ফটাঢোল

লকডাউনত ডিপ্ৰেছনত আক্ৰান্ত হৈছে নেকি- আৰাধনা বৰুৱা

COVID 19 ৰ ভয়াবহতাৰ বাবে হোৱা লকডাউনৰ সময়চোৱাত মানুহৰ মানসিক অস্থিৰতা বৃদ্ধি পাইছে৷ জৰুৰীকালীন অৱস্থাত কৰ্মৰত কৰ্মীসকলৰ জীৱনৰ নিৰাপত্তাক লৈ সন্দিহান অৱস্থা, ঘৰত সোমাই থাকিব লগাসকলৰ গৃহবন্দীত্বৰ আমনিয়ে এংজাইটি, ডিপ্ৰেছন আদি বৃদ্ধি কৰিছে৷ তাৰোপৰি অৰ্থনৈতিক দুৰৱস্থা, অনিশ্চিত ভৱিষ্যত আদিও এই সময়ত ডিপ্ৰেছনৰ একো একোটা কাৰক হৈ পৰিছে৷ মন বেয়া লগা বা হতাশা প্ৰত্যেক ব্যক্তিৰে স্বাভাৱিক আৱেগৰ অংশ৷ প্ৰকৃতিৰ স্বাভাৱিক নিয়ম অনুসৰি সময়ে মনৰ মলমৰ কাম কৰে৷ সেয়ে আমি জীৱনত সাধাৰণতে পাই থকা মনোকষ্ট, হতাশা আদিৰ পৰা হোৱা দুখবোধ নিৰ্দিষ্ট সময়ৰ ভিতৰত স্বাভাৱিক হৈ পৰে৷ বহুক্ষেত্ৰত ইয়াৰ বাবে আমি কিছুমান বিকল্প কৌশলৰ সহায়ো লওঁ, পৰিৱেশ বা সমাজ ব্যৱস্থাৰো প্ৰভাৱ বহুপৰিমাণে থাকে৷ উদাহৰণ স্বৰূপে আমাৰ সমাজত মৃতকৰ ক্ৰীয়া কৰ্মৰ ব্যৱস্থা৷ যাৰ অৱৰ্তমানত আমাৰ কোনো অস্তিত্ব নাই বুলি ভাবোঁ তেনে আপোনজনৰ যেতিয়া মৃত্যু হয় তাৰ পিছত কৰিব লগা প্ৰায় দুসপ্তাহজোৰা নীতি নিয়ম, কাজ কৰ্ম আদিয়ে পৰিয়ালৰ লোকক কিছু পৰিমাণে হ’লেও ব্যস্ত কৰি ৰাখে ফলত এই সময়চোৱাতে মনটোৱে নিজাকৈ অতিশয় দুখবোধৰ পৰা কিছু সুস্থিৰ অৱস্থা লাভ কৰে৷

কিন্তু যিসকল ব্যক্তি ডিপ্ৰেছনত আক্ৰান্ত হয় তেওঁলোকে সময়ৰ লগে লগে হোৱা স্বাভাৱিক ভাৱে হতাশাৰ পৰা ওলাই আহিব নোৱাৰে৷ এনে ব্যক্তিৰ কোনো কাম বা আনন্দ কৰাৰ ইচ্ছা নোহোৱা হোৱা, শক্তিহীন যেন অনুভৱ যি অত্যধিক অৱসাদ বৃদ্ধি কৰে আৰু কৰ্মক্ষমতা কমাই দিয়ে, বা অলপ কাম কৰাৰ পিছতে বহুত ভাগৰুৱা যেন অনুভৱ কৰা আদি সচৰাচৰ দেখা যায়৷ এজন ব্যক্তিৰ হতাশগ্ৰস্ততাক ডিপ্ৰেছন বুলি চিহ্নিত কৰিবলৈ তলত উল্লেখ কৰা লক্ষণকেইটা থাকিব লাগিব৷

• মন বহুত বেয়া লাগি থকা৷

• কাম কাজ আৰু আনন্দ ফূৰ্তি কৰাৰ ইচ্ছা নোহোৱা হোৱা৷

• অতি বেছি অৱসাদ বা ভাগৰুৱা অনুভৱ

ইয়াৰ উপৰিও নিম্নোক্ত লক্ষণবোৰৰ কমেও চাৰিটা  লক্ষনীয় ভাৱে থাকিব লাগিব৷

• একাগ্ৰতা আৰু মনোযোগ কমি যোৱা৷

• নিজৰ প্ৰতি ভালপোৱা বা শ্ৰদ্ধা নোহোৱা হোৱা আৰু আত্মবিশ্বাস হেৰুওৱা৷

• দোষী যেন অনুভৱ আৰু নিজকে অযোগ্য বুলি ভাব৷

• ভৱিষ্যতক লৈ আশাশূন্যতা বা বহুত বেয়া কিবা হ’ব যেন ভাব৷

• নিজক আঘাত কৰা বা আত্মহত্যাৰ ভাব৷

• টোপনিৰ সমস্যা (বহুত কম বা অত্যাধিক হ’ব পাৰে)৷

• ভোক নোহোৱা হোৱা (লক্ষণীয় ভাৱে ওজন কম হোৱা দেখা যায়)৷

 লক্ষণবোৰ কমেও একেৰাহে দুইসপ্তাহ ধৰি থাকিলেহে ডিপ্ৰেছন বুলি চিহ্নিত কৰিব লাগে৷ কিন্তু লক্ষণসমূহ অতি তাৎক্ষণিক ভাবে বহুত বেছি কৈ দেখা দিলে দুইসপ্তাহৰ সময় সীমাৰ আগেয়েও তাক ডিপ্ৰেছন বুলি ধৰা হয়৷

এনে অৱস্থাত সাধাৰণতে কোনো কাৰণ নোহোৱাকৈ প্ৰতিদিনে ৰোগীৰ মুডৰ পৰিৱৰ্তন হৈ থাকে৷ বহুসময়ত দিনটোতে মুডৰ সালসলনি হয়৷ উদাহৰণ স্বৰূপে ৰাতিপুৱাৰ ভাগত অতি বেছিকৈ বেয়া লগা আৰু দিনটোৰ সময়বোৰ পাৰ হোৱাৰ লগে লগে বেয়া লগাটো কমি অহা৷ কিছুমান ৰোগীৰ ক্ষেত্ৰত আকৌ মন বেয়া লগাতকৈয়ো উদ্বিগ্নতা, মানসিকচাপ আৰু কিছুমান দৈহিক অসুবিধা, বিৰক্তি, মদ্যপান বা আন নিচাগ্ৰস্ততা, মনোযোগ আকৰ্ষণকাৰী নাটকীয় ব্যৱহাৰ, আগতে থকা অহেতুক ভয় বা অনিয়ন্ত্ৰিতভাবে অবিৰত আহি থকা চিন্তা আদি সমস্যা বেছি হোৱা, নিজেই নিজৰ কোনো ডাঙৰ ৰোগ হৈছে বুলি ভিত্তিহীন ভাবে ভাবি লোৱা আদি দেখা যায়৷

ৰোগৰ লক্ষণসমূহ দেখা দিয়াৰ লগে লগে চিকিৎসকৰ কাষ চপা উচিত৷ আমি সাধাৰণতে মনৰ সমস্যাসমূহ বা মন বেয়া লাগি থকা আদি কথাবোৰ বেছি গুৰুত্ব নিদি নিজে নিজে ঠিক হ’ব বুলি ভাবি লওঁ৷ এনে কৰা উচিত নহয়৷ মনোৰোগ বিশেষজ্ঞই প্ৰদান কৰা ঔষধ আৰু মনোবিজ্ঞানীৰ চাইক’থেৰাপি, বিশেষ ৰিলেক্সেশ্যন পদ্ধতি আদি এই ৰোগৰ নিদান হিচাপে ব্যৱহৃত হয়৷

চিকিৎসাৰ উপৰিও পৰিয়ালৰ লোকৰ সহমৰ্মিতা বৰ গুৰুত্বপূৰ্ণ কথা৷ ডিপ্ৰেছনত ভোগা এজন ব্যক্তিৰ বাবে এষাৰ উমাল মাতে কিমান গুৰুত্বপূৰ্ণ অৱলম্বনৰ আশ্বাস হিচাপে কাম কৰে সেয়া কেৱল ভুক্তভুগীয়েহে অনুভৱ কৰিব পাৰে৷ আক্ৰান্ত ব্যক্তিজন যে যিকোনো পৰিস্থিতিতে অকলশৰীয়া নহয় তাক পৰিয়ালৰ লোকে অনুভৱ কৰোৱাৰ চেষ্টা কৰা উচিত৷ বহুসময়ত বিৰক্ত হ’লেও তেওঁৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থকা উচিত৷

অধিক ডিপ্ৰেছনত ভোগা ৰোগীৰ আত্মহত্যাৰ প্ৰৱণতাও থাকে৷ সেয়ে পৰিয়ালৰ লোকৰ সাৱধানতা জৰুৰী৷ ৰোগীয়ে নিজক আঘাত কৰিব পৰা বা আত্মহত্যাৰ বাবে ব্যৱহাৰ কৰিব পৰা সামগ্ৰীবোৰ পৰাপক্ষত আঁতৰাই ৰখা উচিত৷ আগতে আত্মহত্যাৰ চেষ্টা কৰা বা জীয়াই থকাৰ ইচ্ছা নোহোৱা হৈ যোৱা আদি কথা কথাবতৰা পাতোঁতে কেতিয়াবা উল্লেখ কৰিছে তেন্তে সজাগ হোৱা উচিত৷ তাৰোপৰি এনে অতি মন বেয়া কৰি সাধাৰণতে থকা ৰোগীয়ে যদি হঠাতে চকুত পৰাকৈ স্বাভাৱিক মিলা মিছা বা ব্যৱহাৰ কৰে তেন্তে ৰোগমুক্ত হ’ল বুলি নধৰি সেইকেইদিনত আৰু সাৱধান হোৱাহে দৰকাৰ৷ কিয়নো এনেদৰে সুপৰিকল্পিতভাৱে পৰিয়ালৰ লোকৰ মনোযোগ নিজৰ পৰা আঁতৰাই  আত্মহত্যাৰ প্ৰচেষ্টা চলোৱাও দেখা যায়৷

আক্ৰান্ত ব্যক্তিয়ে কিছুমান সুক্ষ্ম ব্যায়াম বা খোজ কঢ়াৰ অভ্যাস কৰিবলৈ চেষ্টা কৰিব পাৰে৷ অৱসাদ গ্ৰস্ততাৰ বাবে শাৰীৰিক ব্যায়াম কৰিবলৈ ইচ্ছা নহ’লেও প্ৰথমে সপ্তাহত এদিন ১৫মিনিট, তাৰ পিছত দুদিন ১৫ মিনিটকৈ এনেদৰে লাহে লাহে বঢ়াবলৈ চেষ্টা কৰিব লাগে৷ তাৰোপৰি মনৰ প্ৰশান্তিৰ বাবে গানশুনা, প্ৰাৰ্থনা, যোগাসন, প্ৰাণায়ম, ধ্যান আদিৰ অভ্যাস লাহে লাহে গঢ়ি তুলিব পাৰে৷

ডিপ্ৰেছনত আক্ৰান্ত হোৱা মানে জীৱনৰ ৰঙবোৰ শেষ হৈ যোৱা নুবুজাই৷ উপযুক্ত সময়ত লোৱা সঠিক চিকিৎসা আৰু নিজস্ব প্ৰচেষ্টাই ৰোগীক ৰোগমুক্ত কৰি পুনৰ জীৱনটোক সুন্দৰকৈ সজাই তুলিবলৈ সমৰ্থ কৰে৷

☆ ★ ☆ ★ ☆

8 Comments

  • নাজিম

    সময়োপযোগী প্ৰৱন্ধ।

    Reply
  • Bonti Kalita Deori

    প্ৰয়োজনীয় নিবন্ধ।

    Reply
    • আৰাধনা বৰুৱা

      ধন্যবাদ

      Reply
  • অঞ্জলি

    আমি জানিবলগীয়া অতি জৰুৰী কথা ।

    Reply
    • আৰাধনা বৰুৱা

      ধন্যবাদ

      Reply
  • ৰঞ্জিত কুমাৰ শৰ্মা৷

    ভাল কথা লিখিলে৷

    Reply
  • দিলিপ ছেত্ৰী

    ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *