পৰিৱৰ্তন -মৌচুমী বৰি
বুমন দাদাৰ কথা ভাবি জীমণি প্ৰায়ে হতাশ হয়৷ কিয় এনেকুৱা হ’ল সি? সৰুৰ পৰা ডাঙৰলৈ সকলোৱে তাক সুযোগ সুবিধা পালেই দম দিয়ে, গালি দিয়ে৷ কিন্তু সি নিৰ্বিকাৰ হৈ থাকে৷ কাকো ওলোটাই একো নকয়৷ তাৰ এই প্ৰতিক্ৰিয়াহীনতাৰ সুযোগ সকলোৱে লয়৷ সি যেন এটা অকৰা অজলা মূৰত ঘিউ নথকা ল’ৰা — ঠিক তেনেকুৱা ভাৱ প্ৰকাশ কৰে সকলোৱে৷ অথচ, ঘৰৰ বজাৰ-সমাৰৰ পৰা ভাত ৰন্ধা লৈকে সকলো কামেই বুমন দাই নিয়াৰিকৈ কৰি যায়৷
বুমন দাক দেখিলে এনে লাগে– সি যেন মানুহৰূপী এটা ৰবটহে৷ যিয়ে যি কয় নিৰ্দেশ মানি তাকে কৰি যায় মনে মনে৷ বুমন দাই এটা শ্ৰেণীতে দুবাৰ দুবাৰকৈ পঢ়িব লগা হয়৷ তাৰ পঢ়া-শুনাৰ তথৈবচ অৱস্থা দেখি মাক-দেউতাক বাৰুকৈয়ে হতাশ হৈ পৰে৷
বুমন দাৰ মুখৰ উজ্জ্বলতা খুউব কমকৈহে দেখা পোৱা যায়৷ মন ভাল থাকিলে — “হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়“ বুলি গুণগুণাই গায়৷ বুমন দাৰ মুখত গান শুনিলে জীমণিৰ মনটো অলপ ভাল লাগে কিন্তু বুমন দাৰ সেইকণ আনন্দ অলপ সময়ৰ বাবেহে৷ তাৰপিছত আকৌ নিশ্চুপ হৈ ৰয় বুমন দা৷
বুমন দা জীমণিৰ পেহীয়েকৰ ল’ৰা৷ জীমণিয়ে বুমনদাহঁতৰ ঘৰতে থাকি পঢ়া-শুনা কৰিছে৷ বুমনদাহঁত টাউনত থাকে, জীমণিৰ ঘৰ গাঁৱত সেয়ে মাক-দেউতাকে তাইক পেহীয়েকৰ ঘৰত থাকি পঢ়াইছে৷ পেহীয়েকে আলহীৰ আগত বুমন দাৰ কথা কৈ দুখ কৰে — “কেনেকৈ ই ইমান অকৰা হ’ল জানো! ! ডাঙৰ হৈ কি কৰি খাব ভগৱানেহে জানে! ! “পেহীয়েকৰ কথাবোৰ জীমণিয়ে মানি লবলৈ টান পায়৷ জীমণিৰ এনে লাগে– পেহীয়েক-পেহাকে বুমনদাক যেন বুজিবলৈ যত্নই নকৰিলে৷ সি অকৰা-অজলা হৈ জন্ম হ’ল বুলি স্বীকাৰ কৰিহে লৈছে!
