ফটাঢোল

আধুনিক সুখ- সোমেশ্বৰ বৰা 

আমাৰ তেখেত কালি তেখেতবৰ হাতলৈ গৈছিল। তেখেতবৰ হাতৰ পৰা কেইটামান তেখেত কেৰেলা আনিছিল। খাবলৈ যে ইমান তেখেত তেখেত ঐ।

এয়া আছিল তিতাৰমৰ ঘৈণীয়েকে তিতাবৰৰ তিতাকেৰেলাৰে তাহানিতে খোৱা এসাঁজৰ কথা। আজিৰ তিতাৰমৰ ঘৈণীয়ে কয়, ঐ শুনিছ, ভাত খাৱ যদি তিতাকেৰেলা এপোৱা লৈ আহিবি। মোৰ ত্ৰিট এটা আছে। মই বাহিৰত খাম।

তিতাৰামৰ ঘৈনীয়েকে বন্ধন গোটৰ লোন এটা লৈ i-phone কিনিলে আৰু এতিয়া ফে’চবুক কৰে।তিতাৰামে তিতাবৰীয়া বজাৰত তিতা কেৰেলা বেছি বন্ধন গোটৰ লোন মাৰে। ভাল বেয়া নিচিনিলোঁ, পিচে থাৰে-ইচাৰে মতা মাতষাৰ, হে’ৰি, শুনকচোন, আহকচোনবোৰ লোপ পালে আৰু থৰঙা তই-মই হ’ল।খুন্দা-খুন্দলিবোৰ বেছি হ’ল।

তাহানিৰ বিয়াত আজিৰ দৰে ইলাহী কাৰবাৰ নাছিল।

গাঁৱৰ গঞাই ৰভা-পৰলা দিছিল। চকী বেঞ্চ গোটাইছিল, গুৰ-গাখীৰ আনিছিল। আজিকালি সেইফেৰা নেচেল। চুট টাই লগাই আহিব। দুঘণ্টাতে বিয়াৰ হেম-গেম ফিনিশ। বিধে বিধে ব্যঞ্জন। কোনেও কাকো চোৱাৰ দৰকাৰ নাই। বিয়া ঘৰীয়াক মাতষাৰ দিলোঁ বা নিদিলোঁ। উদৰ পূৰাই খালোঁ, মটৰত উঠিলোঁহি। ধূলি উৰুৱাই গু আহিলোঁ।

সৰুসজাইত দুখন মান খালোঁ, সেইকেইখনে দ্ৰৌপদীৰ সয়ম্বৰকো চেৰ পেলালে।

দৰাৰ লগত যোৱা সকলে দৰাক পুৰা দমে সংগ দিয়াটো নিয়ম। ফাৰণিচাৰ আছ-বাব পত্ৰ কইনা ঘৰত সমজি লৈ পিছদিনা দৰাৰ ঘৰত পঁহুচাই দিয়াটো নিয়ম। তেহে ন-কইনাক জোকাই জোকাই চাহ তামোলৰ জুতি উঠে। কিন্তু আজিকালি দৰালি ঘৰীয়া কলৰ তলৰ পৰা পোনে পোনে ভোজন গৃহ পাইগৈ।খালে বলে, পলাই পত্ৰং দিলে। মাথোঁ সখীয়েহে সংগ দিয়ে, বাধ্যত পৰি। বঙহৰ এঠাও কমিল। ওৰণি বাৰনিৰো লাগ-বান্ধ নাই। খুলশালীজনীৰো দোপাত্তাখন এপাত্তা হ’ল। এপাত্তাখনো নাপাত্তা হৈ গ’ল। থৈয়া-নথৈয়াখন হ’ল।

তাহানিতে সাত কুৰি গা-ধন দিহে কইনা পাইছিল। আজিকালি ওলোটা হৈ যৌতুক হ’ল। ল’ৰাৰ এনুৱেল পেকেজ মতে তালিকাখন হ’ল। মোমাই টেকেলি ধৰা মোমায়ে গো-ধন দিছিল। আজিৰ মোমায়ে গো-ধনৰ মূল্য দিয়ে মাণিকচান্দ অথবা টানিক্সত।

তাহানিতে নামঘৰত গোঁসাই আহে। এটা গহীন পৰিবেশ। ডবা বাজিল, কঠ এখন পাৰি বহিলোঁ, মুক্তিত নিস্পৃহ যিটো, “সেহি ভকতক নামো”৷ আজি সেই পৰিবেশ নাই। নামঘৰীয়া বিচাৰি বাতৰি কাকতত বিজ্ঞাপন দিব লাগে। আমাসবেও সেইকণ সময়ত ঢেপেচীজনীক লগত লৈ পেডেষ্টিৰীয়ান জ’নত সাত পাক মাৰোঁ। নিজৰ ফালে তথৈবচ হ’লেও ঢেপেচী বেলুনটোৰ ওৱেত কমোৱাৰ নিয়ম। বিগ ব’ছত দেখি শিকিছে।

সময়ে কৈ গ’ল
সময়ে লৈ গ’ল
সময়ে দি গ’ল আধুনিক সুখ।
এলান্ধু কলিয়াৰহে
হৃদয়খনৰ বৰ অসুখ।

☆ ★ ☆ ★ ☆

3 Comments

  • ৰঞ্জিত কুমাৰ শৰ্মা

    বৰ ভাল পালোঁ পঢ়ি৷

    Reply
  • Anonymous

    ভাল লাগিল

    Reply
  • Sadananda Bhuyan

    বান্ধৈ, বৰ ভাল লাগিল দেই ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *