ফটাঢোল

কৌতুক- ডা° পার্থসাৰথি ভূঞা

(১)

কিছুদিনৰ আগৰ কথা। দিল্লীলৈ কিবা কামত যোৱা কৃপাল সিং ৰাতিৰ ৰেলত ঘূৰি আহি ৰাতিপুৱা অমৃতছৰৰ ঘৰ পালেহি। পত্নীয়ে সুধিলে,

: যাত্ৰা কেনে আছিল!

সিংজীয়ে উত্তৰ দিলে যে,

: একেবাৰে বেয়া, গোটেই ৰাতি টোপনি নাহিল, ওপৰৰ বাৰ্থত চিট পালে, বতাহ নাই, ৰাতিটো অশান্তিত গ’ল।

পত্নীয়ে বোলে,

: তলৰ বা মাজৰজনক ৰিকুৱেষ্ট কৰি চিটটো সলাই ল’ব পাৰিলে হয়!

সিংজীয়ে বোলে,

: তাকেইতো ময়ো ভাবিছিলোঁ, কোনো ষ্টেছনত ট্ৰেইনখন ৰ’লেই মই উঠি চাই আছিলোঁ, পিচে শেষলৈকে সেই দুটা চিটত কোনোৱেই নাহিল, কাক ৰিকুৱেষ্ট কৰিম?

২)

দেশত লকডাউন, এজনে বন্ধু এজনৰ খবৰ লওঁ বুলি ফোন কৰিলে।

১ম বন্ধু : বন্ধু, কেনে চলিছে, লকডাউনৰ জীৱন?

২ য় বন্ধু : নক’বা আৰু, পাগল হ’বলৈ বেছি দিন নাই!

১ম বন্ধু : কিয় হে?

২য় বন্ধু : কিয় মানে, এটাতো বেছি সময় ঘৰৰ বাহিৰতে থকা মানুহটোৱে এতিয়া ঘৰতে বন্দী হৈ আছোঁ। তাৰ ওপৰত আকৌ শ্ৰীমতীয়ে ফেচবুকত আনক দেখি  নিজেও য়ু টিউবত খোৱা বস্তুৰ ৰেছিপি চাই কিবা কিবি বনাবলৈ লাগিছে। মই কিমান আৰু মিছাকৈ ভাল হৈছে ভাল হৈছে বুলি কৈ কৈ সেই সোপা গিলিম অ’?

☆ ★ ☆ ★ ☆

2 Comments

Leave a Reply

Your email address will not be published. Required fields are marked *