‘ক্ষ’লৈ বহু দূৰ.. – লক্ষ্য বৰঠাকুৰ
লকডাইনত তিনিবছৰীয়া ল’ৰা দুটাক (যঁজা) অসমীয়া আখৰ কেইটাকে শিকাওঁ বুলি ভাবি যোৱাকালি সন্ধিয়াৰ পৰা কাৰ্য্যসূচী হাতত ল’লোঁ। ডাঙৰটো মোৰ দ্বায়িত্বত, সৰুটো শ্ৰীমতীৰ।
“ভাত-পানী?”
“হ’ব দিয়াচোন, ল’ৰাৰ ভৱিষ্যতৰ কথা আছে কিবা এটা গিলি থ’বা আৰু”। শ্ৰীমতী বিৰাট serious।
থিয়হৈ, বহি, আঠুকাঢ়ি, পেট পেলাই আপ্ৰাণ চেষ্টা কৰিলোঁ ল’ৰাক “অ” টো লিখাবলৈ। এটা সময়ত যেতিয়া আটাইকেইটা ভাগৰি পৰিলোঁ তেতিয়া ঘড়ীত ১১.৩০ বাজে, লগত থকা ছোৱালীজনীয়ে ওচৰতে বহি কলমকটিয়াই আছে।
আজি ৰাতিপুৱা আগফালৰ বাৰান্দাতে বহি পেপাৰখন মেলিছোঁ মাত্ৰ, কাষৰ ফ্লেটৰ শৰ্মা দা আহি ওলাল; মুখ কিছু চিন্তাক্লিষ্ট।
গ্ৰীলৰ বাহিৰৰ পৰাই সুধিলে ‘কালি ৰাতি কিবা হৈছিল নেকি? কিবা লাগিছিল নেকি?’
‘নাইতো, একো লগা নাই। সব ঠিকেই আছে। কিয়?’ শৰ্মা দাৰ লগত মোৰ সম্পৰ্ক আত্মিক, এওঁৰ লগত কিবা লাগিলে আগে-পিছেও তেখেতৰ লগত share কৰোঁ।
“বহুত ৰাতিলৈকে কিবা চিঞৰ বাখৰ শুনি আছিলোঁ। বেঁকা কৰ, পকাই দে, ঘূৰা-ঘূৰা, চিধা কৰ , টানি দে এনে ধৰণৰ শব্দ”।
কিছু দেৰি চিন্তা কৰি হাঁহি হাঁহি ক’লোঁ, ‘নাই নাই মাইনাহঁতক “অ” লিখিবলৈ শিকাইছিলোঁ’।
‘পাৰিছেনে?’
‘ক’ত একেদিনাই পাৰিব’
‘তাকেতো, আখৰ শিকোৱাটো সহজ নহয়। ‘ঋ’ টো শিকোৱালৈকে লকডাউন খুলিবগে ছাগে ন?’ গহীন মুখেৰে সুধিলে শৰ্মা দায়ে।
‘খুলিবগে লাগে তেতিয়ালৈকে। কিয়?’
‘ “ঋ” টো শিকোৱাৰ দিনা মোক আগতীয়াকে খবৰ এটা দিবা, মই হোটেলতে থাকিমগৈ’ মই কিবা কোৱাৰ আগতেই শৰ্মা দা উভটিলে।
☆ ★ ☆ ★ ☆
8:01 pm
হাঃ হাঃ, গোটত পঢ়িছিলো, আকৌ পঢ়িলো, ভাল লাগিল৷
9:36 am
সুন্দৰ। গোটত পঢ়িছিলো
9:49 am
বিৰাট হাঁহিলোঁ আকৌ পঢ়িলোঁ।
10:41 am
হাঃ হাঃ
11:14 am
ধন্যবাদ সকলোকে।
8:11 pm
আগতে পঢ়িছিলো, পুনৰ পঢ়িলোঁ । বহুত জমনি ।