পাহৰা বেমাৰ- কমল তালুকদাৰ
পাহৰা বেমাৰ নাই , কিন্তু পাহৰিছিলোঁ এবাৰ ! কি পাহৰিছিলোঁ আৰু কেনেকৈ ?
হে হৰি! লিখিবলৈ লৈ চন তাৰিখ সকলো পাহৰিলোঁ ।
সম্ভৱ ৯৬ বা ৯৭ চনৰ কথা , বন্ধু এজনৰ লগত কিবা কামত নলবাৰীলৈ গৈছিলোঁ । বন্ধুৰ দিনতে DC অফিচত কাম আছিল । কাম শেষ কৰি যাবলৈ লওঁ মানে সন্ধিয়া হৈছিল । আমি অফিচৰ কাম শেষ কৰাৰ পিছতো নলবাৰী চহৰত প্ৰায় সাত মান বজালৈ অনাই বনাই ঘুৰি ফুৰিছিলোঁ । শেষত গুৱাহাটীলৈ ঘুৰি অহাৰ প্লেন নাকচ কৰি গোপাল বজাৰৰ পৰা অলপ আগত এজন বন্ধুৰ ঘৰত থকাৰ দিহা কৰিলোঁ । সেইজন বন্ধুলৈ PCO ৰ পৰা ফোন যোগে সকলো জনাই নলবাৰীৰ পল্লা ৰোদ হৈ আমি আগবাঢ়িলো । কিন্তু মাজতে এটা আৰ্মী কেম্প আছিল । পিপৰাও পাৰ হ’ব নোৱাৰাকৈ চেকিং চলি আছিল । অৱশ্যে আমাক চেকিং কৰি যাব দিলে । আমি সেইসময়ত সেই ঠাইৰ পৰিস্থিতি সম্পৰ্কে সিমান অবগত নাছিলোঁ যদিও কিছু জানিছিলোঁ । কিন্তু গেট পাৰ হোৱাৰ পাচত অলপ দুৰ গৈয়ে দিলোঁ হাতৰ মুঠিটো পুৰা পকাই । মানে নতুন বাজাজ কেলিবাৰ বাইক নিমাওমাও ৰাস্তা তাতে জনপ্ৰাণীহীন । আমাক আৰু কিহে পায় । ৰাস্তাত মস্ত মস্ত গাঁতত জপিয়াই জপিয়াই বাইক দৌৰিছে । দৌৰাই থাকোতে কেইয়ানো বন্ধুৰ ঘৰ পাৰ হৈ গ’লোঁ , গমেই নাপাওঁ । বন্ধুৱে কৈছিল আমি গৈ থকাৰ বাওঁফালে সি ৰাস্তাত ৰৈ থাকিব । গতিকে মানুহ চাই চাই দৌৰাই আছোঁ , কিন্তু কতো নেদেখিলোঁ ।
•• হঠাৎ !! ••
‘আব্বে ৰখা, ৰখা ! ব্ৰেক মাৰ !! ‘ পিছফালে বহি অহা মোৰ বন্ধু জনে চিঞৰি উঠিল৷
আগে পিছে সমানে ব্ৰেক মাৰি দিলোঁ। খা..ৰা..ছ্ কৰি ৰৈ গ’ল বাইক। হেডলাইটৰ পোহৰত দেখোঁ সন্মুখত খাকী পোচাকত এজনে হাতত কাৰ্ব্বাইন এটা আমালৈ টোঁৱাই আছে। তেখেতৰ কাষতে এখন জীপ-চি এটা হেডলাইট জ্বলাই, দুজন মান ৰাস্তাৰ কাষত নিজৰ পজিচন লৈ! ব্ৰেক মৰাৰ বাদে গতি নাই ,চুচুৰি গৈ একেবাৰে পথৰ মাজৰ গাঁত এটাত ৰৈ গ’ল।
মোৰ লগৰ জন জাপ মাৰি নামিল। তাৰ মুখত এষাৰ সংলাপ “মৈল্লূ আজি ★লা – গুইললাক ”!
লগে লগেই সন্মুখৰ পৰা চিঞৰ, ‘ঐ..ঐ…. বাইকৰ লাইট নুমা ‘! মই অস্থিৰ হৈ বাইকৰ লাইট নুমুৱাই দিলোঁ।
হাতত টৰ্চ লাইট এটা জ্বলাই মোৰ মুখৰ ফালে মাৰি অফিচাৰ জন আহিল। হাতত উদ্দ্যত পিষ্টল। বুকু কঁপি গৈছে। কি কৰোঁ , কি নকৰোঁ!
‘ঐ, কোন তহঁত? ক’ৰ পৰা আহি আছা?’ অফিচাৰজনে অতি ৰূক্ষ ভাবেই সুধিছিল। টৰ্চ লাইটটো বেলেগ এজনৰ হাতত দি এইবাৰ পিষ্টল টো সোঁ-হাতৰ পৰা বাওঁহাতলৈ নিলে!
ভয়ত ইপিনে মোৰ পেণ্টতে ওলাও ওলাও ! মুখত একো উত্তৰে নোলায় , মুখ মেলো কিন্ত শব্দ নাই।
“ থাচ্ ”! মই কিবা বুজাৰ আগতেই প্ৰচণ্ড জোৰেৰে কাণতলিয়া এটা মোৰ মুখত পৰিল। অন্ধকাৰচ্ছন্ন নিশাৰ মাজতো হঠাৎ মই যেন নিজকে ৰৌদ্ৰোজ্জ্বল পোহৰত হালধীয়া হৈ পৰা সৰিয়হ খেতি ডৰাৰ মাজত উদ্ধাৰ কৰিলোঁ। এচাটি কোমল চেঁচা বতাহ আহি মোৰ গালে মুখে চুই গ’ল! চৰ খায়ো মোৰ মাত নোলোৱা দেখি অফিচাৰজনে এইবাৰ হিন্দীতে ধমক দিলে। ‘ক্যাঁ হুৱা ,চমজ্ মে নেহি আয়া ক্যাঁ! কাহা যায়েগা ,গোলি মাৰ দু ক্যাঁ!! লগে লগে এজনে ৰাইফলৰ আগটোৰে মোৰ পিঠিৰ ফালে হেঁচি ধৰিলে … খট্… খট্… খিটিক্ .. এটা ধাতবিয় শব্দ। তেতিয়াহে মোৰ সম্বিত ঘুৰি আহিল। তথাপিও মোৰ মুখৰ পৰা একো শব্দ নোলায় । ডিঙিত যেন কিহবাই সোপা দি ধৰিছে ! উফ …
এইবাৰ মোৰ লগৰ জনে ভয়ৰ তাপত টপকৈ উত্তৰ দিলে ,’ চাৰ হামলোগ বজাৰ গৈছিলোঁ ,আহোঁতে দেৰি হ’ল ,ঘৰমে যা ৰাহা হুঁ’! তাৰ কথা শুনি মোৰ ভয়টো আৰু বাঢ়িল। সৰ্বনাশ ই কি ক’লে! ক’ৰ ঘৰ? ইপিনে মইও পাহৰি গ’লোঁ কি ক’ব লাগে। আচলতে কাৰ ঘৰ বিচাৰি আহিছিলোঁ তাৰ নামো মনত নাই পৰা তেতিয়া।
.
পুনৰ পুলিচ বিষয়া গৰাকীয়ে গৰজি উঠিল, ‘ঐ ঘৰ ক’ত তহঁতৰ?’
মই কিবা এটা কোৱাৰ আগতেই লগৰ জনে ক’ব ধৰিলে। আচলতে সি ভয়ৰ কোবত মুখত যি আহে তাকেই বকি আছে।
‘ চাৰ আমাৰ ঘৰ বেলতলাত ,সেইফালে চিধাই।’
কৈ দিলে সঁচাটো, কিন্তু সি আছে ক’ত সেইটো পাহৰিলে। আমি কাৰ ঘৰলৈ আহিছিলোঁ সেইটোও নক’লে।
এইবাৰ বিষয়া গৰাকীৰ সঁচাকৈ খঙে মুৰৰ চুলি পালেগৈ। বাঘৰ দৰে গৰজি উঠি তাক গলধনত সোঁ-হাতেৰে মেৰিয়াই ধৰি,
‘ ঐ — কুকুৰ এই ৰাতিখন তই মোৰ লগত ধেমালি কৰিবলৈ আহিছ ! shoot কৰি দিম চাল্লা , এইফালে ক’ত বেলতলা আছে হাঁ !! ‘
বিষয়া গৰাকীৰ সেই ৰূপ দেখি লগে লগে চিপাহী এজনে মাত লগালে ,’ চাৰ , এইফালে বেলশৰ বুলি ঠাই এডোখৰ আছে , তাৰেই নেকি ?’
বিষয়া জানে লগে লগে তাক এৰি মোৰ ফালে চোঁচা ললে। এইবাৰ পিষ্টলটো পিছফালে বেল্টৰ খোছনাত সুমোৱাই লৈ মোক চিধা আহি বুকুত খামোচ মাৰি ধৰিলে।
‘বেছি হিৰোগিৰি দেখুৱাবলৈ আহিছ হাঁ! মই যে কিবা সুধি আছোঁ উত্তৰ কিয় দিয়া নাই?” সেইবুলি বাওঁহাতেৰে এক ঘোচা পেটত মাৰি দিলে। ‘ আহ ! মৰিলোঁ ঐ! ‘ কেৰেলূৱাটোৰ দৰে বেঁকাহৈ মই চিঞৰি উঠিলোঁ। আৰু সেইসময়তেই ইউৰেকা, ইউৰেকা বুলি মোৰ আটাহ পাৰি দিবলৈ মন গ’ল। মানে মোৰ সকলো মনত পৰিল , মই কোন , ক’ৰ পৰা আহিছোঁ, ক’ত যাম …।
মই এটা পলো বিলম্ব নকৰি আৰু এটা ঘোঁচা খোৱাৰ আগতে কোনোমতে নিজক চম্ভালি লৈ হাতযোৰ কৰাৰ ভঙ্গিমাত, ‘ ছাৰ, ছাৰ ,নামাৰিব সকলো কৈ আছোঁ। ছাৰ ভয়তে সকলো পাহৰি গৈছিলোঁ ‘। বিষয়াজনে হাতৰ মুঠিটো অলপ ঢিলাই দিলে।
‘হুঁহ ! ক’ কি কবি কিন্তু সকলো সঁচা কথা কবি।’
মই সকলোবোৰ বুজাই কলোঁ।কাৰ ঘৰলৈ যাম সেইটো কোৱাৰ পিছত হাতৰ মুঠিটো এৰি দিলে। হয়তো কথাবোৰ বিশ্বাস কৰিছিল৷ তথাপিও মনত সন্দেহ আছিল চাগে। সেয়েহে তেওঁ পুনৰ সুধিলে,’ কাৰ ঘৰলৈ যাবি ঘৰটো চিনি নাপাৱ তাৰমানে?”|
‘নাপাওঁ ছাৰ। প্ৰথম আহিছোঁ। সি ৰাস্তাৰ কাষত ৰৈ থাকিব বুলি কৈছে’। মই কলোঁ৷
‘ হুহ ! ঠিক আছে ব’ল , তই কোৱামতে এইফালে নহয় ঘুৰাই ল বাইকখন আগে আগে গৈ থাক ৷’
মই কোনোমতে সেপ এটা ঢুকি,’ উফ ! ৰক্ষা প্ৰভু !’ সেই বুলি বাইক খন ঘুৰাই ল’বলৈ আগবাঢ়িলোঁ । ঘোচা খাই ইতিমধ্যে মোৰ পেটৰ ভিতৰত মহাভাৰতৰ যুদ্ধ আৰম্ভ হৈ গৈছিল । যন্ত্ৰনাত কেঁকাই আছোঁ , তথাপিও প্ৰাণৰ মমতাত হেন্দেলত ধৰি বাইকখন উঠালোঁ ।
আগে আগে আমি , পিছে পিছে পুলিছৰ গাড়ী । লাহে লাহে গৈ আছোঁ । এইবাৰ সোঁ-ফালে চাই চাই । ক’তো এটা প্ৰাণী নাই ৰাস্তাত । খলাবমা পথেৰে কিছুদুৰ যোৱাৰ পিছত অলপ দূৰত দেখিলোঁ ৰাস্তাৰ সোঁ-ফালে কোনোবাই হাতত লেম্ এটা লৈ থিয় দি আছে । মই ভবিলোঁ হয় সিয়েই হব ! মনত অলপ সাহস আহিল । মই বাইকৰ হেডলাইটৰ পোহৰটো তাৰফালে ঘূৰাই দি বাইকখন বেগাই চলাই দিলোঁ । কিন্তু ই … কি ? ..সি হঠাৎ তাৰ হাতৰ লেমটো পেলাই দি একেদৌৰে গেটৰ ভিতৰ সোমালগৈ । মোৰ পিছত বহি যোৱা মোৰ বন্ধুজনে তাক চিঞৰি চিঞৰি মাতিলে । নাই সি নামাতে । এনেতে পুলিছ বিষয়াজনেও তাক নাম ধৰি মতাত সি আৰু তাৰ দাদাকজনো একেলগে ওলাই আহিল । আমাক চিনাক্তকৰণ কৰা হ’ল আৰু অৱশেষত আমাক তাতে এৰি দিলে ৷
আমাক ভিতৰলৈ নিয়া হ’ল । ৰূমৰ ভিতৰত আমি চাৰিজন যাৰ ঘৰলৈ গৈছিলোঁ তাৰ দাদায়েক, মই, মোৰ লগত যোৱা বন্ধু জন আৰু সি । কাৰোৱেই মুখত মাত নাই একেবাৰে কাঁহ পৰি জীণ যোৱা অৱস্থা ! মই দীঘলকৈ উশাহ কেইটামান টানিলোঁ । মাজতে এগৰাকী মহিলাই চাহ দি গ’ল । লাইট নাছিল ল’দ শ্বেদিং । আন্ধাৰত চিনি নাপালোঁ সেইয়া যে বৌ আছিল ৷ অৱশেষত দাদায়েকে মৌনতা ভংগ কৰিলে ‘আৰ্মী গাড়ী খন লগ পাইছিলা নে ? সন্ধিয়া সময়ত তাত গুলিয়া গুলি হৈছিল ৷’
দদায়েকৰ কথা শুনি সকলো ছবি স্পষ্ট হৈ গ’ল । তাৰ পিছত ৰাতিটো আৰু কোনো কথা পতা নাই । ৰাতি একেবাৰে । টোপনি নাহিল । জীৱনলৈ মনত ৰৈ গ’ল সেই ঘটনা ৷
☆ ★ ☆ ★ ☆
1:36 pm
ইচ! নলবাৰীলৈ আহি বৰ লটিঘটি হ’ল
3:52 pm
?সচাই বৰ লটিঘটি হৈছিল ।
ধন্যবাদ পঢ়া বাবে ।