কৰ’না কীৰ্তন : পৰীস্মিতা শৰ্মা
গৈ আছে দিনৰ ওপৰত দিন ৰাতিৰ ওপৰত ৰাতি
চৌদিশে কেৱল ক্ষতি আৰু ক্ষতি
বিজ্ঞান প্ৰযুক্তি সকলো নিৰুপায়
সকলোৱে কৰিছে একেমুখে হায় হায়
কৰ’নাই কৰিছে কি গতি
আগতে বলিউড কঁপাই ৰাখিছিল
দীপিকা, প্ৰিয়ংকা, কৰীনাই
কি চলমান, কি শ্বাহৰুখ
বৰ্তমান সকলোকে চেৰ পেলাই
দপদপাই ফুৰিছে মহামাৰী কৰ’নাই
তাৰ নাই কোনো ভেদ-ভাৱ ধনী-দুখীয়াৰ
সকলোকে কৰি দিছে হুঁচিয়াৰ
গীৰ্জা, মন্দিৰ, মছজিদ, গুৰুদ্বাৰ
সকলোতে কেৱল বন্ধ দুৱাৰ
বাঃ বাঃ কৰ’না তোমাৰ মহিমা অপাৰ
আগতে আছিলোঁ চকু মুদা কুলি
বনকৰা মানুহ নহ’লে নাযায় দিন ৰাতি
হঠাতে আহিল কৰ’না
হৈ গ’ল সকলো উল্টা-পুল্টা
এতিয়াহে বুজিলোঁ কামৰ সৰু-বৰ নাই বুলি
কলিকালত কিনো চাবা সকলোৰে লীলা
প্ৰতিযোগিতাৰ মেৰপাকত জীৱনটো যেন এক খেলা
চাৰিওফালে মৰা কটা ধ্বংস যজ্ঞ
কাক ঠগি কি খাওঁতেই সকলো যেন বিজ্ঞ
কৰ’নাই খুলি দিলে সকলোৰে মূৰৰ তলা
নৰমনিচ জীৱ জন্তু সকলো পৃথিৱীৰ সন্তান
অনাহকত নেহানিবি কাৰোৰে প্ৰাণ
জাতি ধৰ্ম ভাষা বৰ্ণ একোকে নাচাই
মানৱীয়তাক আগত ৰাখি যা আগুৱায়
ধৰাৰ বুকুত আকৌ সৃষ্টি কৰ নতুনত্বৰ গান
☆ ★ ☆ ★ ☆
3:36 pm
সুন্দৰ, বহুত ভাল লাগিল ।