গৰম চাহ-ৰিমী ভূঞা
প্ৰকাশক লগ পাইছিলোঁ প্ৰথম চাকৰিটোৰ প্ৰশিক্ষণৰ সময়ত৷ প্ৰকাশ, মই আৰু লগৰ অন্য দুজন সন্ধিয়া অফিচৰ তলতে থকা গণেশৰ গুমটিত চাহ একাপ খাইহে ঘৰমুৱা হওঁ। তেতিয়াই গম পাইছিলোঁ, প্ৰকাশ চাহৰ নামত পাগল৷ সেই অলপ সময়ৰ ভিতৰতে সি চাৰি কাপমান চাহ খায়। সি হেনো দিনটোত ২০ কাপৰো অধিক চাহ খায়।
যা হওক সি কিমান চাহ খাই সেইটোলৈ আমাৰ ক’বলগীয়া একো নাই। সমস্যাটো হৈছে আমাৰ বপুৰাক গৰম চাহ লাগে৷ ক’বলৈ গ’লে আমাকো গৰম চাহ লাগে, সেই চাহ কাপেই ফু-ফু কৰি মুখলৈ নিওঁতে কিমান যে সময় লাগে৷ কিন্তু প্ৰকাশৰ তেনেকুৱা গৰমেৰে একোৱেই নহয়৷ গণেশে আনি দিয়া চাহকাপ হাতত লৈ আমি ইফালে ফুৱাবলৈ আৰম্ভ কৰি দিওঁ, সেইফালে প্ৰকাশে চাহৰ কাপটো চুই পেলায়ে কৈ দিয়ে,
:একদম গৰম নাই, আৰু একাপ গৰম চাহ দিবিচোন৷
কেনে আচৰিত প্ৰাণী এইজন। আমি ধমক দিওঁ তাক-
:কিহৰ ইয়াতকৈ গৰম চাহ লাগেহে তোমাক, জিভাখন পুৰি যাব চাবা৷
সি কয়-
:তোমালোকে নাজানা। চাহৰ আচল আমেজটো এই গৰমখিনিতেই আছে৷
গণেশেও বিশাল পেটটোত গাঠি মাৰি লোৱা লুঙীখনত হাত মচি-মচি কয়,
:দাদা, বিদ্যা শপত আপোনাক উতলি থকা চাহেই দিছোঁ, ইয়াতকৈ গৰম চাহ কেনেকৈ দিম বাৰু?
প্ৰত্যেক দিনে একে অভিযোগৰ পুনৰাবৃত্তি দেখি দেখি আমি বিৰক্ত হৈ পৰিছিলোঁ। চাহৰ উষ্ণতাক লৈ প্ৰকাশ কেতিয়াও সন্তুষ্ট নহয়৷
এবাৰ সেই চহৰখনলৈ নতুনকৈ বদলি হৈ অহা মোৰ বাল্যকালৰ বান্ধবী শিৱানীৰ ঘৰলৈ ফুৰিবলৈ গ’লোঁ। অকলে যাবলৈ বেয়া লাগে কাৰণে লগতে প্ৰকাশকো লৈ গ’লোঁ। শিৱানীৰ গিৰিয়েকে বনোৱা চাহ কাপ লৈয়ো সি নিজৰ মুখখন বন্ধ ৰাখিব নোৱাৰিলে। অলপ অনুৰোধৰ সুৰত কৈয়েই দিলে,
:বেয়া নাপায় যদি আৰু একাপ গৰম চাহ দিব নেকি? এই কাপ চাহ ঠাণ্ডায়ে হৈ গ’ল৷
তেওঁলোকে বাৰু ঘৰলৈ অহা আলহীক বেয়া পাম বুলি কেনেকৈনো ক’ব। বেলেগৰ ঘৰত একো ওজৰ-আপত্তি নোহোৱাকৈ যি দিছে সেয়াই খাই দিব লাগে। এইকণ ন্যুনতম ভদ্ৰতা নিজেই জানিব লাগে৷ মোৰ গালি শুনাৰ আগতেই সি মৰমিয়াল মাতেৰে ক’লে,
:চ’ৰি ভাই, চাহৰ লগত মোৰ বেলেগ এটা আবেগ জড়িত হৈ আছে।
এই ঘটনাৰ পিছতেই আমি সিদ্ধান্ত লৈ পেলালোঁ যে এই কথাই কথা নহয়, মুখেৰে কৈ থাকিলে প্ৰকাশৰ এইটো স্বভাৱ কোনোদিনেই ঠিক নহয়৷ ইয়াৰ বাবে বেলেগ এটা উপায় উলিয়াব লাগিব। ভবামতেই কাম৷ এদিনাখন গণেশৰ লগত লগ লাগি আমিকেইজনে এটা বুদ্ধি উলিয়ালোঁঁ৷ সেইদিনাখনৰ পৰা গণেশৰ দোকানত গৰমৰ উৎপাতত প্ৰকাশে চাহৰ কাপটো হাতত ল’বই নোৱাৰে। গণেশক উদেশ্যি কোৱা শুনিবলৈ পালোঁ,
:বেছিয়েই গৰম কৰি পেলালি তই, হাতখন পুৰি যাব এতিয়া৷
আস্ কেনেকুৱা সকাহ পাইছিলোঁ আমি সেইখিনি শুনি।
আচল কথাটো হ’ল, আমাৰ আটাইলৈকে বনোৱা চাহৰ ভাগেই সিও পাইছিল৷ মাত্ৰ প্ৰকাশক চাহ বাকি দিয়াৰ আগতে তাৰ কাপটো গণেশে আছুতীয়াকৈ এবাৰ গৰম কৰি দিছিল..
☆ ★ ☆ ★ ☆
7:17 pm
পঢ়ি ভাল লাগিল।
6:54 pm
ধন্যবাদ
1:54 pm
বেলেগ বুদ্ধি দেই ।
2:31 pm
ভাল বুদ্ধি ভাবি পালে।
9:20 am
এ মজা…বুদ্ধিয়ে কামত দিলে..
9:01 am
পঢ়ি বৰ ভাল পালু