চেলাউৰিৰ বাহাদু্ৰী- মনজিত
: হেৰা কি কৰি আছানো? চাওঁ এইফালে আহা।
: তুমিয়েইতো কৈছিলা ফেনকেইখন চাফা কৰা বুলি। তাকেই চাফা কৰি আছিলো আকৌ।
: এহ হ’ব হ’ব ইমান explanation দি থাকিব নালাগে। চাফা কৰি হ’লে মোৰ ওচৰলৈ অাহিবা, কাম আছে।
: হৈ গ’ল কোৱা। কি কৰিব লাগে?
: চোৱাচোন চোৱা, মোৰ চেলাউৰিখিনিয়ে কেনে বীভৎস ৰূপ লৈছে। মই নিজকে আইনাত চাব নোৱাৰা হৈছোঁ। কিবা এটা কৰা না।
: মইনো কি কৰিব পাৰো। মইতো নাজানোৱেই থ্ৰেডিং কৰিবলৈ। ইফালে পাৰ্লাৰো বন্ধ।
: মই সেইবোৰ নাজানো। কেনেকৈ কৰা কি কৰা। মুঠতে কাইলেৰ ভিতৰত মোক থ্ৰেডিং কৰোৱাই আনিবা। ইমানখিনিও চেটিং নাই নে তোমাৰ। FB, insta ত ফটো নিদিয়া এটা যুগ হৈ গ’ল খবৰ আছে নে তোমাৰ?
: ঠিক আছে বাৰু মই কি কৰিব পাৰো চাওঁ ৰ’বা।
(মনৰ ভিতৰতে – “য’তে টিকাকৰণৰ ভয় তাতে পাৰ্লাৰ বিচাৰিবলৈ কয়! প্ৰভু চকু মেলি চাবা অাৰু”)
* * * * *
: হেৰা ক’লৈ গ’লা? মোৰ ওলাই হৈ গ’ল। চোৱাচোন মোক কেনে লাগিছে।
: গাড়ীৰ চাবিটো বিচাৰি পোৱা নাছিলো।
: তোমাৰ এই বিশৃংখল অভ্যাসটো নগ’ল আৰু! মই বুলিহে তোমাৰ লগত খাইছোঁ, বেলেগে নোৱাৰে আকৌ। চোৱাচোন মোক কেনে লাগিছে।
: ওম থ্ৰেডিং নকৰাকৈও তোমাক বিৰাট ধুনীয়া লাগিছে! (আশা, কিজানি নোযোৱাকৈ হয়)
: হ’ব তেল মাৰিব নালাগে। মই কি নাজানো নেকি মোক কেনেকুৱা লাগিছে। ব’লা সোনকালে ব’লা। ঘূৰি আহি instaত ফটো দিবলৈ অাছে মোৰ। বৰুৱানীক জ্বলামেই আজি।
* * * * *
: ক’ত যায়? লকডাউন হৈ আছে বুলি নাজানে নেকি?
: নাই মানে চাৰ….
: কি নাই মানে চাৰ? আপোনালোকৰ দৰে পঢ়া শুনা কৰা মানুহবোৰে আইন ভাঙিলে আমি কি কৰিম কওকচোন! আপোনালোকৰ বাবেইতো দিন ৰাতি এক কৰি কষ্ট কৰিছোঁ। ৰাইজৰ ভাল হওক দেশৰ ভাল হওক। এই বয়সত টিকাত বেট খালে আপোনাক ভাল দেখিব নেকি?
পিছফালে বহি যোৱাগৰাকীয়ে কিবা ক’বলৈ মুখ মেলোতেই ড্ৰাইভিং চিটত থকাজনে একো নক’বলৈ ইংগিত দি মই মেনেজ কৰি আছোঁ বুলি গাড়ীৰপৰা নামি গ’ল। অলপ আঁতৰত গৈ ৫ মিনিটমান কিবা কিবি কথা পাতিলে শেষত আদহীয়া পুলিছজনে তেওঁক হাঁহি হাঁহি বিদায় দি ফোন কৰিবলৈ ইংগিত দিলে আৰু তেওঁকো যাবলৈ দিলে।
: এনেকুৱা কি কথা ক’লা যে মাৰিবলৈ ওলোৱা মানুহজনে হাঁহি হাঁহি বিদায় দিলে?
: সেইবোৰ মেনেজ বুইছা মেনেজ। তুমিহে মোক মানুহ বুলি নাভাবা।
: হুঃ হ’ব ফটা লেকচাৰ দিব নালাগে। সমুখলৈ চাই গাড়ী চলোৱা।
* * * * *
গাড়ীৰপৰা নমাৰ পিছত আচলতে হৈছিল কি?
: চাৰ শুনকচোন দুআষাৰ ক’বলৈ আছিল। তাৰপিছতো যদি লাগে মোৰ ভুল হৈছে মোক দুচাত দি দিব মই বেয়া নাপাওঁ। বেয়া নাপাব মই এইখন দেশৰ দায়িত্বশীল নাগৰিক। দেশৰ আইন কানুন কেতিয়াও উলংঘা কৰিব নোখোজো। পিছে আপোনাক দুখেৰে জনাওঁ যে মই আচলতে বিবাহিত, সেয়ে দেশৰ আইনৰ লগতে সংসাৰৰ কিছুমান আইন মানিবলগীয়া হয়। দুয়োখন আইনৰে এটাই কথা, অমান্য কৰিলেই দণ্ড বিহাটো খাটাং আৰু লকডাউনৰ আগত ইমান সমস্যা হোৱা নাছিল, পিছে লকডাউন হৈ আইন দুখন সমুখ সমৰত আৰু মাজত থাকিলো মই। এফালে বাঘৰ ভয় এফালে তাতেই ৰাতি হয়। (বাঘৰ ভয় বুলি কওঁতে পুলিছ বিষয়াজনে চোলাটো সামান্য টাইট হৈ পৰে) বাকী পিছফালে বহি থকাগৰাকী মোৰ পত্নী। চেলাউৰী গুচি কাজিৰঙা হৈ গৈছে বোলে অলপ চিকুনাই আনিব লাগে। নহ’লে সংসাৰলৈ সংকট নামি আহিব হেনো। সেয়ে ভাবি চিন্তি টিকাকে ৰঙা পৰক, কিন্তু সংসাৰখন কিবাকৈ ৰওক বুলি সাহ কৰি ওলাই আহিলো আৰু। এই খুফিয়া ৰাস্তাৰে আহিছিলো কাকো নাপাওঁ বুলি, পিছে কপাল বেয়া আপোনালোকক পাই গ’লো। এতিয়া কি শাস্তি দিয়ে দিয়ক আপোনালৈ এৰিলো আৰু।
: কি নাম আছিল আপোনাৰ?
: ভাৰাক্ৰান্ত শইকীয়া, অঃ চৰি হৰকান্ত শইকীয়া চাৰ।
: চাওক শইকীয়া প্ৰথমে আপোনালৈ মোৰ খং উঠিছিল। দুচাট দিবলৈও মন গৈছিল। কিন্তু যেতিয়াই ক’লে যে “মই বিবাহিত” এই কথাষাৰে মোক আৱেগিক কৰি তুলিলে। কাৰণ ময়ো যে বিবাহিত। আৰু বিবাহিত বুলি কোৱাৰ পিছত বেলেগকৈ শাস্তিৰ প্ৰয়োজনেই নাই। যাওক যাওক যি আজ্ঞা পৰিছে ভাগত তাকেই কৰি আহক। কিন্তু চাৰিআলিৰ ফালে নাযাব। সেইফালে চেকিঙত থকাকেইজন ডেকা অফিচাৰ। সিহঁতে ইমান নুবুজিব। by the way পাৰ্লাৰ বন্ধৰ দিনত কেনেকৈ কামটো কৰাব হয়। মোকো কওকচোন। ময়ো জানি থোৱা দৰকাৰ।
: মানে চাৰ ফিটিং বুইছে চব ফিটিং। মোৰ ছাতি ধৰা সখীৰ শালপতিয়েকৰ সৰু ভনীয়েকৰ লগৰজনী যি ঘৰলৈ বিয়া হৈছে সেই ঘৰৰ ডাঙৰ বোৱাৰীয়েকৰ মাকৰ ঘৰত ভাড়া লৈ পাৰ্লাৰ কৰা ছোৱালী এজনী থাকে সেই অলপ আগতে। তাকে চেটিং মিলালো। নাম্বাৰ উলিয়াওঁতেই কালি দিনটো লাগিল শেষত যেনিবা পালোগৈ। তাতে কামটো কৰাম আৰু টুফান ঘুৰিম। চাৰিআলিৰ ফালে নাযাওঁৱেই।
: মানি গৈছোঁ দেই আপোনাক। জীৱন যুঁজৰ যোদ্ধা আপুনি। নাম্বাৰটো মোকো দিব দেই মোৰো কামত আহিব। লকডাউন খুলিলে বহিম দেই এদিন।
: বাৰু বাৰু খাটাং বহিম, আহোঁ এতিয়া।
10:37 pm
ফালি দিছা হে মনভাই। হাঁহিৰ মাজেৰেই কি জীৱন যাতনা। চুপাৰ্ব।
12:44 am
সেইটোৱেই মেইন কথা .. বিবাহিত ??. বেলেগ শাস্তি আৰু কি লাগে ৷
মজ্জা ,
10:21 am
চেনেলটো মোকো দিবা হে, মোৰজনীয়েও কামুৰি আছে।
বঢ়িয়া লাগিল মনজিত
1:10 pm
আইঔ সমগ্ৰনাৰী জাতিক ইমান যন্ত্ৰনাদয়ক জীৱ বুলি পতিয়ন যাবলৈ বাধ্য কৰোৱা লেখা এটাকো নশলাগি নোৱাৰিলো।
বঢ়িয়া লাগিল দেই মনাই কাইদ’
3:28 pm
ইমান শান্ত মানুহজনীক লৈ ইমান মিছা মিছা কথা লিখি আমাক হঁহুৱাব পাৰিছা, মানিছোঁ তোমাক