ফটাঢোল

ইটো-সিটো বহুতো : দীপাংকৰ গোস্বামী

১) নিত্য প্ৰয়োজনীয় সামগ্ৰী দুপদ আনিবলৈ গেলামালৰ দোকান এখনলৈ যাবলৈ ওলালোঁ, অলপ আগবাঢ়িছোঁহে, দেখিলোঁঁ- নিৰ্জন ৰাস্তাটোৰ কাষত বহি কান্দি আছিল তাই৷ বিবৰ্ণ কাপোৰ, চকু পানীৰে তিতি যোৱা তাইৰ সেই চকুযুৰি, পুষ্টিহীনতাত ভোগা তাইৰ সেই শৰীৰটো…দৃশ্যটোৱে বাৰুকৈ দুখ লগালে মোক৷ জনশূন্য ৰাস্তাটোত এইবাৰ তাই মাটিত বহি কিবা কৰিবলৈ ধৰিলে মানসিক ৰোগীৰ দৰে৷ সমগ্ৰ দৃশ্যটোৱে মোৰ চকু সেমেকাই তুলিলে৷ ৰৈ থাকিব নোৱাৰিলোঁ, গেলামালৰ দোকানখনৰ পৰা বিস্কুটৰ পেকেট এটা আৰু পানী বটল এটা লৈ দৌৰি দৌৰি আহিলোঁঁ৷

মনতে ভাবিলোঁ-“উফ! এমন চুন্দৰী! কিয় এনে দশা…..”

মাটিৰ পৰা দাঙি তাইক মই লৈ যোৱা বস্তুকেইপদ হাতত গুজিঁ দিলোঁ৷ আৰু তাই…

লগে লগে ঠাঁচকৈ এটা চৰ মাৰিলে আৰু কৈ উঠিল:

“ক’ৰপৰা মৰিব আহিলি মৰণনহা চাল্লা, ইমান দিনৰ পাছত টিকটকত ভিডিঅ’টো বনাইছিলোঁ পুলিচ নাথাকোঁতে, সম্পূৰ্ণ ভিডিঅ’টো বনাব নোৱাৰিলোঁ, দিলি কেনা লগায়,গুচ ইয়াৰ পৰা …….”

বুজিলোঁ মোৰ দৰে সহজ সৰল চাল্লা ভাল মানুহৰ স্থান নাই দেই এই দুনীয়াত৷

২) হঠাৎ এটা ফ্রেণ্ড ৰিকুৱেষ্ট! পৰিণীতা বৰুৱা! অলপ প্ৰফাইলটো চাই আছোঁ, কোন হ’ব পাৰে, মেচেঞ্জৰটো খিটিং কৰিলে, তেওঁৰেই মেছেজ:

: hi, ৰিকুৱেষ্টটো একচেপ্ত কৰাচোন প্লিজ….

একচেপ্ত কৰিলোঁ, মেছেজ আহিল:

: হাই, মই তুমি গ্রুপত দিয়া পোষ্টবোৰ ভাল পাওঁ, গতিকে ভাবিলোঁ চিনাকি হওঁ৷

: অ’ ঠিকে আছে, ধন্যবাদ৷

: উম, কি পঢ়ি আছা তুমি, ঘৰত কোন আছে?

এইদৰে সুধিলে কিবা-কিবি৷ ময়ো উত্তৰ দিলোঁ৷

তেওঁ চিনাকি দিলে:

: মই গাঁও পঞ্চায়তত কৰোঁ, পতি জুনিয়ৰ ইঞ্জিনীয়াৰ।

: হেঁঁ…ইমান সৰুতেই আপুনি…

: নহয় অ’ একাউণ্টটো মোৰ ভাগিনজনীয়ে খুলি দিছিল, তাইৰ ফটো দিয়া আছে৷ মই এইবোৰ নাজানোঁ৷

: অহ….

