উপহাস- অসমী গগৈ
মানুহজনী আজি পুৱাৰে পৰা উচপিচাই আছে। এবাৰ ঘড়ীটোলৈ, এবাৰ মানুহজনীৰ সমান দীঘল আইনাখনলৈ, এবাৰ হাতৰ মুঠিত লৈ থকা, নহয় নহয় মুঠিতকৈ যথেষ্ট ডাঙৰ মবাইল ফোনটোলৈ চাই চাই। উচপিচনিৰ সমান্তৰালকৈ ব্যস্ততাৰো অন্ত নাই। চুলিত তেল সনা, চেম্পু কৰা, মুখখন চাফা কৰি ফেচপেক লগোৱা, বিধে বিধে কাপোৰ উলিয়াই বিচনা ভৰাই পেলাইছে… ভাগৰি গৈছে মানুহজনী। সদায়েই শুই বহি টি ভি চাই, মবাইল ফোন টিপি টিপি অলস জীৱন কটোৱা মানুহজনীৰ ব্যস্ততা দেখি ছোৱালীজনীয়ে আনদিনাৰ দৰেই অনুমান কৰিছে “বাইদেউৰ চাগে আজি ক’ৰবাত প্ৰগেম আছে”। কিবা এটা সুধিব পৰা সাহস আৰু অধিকাৰ সিহঁতৰ আগতেও নাছিল, এতিয়াও নাই। নীৰৱেই আনদিনাৰ দৰেই তাই কাম কৰি গৈছে। বেড টী, গ্ৰীণ টী, ছাৰ বাইদেউ আৰু বেবীৰ ৰুচি অনুযায়ী ব্ৰেকফাষ্ট সাজু কৰিছে। তাৰ মাজতে বাইদেউৰ চুলিত তেল সানি দিয়া, কাপোৰ ইস্ত্ৰি কৰি দিয়াৰ দৰে কামবোৰ আছেই। সকলোকে খুৱাই-বোৱাই বাচন-বৰ্তন সামৰি তাই নিজে খাবলৈ লয় মানে আগবেলাটো যাবৰে হয়। আজিও হ’ল। পাছফালৰ বাৰান্দাখনতে বহি খাবলৈ লোৱা পিয়াঁজী পুৰী দুখনলৈ চাই তাইৰ শোক এটা উজাই আহিল। দেউতাকে দাইলত পিয়াঁজেৰে তেল মাৰিলে বৰ ভাল পায়। দিনহাজিৰা কৰা শীৰ্ণ মানুহজনৰ মুখখন মনলৈ অহাত বৈ অহা চকুলো দুটোপাল চূৰ্ণীখনেৰে মোহাৰি তাই বহি থকা টুলখনৰ পৰা উঠিল। এতিয়া দেশৰ অৱস্থাৰ কথা তাইয়ো জানে অলপ চলপ। কেনেকৈ বা চলিছে ঘৰখন!! ঢাকি থ’লে থালখন। দুটা বিস্কুটেৰে ৰঙা চাহ কাপ খাই তাই পুৱাৰ সাঁজ সামৰিলে। গাখীৰ চাহে তাইক একেবাৰেই নুসুজে।
মানুহগৰাকীৰ চিঞৰটো শুনি তাই উধাতু খাই ওচৰ পালেগৈ। মাতিলে লগে লগে নাহিলে মানুহগৰাকীৰ খং উঠে।
: মোক মাতিছিল বাইদেউ?
: শুন, আমাৰ এতিয়া এখন মিটিং আছে।
: গাড়ী উলিয়াবলৈ কওঁগৈ।… ক’ৰবালৈ যাবলৈ ওলোৱাৰ দৰে ধুনীয়াকৈ সাজি কাঁচি থকা মানুহগৰাকীলৈ চাই তাই ক’লে।
: গাড়ী নালাগে। ঘৰতে হ’ব ফোনত।
ফোনত এইখন কেনেকুৱা মিটিং হ’ব বুজি নাপাই তাই মুখলৈ চাই থাকিল।
: লকডাউন চলি আছে বাবে আমি ফ্ৰেণ্ডবোৰ এনেকৈয়ে লগ হ’ম। দুখীয়া মানুহক সাহাৰ্য দিবগৈ লাগিব নহয়! চৰকাৰে ধনী মানুহবোৰক দুখীয়াসকলক সহায় কৰাৰ কথা কৈছে, ক’ত কেনেকৈ দিম আলোচনা কৰিম আজি আমি।
কোনোবা আহিলে ক’বি মই মিটিঙত আছোঁ বুলি। আৰু শুন, এচি টো চলি আছে, কাৰেণ্ট গ’লে ফেনখন চলাই দিবি। বেবীয়ে মাতিব পাৰে মন কৰিবি।
……
মধুৰ সুৰ এটা বাজি উঠিল ফোনটোত…
: তই যা… কিন্তু দূৰলৈ নাযাবিগৈ।
: হাই, এ ভেৰি গুড মৰ্ণিং টু অল, মাই ডিয়েৰ…
: গুড মৰ্ণিং চুইটী
: গুড মৰ্ণিং বিউটীফুল লেডী
: গুড মৰ্ণিং ডিয়েৰ
: ওৱাও মিচেচ বৰুৱা, বেচ গ্ল’ কৰিছে দেই আপোনাৰ ফেচত। নতুন প্ৰডাক্ট?
