ফটাঢোল

নৱগ্ৰহৰ জি এচ টি- সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য

: গুৰুজী, মোৰ শনিৰ দশা কেনেকুৱা চলি আছে এইকেইদিন এবাৰ চাই কওকচোন। বিপদবোৰে দেখোন মোৰ লগ নেৰাই হৈছে। পৰহি ঘৰৰ পদূলিতে ভুল দিশত আহি ষাঁড় গৰু এটাই খুন্দিয়াইছে, যোৱাকালি বজাৰৰ পৰা এক কিলো আলু কিনিছিলোঁ তাৰো আধাকেজি মান বেয়া ওলাল। কিবা নহয় কিবা বিপদ হৈয়ে আছে মোৰ।

: বাচা, যোৱা জেঠ মাহৰ পৰা শনিয়ে লম্ভিছে তোক, এক বছৰৰ গ্যাৰাণ্টেড ভেলিডিটি লৈ আহিছে। লগত ৰাহু আৰু কেতুও খাবলৈ নোপোৱা কুকুৰটোৰ দৰে পিছে পিছে আহিছে শনি মহাৰাজৰ। বিপদ নিশ্চিত।কালসৰ্প যোগ চলিছে বাচা তোৰ৷

কোষ্ঠীখনত চকু ফুৰাই জ্যোতিষীজনে কৈ গ’ল ৰাজুক। ভয়ত অণ্ঠ কণ্ঠ শুকাই যোৱা ৰাজুৱে কোনোমতে সুধিলে,

: কি হ’ব গুৰুজী মোৰ এতিয়া, চাকৰিটো থাকিবনে বাৰু? কিবা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে নেকি মোৰ? ঘৰৰ পৰা ৰাহি যোৰ ঠিক কৰা ছোৱালীজনীৰ লগতে বিয়াখন হ’বনে বাৰু?

: একো শুভ কাম নহ’ব এই বছৰ তোৰ বাচা, প্ৰতিকাৰৰ ব্যৱস্থা নকৰিলে। শনি, ৰাহু, কেতু একেলগে অৱস্থান কৰাটো বহুত অমঙ্গলজনক কথা, বহুত কিবাকিবি প্ৰতিকাৰ ল’ব লাগিব তই। পাৰিবি নে?

: পাৰিম গুৰুজী, আপুনি যি কয় তাকে কৰিম, মাত্ৰ এই তিনিটাক মোৰ পৰা আঁতৰাই লৈ যাওক সোনকালে।বেলেগ কাৰোবাৰ তাত লগাই দিয়ক এইকেইটাক।পাৰে যদি, মোৰ অফিচৰ বৰমুৰীয়াজনৰ তাতে লগাই দিয়ক। লাগিলে তেওঁৰ ফোন নম্বৰটো দি দিওঁ মই আপোনাক।

: ধেৎ মূৰ্খ, এইবোৰ গ্ৰহদোষ কি পে টি এমত পইচা ট্ৰেন্সফাৰ কৰাৰ দৰে কাৰবাৰ বুলি ভাবিছ নেকি তই?মোৱাইল নাম্বাৰত গ্ৰহদোষ ট্ৰেন্সফাৰ কৰিব আহিছ চাল্লা।

: নহয় গুৰুজী, মানে পাৰে যদি কৰক আৰু নিজৰ বুলি, নহ’লে আপুনিয়ে কওক কি কৰিব লাগিব মই।

: প্ৰত্যেক শনিবাৰে ক’লা বস্ত্ৰ পৰিধান কৰিবি, শনি মন্দিৰত ঘিউ চাকি এগছি আৰু সৰিয়হ তেলৰ চাকি দুগছি জ্বলাবি আৰু অহা এমাহৰ ভিতৰতে নৱগ্ৰহৰ পূজা এভাগ কৰিবি, তোৰ গ্ৰহদোষ নিজে নিজে ট্ৰেন্সফাৰ হৈ যাব। এতিয়া মোৰ ফিজটো দে আৰু সোনকালে আঁতৰ হ ইয়াৰ পৰা, আৰু শুন নৱগ্ৰহৰ পূজাত কি কি যোগাৰ লাগিব মন্দিৰত গৈ ৰজনী পাণ্ডাৰ পৰা লিখি ল’বি। মই পঠাইছোঁ বুলি কবি ৰজনীক।

খমখমীয়া ৫০০ টকীয়া এখন আগবঢ়াই ৰাজু ওলাই আহিল৷ সঁচাকৈয়ে শনি লম্ভিছে তাক, অফিচতো কিবা জি এচ টি বুলি একো তলামুধা নোপোৱা বস্তু এটাৰ দায়িত্ব দিছে যোৱা মাহৰ পৰা। একো উৱাদিহ পোৱা নাই। সদায় বচৰ গালি খাওঁতেই দিনটো যায় আজিকালি তাৰ। বিয়াৰ বাবে ঘৰুৱাভাৱে ঠিক কৰা ছোৱালীজনীও আজিকালি তাৰ ফোন ৰিচিভ নকৰে।তায়ো অইন কাৰোবাৰ লগত হিয়া দিয়া নিয়াত ব্যস্ত চাগে। বিপদ সঁচায়ে চলি আছে তাৰ।