এইদৰে চা-চিনাকি হ’লোঁ৷ প্ৰায় মেছেজ কৰে৷ খবৰ লয়৷ বিভিন্ন উপদেশ দিয়ে৷ নিজৰ ল’ৰাৰ দৰে লাগে হেনো মোক, এইদৰে সকলো চলি থাকিল৷ ফোন নাম্বাৰটোও ল’লে৷ ছোৱালী এজনী আছে তেখেতৰ৷ পঢ়ি আছে….এইদৰে এদিন সকলোৰে লগত চিনাকি কৰি দিবলৈ মোক মাতিলে ঘৰলৈ এসাঁজ খাবলৈ৷ মান্তি হ’লোঁ, মানুহৰ মৰম আদৰক নেওচা দিব নাপায়৷

নিৰ্দিষ্ট দিনত যাবলৈ ওলালোঁ৷ চাৰিআলিলৈকে মোক টেম্প’ত যাবলৈ দিলে, তাত তেওঁ ৰৈ থাকিব গাড়ীৰে লৈ যাব মোক।

চাৰিআলি পালোঁ, তেওঁ বাটত ক’ত আছোঁ কেইবাবাৰো সুধিলে আৰু ক’লে যে, তেওঁ আৰু তেওঁৰ ছোৱালীজনী আহিছে ৰঙা ইণ্ডিকা এখনত ৰৈ আছে৷ চাৰিআলিত নামি দোকান এখনত সুমাই ৰজনী এটা লৈ ইফালে সিফালে চালোঁ, অকণ দূৰত ৰঙা ইণ্ডিকা এখন ৰৈ আছে আৰু মানুহ এগৰাকী আছে আৰু ছোৱালী এজনী সিফালে চাই আছে, ৰজনীটো লৈ আগবাঢ়িব ধৰিছোঁ৷

হঠাৎ, এইয়া কি!, ছোৱালীজনী দেখোন মোৰ কলেজৰ এক্স! মানুহজনীলৈ ভালকৈ চালোঁ আঁতৰৰ পৰা। হয় এদিন ফটো দেখিছিলোঁঁ৷ মাক-জীয়েক দুয়ো প্লেন কৰিয়ে ব্ৰেকআপ কৰিছিল৷ এদিন আগৰ নাম্বাৰটোত কিবা কিবি কৈছিলোঁ মোক, তাইৰ হেনো কোনোবা ইঞ্জিনীয়াৰৰ লগত বিয়া ঠিক হৈছে৷ ঢেৰ কিবা-কিবি কৈছিল, খঙতে ময়ো কিবা কিবি কৈছিলোঁ আৰু “তহঁতৰ ঘৰলৈ প্ৰস্বাৱ কৰিবলৈও নাযাওঁ” বুলিও কৈছিলোঁ৷ কি কৰা যায় এতিয়া!

৩) অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছখনত উঠি এফালে ৰাওনা হ’লোঁঁ৷ কিছুদূৰ যোৱাৰ পাছত এগৰাকী ধুনীয়া ছোৱালী আহি মোৰ কাষৰ ছিটত বহিল৷ মোৰ ফালে চাই তাই হাঁহি এটা মাৰিলে৷ হয়তো চিনাকি হ’ব বিচাৰিছে বা কথা পাতিব৷ মই তাইৰ ফালে গুৰুত্ব নিদিলোঁঁ৷ আকৌ তাই মোৰ মুখৰ ফালে চাই হাঁহি দিলে৷ নাই মই গুৰুত্ব নিদিলোঁঁ৷ অলপ পাছত তাই চিপছৰ পেকেটটো মোৰ ফালে আগবঢ়াই দিলে, নাই মই নল’লোঁ৷ থামছআপৰ বটলটো আগবঢ়াই দিলে, নাই মই নল’লোঁ৷ আকৌ তাই এইবাৰ কৈ উঠিল:

: নাইছ পাৰফিউম!

মই গুৰুত্ব নিদিলোঁঁ৷ অলপ পাছত তাই আকৌ কৈ উঠিল:

: য়ু আৰ চ’ কিউট!

নাই মই গুৰুত্ব নিদিলোঁ, গ্লাছৰ ফাঁকেৰে আনফালে চোৱাত লাগিলোঁ৷ এইবাৰ তাই আকৌ কৈ উঠিল-

: ৭০০২……..ইটছ মাই হোৱাটচএপ নাম্বাৰ৷

মই একো গুৰুত্ব নিদি চকু মুদিলোঁ৷ অলপ পাছত তায়ো টোপনি যোৱাৰ চলেৰে মোৰ কান্ধত তাইৰ মূৰটো পেলাই দিয়ে৷ মই লাহেকৈ আঁতৰাই চিধা কৰি দিওঁ৷ কিছুদূৰ যোৱাৰ পাছত তাইৰ নামিবৰ হয় আৰু তাৰ আগত তাই কাগজ এখনত কিবা লিখে আৰু মোৰ হাতত দি নামি গুচি যায়৷ পাছত মই কাগজখন পঢ়ি চাওঁ৷ তাত লিখা আছিল

: আই এম ফ্রম নেপাল , নত চাইনা….

দৌৰি উঠি যাওঁ আৰু বাছখন ৰখাই নামি যাওঁ

ইতিমধ্যে তাই অট’ এখন লৈ সেই ঠাইৰ পৰা আঁতৰি গৈছে৷ ধেৎ তেৰি চাল্লা, এই ফেচবুক, হোৱাটচএপ কৰি কৰি চীনা সামগ্ৰী বহিষ্কাৰ পঢ়ি পঢ়ি মানে …

ধেৎ চাল্লা, ইমান ধুনীয়া চাঞ্চ এটা হেৰুৱাই দিব লগা হ’ল৷

৪) ৰাতিপুৱা গা ভাগ তিয়াই গোঁসাই ঘৰত সোমালোঁঁ৷

ধূপ ডাল জ্বলাই চকুহাল জপাই প্ৰাৰ্থনা কৰিলোঁ৷ লাগে লাগে প্ৰাৰ্থনাই চৰম সীমা পালে৷ ই তপস্যালৈ পৰিৱৰ্তন হ’ল৷ প্ৰথমে আঁঠুকাঢ়ি, তাৰ পাছত এটা ভৰিত থিয় হৈ আৰু শেষত এটা আঙুলি অৰ্থাৎ বুঢ়া আঙুলিটোৱে    পকা স্পৰ্শ কৰি দুৰ্ঘোৰ তপস্যাত ব্ৰতী হ’লোঁ। দিন গ’ল, মাহ গ’ল, বছৰ গ’ল, মোৰ চাৰিওফালে মকৰা জাল বান্ধিলে৷ প্ৰায় ১২ বছৰৰ তপস্যাৰ অন্তত প্ৰভু সন্তুষ্ট হ’ল আৰু মোৰ সন্মুখত প্ৰকট হ’ল:-

: তোৰ তপস্যাত মই সন্তুষ্ট হ’লোঁ, কি লাগে ক’?

: প্ৰভু ধন্য মই তোমাৰ দৰ্শন পাই, প্ৰভু তোমাৰ সৃষ্টিত কি হৈছে এইবোৰ? ইমান গৰম আজি, বৰষুণ এজাক লাগে৷ বৰষুণ বেছি হ’লে বানপানী হয়, অলপ ৰ’দো লাগে৷ প্ৰভু স্বাস্থ্যটো মোৰ ভাল কৰি দিয়া৷ প্ৰভু নপঢ়াৰ বাবে পাৰ্চেণ্টেজবোৰ কমিছিল যে বঢ়াই দিয়া৷ প্ৰভু IAS হোৱাৰ মন আছে, মোক IAS বনাই দিয়া৷ প্ৰভু চুদামাক দিয়াৰ দৰে মোৰ ঘৰ-বাৰী বনাই দিয়া৷ প্ৰভু গাৰ্লফ্ৰেণ্ড কেইজনীমানো দিয়া৷ প্ৰভু মোক কিবা স্পীচিয়েল পাৱাৰ দিয়া, যেনে হাতৰ পৰা জুই ওলোৱা যাতে কোনেও মোক একো কৰিব নোৱাৰে….

প্ৰভুৱে কিছু সময় মোলৈ চালে আৰু কৈ উঠিল:-

: বোপাই তই যদি মই সজা এই ধৰণীৰ লগত খাপ খাব পৰা নাই, আহ ওপৰলৈকে লৈ যাওঁ৷

: হে হেই প্ৰভু কি কোৱা, বিয়া পতাই নাই মই। এতিয়াই যাব নোৱাৰোঁঁ৷ অকণমান কথাতে ইমান চেণ্টি হ’লা যে কিয় মানে, তুমি কি লাগে বুলি কোৱা কাৰণেহে কৈছোঁ৷

: তেন্তে শুন গৰম, ৰ’দ, বতাহ, বৰষুণ এইবোৰ প্ৰকৃতিৰ সৃষ্টি, তহঁতে প্ৰকৃতিৰ যিমান বিনষ্ট কৰিবি সিমানেই এইবোৰৰ তাৰতম্য হ’ব, প্ৰকৃতিয়ে ইয়াৰ প্ৰতিদান দিবই৷ গতিকে নিজে ভাব- স্বাস্থ্য ভালে ৰাখিব নিজে পাৰ, মোক কিয় টানিছ? সঠিক সময়ত সঠিক অহাৰ খা, ব্যায়াম কৰ৷ পাৰ্চেণ্টেজ সময়ৰ অপব্যৱহাৰ কৰিলে কমিবই, ভোগ এতিয়া৷ IAS হ’বলৈ কষ্ট কৰ, কষ্ট কৰিলে ফল পাবি৷ ঘৰ, মাতি-বাৰী এইবোৰ কোনেও লগত নানে জন্মতে, এইবোৰ কষ্ট কৰি ঘটিব লাগে৷ জহনীত যোৱা, কাম এটা নকৰ’ ঘৰত, খালি মোবাইল টিপি থাক, তথাপিও এজনী পটাব পৰা নাই নে, মই দেখোন বাঁহী বজায় ১৬০০….

কাণমুছোঁৰাএটা দি ভগৱানে আকৌ কৈ উঠিল:-

: স্পেচিয়েল পাৱাৰ লাগে তোক হাঁ, হাতৰ পৰা জুই ওলাব? কেঁচুৱা তই, এইবোৰ বিশ্বাস কৰ, কথা শুন  তাৰ৷

এইবাৰ আকৌ টিকাতে কোব এটা দিলে৷ টিকাটো ফৰফৰাই গ’ল৷

খকমককৈ উঠি দেখোঁঁ, দেউতাই বিচনীনালডাল  ঘূৰাই লৈ আছে  হাতত,

: হেৰৌ নিষ্কৰ্মা, কিমান শুৱ আৰু? গাৰ্লফ্ৰেণ্ড লাগে, স্পেচিয়েল পাৱাৰ লাগে তাক৷

তাৰমানে ভগৱানৰূপী সেইজন দেউতাহে আছিল৷ উঠি আহিলোঁ লাজ পাই৷ ভাবিলোঁ যিয়ে নহওক  মাক-বাপেক এনেও ভগৱানেই হয় বাৰু৷

৫) যোৱাকালিৰ আবেলি৷ বাৰিষা বতৰ, পিছল ঠাই

হঠাৎ পিছল খায় পৰিলোঁঁ৷ ভৰিত কষ্ট পালোঁ, ছাল ছিগি তেজ ওলাইছে, কি কৰোঁ ভাবি আছোঁ, ব’ৰলীন অলপ লগাই দিয়া কথা ভাবিলোঁ৷ হঠাৎ এটা বুদ্ধি খেলালে, তেজ ওলাই আছে৷ গতিকে চামুচ এখন আনি তেজখিনি ধৰিলোঁ, আৰে নষ্ট কৰিব নোৱাৰিতো, তেজৰ মূল্য আছে৷ (তাতে কেতিয়াবা সেন্দুৰ নাপালে তেজৰেও কামটো কৰিব পাৰি) বাৰু যিয়ে নহওক, তেজ চামুচ নি ধুনীয়াকৈ থৈ দিলোঁঁ৷ ৰাতি আঁঠুৱা তৰাৰ আগতেই বিচনাৰ ওচৰত তেজ চামুচ লৈ আনিলোঁ, অলপ গোটা মাৰিছিল যদিও পানী অলপ দি ঠিক থাক কৰি পনিয়া কৰিলোঁ আৰু বিচনাৰ কাষতে থৈ দিলোঁ৷ শান্তিৰে শুলোঁ ৰাতিটো৷ মহকেইটাই বাহিৰতে পায় তাকে খালে আঁঠুৱাৰ ফাঁকেৰে সুমাই মোক আমনিও নকৰিলে আৰু কাণৰ কাষত৷ লুঙী ডান্স, লুঙী ডান্স কৰিও নাথাকিলে৷ বুজিয়ে নাপালে সিহঁতে যে ভেজাল তেজ খুৱালোঁ সিহঁতক মই৷ ৰাতিপুৱা দেখিলোঁ গেৰেলা হৈ এলাহত পৰি আছে সিহঁত৷

বাপ্পেকে ক্যা বুলি ভাৱতা হাই? দেখিছে কিমান বুধিয়ক মই৷ আপুনিও ফৰ্মূলাটি এপ্লাই কৰিব পাৰে।

৬) ৰাতিপুৱা বিচনাখনৰ পৰা উঠি আহিছোঁহে, দেউতাই বিচনী নালডালেৰে টিকাতে দিলেই একোব। চকু মোহাৰি মোহাৰি কিবা কাৰেণ্টৰ ঝৎকা লগাৰ দৰে লাগিল। কিবা বুজি পোৱাৰ আগতে আৰু দুকোব পৰিল আৰু মুখেৰে কৈ উঠিল:-

: বিলাতৰ পৰা আহিছে সি, ইংৰাজী কয়, সি মোক ইংৰাজী কয়!

আকৌ একোব পৰাৰ আগতে দৌৰ মাৰিলোঁ আৰু ব্ৰাছ ডালত কলগেট লগাই বাৰীৰ পাছফাল পালোঁগৈ।

দাঁত ঘঁহি ঘঁহি গোটেই পৰিস্থিতিটো কল্পনা কৰিলোঁঁ৷ কি হ’ল আচলতে, কিয় ৰাতিপুৱাই টিকাকৰণ? একো বুজিব নোৱাৰিলোঁ। দাঁত ঘঁহি উঠি দেউতাই গৰুকেইটা উলিয়াবলৈ যাওঁতে চেগ বুজি ভিতৰ সোমালোঁ আৰু কুহুমীয় পানী এগিলাচ খাই কথাটো অনুসন্ধানত লাগিলোঁ। মাক সোধাত কৈ উঠিল:-

: ইংলিছ শিকিছ যে কোব সেইবাবে পৰিল চাগে৷ বাপেৰৰ মাতৃভাষাৰ প্ৰতি কিমান প্ৰেম নাজান জানো!

: ইংলিছ কোৱা! মই একো বুজা নাই, ভালকৈ বুজাই কচোন৷

: অলপ ৰ, বাপেৰে আহি বুজাব….

কথাবোৰ ভাল নেদেখি চাহ কাপ লৈ ভণ্টিৰ ৰূম পালোঁগৈ। তাইক সুধাত তাই হাঁহিবলৈ ধৰিলে আৰু কৈ উঠিল:-

: আজিকালি তই বহুত স্মাৰ্ট হলি, অসমীয়াত কথা নকৱ যে কিয় মানে?

: কি বকি আছে সবে, কি ইংলিছ, কি হৈছে মানে। যি তি কৈ নাথাক, কি হৈছে ক৷

: তেন্তে শুন, যোৱাকালি তই অভিহঁতৰ ঘৰৰ পৰা আহোঁ বুলি আবেলিয়ে ওলাই গৈছিলি৷

: অঁ তাতে? ঘৰত কিমান সোমাই থাকিম আৰু?

: তই উভতি আহিছ ১১ বজাত।

: কি কৱ?

: শুন, উভতি আহি তই ৰাস্তাৰ পৰাই চিঞৰি অহাত লাগিলি, “মম, প্লিজ অপেন দিছ ব্লাদী দ’ৰ। অপেন ইট, ই ছে অপেন ইট”। মায়ে দৰ্জাখন খুলিবহে পালে তই “হোৱাই য়ু টেক ছো মাচ্ছ টাইম টু অপেন জাষ্ট এ ফকটীয়া দ’ৰ? হোৱাই, তেল মি হোৱাই?” কৈ চিঞৰাত লাগিলি৷ দেউতাই কি হৈছে বুলি মাতটো দিলেহে তই, “অহঃ  মিষ্টাৰ গোস্বামী, য়ু আৰ নত শ্লিপ য়েট হা! হোৱাত দা হেল য়ু আৰ দুইং? য়ু নো, দু য়ু নো অল মাই ফ্ৰেইণ্ডছ গত মেৰিদ এণ্ড চাম অফ ডেম ইভেন হেভ কিডছ।  এণ্ড য়ুৰ চান ইজ ষ্টীল এ বৰলা। দ’ন্ত য়ু ফিল লাজ ইন য়ুৰ নোজ হা? আই গীভ য়ু উৱান উইক। গ’ চাৰ্চ এ গাৰ্লফ্ৰেইণ্ড ফৰ মি, আই উইল মেৰী হাৰ। হোৱাত আৰ য়ু ৱেইটিং ফৰ গোস্বামী, জাষ্ট গো মেন…..” তাৰ পাছত তই ভাতৰ টেবুলতো বহুত ইংলিছ ক’লি৷ ভাত খাই আহি মোক ইংলিছ পঢ়াবলৈ বহিলি৷ দুই বজালৈকে ইংলিছৰ লগতে শাস্ত্ৰ কথা কৈ কৈ মোৰ মূৰটো চোবালি৷

: ধৈ পাগলী, কি ফাল্টু কথা কৈছ? চৰ লাগে তোক?

“হু চা” বুলি তাই মোবাইলটোত ভিডিও এটা দেখালে৷ সঁচাই বৈদ্য ইংলিছ কৈছোঁ মই৷ ভাবি আছোঁ মইতো নৱজ্যোতি বড়া বা পাৰ্থ প্ৰতীম শৰ্মা নহয় ইমান ইংৰাজী জানিবলৈ৷ তেন্তে অভিহঁতৰ ঘৰত কি হৈছিল

মনত পেলাব চেষ্টা কৰিলোঁ…..

৭) দোক-মোকালিতে ঘাঁমি-জাঁমি মানুহজনীক খেপিয়াই চালোঁ৷ নাই চোন,উঠিলেই নেকি? ‘কাৰদিও’ কৰিব চাগে? উঠি যাওঁতে ফেনখন অফ কৰি গ’ল হ’বলা! মাত দিলোঁঁ:-

: হেৰা, শুনিছা নে ফেনখন কিয় অফ কৰিলা, দি দিয়া চোন৷

: মোদীজীয়ে কি কৈছিল শুনা নাই নে, স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰা, মই নোৱাৰোঁ।

উপায় নাপায় উঠি গৈ ফেনৰ চুইচটো দিলোঁ নাই নচলেচোন কাৰেণ্ট নাই নেকি?

: হেৰা ইনভার্টাৰটো কিয় অফ কৰিলা, বতৰ ভালচোন, দি দিয়া চুইছটো৷

সিফালৰ পৰা উত্তৰ আহিল:-

: মোদীজীয়ে কি কৈছিল শুনা নাই নে, স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰা মই নোৱাৰোঁ৷

উপায় নাপায় উঠি আহিলোঁঁ৷ মুখখন ধুই আগফালে বহি আছোঁ, তেনেতে হকাৰজনে পেপাৰখন দি যায়, বিশেষ খবৰবোৰ চকু ফুৰাওঁতে আধা ঘণ্টা মান গ’ল তথাপিও একো নাই৷ চাহ কাপ কি হ’ল আজি?

: কলিজা চাহ নিদিয়া নেকি? ইমান সময় হ’ল, পানী খালোঁ মই৷

: মোদীজীয়ে কি কৈছিল শুনা নাই নে? স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰা মই নোৱাৰো।

উপায় নাপায় চাহ কাপ কৰি খালোঁ। বৰপানী ভাগ অহাত, কৰিবলৈ গ’লোঁ৷ গা-পা ধুই আহি পাকঘৰত সোমালোঁ৷ তাই ৰুটি বনাই আছে, পাছফালৰ পৰা সাৱটি ধৰি কৈ উঠিলোঁঁ:-

: আজি শুকান আলু ভাজিকে বনোৱা৷ অমলেটও বনোৱা৷ মন গৈছে খাবলৈ৷

সিফালৰ পৰা উত্তৰ আহিল:-

: মোদীজীয়ে কি কৈছিল শুনা নাই নে? স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰা মই নোৱাৰোঁঁ৷ মই মোৰ ৰুটি দুখনহে সেকিলোঁঁ৷

এই বুলি কৈ তেওঁ আঁতৰি যায়। সপোন দেখি থকা যেন লাগিল৷ নিজৰ গালতে চৰ এটা মাৰি চাওঁ৷ আৰে কিহে পালে আকৌ একো বুজিব নোৱাৰিলোঁঁ৷ উপায় নাপায় লাল চাহ অকণ বনাই ৰুটি দুখন খাই ওলাই আহিলোঁ৷ তেনেতে হাতত ঝাড়ুদাল দি শ্ৰীমতীয়ে আকৌ কৈ উঠিল:-

: নিজে যিকেইটা ৰূমত বেছি খোজ দিয়া সেইকেইটা তুমি সাৰা, মই বেডৰূম আৰু পাকঘৰটোহে সাৰিম৷

হে প্ৰভু, কি হৈছে এয়া? কিয় ইম্মান অত্যাচাৰ কৰিছে? কি ভুল কৰিলোঁঁ? জন্মদিন, বিবাহবাৰ্ষিকী সকলো মনত আছেইচোন তেন্তে…. উপায় নাই৷ সৰাত লাগিলোঁঁ৷ ঘৰ সাৰি, কাপোৰ দুটামান ধুই বাচন কেইটামানো ধুলোঁ৷ সকলোখিনি আধা-আধাকৈ কৰি ভাগৰটো মাৰিছোঁহে সিফালৰ পৰা:-

: মোদীজীয়ে কি কৈছিল শুনা নাই নে? স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰিবা মই মোলৈ ভাত ৰান্ধিলোঁ৷ তুমি কি খোৱা ৰান্ধি লোৱা।

এইবাৰ অলপ খং উঠিল, চাল্লা অফিচত কষ্ট কৰি কাম কৰিম মই, লাইটৰ বিল দিম মই, বস্তু-বাহিনী, বজাৰ কৰিম মই, লকডাউনত মাছ-মাংস বিচাৰি গৈ পুলিচৰ কোব খাই টিভিতো ওলাম ময়ে আৰু তই বৰ বৰ কথা কব আহিছ! অলপ টানকৈ কৈ ফেপেৰি পাতি গ’লোঁ৷ লগে লগে উত্তৰ আহিল-

: বেছি নিচিঞৰিবা৷ নহ’লে নাৰী সংগঠনক অত্যাচাৰ কৰিছা বুলি কমপ্লেইন দিম।

কৃষ্ণ প্ৰভু, এইটোহে বাকী আছিল আৰু৷ কি পাপৰ দণ্ড দিছাহে ইমান? ভয়তে একো মাত নিদিলোঁঁ৷ ভাতকেইটামান আৰু মগু ডালি অকণ সিজাই খাই ওলাই আহিলোঁঁ৷ গোটেই দিনটো, ৰাতিও একেই গতি৷ সকলো কামৰ আধা-আধা, ভাগৰি পৰিছোঁ৷ ৰাতি বিছনাত পৰাৰ লগে লগে টোপনি আহিল!

পাছদিনা আকৌ-

: হেৰা ফেনখন কিয় অফ কৰিলা চুইছটো দি দিয়াচোন৷

সিফালৰ পৰা-

: মোদীজীয়ে কি কৈছিল শুনা নাই নে? স্বনিৰ্ভৰশীল হোৱা নিজৰ কাম নিজে কৰা মই নোৱাৰোঁঁ৷

উপায় নাপায় উঠি দিলোঁঁ৷ মুখখন ধুবলৈ গৈ ব্ৰাছ ডাল বিচাৰি পোৱা নাই,

: হেৰা মোৰ ব্ৰাছদাল ক’তহে? বিচাৰি পোৱা নাই৷

সিফালৰ পৰা উত্তৰ:-

: মোদীজীয়ে কি কৈছিল….

কথাটো সম্পূৰ্ণ কৰিবলৈ নিদি মই কৈ উঠিলোঁ

: শুনিছোঁ শুনিছোঁ৷ স্বনিৰ্ভৰশীল হ’বলৈ কৈছিল৷

হে প্ৰভু! ইমান অত্যাচাৰ কেনেকৈ সহো? সৰুতে পঢ়া উলত-পালত কবিতাটোলৈ মনত পৰি গ’ল, এইবাৰ ৰৈ নাথাকিলোঁ৷ ওচৰলৈ গৈ হাত দুখন ধৰি সেই বুঢ়াৰ সুৰত কৈ উঠিলোঁঁ:-

: সচাঁকৈ তুমি ঘৰৰ ঘৈণী, ঘৰৰ লখিমী মোৰ, মূৰৰ চুলিৰ সমান হৈ আয়ুস বাঢ়ক তোমাৰ৷ ক্ষমা কৰা কি ভুল কৰিছিলোঁ ক্ষমা কৰা!

এইবাৰ তাই কৈ উঠিল:-

: এতিয়া বুজিলা তোমালোকে কৈ থাকা নহয় দিনটো কিনো কৰা ঘৰতে? ঘৰৰ কাম কেইটাহে৷ ভাত কেইটা বনোৱা তাৰ বাদে আৰু কি কাম আছে? এতিয়া বুজিছা?

: আৰু নকওঁ, আৰু নকওঁ বুজিলোঁ বুজিলোঁ মোৰ লখিমী৷ মই সকলো বুজিলোঁঁ৷

বুলি ক্ষমা খুজি উঠিলোঁ আৰু হাতকেইটাতে চুমা এটি দি ওলাই আহিলোঁ৷

ঘাঁমি-জাঁমি সাৰ পাই উঠিলোঁ৷ চালোঁ ফেনখন বন্ধ, চুইছ দিয়া আছে৷ হেৰা বুলি মাতিবলৈ ধৰি থমকি উঠিলোঁ৷ আৰে মইচোন বিয়াই পতা নাই, বিয়া বাদ মই দেখোন চাকৰিয়ে পোৱা নাই৷ ধেৎ তেৰি!

উঠি আহি মুখখন ধুই চাহ কাপ নিজে বনাই ল’লোঁ, মাক চিঞৰি আমনি দি নাথাকিলোঁ৷ ভাবিলোঁ নিজে পৰা কামখিনি নিজে কৰিব লাগিব৷ কিয় মাক কষ্ট দিওঁনো৷ মায়ে দেখি কৈ উঠিল:-

: হাও আজিচোন নিজে বনালি চাহ?

মই বোলো:-  উম, নিজে পৰা কামটো নিজেই কৰিব লাগে।

☆ ★ ☆ ★ ☆

6 Comments

  • Prastuti

    ???

    Reply
  • Prastuti

    ভাল লাগিল?

    Reply
  • Anonymous

    সুন্দৰ লাগিল পঢ়ি হাহি হাহি পেট বিসাই গল .??

    Reply
  • ডলী তালুকদাৰ

    ভাল লাগিল

    Reply
  • ধূৰ্জ্জটি

    বঢ়িয়া

    Reply
  • Sadananda Bhuyan

    পঢ়ি পঢ়ি বিৰাট হাঁহিলো দেই ।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *