কথোপকথন- দিগন্ত কুমাৰ ভট্টাচাৰ্য
: “ঐ চা, সনা কাই আহি আছে” বুলি মিনতিয়ে যেতিয়া কিলাকুটিত হেঁচুকিছিলে, আসঃ মনটোত বৰ ভূঁইকপৰ জোকাৰণি..মূৰটো আৰু ওপৰ কৰিবলৈ সাহস নহ’ল, বুজিছ নে? বহি বহিয়েই মেখেলাখন টানি টানি কলাফুল দুটা ঢাকিবলৈ চেষ্টা কৰিলোঁ। ভূই ৰুই আহি বহিছিলোঁহে। টেকেলি পিঠা হাততে গুৰি হ’ল। চকুৰ আগত দুবৰি, ঘাঁহ-বন। বনৰ মাজত বৰ পৰুৱাই দৌৰিছে।….এটা সময়ত চাৰিখন ভৰি আহি ওচৰ পালে। দুখন ভৰি পিছুৱাই গ’ল। ওচৰত ৰোৱা ভৰি দুখনৰ আঙুলিৰ ফাঁকেৰে বোকা মাটি ওলাইছে। ভৰিতো বোকামাটিৰ দাগ। শুকাইছে
: তাৰ পাছত?
: তাৰ পাছত দেখিলোঁ, তেওঁৰ আঁঠুৰ তলতে তেজ বিৰিঙি উঠা। হয়তো পথাৰত জোকে পাইছিল। কাচিৰে খজুৱাই জোক আঁতৰাওঁতে কাটিলে। কৈছ হে নে? বুকুতে আঁচোৰা যেন লাগিল ও..যেন উঠি গৈ গেন্ধা ফুলৰ পাত অকণমান হাতেৰে মোহাৰি লগাই দিম, আৰাম পাওক বেচেৰাই!
: ইমান মৰম আছিল নে?
: অ তো, সেই যে প্ৰিয়জনৰ দুখ-কষ্ট দেখিলে বুকুখনত কিহবাই আঁচুৰি যায়, সেইটোৱেইতো মৰম-আদৰ। আমিতো মুখেৰে কৈয়ো নাপালোঁ।
: কি ক’লে তেওঁ? কিবা কথা পাতিলে নে?
: “বিয়া ঠিক হৈছেই যেতিয়া টাউনলৈ যাম ব’ল এদিন” তেনেকৈ ক’লে মোক
: টাউনলৈ কিয়?
: ফটো উঠা দোকান এখন হৈছে হেনো। হুবহু মানুহৰ দৰে ছবি ওলায়। আমি নাজানো তেতিয়া এইবোৰ। এক পাল্লা ধান বিক্ৰী কৰি বোলে ধন অলপ সাঁচিছিল, ফটো উঠাবলৈ৷
: আচ্ছা! ৱাও! প্ৰে ৱেডিং ফটো শ্বুট!! গৈছিলা নে আইতা?
: পিতাই কাটি দুটুকুৰা কৰিলে হয়। আমাৰ জাতি বেলেগ আছিল। আমি উচ্চ, তেওঁলোক নিম্ন। ঘৰত গমেই পোৱা নাছিল কথাবোৰ৷
: তোমালোকে বিয়াৰ আগত কথাই পতা নাছিলা?
: দুবাৰমানহে লগ পাইছিলোঁ। “এদিন সুধিছিল, বিয়াৰ পাছত দুবিঘাত ভূই ৰুলেই হ’ব। সুখী নে?” মই কৈছিলোঁ, পাঁচবিঘাতো পাৰিম। অভ্যাস আছে। …এনেকুৱা দুই-এটা কথা
: আচ্ছা আইতা, ঘৰত কেনেকৈ গম পালে?
: এইবোৰ কথা জুইৰ দৰে। ঢাকিবলৈ খুজিলেও নোৱাৰিবি, ফিৰিঙতিৰ দৰে এই কথাবোৰ। দেখা দিবই। ….ডাঙৰ ককায়ে শুনি আহিলে ক’ৰবাত এদিন। চিঞৰ-বাখৰ আৰম্ভ হ’ল ঘৰত। বয়সনো কিমান তেতিয়া মোৰ, ষোল্ল ভৰি সোতৰত সোমাইছিলোঁ। আমাৰ গোহালিৰ কাষতে সৰু ঘৰ এটা আছিল। ধান ৰখা ঘৰ। মোক পিতা আৰু ককায়ে টানি নি তাতে বন্ধ কৰি থ’লে। ওলাবলৈ নিদিয়ে। আয়ে পুৱা আন্ধাৰ হৈ থাকোঁতেই বাৰীলৈ গা ধুবলৈ লৈ যায়। ঘৰটোতে ভাত দিয়ে। ইফালে আইৰ চকুৰ পানী বন্ধ নহয়৷
: এই যে শুনি আছা এইকেইদিন -‘কুৱাৰাণ্টাইন’, সেইটোও তেনেই বুজিছা? এনেকৈ বন্ধ কৰি একাষৰীয়াকৈ ৰখা। পাছত কি হ’ল? কিমান দিন ৰাখিলে তেনেকৈ?
: ৰাতিপুৱা এনেকৈ বাহিৰলৈ ওলাওঁতে এদিন দেখিলোঁ বাৰীৰ কদমজোপাৰ আঁৰত তেওঁক। মুখখন গামোচাৰে ঢাকি আহিছিল। অকল চকু দুটা ওলাই আছিল। এক আকৰ্ষণ বুজিছ? সেইটোৱেই টানি লৈ আনিলে। তেনেকৈয়ে আহি গ’লোঁ। নতুন জীৱনৰ আৰম্ভণি হ’ল…..
: তাৰ পাছত?
: তাৰ পাছত হাঁহাকাৰ লাগিল গাঁৱত। আইৰ ঘৰখনৰ লগতে আমাকো এঘৰীয়া কৰিলে সমাজে। গাঁৱৰ মানুহে নমতা হ’ল মুখেৰে। দেখিলেই মূৰ ঘূৰায়। দোকানতো বস্তু কিনিবলৈ নোৱৰা হ’লোঁ আমি। এদিন এওঁ মোক টাউনলৈ লৈ আহিলে। সৰু ঘৰ সাঁজিলে। সেই ঘৰটো আমি এতিয়া থকা এই ঘৰটোৰ তলতে পোত খালে
: আইতা, এটা কথা কোৱাচোন। ককাৰ লগততো দুদিনমান হে কথা পাতিছিলা বিয়াৰ আগত। ভালদৰে তেওঁক নজনা-নুশুনাকৈয়ে বিয়াত ‘হা’ কৈ দিছিলা?
: এবাৰ তেওঁৰ চকু দুটা দেখিছিলোঁ। চকুতে হেনো গৰ্ভ থাকে লুকাই। চকু দেখিলেই মনটো বুজিব পাৰি। ময়ো বুজি গ’লোঁ দে তেনেকৈ। তাৰ পাছত আমি ত্ৰিশ বছৰে অলপ অলপকৈ কথা পাতি গ’লোঁ। এতিয়াও যেন শেষেই হোৱা নাই। বিয়াৰ আগত গোটেইবোৰ শেষ কৰিলে কি কৰিলোঁ হয় ও এতিয়া?…এতিয়া তই যে বিয়া ঠিক হোৱাৰ পাছত দিনটোত চাৰিঘণ্টামান ফোনডালত থাক, সেয়া বেয়া বুলি নকওঁ। বুজিবতো লাগিবই ইজনে সিজনক। আগতে মানুহবোৰ সহজ আছিল। বাহিৰত যি, মনেৰেও একেই। এবাৰ দেখিলেই হৈ গ’ল..নিৰ্ভেজাল। ……তেওঁ আঁতৰি যোৱা আজি বিশ বছৰ হ’ল। এই বিশবছৰেও মই প্ৰতিদিনে তেওঁৰ লগত কথা পাতোঁ। সৌ ফটোখনত ককাক চাচোন। দুচকুৰে প্ৰতি মুহূৰ্ত্ততে মোক কিবাকিবি কথা কৈ থকা দেখোঁ, শুনোঁ মই….চা।
: ….
: আজি এতিয়া কি কৈ আছে জান তেওঁ? আজি পৃথিৱীৰ অসুখ। মানুহৰ মনত অশান্তি, দুখ। কিন্তু তেওঁ সুখী তথাপিও। ডাঙৰ হোৱাৰ পাছত আজি তই কিমান বছৰৰ পাছত মোৰ ওচৰত আহি ইমান দেৰি বহিছ মনত আছে? দুখৰ সময়তে আদৰ বাঢ়ে, কষ্টৰ সময়তে জীৱনটোলৈ হেঁপাহ জন্মে। পৃথিৱীৰ বেমাৰে মানুহৰ মনত আদৰ-মৰমবোৰ আকৌ আনি দিছে ক’ব নোৱৰাকৈয়ে। তাকে দেখি তেঁৱো সুখী। চাচোন চকুদুটালৈ…কিমান সতেজ, কিমান উজ্জ্বল আজি৷….
☆ ★ ☆ ★ ☆
11:09 am
খুব ভাল লাগিল দিগন্ত
11:17 am
ভাল লাগিল
11:18 am
বৰ ভাল লাগিল
11:25 am
ভাষাহীন। বহুত বহুত বহুত ভাল লগা
12:15 pm
এনেকৈ মৰম চেনেহৰ জড়ী ডাল কটকটীয়া হৈ ৰওক আগলৈকে সকলোৰে।ক’ৰণা ই সকলোকে ওচৰ চপাই ও আনিছে।ভাল পালোঁ দাদা পঢ়ি।
12:59 pm
বিৰাট ভাল লাগিল
1:24 pm
ভাল লাগিল দাদা
1:40 pm
ভাল লাগিল দাদা
1:48 pm
তোমাৰ লেখাই মনটো সজীৱ কৰি দিয়ে সদায়ে!
1:53 pm
আপোনাৰ লেখা সদায়ে ভাললগা।
2:35 pm
বৰ ভাল লাগিল দিগন্ত। সহজ সৰল আইতাজনী❤️
2:46 pm
“এদিন সুধিছিল, বিয়াৰ পাছত দুবিঘাত ভূই ৰুলেই হ’ব । সুখী নে ?” মই কৈছিলোঁ, পাঁচবিঘাতো পাৰিম। অভ্যাস আছে। — আস ! কি অনুভুতি .. প্ৰেমৰ , মজা লাগিল
আপোনাৰ লেখাৰ কোনো জবাব নাই … সদায় ভাল লাগে ,
3:02 pm
বঢ়িয়া গল্প৷
3:16 pm
লা জবাব। ফেণ্টাষ্টিক। খুব ভাল লাগিল
3:32 pm
বঢ়িয়া
12:20 am
সদায়ে প্ৰিয় আপোনাৰ গল্প।