“বুমন দা, কোনোবাই তোমাক কিবা বেয়াকৈ ক’লে, তুমি তাৰ উচিত প্ৰত্যুত্তৰ দি দিবা“ – জীমণিয়ে কয়৷
বুমন দাই নিৰ্বিকাৰ হৈ জীমণি লৈ চায়৷
“মানুহৰ জীৱনত কিবা এটা লক্ষ্য থাকিব লাগে৷ তুমিও ভৱিষ্যতে নিজৰ ওপৰত থিয় হ’ব পৰাকৈ সমৰ্থৱান হ’ম বুলি ভাবিব লাগিব বুমন দা৷ এনেকৈ থাকিলে জীৱনটো নচলিব নহয়৷ “
নাই, জীমণিৰ কথা বুজি পাই নে নাপায় জীমণিয়ে ধৰিব নোৱাৰে৷ প্ৰতিক্ৰিয়াহীন হৈ বহি থাকে সি৷
“কিবা এটাতো কোৱা? “
তেনেকৈ ক’লে বুমন দাই জীমণিলৈ চাই হেবাং কৈ হাঁহি এটা মাৰে৷
বুমন দাই জীমণিক মৰম কৰে৷ টিউচনলৈ দেেউতাকৰ পুৰণি স্কুটাৰখনত উঠাই বুমন দায়েই তাইক লৈ যায়৷ টিউচনৰ পৰা লৈও আহে বুমন দায়েই৷
এদিন বুমন দাই কাণে কাণ মাৰি হায়াৰ চেকেণ্ডেৰী পাছ কৰিলে৷ পেহায়ে ঘৰৰ চোতালতে ৰাষ্টাৰ কাষত গেলামালৰ দোকান এখন খুলি দিলে৷ বুমন দা দিনৰ দিনটো দোকানখনত বহি থাকে৷ গ্ৰাহক আহিলে বস্তু ঠিকেই দিয়ে কিন্তু খুউব লেহেমিয়াকৈ দিয়ে৷ সেয়ে গ্ৰাহক সকলৰ খং উঠে৷
“অকৰাটো সোনকালে দে৷ এনেকৈ দোকান দিলে কি দোকান চলাই খাবি, হুঁহ! ! “ বুলি গ্ৰাহকে দম দি থৈ যায়৷ কেতিয়াবা বহু গ্ৰাহকে পইচা পাতি নিদিয়াকৈও বস্তু লৈ যায়৷ বুমন দাৰ দোকান চলোৱা মতিগতি দেখি অৱশেষত পেহাই দোকান বন্ধ কৰিলে৷ তাৰপিছৰ পৰা বুমন দাই কাম বন নাথাকিলে চকুমুদি বিছনাত পৰি থাকে৷ সময় সুযোগ পালেই মুঠতে বিছনাত শুই থাকে৷ জীমণিৰ কোনোবা আলোচনীত পঢ়া মনত পৰে — হতাশ মানুহে শুই থাকি ভাল পাই বোলে! ! বুমন দাৰো তেনে হোৱা নাইতো! –জীমণিয়ে ভাবে৷
এনেকৈয়ে বুমন দাৰ দিনবোৰ যাবলৈ ধৰিলে৷
কেতিয়াবা জীমণিৰ ভাব হয় — বুমন দা যেন এটা হতাশাৰ প্ৰতিমূৰ্তি৷ সকলোৱে অকৰাটো অজলাটো কওঁতে কওঁতে পেহা-পেহীৰ দৰেই বুমন দাইও যেন নিজকে অকৰা বুলি স্বীকাৰ কৰি লৈছে জীমণিৰ তেনে লাগে৷ বুমন দাই বাৰু নিজকে এজন ধুমুহাত বিধ্বস্ত মানুহ বুলি ভাবে নেকি!
চাওঁতে চাওঁতে বুমন দাৰ বিয়াৰ বয়স পালেহি৷ পেহা-পেহীয়ে বিয়াৰ কথা উলিয়াওঁতে বুমন দাই মুখেৰে মাত মতা জীমণিয়ে শুনিছিল– “মই বিয়া নাপাতো“৷
কিন্তু পেহা-পেহীয়ে বুমন দাৰ কথা নুশুনিলে৷ জীমণিহঁতৰ গাঁৱৰে ছোৱালী এজনীৰ লগত জোৰকৈ বিয়া পতাই দিলে৷ পিছে পয়মাল লাগিল ফুলশয্যা নিশাৰ দিনাই৷ বুমন দাই কইনাৰ লগত নুশুই, কইনাৰ ওচৰলৈ নাযাওঁ বুলি জিদ ধৰিলে৷ ইফালে কইনাৰ কান্দোন আৰম্ভ হ’ল৷
“বুমন দা, বিয়াৰ পিছত তুমি বৌৰ লগত একেলগে থাকিব লাগে বুলি নাজানা নেকি? হাত যোৰ কৰিছো তোমাক, ঘৰখনৰ সন্মানৰ কথা ভাবি তুমি বৌৰ ওচৰলৈ যোৱা“– জীমণিয়ে এইবুলি কৈ কৈ বুমন দাক ঠেলি হেঁচি কোঠাত সুমুৱাই বাহিৰৰ পৰা দুৱাৰখন লগাই দিলে৷ পিছদিনা কাহিলিপুৱাতে জীমণিয়ে উঠি বুমন দাহঁতৰ কোঠাৰ লকটো খুলি দিলে৷
পিছদিনা ন-কইনাই যিবোৰ কৰে সেইবোৰ একো নহ’ল৷ আউলি বাউলি চুলিৰে বুমন দাৰ কইনাজনীয়ে পুৱাৰ পৰাই ৰাউচি জুৰি কান্দিবলৈ আৰম্ভ কৰিলে৷ জীমণি, পেহা-পেহী সকলোৱে ন-কইনাক বুজাবলৈ আৰম্ভ কৰিলে৷ দিন গ’লে সকলো ঠিক হৈ যাব বুলি বুজনি দিলে৷ বুজনি শুনি শুনি অৱশেষত ন-কইনা শান্ত হ’ল৷ ন-কইনা সেইমুহূৰ্ততহে শান্ত হ’ল কিন্তু সেইদিনাখনৰ পৰাই ঘৰখনত নতুন অশান্তি আৰম্ভ হ’ল৷
নবৌৱে সুযোগ সুবিধা পালেই পেহা-পেহীৰ লগত কাজিয়া কৰা আৰম্ভ কৰি দিয়ে৷ শহুৰ-শাহুৰৰ প্ৰতি শ্ৰদ্ধা-ভক্তি বহুত দূৰতে থাকিল৷ বুমন দাকটো দিনৌ জহনিত যোৱা, মৰাটো, চুৱা খোৱা বুলি কৈহে কেটেৰা-জেঙেৰা মাৰি কথা পতা হ’ল৷ জীমণিয়ে নবৌয়েকক কিবা কব খুজিলেই জীমণিৰ ঘৰখনৰ ওপৰত থকা অধিকাৰ বুজাই দি তাইৰ মুখ বন্ধ কৰি দিয়ে৷ পেহা-পেহীৰ বেজাৰমুৱা মুখদুখনলৈ চাই জীমণিৰ মনটোও বেয়া লাগি থাকে৷
এদিন জীমণিয়ে বুমন দাক বুজালে- “বুমন দা, তুমি মুখেৰে মাত নমতা বাবেই নবৌৱে ঘৰখনত অশান্তি কৰিবলৈ চল পাইছে৷ তোমাৰ ভিতৰত থকা মানুহটোক কিয় মাৰি পেলাইছা? উঠা! জাগা! ! “
বুমন দাই মাথো জীমণিৰ কথা মনে মনে শুনি থাকে৷ জীমণিয়ে সুযোগ সুবিধা পালেই বুমন দাক সংসাৰৰ কথা বুজাবলৈ আৰম্ভ কৰে৷ বুমন দাৰ ভিতৰত থকা অপাৰ শক্তিৰ জ্ঞান দিবলৈ চেষ্টা কৰে৷ লাহে লাহে জীমণিয়ে বুমন দাক এজন মনোৰোগ বিশেষজ্ঞৰ কাষলৈও নিয়া হ’ল৷ বুমন দাৰ কাউন্সেলিং চলে পুৰাদমে৷ জীমণিৰ চেষ্টাই কাম দিয়া যেন লাগিল লাহে লাহে৷ বুমন দাইচোন আগতকৈ দুই এটা কথা কোৱা হ’ল৷ মিচিকিয়াই হঁহা হ’ল৷ লাহে লাহে ঘৰখনতো এটা পৰিৱৰ্তন চকুত পৰিল জীমণিৰ –ঘৰখনৰ কাজিয়া-পেচাল আগতকৈ কমিল৷ নবৌৰ কেটেৰা-জেঙেৰা কথাবোৰো কমি আহিল৷ বুমন দাই কেতিয়াবা নবৌক স্কুটাৰৰ পিচত উঠাই ফুৰাবলৈ নিয়া হ’ল৷ পুনৰ “হিয়াৰ মৰম মুকুতা হৈ আছে মন উপচায়“ বুলি গুণগুণকৈ গান গাবলৈ ললে বুমন দাই৷ বুমন দাৰ পৰিৱৰ্তন দেখি পেহা-পেহীৰ মুখদুখন উজ্জ্বল হৈ পৰা দেখা গ’ল৷
সিদিনা এটি নতুন খবৰে ঘৰখনলৈ সুখৰ বতৰা কঢিয়াই আনিলে৷ ঘৰখনলৈ এটি নতুন আলহীৰ আগমন হ’ব৷ বুমন দা পিতৃ হ’ব ওলাইছে৷ আনন্দতে ঘৰখনত সৰু-সুৰাকৈ এটা পাৰ্টিয়েই চলিল৷
জীমণিয়ে ওপৰৰ আকাশখনলৈ চালে— কলীয়া ডাৱৰৰ মাজৰ পৰা বেলিটো ওলাই আহিছে৷
*****
12:45 am
ভাল লাগিল মৌ
12:33 pm
ধন্যবাদ উৎপলা বা
8:08 am
সকলোৰে জীৱনলৈ সেঈ বেলিটো ওলাই আহক।
ভাল লাগিল।
12:33 pm
আন্তৰিক ধন্যবাদ জনালোঁ