গাৰ্হস্থ্য- অসীমা শইকীয়া দত্ত
“এয়াহে মানুহ। এয়াহে মানৱ জনম। আকাশৰ ওপৰেদি উৰিল কি নুৰিল তলেদি যি ঠাইত পৰিব সেই ঠাইলৈ যাবলৈ চুকে কোণে থকাকেইটাৰো আবতৰীয়া বিহুৰ ঢোলে ঢেমঢেমাই উঠিল। আহিব চালমান খান ওপৰেৰে, তলত তাকে চাবলৈ ধূলি খাই হেঁচা থেলাত গতা ভুকু খাই মৰিছে অন্য এমখাই। কিন্তু ও……আমাৰজনলৈ চোৱা আকাশৰ ওপৰেদি উৰাতো দূৰৰে কথা অফিচৰ তলেদিও বাহিৰা টকা এটা সৰকাই আনিব নোৱাৰে। আনতো বাদেই বন্ধ বাৰত ঘৰত আছে বুলি গধুৰ কাম এটা যাচিলেও এনে এটা ৰূপ দেখুৱাই, এনেকুৱা এটা লেবেল দিয়ে ঘৈণীয়েকজনী যেন সাতজনমতো দেখি নোপোৱা অন্য গ্ৰহৰ প্ৰাণী এটাহে। পিছফালৰ চালিখন দিবলৈ কৈ কৈ মুখৰ কব্জাকেইটাৰ বিষ উঠি গ’ল। অথচ তেওঁৰ নোমকে নলৰিল। যত সৱ পুৰুষৰ নামত কলঙ্ক।”
ঘৈণীয়েকৰ খেচখেচনিত ইতিমধ্যে বন্ধ পাই বাৰণ্ডাত বহু দেৰিলৈকে বহি ছেকেণ্ড চেটাৰ ডে’ চেলিব্ৰেট কৰিম বুলি বিলাসিতা কৰি পেপাৰ পঢ়ি বহি থকা দত্তৰ একান্ততাত যতি পৰিল। সিমানতে তেওঁ পেপাৰখন ব্ৰহ্ম থেকেচা মাৰি বহা ঠাইতে গোমোঠা মাৰি বহি ৰ’ল। পেপাৰখন নেথেকেচি থেকেচিবনো কি! চৰকাৰে আগগুৰি নাভাবি যিখনহে আইন বলৱৎ কৰিলে তেওঁৰ নিজকে কিবা পুৰুষ যেনেই নলগা হ’ল। আগৰ পিতাইহঁতৰ দিনতে ভাল আছিল। পিতাহঁতেই উঠি ৰজা বহি ৰজা টাইপত ৰাজত্ব কৰি গ’ল ঘৰবোৰত। বৌটিহঁতক হাজাৰ দম দমালেও মিচিকিয়াইহে হাঁহি থয়। কিন্তু এতিয়া গাৰ কাষেদি গালিবোৰ নুশুনো বুলি ফোঁফোৱাই গ’লেও গাত বতাহ কেলেই লগাব বুলি পত্নীৰ নাৰী নিৰ্য্যাতনৰ কেইচ। বতাহতে সেয়ে কেনেবাকৈ “যোৱাহে কিনো বকি থাকা বুলি”ও যদিও ক’বলৈ হয় সেয়া ঘৰুৱা হিংসা আইনত পৰে পত্নীৰ মতে। দত্তৰ পিতাকে নিজৰ গঢ়ত গঢ় দিয়া, মাইকীৰ তলত নচলিবি বুলি ট্ৰেইনিঙ দি ছীল মোহৰ মাৰি পেকেটিঙ কৰা, মুখত দিলেই কৰককে উঠা কাটা বিস্কুটহেন মতগজ পুতেকটোক বিয়াৰ পিছত তাৰ ঘৈণীয়েকে পানীত তিয়াই তেনেই ফেচেকা ফেচেক কৰি পেলালে। কৰক বাপেকৰ ফেচেক ৰূপটো চাই মৰিবৰ সময়তো তাৰ বাপেকে কপাল চপৰিয়াই…গ’ল…… “আ ঐ তোৰ মাৰ সঁচাই সাদৰী আছিল। পিঠিত বাবৰি ফুল বাছিলেও একো নকৈছিল। কিন্তু যুগ সলনি হ’ল বুলি, পঢ়া ছোৱালী বুলি তই কি পৰ্বতীয়া বিছাটোত হাত দিলি ঐ বোপাই। মোৰ নামৰ মোৰ গঢ়ৰ মেড ইন চন্দ্ৰধৰত তাই অপেন চেলেঞ্জত মাধমাৰ শোধাইছে। আৰু এই চৰকাৰখন। দেশ চলাইছে বুলি আনৰ সংসাৰত মূৰ ঘমোৱাৰ কি প্ৰয়োজন। নিজৰে চাগে এনে মুখচোকা দন্দুৰী তিৰোতা নাই সেয়ে আনৰ দুখ কি বুজিব। উস …উস……।”
এনেবোৰ মুহুৰ্ততে দত্তৰ চাৰ্পটাৰ পিতাকলৈ চেৰেঙ চেৰেঙ মনত পৰে। পিছফালৰ চোতালখন ষ্ট’ৰৰূম টাইপৰ চালি এখন দিবলৈ মনোৰঞ্জন দত্তক ব্ৰহ্মাৰ আটাইকেইখন মুখ দি থ্ৰী ইন ওৱান কৰি স্ৰজন কৰা পত্নীয়ে আজি বহুদিনৰ পৰা কৈ আছে। বোলো নিজে নোৱাৰে যেতিয়া বন্ধবাৰত কামলা এটাকে বিচাৰি যাওঁক। ঘৰখনত কিমান পেলাবলৈ মন নোযোৱা অলাগতীয়াল সামগ্ৰীৰে ঠাঁহ খাই আছে। অন্ততঃ সেইবিলাক থ’বলৈকে ঠাই অকণ লাগে। নাই মানুহজনৰ সেইবোৰত গুৰুত্বই নাই। তেওঁ আওকণীয়াই নে বাপেকৰ পৰা জন্মসুত্ৰে পোৱা পেটকুলীয়েই সেয়া দত্তনীৰ বাবে বিছ বছৰে সাঁথৰ হৈ ৰ’ল। সেয়ে চেকেণ্ড চেটাৰ ডে’ৰ নামত ঘৰত থকা সুযোগতে দত্তনীয়ে কুৰুক্ষেত্ৰৰ যুদ্ধৰ ৰণশিঙা গাৰ জোৰেৰে বজাই চৌপাশ তল ওপৰ কৰি পেলাইছে। সিমানতে পেপাৰৰ বি টি এ দিৰ হিংসাত্মক ঘটনাৰ পৰা মূৰ তুলি দত্তই নিজৰ পাকঘৰৰ হিংসালৈ কাণ উনায়। সেয়া কেৰাহিত ভাজি নহয় যেন হেতাৰে ধমৰ ধমৰ কৈ লঘোনীয়া পেটৰ চকীদাৰে স্কুলৰ বে’লহে কোবাইছে। মুখেৰেতো অনৰ্গল হকে বিহকে আন্দোলন কৰিবলৈ জুমুঠি পুৰিবলৈ চেলু চাই থকা কেইটাৰ দৰে অগ্নি বৰষিয়ে আছে। হ’ল বুলিনো নিজৰ দোষসোপা কিমান শুনিব। ছেঃ…কি কৰা যায় বুলি চশমাযোৰ খুলি চকুকেইটা মোহাৰি দত্ত জেইলৰ পৰা পলোৱা কয়দীটোৰ দৰে সোঁ সোঁ কৈ ৰাষ্টাত উঠিল। সৰু হৈ থাকোতে আই পিতাইৰ হুকুম, স্কুল কলেজত শিক্ষকৰ হুকুম, অফিচত বচৰ আৰু এতিয়া ঘৰত এইয়া। মূৰ দাঙি দম দিব পৰা ভিতৰত মাথো পোহনীয়া কুকুৰটোহে ৰৈছেগৈ। তাকো যদি চেই কুকুৰ বুলি কয়… পত্নীৰ তাতো মেনকা গান্ধীৰ দৰে তেলেকা চকু। “সি কুকুৰ নহয়।”
কেতিয়াবা দত্তৰ নিজৰ নামটোৰ ওপৰতে ধিক্কাৰ ওপজে। মনোৰঞ্জন! কোনটো এংগোলৰ পৰা মিলে এই নামটো তাৰ লগত। যা হওঁক অত দুখৰ মাজতো কেতিয়াবা জ্বৰ হ’লে পত্নীৰ উথপথপে তেওঁৰ হিয়া শাঁত পেলাই দিয়ে। হয় তেওঁৰো দোষ আছে। মানুহটো বেপৰোৱা টাইপৰ। ঘৰৰ সমস্ত দায়িত্ব পত্নীৰ কান্ধত। তেওঁ মাহেকৰ মুৰত দৰ্মহাটোহে আনে। হোমৰ গুৰিত বহা আৰু ল’ৰা-ছোৱালীহাল পৃথিৱীলৈ অনাৰ বাহিৰে তেওঁ পত্নীক বেলেগ কামত সহযোগ কৰা মনত নপৰে। গতিকে কিছু কিছু ক্ষেত্ৰত স্বামীৰ সহযোগ বিচাৰি তেওঁক গালি পৰাতো স্বাভাৱিক।
ঘৰৰ সন্মুখৰ ৰাষ্টাৰ ওপৰত দত্তই গাৰ কাপোৰযোৰলৈ এবাৰ চকু ফুৰাই হাতৰ তলুৱাৰেই চুলিখিনি ঠিক ঠাক কৰি ল’লে। এতিয়া ভিতৰলৈ গৈ চুলি ঠিক কৰা মানে ফিৰ ফিৰ কৈ পুৰি আহি শেষ পৰ্য্যায়ত থকা ফটকাৰ শলিতাডালত হাতেৰে দলিওৱা একে কথা। তেওঁক সন্মুখত পাবলৈ হ’লে চেকলৌ ভেকলৌকে ধমৰ ধমৰ কৈ কিমানবাৰ যে ফুটিব তাৰ ঠিকনা নাই। ৰিক্স ল’বলৈ বেয়া পোৱা দত্তই চাৰ্টটো পেণ্টৰ ভিতৰলৈ সোমোৱাই চুট কৰি নাতি দূৰৈৰ তিনি আলিটোৰ ফালে খোজ ল’লে। সাত বজামানত ইয়াত বহুত হাজিৰা কৰা মানুহ গোট খায়হি। ওচৰতে সুবিধাটো আছে। হওতে এইটো তেওঁৰ বাবে এটা সাধাৰণ কামেই। কিন্তু ঘৰত কাম লগোৱা মানে নিজে বন্দী হোৱা একে কথা। কাম চাই নাথাকিলে কামলাই পাল মাৰে। তাতে খোলা বাৰত তেওঁ দিনটো অফিচত গাধ খাটন দি বন্ধত এইবোৰ কৰিবলৈ মন নাযায়। আজি পত্নীক শেনৰ এজাত দেখি তেওঁ… ফেঁচাৰ এজাত হৈ আগবাঢ়ি আহিবলৈ বাধ্য হৈছে। গুজুঙ গুজুঙ কৈ নিজৰ মাজত বিভোৰ হৈ দত্ত আহি থাকিল।
কঁকালত গামোচাৰে গাঁঠি মৰা এলেহুৱা বিধ আনিবনে, কামৰ পৰা মূৰ নদঙা সিহঁতৰ দাঢ়ি খুৰোৱাৰ পৰা খেতি পথাৰৰ হাবি খুৰোৱালৈকে সকলো কাম নিখুঁঁট ভাৱে কম সময়তে সমাধা কৰা বিধ আনিব। এইবোৰ কথাতে দত্তৰ কনফিউজ লাগে। তেওঁৰ পিছে মন কামত হাত দিলে মূৰ নোতোলা বিধলৈহে। কোনো কথাৰ মহলা নাই, চাহ তামোলৰ অৰ্ডাৰ নাই মাথো মাজে সময়ে দুই এপালি খৈনি মলি ওঁঠৰ ফাঁকত ভৰাই কামত মূৰ গুজি থাকে। এনে মানুহ লগালে অন্ততঃ পইছাকেইটা পানীত পৰা যেন নালাগে। দত্তই এবাৰ নিজৰ জাতি ভাই, নতুনকৈ খাটি খাবলৈ শিকিছে; উৎসাহ দিয়া যাওঁক বুলি কামত লগাই যি হে দশা হ’ল। সেইবাৰ দত্তই ঘৰটো আৰম্ভ কৰোঁতে অফিচৰে পঞ্চানন পিয়নে কলে……”চাৰ, আমাৰ গাঁৱত ভাল পকা মিস্ত্ৰী আছে সিহঁতকে দায়িত্বটো দি দিয়ক। আপুনি কাম ভাল পাব।” বচ, কোৱা মতেই কাম। এলেহুৱা দত্তই বিচাৰি ফুৰাতকৈ হাততে পোৱাত ভালেই পালে। গজানন, মহেন্দ্ৰ ইহঁতকেইটা আছিল তেওঁৰ ঘৰৰ মিস্ত্ৰী। উস উস দিনটো সিহঁতৰ আলপৈচান ধৰি ধৰি শ্ৰীমতীৰ দত্তলৈ চাবলৈ সময়ে নোহোৱা হ’ল। দিনৌ তিনিবাৰ চাহ, দুটামানে টিফিন নানে। গতিকে গৃহস্থৰ ফালৰ পৰা ভাত। কেতিয়াবা টিফিন আনিলেও শুদা ভাত আনে গতিকে দাইল, চব্জি খোদ গৃহস্থৰ ঘৰৰ পৰা যাব। তাৰ মাজতে বিয়া পতা দুটাই দত্তনীক তেলাই মেলাই ল’ৰা-ছোৱালীহালৰ সৰু হোৱা কাপোৰবোৰ নিজৰকেইটালে নিয়ে। কেতিয়াবা ঘৈণীয়েকহঁতলৈ দত্তনীৰ পুৰণা শাড়ী চাদৰ এইবিলাক আছেই। মুঠতে আছাম টাইপৰ ঘৰটো হয়গৈ মানে দত্তৰ চোতালৰ মূৰৰ ছিৰি বাটামৰ ঘৰটোত সিহঁতৰ অবাধ ৰাজত্ব। অৱশ্যে নোসোধাকৈ সিহঁতে বাৰীৰ সৰা পাত এখিলাও নিনিয়ে। যি হওক ঘৰ সম্পূৰ্ণ হোৱাৰ পিছতহে ওলাল আচল বেমাৰটো। অফিচৰ একে লগৰ বৰুৱা এদিন ঘৰ চাবলৈ আহি চিধাই সুধিলে………”অঁ…আমাৰ মিস্ত্ৰী লগাইছিলা হ’বলা। দত্ত, বীমবোৰ যে বেঁকা হ’ল। দুৱাৰৰ চৌকাঠৰো কোনো ফিনিচিঙ নাই, প্লাষ্টাৰবোৰো খলা বমা হ’ল। পুটিনে ঢাকিব পাৰিবনে বাৰু! ডিছটেম্পাৰ মাৰিলে হ’লে বৰ বেয়া দেখাব।” আনকালে চকুত নপৰা বেমাৰবোৰ, টেবুলৰ তলেৰে পইচা গোটাই দুই তিনি ঠাইত ঘৰ সজোৱাৰ অভিজ্ঞতা থকা বৰুৱাৰ চকুহালেৰে দেখা পাই দত্ত বিমোৰত পৰিল। তেতিয়াৰ পৰা তেওঁ কামৰ ক্ষেত্ৰত জাতি ভাইক বৰ পচন্দ নকৰা হ’ল। হৈ যোৱা ভুলবোৰ ভাবি চিন্তি দত্ত তিনিআলি পালেহি। আছে প্ৰায় দহোটামান শগুনৰ দৰে মেল মাৰি বহি আছে থুপা পাতি। দত্তই সিহঁতৰ ৰেহৰূপ চাই কাষ চাপিবলৈ লওঁতেই হঠাতে ব্ৰেক মাৰি ৰ’লহি একে চহৰৰে ৰমেন শইকীয়া। শইকীয়াই “উঠক, আপুনিও চাগে শ্মশানলৈকে আহিছে” বুলি কোৱাত দত্ত উচপ খাই উঠিল। “কোন ঢুকালে” প্ৰশ্নবোধক চাৱনিটো চেলাউৰিৰ মাজলৈ আনোতেই শইকীয়াই ক’লে…”কেলৈ গম পোৱা নাই হ’বলা। কালি ৰাতি অঞ্জলী বাইদেউ ঢুকাল নহয়। সেই যে বহুদিন বেমাৰত ভূগি আছিল। লাষ্টত পুতেকহঁতেও মৰাৰ আশা বাদ দি বুঢ়া দেউতাক আৰু কামকৰা ছোৱালীজনীক গটাই দি নিজৰ চাকৰিৰ জেগালৈ গ’লগৈ যে, সেই অঞ্জলী বাইদেউৰ কথা কৈছোঁ আকৌ।”
শইকীয়াৰ কথাত দত্ত অজানিতে বাইকৰ পিছফালে বহি পৰিল। যাব পৰাৰ ভিতৰত কোনোবা ঢুকালে, খবৰ পালে নিশা বাৰ বজাতো তেওঁ মৃতকৰ আত্মীয়ৰ কাষত ঠিয় দিয়েগৈ। মৃতকে এৰি যোৱা আত্মীয়খিনিক সমবেদনা জনোৱাতো তেওঁ পিতাকৰ পৰাই শিকিছিল।খবৰতো পাই শইকীয়াই নিজৰ কামেই বাদ দি শইকীয়াৰ পিছফালে বহিল। অঞ্জলি বাইদেউৰ একমাত্ৰ জীয়েকজনী যৌতুকৰ বাবে মৰিল। সেই তেতিয়াৰে পৰা বাইদেউ জলকা লাগি এবনৰ্মেল টাইপৰ হৈ পৰিল। পুতেক দুটা অসমৰ বাহিৰত থাকে। পুতেক, নাতিয়েক কাষত থাকিলে মানুহজনী অলপ ভাল হৈ থাকে। কিন্তু যোৱাৰ পিছত বেমাৰ বেছি হৈ পৰে। কেলঢোপ কেলঢোপ কৈ থকা সেই মানুহজনী অৱশেষত ঢুকাল। পুতেক দুটা হেনো এতিয়া নাহে। দেউতাকৰ কথাত মাক আগতেই ঢুকাব বুলি যোৱা মাহত ছুটী লৈ আহি এনেই সিহঁতৰ বহুত লষ্ট হ’ল। পাৰিলে সকামত ট্ৰাই এটা কৰিব আহিবলৈ। কথাবোৰ গৈ থাকোঁতে শইকীয়াৰ মুখৰ পৰাই দত্তই গম পাই গৈ আছিল। মৃতকৰ ঘৰত মানুহ সেৰেঙা, নায়েই বুলিব পাৰি। চাঙীখন সাজি আছে হাজিৰা কৰা দুজনমানে। মানুহজনী আচলতে জীয়াই থাকোঁতেই কেইবাবাৰো জটিল ৰূপ লৈছিল মৰাৰ দৰে। মানুহে তেতিয়াই খবৰ-খাটি লৈ আজৰি।সেয়ে চাগে ঢুকাবৰ সময়ত কোনো নাই। বহুতে গমো নাপাই ঢুকাল বুলি। পৰিয়ালৰ মানুহবোৰো থাকে দূৰত। গতিকে নতুন চহৰখনত, নতুন মানুহখিনিৰ মাজত মানুহঘৰ অকলশৰীয়া দৰেও। ৰমেন শইকীয়াৰ বৈবাহিক সূত্ৰে অঞ্জলি বাইদেউৰ লগত সম্পৰ্ক এটা আছে বাবে খবৰটো পাই ঢপলিয়াই আহিছে। তেঁৱেই আগ-গুৰি ধৰি চন্দন কাঠ, শ চেৱা বুলি কোৱা বগা কাপোৰখন, ধূপ, মাটি টেকেলি, তিল …যি পাৰে যাৱতীয় বস্তু গোটাই মানুহজনীৰ শেষ বিদায়ৰ ব্যৱস্থ্যা কৰিছে। গৃহস্থজনক বয়স আৰু বেমাৰে কোঙা কৰি পেলাইছে। তেওঁক শইকীয়াই একোতে লাগিবলৈ দিয়া নাই। মাথোঁ সময়ত চাৰিওফালে চাৰিজনে ধৰি চোতালৰ পৰা হৰিধ্বনি দি উঠোঁতে মানুহজন হুকহুকাই কান্দোনত ভাঙি পৰিছিল। চুৰিয়াৰ কোণেৰে চকুলো মচি তেওঁ চাঙীখনৰ আগে আগে উচুপি গৈ থাকিল। এই বাটেৰে এদিন মানুহজনী কপালৰ ৰঙা বেলিটোৰ সৈতে নতুনকৈ সজা ঘৰখনলৈ ল’ৰা ছোৱালী তিনিটা বুকুত লৈ কত সপোনৰে তেওঁৰ হাতত ধৰি আহিছিল। আৰু আজি তেওঁৰ হাত এৰি, পুত্ৰ থাকিও লোকৰ কান্ধত উঠি অকলে অজান দেশলৈ গুছি গ’ল। এই বাটেৰে তেওঁৰ বা আৰু কিমান দিন বাকী।
দৰকাৰী কাম এটাত আহি বেলেগ এটা নভবা নিচিন্তা কামত ফচি যোৱা দত্তই চাঙীখনৰ গোটা বাঁহডাল কান্ধটোত সলাই ল’লে। চাঙী সজা কামলা দুটা, তেওঁ আৰু ওচৰৰে এজনে চাঙীখন ধৰিছে। শইকীয়াই বগা চুৰিয়া চেলেঙ পিন্ধি মাটিৰ টেকেলি লৈ আগে আগে গৈছে। ৰাজহুৱা শ্মশানত সকলো ঠিক ঠাক হৈয়ে আছে। অঞ্জলি বাইদেউৰ মানুহজনে পত্নীক নতুনকৈ সংযোগ কৰা প্ৰাকৃতিক গেছৰ চিতাৰ সলনি পৰম্পৰাগত কাঠখৰিৰ চিতাত তুলিবলৈ মন কৰিলে। মানুহজনী অন্ততঃ…ধীৰে সুস্থিৰে তেওঁৰ চকুৰ সন্মুখৰ পৰা নোহোৱা হওঁক। জীয়াই থকা দিন কেইটাত সুখ নাপালেই। যন্ত্ৰৰ দৰে হৈ পৰা আৱেগবিহীন, পুত্ৰৰ অবিহনে মানুহজনীক তেঁৱেই আৱৰি ৰাখিছিল। চিতাত শুৱাই দিয়া বাইদেউৰ শৱটোলৈ চাই দত্তৰ চকুৰ দুকোণ সেমেকি উঠিল।
“মই মানুহজনীৰ গাত জুই দিব নোৱাৰো অ, বোপাই। বেচেৰীয়ে বুকুত জন্মদিয়া সন্তানৰ জুই একুৰা লৈয়ে গৈছে, তাতে আকৌ মই ………।”
পত্নীৰ শেষ বিদায়ৰ হৃদয়বিদাৰক চিঞৰত উপস্থিত প্ৰত্যেকেই চকুলো টুকিলে। ৰমেন শইকীয়াৰ মুখাগ্নিত দপ দপ কৈ জ্বলি উঠিল চিতাখন। চিতাৰ পৰা দূৰৈত মানুহজন জলকা লাগি কিবা ভাৱত বিভোৰ হৈ আছে।অতি মৰ্মান্তিক দৃশ্য। শ্মশানৰ এই মুহুৰ্তই বহুতৰে মায়া মোহবোৰ অলপ হ’লেও নোহোৱা কৰি তোলে। আঢ়ৈ ঘণ্টা অতিক্ৰমি এটা সময়ত জুইৰ চোক কমি আহিল।হঠাৎ বহি থকাৰ পৰা মানুহজন ঘপহকৈ জাঁপ মাৰি উঠিল। তেওঁ জুইলৈ চাই চুৰিয়াৰ খোঁচনিত কিবা এটা মনত পৰাৰ দৰে পিত পিত কৈ বিচাৰিবলৈ ধৰিলে। পাঁচ তোলামানৰ ওজনৰ এডাল মস্ত যুৰীয়া ম’ৰা থকা লকেটসহ চেইন। চুৰিয়াৰ খোঁচোনিৰ পৰা উলিয়াই আনিলে। সেইডাল বাইদেউক চিনি পোৱা সৱেই চিনি পায়। তেওঁৰ ডিঙিত অনবৰতে ওলমিয়ে থাকে। অতি মৰমৰ চেইনডাল সেইডাল তেওঁৰ। মানুহজনীৰ অসুখ বেছি হওঁতে কোনোবা এজনী বোৱাৰীয়েকে সেইডাল খুলি নিবলৈ বিচাৰিছিল কিন্তু বাইদেউৰ মানুহজনে নিবলৈ নিদি নিজৰ হাতলৈ আনিলে। সেই কথা লৈ তেওঁৰ লুভীয়া গুণটোৰ বাবে নিদিয়ে বুলি তৰ্কও হৈছিল বোৱাৰীয়েকৰ লগত। আৰু আজি তাকে চুৰিয়াৰ খোঁচনিত তেওঁ আথে বেথে লৈ আহিছে।
“এইডাল তোমাৰ বৰ মৰমৰ আছিল। যঁজা ল’ৰাহালৰ পিছতে ছোৱালীজনী জন্ম হওঁতে মই মৰমত দিয়া উপহাৰ। ছোৱালীকণলৈও হ’ব। তোমাৰ মৰমৰ বস্ত লগতে লৈ যোৱা এইডাল। কাৰো প্ৰাপ্য নহয়।” এইবুলি কমি অহা জুইকুৰালৈ দলিয়াই দিয়া মস্ত চেইনডাললৈ চাই সকলো হতবাক হৈ পৰিল। দত্তৰ চকুৰ দুকোণ আকৌ সেমেকি উঠিল। নিজৰ মুখচোকা পত্নীলৈ মনত পৰি। আনৰবোৰ মৰিছে মোৰজনী কেলৈ নাইমৰা বুলি নহয়। তেওঁক এৰি আগেয়ে এনেদৰে গুছি গ’লে তেওঁৰ কি গতি হ’ব সেই বুলিহে। বেচেৰীয়ে যে গোটেই ঘৰখন আৱৰি ৰাখিছে ।এই প্ৰথম দত্তৰ পত্নীলৈ চেৰেঙ চেৰেঙ মনত পৰিছে। এসময়ত জুই কুৰা থামিল। যাৱতীয় কৰ্তব্য কৰি উপস্থিতকেইজনো ঘৰমূৱা হ’বলৈ ব্যস্ত হ’ল। ৰমেন শইকীয়া, অঞ্জলি বাইদেউৰ গিৰিহঁতজন আগবাঢ়িল। চাঙী ধৰা কামলা দুটাৰ মূৰত গামোছা মৰাটো, অঞ্জলি বাইদেউৰ গিৰিহঁতজন অকলশৰীয়া হ’ল বুলি দুখ কৰি দত্তৰ লগতে আহিবলৈ ওলাল। ওচৰ-চুবুৰীয়াজনটো কেতিয়াবাই গ’ল। বাকী থাকিল আৰু অন্য এজন। বাকী থকাজনে দত্তৰ লগত যাবলৈ ওলোৱা লগৰটোলৈ চাই …চিঞৰি উঠিল…… “যাই আমনা …আমৰা একটা কাম আছে” বুলি লুখীখন কোঁচাই সি জুই নুমোৱা চিতাখনৰ ফালে আগবাঢ়িল।হাতত তাৰ গোটা বাঁহ এডাল। দত্তৰ লগত যোৱাটোৱে …”অ ই কি কৰিছে চাওকচোন দাদা বুলি কোৱাত দত্তই ওভতি চাই হতবাক হৈ পৰিল। পকা আঙঠাৰ চিতাখনত সি কিবা এটা বিচাৰি ঘুৰ্মুতিয়াই ফুৰিছে। দত্তৰ বুজিবলৈ বাকী নাথাকিল। হৃদয়বিদাৰক ঘটনাৰে ভৰা সোণৰ চেইনডালৰ জুইয়ে পোৰা লডাতো বিছাৰিবলৈকে সি জ্বলা আঙঠাত নামিবলেও কুণ্ঠাবোধ কৰা নাই।
দত্তই লগত অহা কামলাটোলৈ চালে। এই কথাটোকে ইয়াৰ মূৰত কেলৈ নেখেলালে। সেয়াও দত্তই বুজি পালে। ভাতকে খুজি খাওঁক, কামকে বেয়া হওঁক, এদিনৰ হাজিৰা কাম দুদিনত কৰক তথাপি মানৱীয়তা থকা বিশ্বাসী নিজৰ জাতি ভাইয়ে ঠিক আছে। বাহিৰা কাম কৰা মানুহ লগাই, মিস্ত্ৰীৰ হাততে প্ৰাণ হেৰোৱা তেওঁৰ বন্ধুজনৰো শ্ৰাদ্ধ হৈ যোৱা বৰ বেছি দিন হোৱা নাই। দত্তই সৱফালে ভাবি ঘৰৰ কামটোৰ বাবে লগত অহা কামলাটোকে বন্দোবস্ত কৰিলে।
☆ ★ ☆ ★ ☆
8:15 pm
বঢ়িয়া
11:58 pm
বহু কিবাকিবি বুজালে … উম ! স্বকীয়তা হেৰুৱাব নালাগে ৷
ভাল লাগিল পঢ়ি ৷
9:53 am
বহুত বেছি ভাল লাগিল।আমিও ঘৰ বনাওঁতে অসমীয়া মিস্ত্ৰী লগাইছিলো।মায়ে কৈছিল, বেয়াই হওঁক লাগিলে, অসমীয়া কেইটাই পইচা পাওঁক।দুই এটা ডিফেক্ট নথকা নহয়, হ’লেও মনত এটা শান্তি পাইছিলো।আৰু আমিয়ে যদি তেওঁলোকক কামত নলগাওঁ, তেওঁলোকনো perfect কেনেকৈ হ’ব???
10:01 am
ভাল লাগিল দেই
3:08 pm
মজা লাগিল অসীমা!
9:27 pm
সাংঘাটিক ভাল লাগিল ।
12:18 am
ভাল লাগিল অসীমা।