ফটাঢোল

ব্যঙ্গ মুকাভিনয়ৰ ঈশ্বৰ – চাৰ্লি চেপলিন – ভাস্কৰজ্যোতি দাস

চাৰ্লি চেপলিনৰ প্ৰথম পৰিচয় হ’ল এয়ে যে তেওঁ মুলত: এজন বৃটিছ অভিনেতা৷ সম্পূৰ্ণ নাম চাৰ চাৰ্লচ স্পেনচাৰ চেপলিন জুনিয়ৰ৷ ১৮৮৯ চনৰ ১৬ এপ্ৰিল তাৰিখে জন্মলাভ কৰা চাৰ্লি চেপলিনে হলিউড ছবিজগতৰ প্ৰথমৰ পৰা মধ্যকালৰ ভিতৰৰ সময়খিনিত তেওঁ অজস্ৰ ছবি পৰিচালনা কৰিছিল৷ বৰ্তমানৰ ভি এফ এক্স যুগৰ বিপৰীতে তেতিয়াৰ ক’লা-বগা আৰু নিৰ্বাক ছবিবোৰেৰে তেওঁ সমগ্ৰ বিশ্বকে প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল৷ চাৰ্লি চেপলিনৰ মুকাভিনয়ৰ ৰসালতা আৰু কাহিনীৰ বাস্তৱধৰ্মীতাক সমগ্ৰ পৃথিবীয়ে স্বীকৃতি দিছিল৷ এতিয়াও চাৰ্লি চেপলিনৰ এখন চিনেমা চালে একে অনুভৱেই হয়৷ মুঠতে চিনেমা নিৰ্মানৰ ব্যৱস্থাটো আৰম্ভ হোৱাৰে পৰা এতিয়ালৈকে বিশ্ব চলচ্চিত্ৰৰ জগতখনত চাৰ্লি চেপলিনৰ এক সুকীয়া স্থান আছে৷
নিৰ্বাক চলচ্চিত্ৰৰ যুগটোৰ অন্যতম মৌলিক আৰু প্ৰভাৱশালী ব্যক্তি চেপলিনে নিজৰ ছবিত নিজেই অভিনয়, সংলাপ ৰচনা, পৰিচালনা, প্ৰযোজনা আৰু সঙ্গীত পৰিচালনা পৰ্যন্ত কৰিছিল৷ শিশুশিল্পী হিচাবে অভিনয় জীৱনৰ পাতনি মেলা ইংলেণ্ডৰ ভিক্টোৰিয়ান নাট্যমঞ্চ আছিল চাৰ্লি চেপলিনৰ প্ৰথম পঢ়াশালি আৰু ইয়াতেই আৰম্ভ হৈছিল তেখেতৰ ৬৫ বছৰীয়া বৰ্ণময় কৰ্মজীৱনৰ প্ৰথমটো খোজ৷ ১৯১৪ চনত চাৰ্লি চেপলিনে দ্যা ট্ৰাম্প নামৰ ছবিৰে সফল সাংস্কৃতিক জীৱনৰ পাতনি মেলে৷ এইখন ছবিয়ে ইংলেণ্ডৰ উপৰিও ফ্ৰান্স, স্পেইন, ইটালি ইত্যাদিবোৰ দেশত বিপুল জনপ্ৰিয়তা লাভ কৰে৷ তেওঁৰ অভিনয়ক সকলো শ্ৰেণীৰ লোকে আদৰে আৰু এই ছবিখনে কাৰ্যত: বৃটিছ আদৱ-কায়দা বিশ্ববাসীৰ আগত তুলি ধৰিবলৈ সক্ষম হয়৷ প্ৰাৰম্ভিক অৱস্থাত এইবোৰে বহু বিতৰ্কৰো সৃষ্টি কৰিছিল৷
 
চাৰ্লি চেপলিনৰ শৈশৱ পিছে তেওঁ নিৰ্মান কৰা ছবিৰ দৰে নহয়৷ চাৰ্লি চেপলিন সৰু হৈ থাকোতেই পিতৃ চাৰ্লচ চেপলিন আৰু মাতৃ হান্নান চেপলিনৰ মাজত বিবাহ বিচ্ছেদ ঘটিছিল৷ সেয়ে, চেপলিনৰ শৈশৱ অতি দাৰিদ্ৰ আৰু কষ্টৰ মাজেৰে পাৰ হয়৷ ৰুগ্ন মাতৃ আৰু ঘৰখনৰ দায়িত্ব কম বয়সতে লবলগীয়া হোৱা চাৰ্লি চেপলিনে ১৪ বছৰ বয়সতে সেইসময়ৰ জনপ্ৰিয় নাট্যগোষ্ঠী “জেকচন এইট লাঙ্কাচায়াৰ লাডচ”ৰ সৈতে জড়িত হয় আৰু উপাৰ্জনৰ পথ বাচি লয়৷ চাৰ্লি চেপলিনৰ পিতৃ-মাতৃ দুয়ো মঞ্চৰ লগত জড়িত শিল্পী আছিল৷ ঘৰতে তেনে এক পৰিৱেশ দেখা পোৱা চাৰ্লি চেপলিনৰ সেয়ে কোনো সময়তে অসুবিধাৰ সম্মুখীন হ’বলগীয়া নহ’ল৷
 
চেপলিনৰ প্ৰথমৰ নাট “চাৰ্লক হোমচ”ৰ বাতৰি যোগনীয়াৰৰ চৰিত্ৰটোৱে তেওঁক বৃটেইনৰ এক বলিষ্ঠ অভিনেতা হিচাবে খ্যাতি প্ৰদানৰ বাবে যথেষ্ট আছিল৷ ৷ পাছৰ পৰ্যায়ত কিষ্টোন ষ্টুডিঅ’, মিউচুৱেল ফিল্ম কৰ্পৰেছন, ফাৰ্ষ্ট নেশ্যনেল, ইউনাইটেড আৰ্টিষ্ট ইত্যাদিবোৰ বেনাৰত চেপলিনে অজস্ৰ ছবি নিৰ্মান কৰে৷ ১৯১৪ চনৰপৰা ১৯৬৭ চনলৈ তেও মুঠ ৮৩খন ছবি নিৰ্মান কৰে৷ এই সময়ছোৱাত ইউৰোপৰ পৰা আৰম্ভ কৰি আমেৰিকা, এচিয়ালৈকে তেওঁ এজন ব্যতিক্ৰমী অভিনেতাৰূপে খ্যাতি লাভ কৰে৷ চাৰ্লি চেপলিনৰ বৰ্ণময় জীৱনত যিকেইখন ছবিয়ে তেওঁক অনন্য কৰি তুলিছিল তাৰ ভিতৰত The Kid (১৯২১), A Woman of Paris (১৯২৩), The Gold Rush (১৯২৫), The Circus (১৯২৮), City Lights (১৯৩১), Modern Times (১৯৩৬), The Great Dictator (১৯৪০), Monsieur Verdoux (১৯৪৭), Limelight (১৯৫২), A King in New York (১৯৫৭) আৰু A Countess from Hong Kong (১৯৬৭) আছিল অন্যতম৷ ১৯৭৭ চনত এইজন মহান শিল্পী ইতিহাসত পৰিণত হয়৷
 
কিছু ব্যক্তিগত: – আমাৰ অফিচত কামৰ বোজা বেছি৷ বহুত কাম পুৱতি নিশা উঠি ঘৰতে কৰিবলগীয়া হয়৷ সেই সময়খিনিৰ অৱসাদ গুচাবলৈ কেতিয়াবা চাৰ্লি চেপলিনৰ ভিডিঅ’ দুই এটা চাওঁ৷ মোৰ ছোৱালী প্ৰদক্ষিণাৰ বয়স এতিয়া আঢ়ৈ বছৰ৷ আজিকালি তাই সোনকালে উঠে আৰু মোক সোধে-“দেতা, দেতা, থালি থেপলিনটো লগাই দিয়াথোন”৷ এটা কথা ভালদৰে বুজিলোঁ৷ এজন সঁচা শিল্পীৰ কেতিয়াও মৃত্যু নহয়৷ শৰীৰটোহে যায়৷ সত্বাটো কিন্তু থাকি যায়৷
 
 
 
☆★☆

One comment

  • বিকাশ শইকীয়া

    ধন্যবাদ ভাস্কৰ দা। চেপলিনৰ বিষয়ে জানিবলৈ দিয়াত। আগলৈ আশা থাকিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *