ফটাঢোল

চুঙাবাদুলি-নাজিফ হাজৰিকা

২০০৫ চন।

:অ’ দে’তা , জাতি বাঁহৰ গাঁজ খাব নাপায় বোলে ? – প্ৰশান্তই সুধিলে বাপেকক।

:কোনে ক’লে ? – বাপেকে ওলোটাই সুধিলে।

:আইতা আৰু মায়ে কৈছে।

:ধুৰৰ বাজে কথা। ব’ল পিছফালে মোৰ লগত।

বাপেকে প্রশান্তক লৈ পিছফালৰ বাঁহনিলৈ গ’ল।

:কাট এইটো।

(জাতি বাঁহৰ  গাঁজ এটালৈ আঙুলিয়াই কলে তাক)

পিছে কাটিব লগা ন’হল। প্ৰশান্তই জোৰেৰে মোটোকাই দিয়াত গুৰিতে গাঁজটো ছিঙি গ’ল।

বাপেকে সেইদিনা নিজে গাঁজৰ খাৰ ৰান্ধিলে। প্ৰশান্ত আৰু বাপেক দুইটাই মিলি তৃপ্তিৰে খাল। ঘৰৰ আনবোৰ সদস্যই কিন্তু হাতেৰেও নুচুলে।

                                                            *    *   *

নুশুনে,প্ৰশান্তই বাপেকৰ বাহিৰে কাৰোৰে কথা নুশুনে। কিন্তু বাপেকে যিটোকে কয়,সেইটো একেবাৰতে মানি লয় সি।

মুঠতে সি এটা কথাই জানে যে পৃথিৱীত যিকোনো সমস্যাৰে সহজ-সৰল সমাধান এটা মানুহৰ ওচৰতে আছে , সেইজন হৈছে তাৰ  দেউতাক। মানুহজনে নিজে একো নকৰিলেও উপযুক্ত উপদেশ দি সমস্যাৰ সমাধান কৰি দিয়ে।

                                                                    *   *   *

২০১৮ চন।

ইতিমধ্যে প্ৰশান্তৰ দেউতাকৰ মৃত্যু হোৱা পাঁচটা বছৰ পাৰ হৈ গৈছে। কিন্তু দেউতাকৰ কিছুমান কথাই তাৰ মনোজগতত এতিয়াও ক্ৰিয়া কৰি থাকে।

কোনোবাই যদি তাক কয় ” আজি শনিবাৰ, বাঁহ কাটিব নাপায়”। প্ৰশান্তই উত্তৰ দিব ” ধুৰৰ বাজে কথা, উলিয়া দাঁখন,আজিয়েই বাঁহ কাট”।

কোনোবাই যদি তাক কয় – ৰাতি নখ কাটিব নাপায়। প্ৰশান্তই  ৰাতিহে নখ কাটিব। কিবা সুধিলে ক’ব: “ধুৰৰ বাজে কথা এইবোৰ”।

মুঠতে “নাপায়” শব্দটো সি একেবাৰেই মানি নলয়।

                              *   *   *

:হেল্ল ‘ আদিত্য,তুমি টিনখিনি সোনকালে লগাই দিবা। বৰষুণ দি দিলে বোকা হৈ যাব নহ’লে …..

আদিত্যক কথাখিনি কৈ প্ৰশান্তই ফোনটো থলে। তাৰ পিছত আকৌ ফোন লগালে –

: হেল্ল’ শ্যাম বিহাৰী নেকি? মই যে ৪০ কেজি দৈৰ কথা কৈছিলোঁ ….

দৌৰিছে , এইকেইদিন প্ৰশান্তই খুব দৌৰিছে। ২৮ এপ্ৰিলত তাৰ বায়েকৰ বিয়া। পেণ্ডেল পাৰ্টীৰ পৰা আৰম্ভ কৰি খৰিলৈকে,মাছ-মাংসৰ পৰা আৰম্ভ কৰি দৈ-ৰসগোল্লালৈকে,কাৰিকৰৰ পৰা আৰম্ভ কৰি ইলেক্ট্রিচিটিলৈকে প্ৰত্যেকটো কথাই সি চাব লগা হৈছে। অকলেই প্ৰায় গোটেইখিনি চম্ভালিছে, গতিকে বেছি দৌৰিব লগা গৈছে।

                                                                  *   *    *

২৫ এপ্ৰিল ২০১৮।

ইতিমধ্যে প্ৰায়খিনি কাম হৈ উঠিছে। পেণ্ডেলৰ কাম প্ৰায় শেষ হৈছে। বিয়াৰ খবৰ কৰা আলহীও  আহিছে। অসমৰ বাহিৰত থকা খুড়াক-খুড়ীয়েক আহি পালেহি।

সন্ধিয়া ৬ মান বজাত পৰিয়ালৰ সকলো মিলি বিয়াৰ আলোচনাত বহিছে। মাজে মাজে হাঁহিৰ ৰোল উঠিছে।

হঠাৎ এটা শব্দই প্ৰশান্তৰ কাণখন থিয় কৰি দিলে। ‘ হু —–হু ……’। প্ৰশান্তৰ বুকুখন কঁপি গ’ল। ধুমুহা-বতাহ আহিছে। সি দৌৰি ওলাই গ’ল বাহিৰলৈ।
তিনিখনমান তামোলৰ ঢকুৱা প্ৰচণ্ড জোৰত বতাহে উৰুৱাই আনি তাৰ গাৰ ওচৰত পেলাই দিলে।
বিয়া হ’বলগীয়া বায়েকজনীও ওলাই আহিল বাহিৰলৈ।
‘হে  ভগৱান ‘ ….।
বতাহত পেণ্ডেলটো হালিছে -জালিছে। ‘….চেৰেক…..চেৰেক ‘ …পেণ্ডেলৰ টিৰপালৰ ৰচী ছিঙি গৈছে।
ইতিমধ্যে বৰষুণ আৰম্ভ হৈছে।  কি কৰিব এতিয়া সি?
ঘৰৰ ভিতৰত ওখল-মাখল পৰিবেশ আৰু ঘৰৰ বাহিৰত প্ৰশান্ত আৰু বায়েকৰ  চকুত  আৰ্তনাদ।
লাগিছিল, এইখিনি সময়ত তাৰ  দেউতাক থাকিব লাগিছিল। বতাহে উৰুৱাই নিব খোজা টিৰপাল এখন খামুচি ধৰি প্ৰশান্তই দেউতাকলৈ মনত পেলালে। দেউতাক থকা হ’লে তাৰ মনত সাহস থাকিলহেঁতেন।

কিছু সময়ৰ পিছত বতাহজাক অলপ ঠাণ্ডা হ’ল। সি আহি বাৰান্দাৰ চকী এখনত বহিলে। ইতিমধ্যে ভিতৰৰ পৰা খুড়াক ওলাই আহিল।

হঠাৎ কিবা এটাই জাপ মাৰি খুড়াকৰ ওচৰৰ পৰা তাৰ গাৰ কাষলৈ আহিল।

: সেইটো কি,সেইটো কি? – খুড়াকে সুধিলে।
: ভেকুলী নেকি! প্ৰশান্তই কলে।

ভৰিৰ পৰা ছেণ্ডেল এপাট খুলি প্ৰশান্তই মাটিত জোৰেৰে  মাৰি দিলে। বস্তুটো উৰা মাৰি গ্ৰিলত পৰিল। প্ৰশান্তই মোবাইলৰ টৰ্চ জ্বলাই চালে, ভেকুলী নহয় চুঙাবাদুলি এটাহে।

 প্ৰশান্তই আকৌ ছেণ্ডেলপাট খুলি মাৰি পঠিয়ালে।

:নেখেদিবি,নেখেদিবি,নাপায় খেদিব। বাদুলি আহিলে পূৰ্বপুৰুষ অহা বুলি কয়। পূৰ্বপুৰুষে আহি হেনো চাই যায় ।

:”ধুৰৰ বাজে”……..

…………. মুখৰ পৰা কথাষাৰ ওলাব লওঁতেই প্ৰশান্ত ৰৈ গ’ল।

তাৰ মূৰটো ঘূৰাই গ’ল। মাটিত ধাচকৈ বহি দিলে সি।

মুখৰ পৰা আপোনা-আপুনি ওলাই আহিল –

 “দেউতা” …….
☆ ★ ☆ ★ ☆

6 Comments

  • নীতাশ্ৰী নেওগ

    ভাল লাগিল।

    Reply
  • নাজিফ

    ধন্যবাদ

    Reply
  • Anonymous

    বহুত ভাল লাগিল দাদা

    Reply
  • Anonymous

    বহুত ভাল লাগিল এইটো

    Reply
  • Sadananda Bhuyan

    বহুত ভাল লাগিল ।

    Reply
  • নীলাক্ষি দেৱী ডেকা

    বহুত ভাল লাগিল।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *