ফটাঢোল

অসমীয়া জাতীয় জীৱনলৈ বিশ্বায়নৰ ইতিবাচক দিশ : এটি চমু আলোচনা- চাহিন জাফ্ৰি

সাম্প্ৰতিক কালৰ এটা অতি চিনাকি আৰু বহুলভাৱে প্ৰচলিত শব্দ হৈছে- ‘বিশ্বায়ন’। যাৰ ইংৰাজী প্ৰতিশব্দ হৈছে – Globalisation. ‘গোলকীকৰণ’, ‘ভুৱনীকৰণ’ আদি শব্দও ইয়াৰ সমাৰ্থক শব্দ হিচাবে ব্যৱহাৰ হৈ আহিছে।সহজ অৰ্থত বিশ্বায়ন বুলিলে বিশ্বখনৰ আমূল গোলকীয় পৰিবৰ্তনৰ কথাকে বুজিব পাৰি। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ৰমাগত উন্নতিৰ ফলত গোটেই পৃথিৱীখনেই এখন মাত্ৰ গাঁৱলৈ পৰিণত হৈ যোৱাৰ যি প্ৰৱণতা, সেইয়াই হৈছে বিশ্বায়ন।

সময়ৰ অগ্ৰগতিৰ লগে লগে মানুহৰ চিন্তা-চেতনা আৰু ধ্যান-ধাৰণাৰ সলনি ঘটিছে,যাৰ ফলত নিতৌ নতুন নতুন সম্ভাৱনাৰ বাট মুকলি হৈছে।মানৱ সভ্যতা আৰু সংস্কৃতিৰ বিকাশৰ লগে লগে এই ধাৰণাই গোটেই পৃথিৱীখনকেই গ্ৰাস কৰি পেলাইছে। বিশ্বৰ সামাজিক, সাংস্কৃতিক, অৰ্থনৈতিক তথা বাণিজ্যিক আদি সকলো দিশৰেই এক নতুন গতিৰ উন্মেষ হ’ব ধৰিছে।ফলত আমাৰ সভ্যতা আৰু সংস্কৃতিয়ে ক’ব নোৱাৰাকৈয়ে এক গোলকীয় ধাৰণাৰ মাজত সংপৃক্ত হৈ পৰিছে। বিংশ শতিকাৰ শেষ দশকৰ পৰা ব’বলৈ ধৰা বিশ্বায়নৰ বতাহ জাকে গোটেই পৃথিৱীখনৰ লগতে ভাৰতবৰ্ষক আৰু বিশেষকৈ অসমলৈও পৰিৱৰ্তন কঢ়িয়াই আনে। অসমৰ জাতি-জনগোষ্ঠী, ভাষা-সাহিত্য, সংস্কৃতি, অৰ্থনীতি, সমাজনীতি, লোকাচাৰ, উৎসৱ-পাৰ্বন আদি সকলোতে প্ৰভাৱ পৰা পৰিলক্ষিত হয়।

বিশ্বায়নৰ প্ৰভাৱত হোৱা এই পৰিবৰ্তনে যথাৰ্থতে অসমীয়া জাতি তথা সংস্কৃতিৰ উত্তৰণ ঘটাইছে নে অধোন্নতি ঘটাইছে,সেয়া এক বিচাৰ্যৰ বিষয়। এই সম্পৰ্কে আলোচনাৰ যথেষ্ট  থল আছে। আমাৰ এই চমু আলোচনাত আমি মাত্ৰ বিশ্বায়নৰ ইতিবাচক দিশ কেইটিমানক সামৰি ল’ব বিচাৰিছোঁ।

বিশ্বায়নৰ বতাহে গোটেই পৃথিৱীখনক ছানি ধৰাৰ দৰেই আমাৰ অসমতো বহু পৰিৱৰ্তন সূচনা কৰিছে।অসমীয়া পৰম্পৰা আৰু জীৱন প্ৰণালীলৈ ভালেখিনি নেতিবাচক প্ৰভাৱ কঢ়িয়াই অনিলেও কিছুক্ষেত্ৰত ইয়াৰ ইতিবাচক দিশো নথকা নহয়। স্বকীয় বৈশিষ্ট্য বোৰক অক্ষুন্ন ৰাখি বাহিৰৰ সংস্কৃতি গ্ৰহণ কৰিলে সেই সংস্কৃতিৰ মৰ্যদা ক্ষুণ্ণ নহয়, বৰঞ্চ বৃদ্ধিহে পায় ; কিন্তু আমি সেই মৰ্যাদাক ধৰি ৰাখিব জানিব লাগিব। অন্য দেশৰ লগত নিজৰ সংস্কৃতিৰ সংমিশ্ৰণ ঘটোৱাই স্বকীয় ৰূপৰো উন্নতি ঘটাব লাগিব। অৱশ্যে বহু ক্ষেত্ৰত বিশ্বায়নে আমাক সেই সুবিধা প্ৰদান কৰিছে। উদাহৰণ স্বৰূপে ―

১) অসমৰ গাঁৱৰ নাৰীসকলে বয়ন শিল্পক ক্ষুদ্ৰ উদ্যোগলৈ ৰূপান্তৰ কৰি অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হোৱাটো এক ইতিবাচক দিশ। বস্ত্ৰমেলাৰ জৰিয়তে এই শিল্পক ৰাষ্ট্ৰীয় বা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ নিব পৰাটোও আমাৰ সংস্কৃতিৰ বাবে এক শুভ লক্ষণ।ইয়াৰ লগতে ই- মাৰ্কেটিং, অনলাইনৰ যোগেৰে মাৰ্কেট আদি বিশ্বায়নৰ প্ৰভাৱৰেই ফল। আনহাতে, বিশ্বায়নৰ নেতিবাচক দিশৰ এটি সাৰ্থক উদাহৰণ হিচাবে আমি খ্যাতি সম্পন্না ডিজাইনাৰ সংযুক্তা দত্তৰ নামো ল’ব পাৰোঁ;  যি আমাৰ থলুৱা শিল্পকৰ্ম তথা পৰম্পৰাগত পাট-মুগাৰ বস্ত্ৰক আধুনিক কৰণেৰে ৰাষ্ট্ৰীয়/অন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো জনপ্ৰিয় কৰি তুলিছে। ই নিঃসন্দেহে এটি যোগাত্মক দিশ।

২)বিশ্বায়নৰ জৰিয়তে অসমীয়া সাংস্কৃতিক জীৱনৰ প্ৰতিফলন ঘটা উৎসৱ-অনুষ্ঠানবোৰে বিশ্ব-দৰবাৰত প্ৰতিষ্ঠা লাভ কৰি জাতিটোলৈ সন্মান কঢ়িয়াই অনাটোও এটা অন্যতম ইতিবাচক দিশ। উদাহৰণ হিচাপে সকলোৱে জানেই যে আমাৰ জাতীয় উৎসৱ বিহু আৰু ইয়াৰ লগত জড়িত নৃত্য-গীতৰ জনপ্ৰিয়তা অকল দেশৰ ভিতৰতে নহয়, আনকি বিদেশতো সমাদৃত।

৩) অসমৰ থলুৱা খাদ্যবোৰৰ গুণাগুণ সম্পৰ্কে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ আন বহু ঠাইতো চিন্তা-চৰ্চা আৰম্ভ হৈছে। অসমীয়া থলুৱা খাৰ-টেঙা, পুৰা-পিটিকাৰ লগতে পিঠা-পনাৰ কথাও সমগ্ৰ ভাৰতবৰ্ষতেই পৰিচিত..। আনকি বিদেশতো কিছুদিন আগতে আমাৰ অমিতাৰে বনোৱা ‘খাৰ’ ৰ গুণাগুণ আৰু সোৱাদৰ চর্চা হোৱাৰ বাতৰি লাভ কৰিছিলো। ইয়াৰোপৰি কিছুদিন আগতে অসমীয়া মুখৰুচক জলপান টেকেলি পিঠাটোৰ ৰেছিপি সম্প্ৰচাৰ কৰি ইয়াৰ জনপ্ৰিয়তা সম্পৰ্কে এলানি বাক্যৰ বিনিময় কৰিছিল প্ৰখ্যাত ভাৰতীয় ৰন্ধনবিদ এজনে ..! মই নিজেও চছিয়েল মিডিয়াৰ জৰিয়তে প্ৰত্যক্ষ কৰিছিলোঁ সেই ভাললগা ভিডিওটো ।

৪) বিশ্বায়নৰ প্ৰভাৱতেই কোনো দিনেই গুৰুত্ব নোপোৱা অথচ নীৰৱে ভাল কৰ্মৰ সাধনা কৰি থকা মানুহে প্ৰচাৰ লাভ কৰিছে; যি আন দহ জনৰ বাবে আদৰ্শ হ’ব পাৰে। আন দহ জনকো সেই পথেৰে যাবলৈ উৎসাহিত কৰিব পাৰে। উদাহৰণ স্বৰূপে আমি – প্ৰকৃতি তথা সেউজৰ সাধক যাদৱ পায়েংৰ কথা ক’ব পাৰো। যি যাদৱ পায়েং সাধাৰণ মানুহ হৈয়ো বিশ্ববাসীৰ বাবে এটা অসাধাৰণ উদাহৰণ বা আদৰ্শ..।

৫) বিশ্বায়নে মানুহক তড়িৎ বেগী কৰিবলৈও উৎসাহ যোগাইছে। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষীপ্ৰতাই আলসুৱা অসমীয়া জাতিটোক তড়িৎ গতিৰে আগবাঢ়ি যাবলৈও উৎসাহ জন্মাইছে ।

ইয়াৰ বাহিৰেও বিশ্বায়নৰ আৰু বহু ইতিবাচক দিশ আছে যিবোৰ কৈ শেষ কৰিব নোৱাৰি। মাথোঁ সেই দিশবোৰে যাতে মানৱ জাতিৰ উন্নতি সাধিব পাৰে , সেই কথালৈ মন কৰাৰ দৰকাৰ আৰু আমি আশাবাদীও।

শেষত ইয়াকে ক’ব পাৰি যে- সমাজ আৰু জাতীয় জীৱনলৈ সময়ে সময়ে পৰিৱৰ্তন অহাটো স্বাভাৱিক যদিও সেই পৰিৱৰ্তন যোগাত্মক হ’লেহে সমাজ আৰু সংস্কৃতিৰ উপকাৰ সাধন হয়। সামগ্ৰিক ভাৱে চালে দেখা যায় যে- বিশ্বায়নে সামূহিক উন্নতিতকৈ ব্যক্তিগত জীৱনৰ উন্নতিত হে যেন বেছিকৈ সহায় কৰিছে। হয়তো ইয়াৰ ফলতেই বৰ্তমান সমাজখন বহুক্ষেত্ৰত ব্যক্তিকেন্দ্ৰিক হৈ আহিছে।জাতীয় সন্মান আৰু জাতীয় ঐতিহ্যক অক্ষুন্ন ৰাখিবলৈ হ’লে বিশ্বায়নে কঢ়িয়াই অনা নেতিবাচক দিশবোৰক প্ৰতি8 কৰা অতিকৈ প্ৰয়োজন। অৰ্থনৈতিক স্বাৱলম্বীতা , কঠোৰ পৰিশ্ৰম আৰু কৰ্মোদ্যমে বিশ্বায়নৰ নেতিবাচক দিশবোৰক প্ৰতিৰোধ কৰি যোগাত্মক দিশলৈ গতি কৰাত বহু পৰিমাণে সহায় কৰিব বুলি আশা কৰিব পাৰি।

☆ ★ ☆ ★ ☆

4 Comments

  • Anonymous

    বহুত ভাল লাগিল ।

    Reply
    • Anonymous

      বহুত বহুত ধন্যবাদ।

      Reply
  • ফটিক বৰা।

    ভাল লাগিল।

    Reply
  • Harendra Rajbongshi

    সুন্দৰ আৰু সময়োপযোগী লিখনী, পঢ়ি ভাল পালোঁ, লেখকলৈ আন্তৰিক ধন্যবাদ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *