই থোৱা আছে নেকি ব্ৰো? আছে যদি দিয়ানা৷ আজি মই ইমোচনেল হৈ গৈছোঁ৷ তুমি মোৰ কাৰণে ইমান চিন্তা কৰা৷ মোৰ বিৰাট মৰমৰ ভাতৃ তুমি৷ ব্ৰাদাৰ ফ্ৰম এনাদাৰ………
পৰজনমৰ শুভ লগনত, যদিহে আমাৰ হয় দেখা, পূৰাবানে প্ৰিয়ে এই জনমৰ…
.
মোবাইলৰ ৰিংটোনটোত খপজপকৈ সাৰ পাই গ’লোঁ৷ 8:15 ৷ সাতটা মিছকল৷ এটা হিমাংশু ৰাজখোৱা, ছটা ৰিণ্টুদা৷ ইমান ৰাতিপুৱাই আকৌ কিয়বা ফোন!
টিট টিট, টিট টিট …..
মেছেজ৷ ৰিণ্টু দা
অপেন……
“লেখাটো হ’লনে? আজি কিন্তু 31 তাৰিখ৷ যদিহে আজি দুপৰীয়াৰ ভিতৰত লেখাটো নাপাওঁ তেন্তে…..”
লগে লগে চাৎকৈ ৰিণ্টুমনি দত্তৰ মোবাইলত চেভ থকা শিয়ালৰ জাকটোৰ ফটোখনলৈ মনত পৰি গ’ল৷ মই এক অসহায় মতা হাঁহ! মূৰটো আচন্দ্ৰাই কৰি পেটটো পাক মাৰি ধৰিলে৷ দুয়োহাতেৰে মূৰটো হেঁচি তীব্ৰ চিৎকাৰ কৰি প্ৰচণ্ড প্ৰসৱ বেদনাত মই উৰ্ধশ্বাসে বাথৰূমলৈ দৌৰ মাৰিলোঁ………..
☆ ★ ☆ ★ ☆
10:27 am
এইয়াই অলকেশ। বঢ়িয়া লাগিল ভাই।
মোৰ সৱতকৈ ভাল লাগিল সঞ্জীব নামৰ কেৰেক্টাৰটো
12:20 pm
অশেষ ধন্যবাদ?
10:47 am
তামাম ????
12:21 pm
অশেষ ধন্যবাদ?
10:50 am
বঢ়িয়া
12:23 pm
অশেষ ধন্যবাদ?
11:28 am
বঢ়িয়া লাগিল দাদা ???
12:23 pm
অশেষ ধন্যবাদ?
11:32 am
তামাম। বলধ গৰুৰ গাখীৰ উলিয়াই দিলে মানে?
12:24 pm
অশেষ ধন্যবাদ?
11:43 am
দাদা মানিছো আপোনাক??
12:24 pm
অশেষ ধন্যবাদ?
11:44 am
ৱাহ! এইটো হাঁহৰ কণী কিন্তু সাংঘাতিক লাগিল!
একেবাৰে হাই ফাই হাঁহৰ
12:25 pm
অশেষ ধন্যবাদ?
11:47 am
ফালি দিছি খত্তে ।
12:26 pm
অশেষ ধন্যবাদ?
11:49 am
বাহ্ মোৰ দমৰ ভেলুগুটি আছে মতা হাঁহেও কণী পাৰি দিয়ে। কি যে সুন্দৰ লিখিছে। এফালে প্ৰসৱৰ বেদনাত পেট পাক মাৰিছে, সিফালে লিখা ওলাইছে।
12:28 pm
অশেষ ধন্যবাদ?
11:51 am
এইটো কি লেখা! পটকে দাচ বাবুৰ কেপিটেলখন লৈ আনো নেকি? প্লেট হিচাপত লেখা ওলাই যাব!
12:29 pm
অশেষ ধন্যবাদ?
12:09 pm
মজ্জা লাগিল । ৰিণ্টু দাই কুৱেইটত তেল নোলোৱা জেগাতো তেল”উলিয়াই দিয়া মানুহ হয় । বাকী সঞ্জীৱ দা ৰকচ
12:30 pm
অশেষ ধন্যবাদ?
12:19 pm
হাঁহি হাঁহি আছো দেই৷ মতাহাঁহক কণী পৰোৱা টেকনিক তাৰিফ কৰিব লগা৷
12:30 pm
অশেষ ধন্যবাদ?
12:50 pm
বাপৰে,কি ধামাকা লিখিছেহে দাদা।পঢ়ি থাকোতে মই কেইপেগমান লৈ থকা যেনেই লাগিল।
2:18 pm
অশেষ ধন্যবাদ?
12:52 pm
য়েএএএ মজা।
ৰিণ্টু নামৰ কেৰেক্টাৰটো বৰ লিকটিয়া, মতা হাঁহকো মটিভেট কৰি দিব পাৰে।
সঞ্জীৱ নাম চৰিত্ৰটো বৰ ৰেষ্টলেচ দেখুৱাইছা। … হাঁহিলোঁ কিছু।
2:19 pm
অশেষ ধন্যবাদ?
1:00 pm
সঞ্জুবাবা আৰু অভিজিতৰ কেৰেকটাৰটো মজা লাগিল!
2:19 pm
অশেষ ধন্যবাদ?
1:05 pm
কনিহাত বলধ গৰুৱে পোৱালি দিয়ে।মজা লাগিল।
2:20 pm
অশেষ ধন্যবাদ?
1:17 pm
সঞ্জীৱ দা মেইন । কাকতি দায়ে সঞ্জীৱ দাক চুপ কৰোৱা টেকনিকটোও বেচ মজ্জা । নিজকে নিজে লেখকে এনেকৈ ধুৱে বুলি আজিহে জানিলোঁ । ৰিন্টু দাৰ দৰে কেৰেক্টাৰ মই তামাম ভাল পাওঁ ।
মজ্জা অলকেশ দা ।
2:20 pm
অশেষ ধন্যবাদ?
1:40 pm
বিৰাট ধুনীয়া লাগিল
2:21 pm
অশেষ ধন্যবাদ?
1:42 pm
মাষ্টাৰ পিচ! তামাম লিখিছে অলকেশ দা৷
2:21 pm
অশেষ ধন্যবাদ?
2:01 pm
চুপাৰ্ব। সঞ্জীৱ ৰকচ। এজ ইউজুৱেল অলকেশ
2:21 pm
অশেষ ধন্যবাদ?
2:01 pm
সঞ্জীৱ দাই ফালি চিৰি এক্টিংত ডুবি গৈছে?
2:22 pm
প্ৰতিভাৱান অভিনেতা ?
4:38 pm
বঢ়িয়া দাদা
5:32 pm
অশেষ ধন্যবাদ?
5:07 pm
আটায়ে নিজৰ নিজৰ চৰিত্ৰত সোমাই পৰিছে একদম। বঢ়িয়া লাগিল দাদা।
5:32 pm
অশেষ ধন্যবাদ?
6:11 pm
তামাম! হাঁহি বন্ধ হোৱাই নাই হে। অহা মাহৰ বাবে সাজু হ’বৰ হ’লেই নহয়! অপেক্ষাৰত।
9:44 pm
অশেষ ধন্যবাদ?
8:04 pm
এতিয়াও হাঁহিয়েই আছোঁ। কি সাংঘাটিক লিখিছে হে ককাইদেউ। চ্যেলুট ।
সঞ্জীৱ দাৰ ডাইলগকেইটা ???
বালা বালা বালা, চেইতান কি চালা….
দেৱজিত দা সেই ফোনতেই লাগি থাকিল।
বৰ ভাল লাগিল পঢ়ি ককাইদেউ।
9:44 pm
অশেষ ধন্যবাদ?
8:04 pm
ফালি দিছে
9:45 pm
অশেষ ধন্যবাদ?
8:57 pm
তামাম লিখিলাহে! ফাগলাই গৈছোঁ৷ One of the best I’ve read in Fotadhol magazine!
9:45 pm
অশেষ ধন্যবাদ?
12:52 am
আপ্লুত হলো। তামাম লিখিছে দাদা
1:38 am
অশেষ ধন্যবাদ?
9:42 am
একে উশাহতে পঢ়া কি বস্তু বুজিবলৈ এইটো পঢ়িব লাগিব।
5:48 pm
অশেষ ধন্যবাদ?
11:41 am
তুমি তুমিয়েই, অদ্বিতীয় ৷ সঞ্জীৱৰ কেৰেক্টাৰটো তামাম লাগিল ৷
5:49 pm
অশেষ ধন্যবাদ?
12:46 pm
চুপাৰ্ব।
5:49 pm
অশেষ ধন্যবাদ?
2:56 pm
হাঃ হাঃ হাঃ .. গেলিলিও ৰ সুত্ৰটোৱেই মেইন …
চুপাৰ্ব .. মেহফিল কা মজ্জা ৷
5:50 pm
অশেষ ধন্যবাদ?
3:25 pm
এইটো তামাম লিখা৷ মজা লাগিছে৷
5:50 pm
অশেষ ধন্যবাদ?
3:55 pm
আটাইকেইটা চৰিত্র মজা লাগিল, পঢ়ি থাকোতে নিজেও পেগ দুটামান মৰা যেন পালো উইড চৌডা এণ্ড আইচ | মতা হাঁহ হৈও কণীটো পাৰি দিলা আঊ নহ | এপ্ৰিলত তেনেহ’লে বলধকে খীৰাব ৰিন্তু মনাই
5:50 pm
অশেষ ধন্যবাদ?
10:36 pm
এখন মজাৰ দুনীয়ালৈ লৈ গৈছে। সাংঘাতিক।
12:12 am
অশেষ ধন্যবাদ?
12:04 pm
লিখিলা যে অশেষ ধন্যবাদ।ভাল লাগিল পঢ়ি।
12:09 pm
লিখিলা যে ।ভাল লাগিল পঢ়ি।
2:15 pm
বিৰাট উৎকণ্ঠাৰে পঢ়ি শেষ কৰিলোঁঁ। বিৰাট ভাল লাগিল
11:29 pm
অশেষ ধন্যবাদ?
7:18 pm
ৱাহ্.. ?? ভাল লাগিল ?
2:24 am
ধন্যবাদ ?
2:13 am
ভাল লাগিল
2:24 am
ধন্যবাদ?