: ময়ো তাকে সুধিম ভাবিছিলোঁ।
: নাই নাই, আগৰবোৰেই… আপোনাকহে পীচ কালাৰটোৱে বেচ গৰ্জিয়াছ লাগিছে।
: লকডাউনৰ আগতে যে এওঁ কলকাতা গৈছিল তেতিয়াই আনিছিল শাৰীখন। প্ৰি বিহু পাৰ্টীত পিন্ধিম বুলি ভাবি থৈছিলোঁ। চাওকচোন, কিবোৰ হ’ল।
: তাকেই দেই, ক’ৰ পৰা যে ওলাল ক’ৰণাডাল।
: মিছেচ শৰ্মাৰ কিটি পাৰ্টীটোও নহ’ল।
: মিছেচ শৰ্মা পাৰ্টী কেঞ্চেল নহয় কিন্তু, পেণ্ডিং হে…
: অ’কে মাই ডিয়েৰ, স্পেচিয়েল বস্তুটোও আছে।
: থৈ দিয়ক থৈ দিয়ক, এইবোৰ বস্তু পুৰণা হ’লেও বেয়া নহয়।
: মিচেছ দত্ত ফোনটো অলপ দূৰলৈ ধৰকচোন। ডিঙিত নতুন কিবা এটা দেখাৰ দৰে লাগিছে।
: এতিয়া দেখিছেনে? লকডাউনৰ মাজতে আমাৰ এনিভাৰচেৰী গ’ল নহয়! এওঁ আকৌ এইডাল কেতিয়ানো আনি থৈছিল গমেই নাপাওঁ…
: বাহঃ, লাকী গাৰ্ল
: বেচ ৰোমাণ্টিক যুটী অৱ আৱাৰ চছাইটী।
: আপুনি পিচে কি দিলে?
: এহ্ আপুনিও আৰু মিচেছ ফুকন, আমাৰ মিচেছ দত্তই আকৌ সুকীয়াকৈ কি দিব লাগিছে। কি ধুনীয়া ফিগাৰ!! আই ফিল জেলাচ…
ফোনটোৰ মাজেৰে একেলগে ভাঁহি অহা হাঁহিৰ জোঁৱাৰত দুৱাৰৰ কাষত থিয় হৈ থকা ছোৱালীজনী চকখাই উঠিল।
ক’ৰবাত সাহাৰ্য দিবলৈ যোৱাৰ কথাহে আলোচনা কৰাৰ কথা আছিল। ক’লৈ বা যায় কেনেবাকৈ তাইৰ গাওঁখনৰ নামেই লয় নেকি বুলি তাই কাণ উনাই থাকিল।
: হেৰি নহয়, এই যে সাহাৰ্য দিবলৈ যাব, কি পিন্ধি যাব বাৰু?
: ময়ো ভাবি আছোঁ কথাটো।
: গাঁৱলৈ যদি যাওঁ মেখেলা চাদৰেই পিন্ধিব লাগিব চাগে।
: ওচৰৰ গাঁৱলৈ নাযাওঁ কিন্তু দেই…
: হয় দেই, কিমানদিন ঘৰৰ পৰা ওলোৱা নাই…
: আউটিং বুলিও কথা এটা আছে নহয়।
: মোৰ হ’লে পাটৰ বাহিৰে বেলেগ মেখেলা চাদৰ নাই দেই…
: মোৰো নাই
: মোক কাহানিবাই শাহুৱে দিয়া বোৱা এজোৰ আছে, এদিনো পিন্ধাই নাই।
: জিনচ্ টপ পিন্ধি গ’লে সুবিধা হ’ব নেকি বাৰু?
: জিনচ্ পিন্ধি গাঁৱলৈ যোৱা ফটো ফেচবুকত দিলে বেয়া হ’ব নেকি!! মোৰ আকৌ ফলৌৱাৰো আছেতো কিছু।
: ৰ’বচোন, আমাক ফটো কোনে তুলি দিব?
: আমাৰ ড্ৰাইভাৰ ল’ৰাটোৱে ভালেই তোলে। সেই যে মোৰ ধাননিৰ মাজত তোলা টু কে লাইক পোৱা ফটোখন, সেইখন সিয়েই তোলা।
: কিন্তু আমি নিজৰ গাড়ী লৈ যাম জানো?
: ইমান গৰমত এচি নথকা গাড়ীত যে মই যাব নোৱাৰিম দেই।
: মোৰো একেই, হ’লেও অলপ চেক্ৰিফাইছ কৰিবই লাগিব টি ভিত ওলাবলৈ হ’লে।
: আপোনাৰ চিনাকি ৰিপৰ্টাৰ কেইজনে কেতিয়া বা ডেট দিয়ে!
: হয় হয়, তেওঁলোকৰ আকৌ এইকেইদিন বেচ টাইট ছিদিউল।
: খবৰ কৰকচোন।
: আমিতো ক’ৰবাত কিবা খাবও লাগিব!
: গোটেইবোৰ বন্ধই দেখোন। কুক আৰু বস্তুবোৰ লৈ গ’লে পিকনিকেই হৈ যাব।
: হয় দেই, কিন্তু এতিয়া আকৌ ভয়ো লাগে নহয়!
: তাকেই, মিচেছ বৰা খবৰ কৰকচোন কি কৰিব পৰা যায়, আপুনিতো মেনেজত বেচ ভাল।
: আমাৰ মাৰ্কেট কমপ্লেক্সৰ ফাষ্টফুদখনত খবৰ কৰোঁ ৰ’ব। তাৰ ল’ৰাটোৱে বাৰু মোৰ কথা নেপেলায়। কেতিয়াবা বজাৰো কৰি দিয়ে।
: অঁ… ৰ’ব ৰ’ব আমি বজাৰো কৰিব লাগিব নহয়।
: হয় দেই, বস্তুবোৰ কিন্তু লাইট আৰু হেলদী হ’ব লাগিব। যেনে ধৰক কৰ্ণফ্লেক্স।
: এই যে নতুন কৰ্ণফ্লেক্স এটা আহিছে মাৰ্কেটত, বেচ কামৰ। মই প্ৰমাণ পাইছোঁৱেই।
: ৰাইট, এতিয়াহে মন কৰিছোঁ। অলপ ক্ষীণ দেখিছোঁ।
: চিন্তা নাই আৰু তেন্তে আপোনাৰ, মিষ্টাৰে লগ নেৰিবই…
আকৌ এজাক হাঁহিৰ শব্দত ৰজনজনাই গ’ল কোঠাটো। বাৰ্ণিচ কৰা দুৱাৰখনত আউজি বছৰি বানে ধোৱাই যোৱা গাঁওখনত ভ্ৰমি ফুৰাৰ পৰা ছোৱালীজনী চিকচিকিয়া টাইলচ লগোৱা মজিয়াখনত কৰ্ফাল খাই পৰিলহি।
নিজক চম্ভালি আকৌ কাণ উণাই থাকিল তাই, আজন্ম চিনাকি গাওঁখনৰ নামটো শুনাৰ আশাত। থিয় হৈ থাকি ভৰি দুটা শিৰামুৰি ধৰা যেন লাগিল তাইৰ। তথাপিও তাই থিয় হৈ থাকিল। মানুহ যে আশাধাৰী জীৱ।
4:32 pm
এইটো লেখাই চুই গৈছে।এনেকুৱাই চলি আছে বহুততে।
4:35 pm
ভাল লাগিল ।
6:16 pm
ভাল লাগিল।
8:55 pm
বৰ ভাল লাগিল অসমী! বাস্তৱ চিত্ৰ এখন আকি দিলা
11:03 pm
সুন্দৰ বাস্তৱমূখী লিখনি । পঢ়ি বহুত ভাল লাগিল ।
11:20 pm
ভাল লাগিল পঢ়ি৷ এনেকুৱাও হয়৷
12:13 am
বাস্তৱ ছবি এখন বৰ সুন্দৰকৈ তুলি ধৰিলে আপুনি। বহুত ভাল লাগিল।