ফটাঢোল

ফটালিমাৰিক- ধনজিৎ বৰুৱা

(১)

শুনিছোঁ ভগৱান যি হয় ভাললৈ হয়
জৰা, ব্যাধি, বিনাশ তেনে এনেই নহয়
সকলো তোমাৰ  লীলা
এইবাৰ বাৰুকৈ দিলা
মনুষ্য এইবাৰতো যদি চিজিল নহয়

(২)

ভগৱানে লোণ দিলে চাৰি হাতে দিয়ে
গুণ স্বাস্থ্য সময় সুবিধা পায় সিয়ে
মনুষ্যৰ বাঢ়ে অতপালি
মাৰে তেওঁ হাত তালি
কিস্তি সুত  সময়ত ঠিকেই উঠাই নিয়ে

☆ ★ ☆ ★ ☆

Leave a Reply

Your email address will not be published. Required fields are marked *