যোৱা কেইদিনমান জি এছ টিৰ কামত ইমানে ব্যস্ত হৈছে যে গুৰুজীয়ে দিয়া প্ৰতিকাৰবোৰ ভালকৈ কৰিবই পৰা নাই সি। অহা সপ্তাহতহে আহৰি পাব সি, আৰু তেতিয়াই নৱগ্ৰহৰ পূজাভাগ আগবঢ়াব ৰজনী পাণ্ডাক লগ ধৰি। সদ্যহতে প্ৰত্যেক শনিবাৰে চাকি কেইগছি জ্বলাই আছে। ফল পাইছে সি, আজিকালি অফিচত আগৰদৰে বচৰ গালি নাখায়। এদিন শনিবাৰে মোক লগত লৈ ওলাল নৱগ্ৰহৰ মন্দিৰলৈ ৰাজু। গোটেই ৰাস্তাটো মোক জি এছ টি বুজাই লৈ গ’ল। হওঁতে মোৰো বেয়া লগা নাই বস্তুটো। কিমান আৰু বেলেগ বেলেগ কৰ পৰিশোধ কৰি থাকিব হে এবাৰতে দি দিয়ক যি হয় হ’ব আৰু। কেন্দ্ৰ চৰকাৰ, ৰাজ্য চৰকাৰ যাক যিমান লাগে লৈ থাকিব।

নৱগ্ৰহ পালোঁ, মুখত পূৰ্ণিমাৰ জোন যেন হাঁহি এটা লৈ ৰজনী পাণ্ডা হাজিৰ সন্মুখত। সকলো কাম কাজ বাদ দি যেন দিনটো আমাৰ বাবেই উৎসৰ্গা কৰিছে, এনেকুৱা ধৰণৰ অভিব্যক্তি।

: আপোনাৰ সমস্যাটো গুৰুজীয়ে কৈছে মোক, আহক ভিতৰলৈ।

ৰজনী পাণ্ডাই মন্দিৰৰ ভিতৰলৈ লৈ গ’ল আমাক।

এইফালে বুধ আৰু চন্দ্ৰ। সৌৱা বৃহস্পতি, ৰাহু, কেতু মুখামুখিকৈ। সন্মুখত এয়া শনি মহাৰাজ আৰু মাজত সূৰ্য্যদেৱতা সকলো গ্ৰহৰে মূল। শুক্ৰ আৰু মঙ্গল হেলনীয়াকৈ সেইফালে আছে। ৰজনী পাণ্ডাই এফালৰ পৰা কৈ গ’ল। আপোনালোকৰ পূজা এই চাৰিভাগত কৰা হ’ব। সকলো মিলি সৰ্বমুঠ ৩ হাজাৰ মান খৰচ হ’ব। শনি আৰু সূৰ্য্যৰ তাত ১০০০ কৈ আৰু ৰাহু কেতুৰ তাত ৫০০ কৈ খৰচ হ’ব। ৰাজুৱে মোৰ ফালে আৰু মই ৰজনী পাণ্ডাৰ ফালে চালোঁ।

: পইচাটো অলপ বেছি হোৱা নাই নে দাদা?

মই সুধিলোঁ।

: নাই নাই, কমকৈহে কৈছোঁ। সকলো গ্ৰহৰে বেলেগ বেলেগ পূজা আৰু সকলো পূজাৰে বেলেগ বেলেগ মাননি দিব লাগিব নহয়।

: দাদা জি এছ টি প্ৰচলন হ’ল নহয় এতিয়া। আমি অকল কেন্দ্ৰীয় দেৱতাৰ পূজাটোহে কৰিম। বাকী ভাগ বটোৱাৰা তেখেতসকলেই কৰি থাকক আৰু, নে কি কয়?

ভগৱানৰ ভাগ বটোৱাৰাত আমি মনুষ্যৰ নো কি কাম?

☆ ★ ☆ ★ ☆

15 Comments

  • Bhaskar Jyoti Sarma

    সুন্দৰ কিন্তু তেত্ৰিচ কোটিত জি এছ টি কিমান আহিব সেইটো হিচাপহে পোৱা নাই

    Reply
    • সঞ্জীৱ।

      নাই নাই।এজনকে দিম।

      Reply
  • বঢ়িয়া।
    এতিয়া জি এচ টিৰ দিনত এজনকেই কৰিবা দান,
    তেহে মিলিব বাজেটত স্থান।

    Reply
    • সঞ্জীৱ।

      এজনকে দিব লাগিব।

      Reply
  • ৰিণ্টুমনি

    কেন্দ্ৰীয় দেৱতা বুলি মোকেই পূজিবা হে, সান্ধ্যকালত, তোমাৰ যোৰহাটৰ ৰূমত।

    বঢ়িয়া লাগিল পঢ়ি

    Reply
    • সঞ্জীৱ।

      খাটাং দাদা।

      Reply
  • HEMANTA KAKATI

    হাাঃাঃ হাঃ তামাম লাগিল সঞ্জীৱ৷ সবৰে ৰেট ফিক্সদ৷

    Reply
    • অভিজিত কলিতা

      সঞ্জীৱৰ লেখা সদায় অনন্য, চিন্তা বোৰো

      Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ দাদা ।

      Reply
    • সঞ্জীৱ।

      অশেষ ধন্যবাদ দাদা।

      Reply
  • কাবেৰী মহন্ত

    ভাল লাগিল

    Reply
  • কমল

    ?মজা , যি দিম কেন্দ্ৰীয় ভাবে দিম with GST .

    Reply
  • সঞ্জীৱ।

    অশেষ ধন্যবাদ।

    Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    মজা লাগিল৷

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *